৩৭০ অনুচ্ছেদৰ দেৱাল ভাঙি গৌৰাৱান্বিত বিজেপিঃ প্ৰধানমন্ত্ৰী মোদী
বিজেপি চৰকাৰে ৩৭০ নং অনুচ্ছেদৰ দেৱাল ভঙাৰ সুযোগ পোৱাত গৌৰৱ অনুভৱ কৰিছে বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে । কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে আম্বেদকাৰক পাহৰাৰ পাপ কৰিছিল বুলিও অভিযোগ কৰে তেওঁ ।
বৃহস্পতিবাৰে লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই ৰাষ্ট্ৰীয় প্ৰেৰণা স্থলত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ আদৰ্শক সন্মান জনোৱা হৈছে । ইয়াত অটল বিহাৰী বাজপেয়ী, শ্যামা প্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি আছে । ২৩০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই স্থান ৬৫ একৰ ভূমিত বিস্তৃত, ইয়াত মূৰ্তি, এটা সংগ্ৰহালয় আৰু এটা সাংস্কৃতিক কেন্দ্ৰ আছে, য’ত এই নেতাসকলৰ অৱদান আৰু আদৰ্শ প্ৰদৰ্শন কৰা হৈছে ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আধুনিক প্ৰেৰণাদায়ক স্থানৰ বাবে উত্তৰ প্ৰদেশ আৰু সমগ্ৰ দেশক অভিনন্দন জনাইছো । তেওঁ লগতে কয় যে যি মাটিত ইয়াক নিৰ্মাণ কৰা হৈছে সেই মাটি দশক দশক ধৰি জাবৰৰ পাহাৰ হৈ আছিল । এই প্ৰকল্পৰ লগত জড়িত সকলোকে তেওঁ অভিনন্দন জনায় ।
প্ৰধানমন্ত্ৰীয়ে কয় যে, বিজেপিৰ চৰকাৰে ৩৭০ নং অনুচ্ছেদৰ দেৱাল ভঙাৰ সুযোগ পোৱাত গৌৰৱ অনুভৱ কৰিছে । শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বহু আগতেই ভেটি স্থাপন কৰিছিল । এতিয়া আমি তেওঁৰ নীতিসমূহ আগুৱাই লৈ গৈছো । এই দেশত দুখন পতাকা আৰু দুখন সংবিধানৰ অস্তিত্ব থাকিব নোৱাৰে । এই দেশখন ঐক্যৰ সূতাৰে বান্ধ খাই আছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে প্ৰতিটো ভাল কামক এটা পৰিয়ালৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিছে । ৰাস্তাই হওক বা মূৰ্তি হওক, সেইবোৰ আছিল একক পৰিয়ালৰ সদস্যৰ । আনকি চুবুৰীৰ নামবোৰো এটা পৰিয়ালৰ সদস্যৰ লগত জড়িত আছিল । পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা বিচ্ছিন্ন বিজেপি । তেওঁ কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি বৰ্তমান বহু ঠাইত আছে । কংগ্ৰেছৰ শাসনৰ সময়ত নাছিল ।
কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে আম্বেদকাৰক পাহৰিবলৈ চেষ্টা কৰিছিল-
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ সংবিধানৰ স্থপতি বাবা চাহেব আম্বেদকাৰক মচি পেলোৱাৰ পাপ সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছ দলে কৰিছে । দিল্লীৰ এটা ৰাজ পৰিয়ালে গুৰুত্ব কমি যোৱাৰ ভয়ত আম্বেদকাৰৰ নাম উল্লেখ কৰাৰ পৰা বিৰত আছিল । ৰাজ্যতো একেই কাম কৰিলে সমাজবাদী পাৰ্টিয়ে । দুয়োটা পক্ষই আম্বেদকাৰক তেওঁৰ প্ৰাপ্য সন্মান নিদিলে ।
লক্ষ্ণৌত নিৰ্মাণ হৈছে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ-
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লক্ষ্ণৌৰ বিশ্বজুৰি খ্যাতি আছে । ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই অপাৰেচন সিন্দুৰৰ সফলতাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল । এই ক্ষেপণাস্ত্ৰ লক্ষ্ণৌত নিৰ্মাণ কৰা হৈছে ।