ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ, ৰাজ্যত স্থাপন হ’ব ৭খনকৈ নতুন বিদ্যালয়।

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে সুখবৰ।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ পূৰ্বে ৰাজ্যবাসীক দিলে ভাল খবৰ। অসমত স্থাপন কৰা বহুকেইখন নতুন বিদ্যালয়।অসমত স্থাপন হ’ব এখন কেন্দ্ৰীয় বিদ্যালয় আৰু ৬খন জৱাহৰ নবোদয় বিদ্যালয়।শৈক্ষিক ক্ষেত্ৰত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ আনি প্ৰধানমন্ত্ৰীলৈ টুইটযোগে কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ক'ত ক'ত স্থাপন কৰা হ'ব বিদ্যালয়সমূহ ?
জাগীৰোডত হ'ব নতুন কেন্দ্ৰীয় বিদ্যালয়।নতুনকৈ ৬খন জৱাহৰ নবোদয় বিদ্যালয়ো স্থাপন হ'ব অসমত। শোণিতপুৰ,চৰাইদেউ, হোজাই, মাজুলী, দক্ষিণ শালমাৰা-মানকাছাৰ আৰু পশ্চিম কাৰ্বি আংলঙত হ'ব এইকেইখন বিদ্যালয়।