‘নিৰ্দোষী লোকক হত্যা, ধৰ্মীয় স্থানক লক্ষ্য কৰাটো ভণ্ডামি…’; ৰাষ্ট্ৰসংঘত ভাৰতে PAKক দিলে ধমক

ৰাষ্ট্ৰসংঘ

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (UNSC)ত পাকিস্তানৰ ‘তীব্ৰ ভণ্ডামি’ আচৰণক গৰিহণা দি কয় যিখন দেশত সন্ত্ৰাসবাদী আৰু নাগৰিকৰ মাজত কোনো পাৰ্থক্য নাই, নাগৰিকৰ সুৰক্ষাৰ কথা কোৱাৰ তেওঁৰ কোনো অধিকাৰ নাই।

ভাৰতে আলোকপাত কৰে যে চলিত মাহৰ আৰম্ভণিতে পাকিস্তানী সেনাই ইচ্ছাকৃতভাৱে ভাৰতৰ সীমান্তৱৰ্তী গাঁওসমূহত গুলিবৰ্ষণ কৰিছিল, য’ত সাধাৰণ নাগৰিকক হত্যা কৰা হৈছিল আৰু ইচ্ছাকৃতভাৱে ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱা হৈছিল।

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনী হৰিশে কয় যে, ‘পাকিস্তানৰ প্ৰতিনিধিয়ে কেইবাটাও বিষয়ত উত্থাপন কৰা ভিত্তিহীন অভিযোগৰ উত্তৰ দিবলৈ বাধ্য হৈছো।’

পাকিস্তানে উত্থাপন কৰিছিল কাশ্মীৰৰ প্ৰসংগ

ভাৰতৰ পূৰ্বে ৰাষ্ট্ৰসংঘত পাকিস্তানৰ ৰাষ্ট্ৰদূত অসীম ইফতিখাৰ আহমেদে ভাষণত কাশ্মীৰ বিষয়টো উত্থাপন কৰিছিল।

শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কথাও কয়।সেই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘত হৰিশে কয় যে ভাৰতে দশক দশক ধৰি নিজৰ সীমান্তত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈ আহিছে।

ভাৰতে পাকিস্তানৰ পৃষ্ঠপোষকতাত আক্ৰমণৰ সন্মুখীন হ’ল: হৰিশ

তেওঁ কয়, ‘ভাৰতে দশক দশক ধৰি নিজৰ সীমান্তত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈ আহিছে’।

‘ইয়াৰ ভিতৰত আছে মুম্বাই চহৰত ২৬/১১ৰ ভয়ানক আক্ৰমণৰ পৰা আৰম্ভ কৰি ২০২৫ চনৰ এপ্ৰিল মাহত পহলগামত নিৰীহ পৰ্যটকৰ নিৰ্মম গণহত্যালৈকে।’

হৰিশে লগতে কয়, ‘পাকিস্তানী সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকল মূলতঃ সাধাৰণ নাগৰিক হৈ আহিছে কাৰণ তেওঁলোকৰ লক্ষ্য হৈছে আমাৰ সমৃদ্ধি, প্ৰগতি আৰু মনোবলক আক্ৰমণ কৰা’।

‘আনকি এনে এখন দেশে নিজৰ নাগৰিকৰ সুৰক্ষা সম্পৰ্কীয় আলোচনাতো অংশ লোৱাটো আন্তৰ্জাতিক সমাজৰ বাবে অপমানজনক’।

পাকিস্তানে সাধাৰণ নাগৰিকক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল: ভাৰত

তেওঁ কয় যে পাকিস্তানে সন্ত্ৰাসবাদৰ প্ৰচাৰৰ বাবে বাৰে বাৰে সাধাৰণ নাগৰিকৰ ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে।পি হৰিশে কয়, ‘শেহতীয়াকৈ আমি পাকিস্তানৰ চৰকাৰী, আৰক্ষী আৰু সামৰিক বিষয়াসকলক অপাৰেচন সিন্দূৰত মৃত্যু হোৱা সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰা দেখিলোঁ’।

‘যিখন দেশে সন্ত্ৰাসবাদী আৰু নাগৰিকৰ মাজত কোনো পাৰ্থক্য নকৰে, তেওঁলোকৰ ওচৰত নাগৰিকৰ সুৰক্ষাৰ কথা কোৱাৰ কোনো অধিকাৰ নাই’।

লগতে পঢ়ক:Tech কোম্পানীসমূহৰ ওপৰত ট্ৰাম্পৰ মোক্ষম আঘাত; আমেৰিকাৰ বাহিৰত নিৰ্মিত আইফোনত ২৫% শুল্ক আৰোপ

TRFৰ বিৰুদ্ধে নিৰাপত্তা পৰিষদত প্ৰস্তাৱ দাখিল কৰিব ভাৰতে… উত্থাপন কৰিব সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণাৰ দাবী

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টি আৰ এফ)ৰ বিৰুদ্ধে ২২ এপ্ৰিলত ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত প্ৰস্তাৱ উত্থাপন কৰিব । ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত TRFক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিবলৈ দাবী জনাব ।

জানিব পৰা মতে ভাৰতীয় দলটো বৰ্তমান নিউয়ৰ্কত আছে । ভাৰতীয় দলটোৱে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য অংশীদাৰ দেশৰ ১২৬৭ নিষেধাজ্ঞা সমিতিৰ নিৰীক্ষণ দলৰ সৈতে আলোচনাত মিলিত হৈছে । এই দলটোৱে ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যালয় আৰু সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ কাৰ্যবাহী সঞ্চালকালয়ৰ সৈতেও বৈঠকত মিলিত হ’ব ।

পহলগাম আক্ৰমণত দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ) জড়িত থকা সন্দৰ্ভতো এই দলটোৱে ৰাষ্ট্ৰসংঘৰ সংশ্লিষ্ট সমিতিসমূহক কিছু গুৰুত্বপূৰ্ণ প্ৰমাণ আগবঢ়াব বুলি ধাৰণা কৰা হৈছে ।

মানৱ উন্নয়ন সূচকাংকত ভাৰতৰ জাঁপ… ১৯৩খন দেশৰ ভিতৰত ১৩০ সংখ্যক স্থান

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে (UNDP) প্ৰকাশ কৰা ২০২৫ চনৰ মানৱ উন্নয়ন প্ৰতিবেদন (HDR)ত ভাৰতে মানৱ উন্নয়ন সূচকাংকত (HDI) ১৯৩খন দেশৰ ভিতৰত ১৩০ নম্বৰ স্থানলৈ উন্নীত হৈছে । ২০২২ চনত এই ৰেংকিং আছিল ১৩৩, যিটো এতিয়া তিনিটা স্থান বৃদ্ধি পাইছে । উল্লেখ্য যে ভাৰতৰ এইচ ডি আই স্ক’ৰ ০.৬৭৬ৰ পৰা ০.৬৮৫লৈ বৃদ্ধি পাইছে, যিটো মধ্যম মানৱ বিকাশৰ শ্ৰেণীত পৰে । আনহাতে ই উচ্চ মানৱ বিকাশৰ ওচৰত (HDI ≥ 0.700) । কিন্তু প্ৰতিবেদনত কোৱা হৈছে যে বৈষম্যই ভাৰতৰ এইচ ডি আই ৩০.৭% হ্ৰাস কৰিছে, যিটো এই ক্ষেত্ৰৰ সৰ্বাধিক ।

শিক্ষা আৰু জীৱন প্ৰত্যাশাত উন্নত প্ৰদৰ্শন-

প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতত আয়ুস ৭১.৭ বছৰৰ পৰা ৭২ বছৰলৈ বৃদ্ধি পাইছে, যিটো এতিয়ালৈকে সৰ্বাধিক । একে সময়তে গড় অধ্যয়নৰ বছৰ ৬.৫৭ৰ পৰা ৬.৮৮লৈ বৃদ্ধি পাইছে । কিন্তু স্কুলীয়া শিক্ষাৰ আনুমানিক বছৰবোৰৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই । শিক্ষাৰ উন্নতিৰ বাবে ১৯৯০ চনৰ পিছৰ নীতি যেনে শিক্ষাৰ অধিকাৰ, ‘সমগ্ৰ শিক্ষা অভিযান’ আৰু নতুন শিক্ষা নীতি ২০২০ৰ প্ৰশংসা কৰা হৈছে যদিও শিক্ষাৰ মানদণ্ড আৰু শিক্ষণ ফলাফল উন্নত কৰাৰ বাবে অধিক কামৰ প্ৰয়োজন বুলিও উল্লেখ কৰা হৈছে ।

অৰ্থনৈতিক মঞ্চতো অগ্ৰগতি-

ভাৰতৰ জনমূৰি মুঠ ৰাষ্ট্ৰীয় আয় ২০২১ চনৰ ক্ৰয় শক্তি সমতাত ৮,৪৭৫.৬৮ মাৰ্কিন ডলাৰৰ পৰা ৯,০৪৬.৭৬ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে । ১৯৯০ চনৰ পৰা ভাৰতৰ এইচ ডি আই ৫৩%তকৈ অধিক বৃদ্ধি পাইছে, যিটো বিশ্ব আৰু দক্ষিণ এছিয়াৰ গড়তকৈ অধিক দ্ৰুত । ইয়াৰ কাৰণ অর্থনৈতিক বিকাশ, সামাজিক সুৰক্ষা আঁচনি, যেনে আয়ুষ্মান ভাৰত, জননী সুৰক্ষা যোজনা, পোষণ অভিযান আৰু এমএনৰেগা, জন ধন যোজনা আৰু ডিজিটেল অন্তর্ভুক্তিৰ কাৰণ বুলি ধৰা হৈছে ৷ এতিয়ালৈকে ২০১৫-১৬ চনৰ পৰা ২০১৯-২১ চনৰ ভিতৰত ১৩.৫ কোটি ভাৰতীয় বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে ।

এ আইৰ ক্ষেত্ৰতো ভাৰতৰ আধিপত্য-

ইয়াৰ লগতে প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত এতিয়া কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰতো আগশাৰীৰ হৈ উঠিছে । দেশখনত এ আইৰ দক্ষতা সৰ্বোচ্চ আৰু ২০% ভাৰতীয় এ আই গৱেষক এতিয়া দেশত বাস কৰি আছে, যিটো ২০১৯ চনত কাৰ্যতঃ শূন্য আছিল । ভাৰতত এতিয়া কৃষি, স্বাস্থ্যকে ধৰি বহু খণ্ডত এ আই ব্যৱহাৰ কৰা হৈছে আৰু ইয়াক সকলোৰে বাবে সুলভ কৰি তোলাৰ বাবে নতুন প্ৰচেষ্টা চলোৱা হৈছে । কিন্তু ইউ এন ডি পিয়ে সকীয়াই দিছে যে বিশ্ব পৰ্যায়ত মানৱ উন্নয়নৰ অগ্ৰগতি এতিয়ালৈকে আটাইতকৈ লেহেমীয়া হৈ পৰিছে, যিটো চিন্তাৰ বিষয় ।

ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ভাৰত-পাকিস্তান বিষয়ত আজি নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠক…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনা সন্দৰ্ভত আজি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ’ব । পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে বিশ্ব নিৰাপত্তা সংস্থাটোক “ভাৰতৰ আক্ৰমণাত্মক কাৰ্য্য, প্ৰৰোচনা আৰু উত্তেজনামূলক বক্তব্য”ৰ বিষয়ে অৱগত কৰিব বুলি কোৱাৰ এদিন পিছতে এই বিবৃতি প্ৰকাশ পাইছে । ইয়াত কোৱা হৈছে যে, “পাকিস্তানে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবে ভাৰতৰ অবৈধ কাৰ্য্যক বিশেষভাৱে উপস্থাপন কৰিব ।”

ইয়াৰ সমান্তৰালকৈ পাকিস্তানে কৈছে যে নতুন দিল্লীৰ এই কার্যই কেনেদৰে ‘শান্তি আৰু নিৰাপত্তা’ বিপন্ন কৰিছে সেই কথা দেশখনে স্পষ্ট কৰি দিব ৷

আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকখন আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সন্মুখত সীমা অতিক্ৰম কৰা উত্তেজনা সন্দৰ্ভত দুয়োপক্ষই নিজৰ মতামত দাঙি ধৰাৰ সুযোগ পাব । ৰাষ্ট্ৰসংঘত গ্ৰীচৰ স্থায়ী প্ৰতিনিধি তথা মে’ মাহৰ বাবে নিৰাপত্তা পৰিষদৰ সভাপতি ৰাষ্ট্ৰদূত ইভানজেলছ চেকেৰিছে ইয়াৰ পূৰ্বে জনাইছ যে, “এয়া এক নীতিগত স্থিতি । আমি সন্ত্ৰাসবাদক সকলো ধৰণৰ নিন্দা কৰিছো । আনহাতে, অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আমি চিন্তিত ।”

উল্লেখ্য যে, ২৬ জন সাধাৰণ নাগৰিক নিহত হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে তীব্ৰ গৰিহণা দিছিল । এই আক্রমণৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেতবোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে, য’ত সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু আত্তৰীৰ স্থল-প্রৱেশন প’ষ্ট তৎকালীনভাৱে বন্ধ কৰাকে ধৰি বহুকেইটা পদক্ষেপৰ কথা ঘোষণা কৰা হৈছিল ৷

বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে ফোনযোগে বাৰ্তালাপ ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ, পহলগামৰ আক্ৰমণক গৰিহণা

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ফোনত বাৰ্তালাপ কৰে । তেওঁ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । আইনী উপায়েৰে এই আক্ৰমণৰ জবাবদিহিতা নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয় । ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

মঙলবাৰে নিয়মীয়া সংবাদমেলত গুটেৰেছৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে আজি পুৱা সচিব প্ৰধানে কৰা কিছুমান ফোন কলৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছো । গুটেৰেছে পৃথক পৃথক ফোনযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে বাৰ্তালাপ কৰে । ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ কথা পুনৰ উল্লেখ কৰে সচিব প্ৰধানগৰাকীয়ে । এই আক্ৰমণৰ ন্যায় আৰু জবাবদিহিতা আইনী উপায়েৰে সুনিশ্চিত কৰিব লাগিব বুলিও তেওঁ কয় ।

তেওঁ কয়, গুটেৰেছে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি জোৰ দি কয় যে যিকোনো ধৰণৰ সংঘাতৰ পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ গুৰুতৰ পৰিণতি হ’ব পাৰে । সচিব প্ৰধানগৰাকীয়ে উত্তেজনা হ্ৰাস কৰাৰ যিকোনো প্ৰচেষ্টাত সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে বুলি ডুজাৰিকে কয় ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক অধিৱেশনৰ সভাপতি ফিলিমন ইয়াঙেও ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ গভীৰভাৱে উদ্বিগ্ন বুলি সাধাৰণ পৰিষদৰ মুখপাত্ৰ শ্বেৰন বাৰ্চে প্ৰকাশ কৰে । জম্মু-কাশ্মীৰ আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰি য়াঙে কয় যে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু কোনো কাৰণতে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি । তেওঁ দুয়োখন দেশক সংযম প্ৰয়োগ কৰি কূটনৈতিক উপায়েৰে বিবাদ নিষ্পত্তি কৰিবলৈ আহ্বান জনায় ।

ৰাষ্ট্ৰসংঘ পালেগৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিধ্বনি, তীব্ৰ গৰিহণা…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দেশৰ লগতে বিশ্বৰ আন আন প্ৰান্ততো ক্ষোভৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে এই বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিধ্বনি ৰাষ্ট্ৰসংঘটো গুঞ্জৰিত হৈছে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে । পৰিষদৰ সদস্যসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰচাৰ কৰা পৃষ্ঠপোষক, অপৰাধী আৰু বিত্তীয় সহায় কৰাসকলক জবাবদিহিতাৰ আহ্বান জনাইছে ।

শুকুৰবাৰে জাৰি কৰা এক প্ৰেছ বিবৃতিত ১৫ জনীয়া নিৰাপত্তা পৰিষদে পুনৰ কয় যে সন্ত্ৰাসবাদে, ইয়াৰ সকলো ৰূপ আৰু প্ৰকাশতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । পৰিষদৰ সদস্য দেশসমূহে এই আক্ৰমণত নিহতসকলৰ পৰিয়াল আৰু ভাৰত আৰু নেপাল চৰকাৰৰ প্ৰতি গভীৰ সমবেদনা আৰু শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে ।

যিকোনো সন্ত্ৰাসবাদী কাৰ্য অপৰাধমূলক-

আন্তঃৰাষ্ট্ৰীয় আইন আৰু নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি সকলো সদস্য ৰাষ্টক নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে পৰিষদে । লগতে সকলো প্ৰশাসনিক সংস্থা (প্ৰাসংগিক)ৰ সৈতে সক্ৰিয় সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । পৰিষদে কয় যে, যিয়েই নহওক কিয় যিকোনো সন্ত্ৰাসবাদী কাৰ্য অপৰাধমূলক আৰু ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি, সেয়া যতেই নহওক কিয়, যি উদ্দেশ্যেৰেই নহওক কিয় ।

ইফালে সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিসমূহ সকলো দেশেই মোকাবিলা কৰাটো প্ৰয়োজন বুলি কয় নিৰাপত্তা পৰিষদে । লগতে পৰিষদে এই ব্যৱস্থা ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন, আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী আইন আৰু মানৱীয় আইন অনুসৰি গ্ৰহণ কৰা উচিত বুলিও মন্তব্য কৰে ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিউয়ৰ্কৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বৃহৎ সংখ্যক সাধাৰণ নাগৰিক নিহত হোৱাৰ ঘটনাক গৰিহণা দিছে সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে । সচিব প্ৰধান গুটেৰেছে আঙুলিয়াই দিয়ে যে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা আক্ৰমণ কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰি ।

তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীৰ বৰ্তমান দুয়োখন দেশৰ সৈতে কোনো প্ৰত্যক্ষ যোগাযোগ হোৱা নাই যদিও বৰ্তমানৰ পৰিস্থিতিক লৈ তেওঁ চিন্তিত আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীৰ মুখপত্ৰই ভাৰত আৰু পাকিস্তানক সৰ্বাধিক সংযম প্ৰয়োগ কৰি পৰিস্থিতি যাতে আৰু অধিক অৱনতি নঘটে তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।

‘দোষীক কাঠগড়াত থিয় কৰাব লাগে’;  পেহেলগাম ঘটনাক লৈ নিন্দা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক সমগ্ৰ বিশ্বতে গৰিহণা দিছে। ইফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক তীব্ৰ গৰিহণা দি কৈছে যে ‘দোষীক ন্যায়ৰ কাঠগড়াত থিয় কৰাব লাগে’।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জাৰি কৰা নিন্দামূলক প্ৰস্তাৱত কয় যে, ‘আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি সন্ত্ৰাসবাদ অন্যতম ভয়াৱহ ভাবুকি’।ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হৈ এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে।

ইয়াত কোৱা হৈছে যে, সুৰক্ষা পৰিষদৰ সদস্যই ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে, য’ত কমেও ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণত নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

নিৰাপত্তা পৰিষদে এই জঘন্য সন্ত্ৰাসবাদী কাৰ্যৰ দোষীক, আয়োজক আৰু পৃষ্ঠপোষকক ন্যায়ৰ ওচৰলৈ অনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

নিৰাপত্তা পৰিষদে সেই কথাত গুৰুত্ব আৰোপ কৰি কয় যে, হত্যাকাণ্ডৰ বাবে দায়ীসকলক জবাবদিহি কৰিব লাগিব। সুৰক্ষা পৰিষদে সকলো দেশকে আহ্বান জনাইছে যে সকলোৱে এই ক্ষেত্ৰত সহযোগীতা আগবঢ়াই।  

‘জম্মু-কাশ্মীৰৰ অবৈধভাৱে দখল কৰা অংশ পাকিস্তানে খালী কৰিবই লাগিব’… নিৰাপত্তা পৰিষদত ভাৰতৰ সকীয়নি

ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ আক্ৰমণ কৰি ভাৰতে কয় যে পাকিস্তানে জম্মু-কাশ্মীৰৰ এটা অংশ অবৈধভাৱে দখল কৰি আছে, যিটো অংশ খালী কৰিবই লাগিব । সোমবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কৰ সময়ত এই মন্তব্য কৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰৱথানেনী হৰিশে ।

‘POK খালী হ’ব লাগিব’

এই আলোচনাৰ বিষয় আছিল ‘ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সামঞ্জস্য বৃদ্ধি কৰা’, কিন্তু পাকিস্তানে পুনৰবাৰ ইয়াত জম্মু-কাশ্মীৰৰ বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰে ।

হৰিশে উত্তৰ দিয়ে, ‘জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব । পাকিস্তানে অবৈধভাৱে এই অঞ্চল দখল কৰি আছে, যিটো পাকিস্তানে ততাতৈয়াকৈ খালী কৰিব লাগিব ।‘

‘পাকিস্তানে পুনৰ অপ্ৰয়োজনীয় মন্তব্যৰ আশ্ৰয় ল’লে’

ভাৰতে পাকিস্তানক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকে পুনৰবাৰ “অপ্ৰয়োজনীয় মন্তব্য”ৰ আশ্ৰয় লৈছে যদিও ইয়াৰ দ্বাৰা ইয়াৰ অবৈধ দাবীক বৈধতা প্ৰদান কৰা নহ’ব আৰু ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ নীতিকো ন্যায্যতা প্ৰদান কৰা নহ’ব ।

হৰিশে কয় যে ভাৰতে এই মঞ্চৰ কেন্দ্ৰবিন্দু পাকিস্তানৰ সংকীৰ্ণ আৰু বিভাজনকাৰী এজেণ্ডাৰ দিশে ঠেলি দিবলৈ নিদিয়ে । তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতে এই বিষয়ত অধিক বিশদ সঁহাৰি দিয়াৰ পৰা বিৰত থাকিব ।

৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত সম্পৰ্কৰ অৱনতি ঘটিল-

উল্লেখযোগ্য যে ২০১৯ চনৰ ৫ আগষ্টত ভাৰত চৰকাৰে ৩৭০ অনুচ্ছেদ আঁতৰাই জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰি দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰিছিল । ইয়াৰ পিছত ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক অধিক তিক্ত হৈ পৰে আৰু বাণিজ্য বন্ধ হৈ পৰে ।

ভাৰতৰ স্থিতি স্পষ্ট যে পাকিস্তানৰ সৈতে সন্ত্ৰাসবাদ, হিংসা আৰু শত্ৰুতামুক্ত পৰিৱেশত স্বাভাৱিক চুবুৰীয়া সম্পৰ্ক বিচাৰে ।

২১ ডিচেম্বৰত সমগ্ৰ বিশ্বই পালন কৰিব বিশ্ব ধ্যান দিৱস, ভাৰতৰ সহযোগী পৃষ্ঠপোষকতাত সৰ্বসন্মতিক্ৰমে গ্ৰহণ প্ৰস্তাৱ

ভাৰতৰ সহযোগী পৃষ্ঠপোষকতাত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (UNGA)ত সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হৈছে  এক প্ৰস্তাৱ । এই প্ৰস্তাৱত ২১ ডিচেম্বৰক বিশ্ব ধ্যান দিৱস হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনোৱা হৈছিল । সকলো দেশেই এই প্ৰস্তাৱ মানি লৈ তাৰ সপক্ষে ভোট দিয়ে ।

কোনবোৰ দেশে এই প্ৰস্তাৱ আনিছিল ?

এই প্ৰস্তাৱ শুকুৰবাৰে ইউ এন জি এৰ ১৯৩ জন সদস্যৰ সন্মুখত ভাৰত, লিচেনষ্টাইন, শ্ৰীলংকা, নেপাল, মেক্সিকো আৰু এণ্ডোৰাৰ দৰে দেশৰ এটা দলে উত্থাপন কৰে । এই দেশসমূহে এই প্ৰস্তাৱ সম্পৰ্কীয় সকলো তথ্য ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত সহযোগী দেশসমূহৰ আগত দাখিল কৰিছিল । লিচেনষ্টেইনে উত্থাপন কৰা এই প্ৰস্তাৱটো বাংলাদেশ, বুলগেৰিয়া, বুৰুণ্ডি, ডমিনিকান ৰিপাব্লিক, আইচলেণ্ড, লাক্সেমবাৰ্গ, মৰিচাছ, মনাকো, মংগোলিয়া, মৰক্কো, পৰ্তুগাল আৰু স্লোভেনিয়া দেশে সহ-পৃষ্ঠপোষকতা কৰিছিল ।

এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ সময়ত ভাৰতে কি ক’লে ?

এই প্ৰস্তাৱত অনুমোদন পোৱাৰ পিছত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বতনেনী হৰিশে এক্সৰ পোষ্টত কয়, “ব্যাপক উন্নতি আৰু আভ্যন্তৰীণ পৰিৱৰ্তনৰ দিন ! আনন্দিত যে ভাৰতে অন্যান্য মূল গোটৰ দেশসমূহৰ সৈতে ২১ ডিচেম্বৰক বিশ্ব ধ্যান দিৱস হিচাপে ঘোষণা কৰা প্ৰস্তাৱটো সৰ্বসন্মতভাৱে গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছিল । সামগ্ৰিক মানৱ কল্যাণৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্ব ‘বসুধৈৱ কুটুম্বকম’ বা ‘সমগ্ৰ বিশ্ব এটা পৰিয়াল’ৰ মৌলিক নীতিৰ ওপৰত আধাৰিত ।”

ৰাষ্ট্ৰসংঘত ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ২১ ডিচেম্বৰ দিনটো শীতকালীন অনন্তকালৰ দিন আৰু ভাৰতীয় পৰম্পৰা অনুসৰি এই দিনটোত ‘উত্তৰায়ণ’ৰ আৰম্ভণি হয়, যিটো বছৰৰ অন্যতম শুভ দিন, বিশেষকৈ আভ্যন্তৰীণ চিন্তা আৰু ধ্যান-ধাৰণাৰ বাবে ।

বিশ্ব ধ্যান দিৱসৰ লগত জড়িত এটা বিশেষ কথা হ’ল ২১ জুনত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ঠিক ছমাহৰ পিছত এই দিৱস পালন কৰা হ’ব । বিশ্ব ধ্যান দিৱসৰ বিপৰীতে যোগ দিৱস গ্ৰীষ্মকালীন অনন্তকালৰ দিনটোত পালন কৰা হয় । এই কথা উল্লেখ কৰি হৰিশে কয় যে ২০১৪ চনতো ভাৰতে ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এতিয়া এক দশকৰ পাছত বিশ্ব যোগ দিৱস সমগ্ৰ বিশ্বৰ সাধাৰণ লোকসকলৰ বাবে যোগক তেওঁলোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ এক বিশ্বব্যাপী আন্দোলনলৈ পৰিণত হৈছে ।