ৰাষ্ট্ৰীয় বিজেপিৰ নতুন কাৰ্যকৰী সভাপতি নীতিন নবীন

বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনক ৰাষ্ট্ৰীয় বিজেপিৰ নতুন কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি দিয়া হৈছে ।

এক বৃহৎ আৰু কৌশলগত সাংগঠনিক সিদ্ধান্তত ভাৰতীয় জনতা পাৰ্টিয়ে বিহাৰ চৰকাৰৰ মন্ত্ৰী তথা বাংকেপুৰৰ পাঁচবাৰৰ বিধায়ক নীতিন নবীনক দলটোৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি দিছে । এই নিযুক্তি তৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে । তেওঁৰ সাংগঠনিক সামৰ্থ্য, নিৰ্বাচনী কৌশল, প্ৰশাসনিক অভিজ্ঞতা, তৃণমূল পৰ্যায়ৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দলৰ শীৰ্ষ নেতৃত্বই তেওঁক এই দায়িত্ব অৰ্পণ কৰিছে । দলীয় সূত্ৰৰ মতে, এই নিযুক্তি কেৱল সাংগঠনিক পৰিৱৰ্তন নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিৰ ভৱিষ্যতৰ দিশ গঢ় দিয়া পদক্ষেপ হিচাপেও গণ্য কৰা হৈছে ।

নীতিন নবীনক বিজেপিৰ ভিতৰতে সংগঠনৰ প্ৰতিটো স্তৰতে কাম কৰা নেতা হিচাপে দেখা যায় । যুৱ শাখাৰ পৰা ৰাজ্য চৰকাৰ আৰু এতিয়া ৰাষ্ট্ৰীয় সংগঠনলৈ তেওঁৰ যাত্ৰাক দলৰ ভিতৰত আস্থাৰ প্ৰতীক হিচাপে গণ্য কৰা হয় । দলৰ ভিতৰতে তেওঁ এজন অনুশাসিত সংগঠক, শক্তিশালী কৌশলবিদ আৰু তৃণমূল পৰ্যায়ৰ শক্তিশালী সংযোগ থকা নেতা হিচাপে পৰিচিত । এই কাৰণেই যেতিয়া দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠন আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে, তেতিয়া নেতৃত্বই নবীনক এই দায়িত্ব প্ৰদান কৰে ।

ছত্তীশগড়ৰ প্ৰভাৰীৰ দায়িত্বত নিযুক্তি দি বিজেপিয়ে নীতিন নবীনক এক উল্লেখযোগ্য দায়িত্ব অৰ্পণ কৰিছিল । তাত তেওঁ বিশেষভাৱে বুথ পৰ্যায়ৰ পৰিচালনা, সাংগঠনিক সম্প্ৰসাৰণ, নিৰ্বাচনী সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । ফলত ছত্তীশগড়ত দলটোৱে এক বৃহৎ আৰু নিৰ্ণায়ক জয় লাভ কৰে । এই বিজয়ে স্পষ্ট কৰি দিলে যে নীতিন নবীন কেৱল বিহাৰতে সীমাবদ্ধ নেতা নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন গঢ়াৰ ক্ষমতাৰ অধিকাৰী ।

লগতে পঢ়ক : কেৰালাত বাওঁপন্থীৰ অক্ষত দুৰ্গত মোক্ষম আঘাত, অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে