সুৰেশ ৰাইনা আৰু শিখৰ ধৱনৰ বিৰুদ্ধে ইডিৰ এক্সন; ১১.১৪ কোটি টকাৰ সম্পত্তি জব্দ

সুৰেশ ৰাইনা আৰু শিখৰ ধৱনৰ বিৰুদ্ধে ইডিৰ এক্সন

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধৱনৰ বৃদ্ধি পাইছে সমস্যা ।বৃহস্পতিবাৰে ইডি এ বেটিং এপ গোচৰত ব্যৱস্থা গ্ৰহণ কৰি দুয়োটাৰে ১১.১৪ কোটি টকাৰ সম্পত্তি জব্দ কৰে।

সূত্ৰটোৱে জনোৱা মতে, অনলাইন বেটিং চাইট ১এক্সবেটৰ বিৰুদ্ধে হোৱা গোচৰত ধৱনৰ ৪.৫ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৰাইনাৰ ৬.৬৪ কোটি টকাৰ মিউচুৱেল ফাণ্ড জব্দ কৰিবলৈ অস্থায়ী নিৰ্দেশ জাৰি কৰা হৈছে।

দুয়োজন প্ৰাক্তন ক্ৰিকেটাৰে জানি-বুজি বিদেশী সত্তাৰ সৈতে বিজ্ঞাপনৰ চুক্তি কৰি ১এক্সবেট আৰু ইয়াৰ চেৰ’গেটসকলক প্ৰচাৰ কৰিছিল।

শেহতীয়াকৈ ইডি এ প্ৰাক্তন ক্ৰিকেটাৰ দুয়োগৰাকীয়ে জেৰা কৰি তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰা হৈছিল।

লগতে পঢ়ক: ইণ্ডিয়া এ দলত অসম সন্তান ৰিয়ান পৰাগ

নতুন সম্পৰ্কত মোহৰ লগালে শিখৰ ধাৱনে; মুকলিলৈ প্ৰকাশ কৰিলে প্ৰেমৰ কথা

টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধাৱনে নিজৰ ব্যক্তিগত জীৱনক লৈ যোৱা কেইমাহমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

এইবাৰ তেওঁৰ নাম ছফী শাইনৰ সৈতে সাঙোৰ খাইছে আৰু তেওঁক বহুবাৰ ধাৱানৰ সৈতে দেখা গৈছে।এতিয়া সামাজিক মাধ্যমত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে প্ৰেমৰ কথা প্ৰকাশ কৰিছে। ছচিয়েল মিডিয়াত ধৱন আৰু ছফী শাইনৰ ফটো ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।

ধাৱন আৰু ছফী শাইনে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোখনত দুয়োকে একেলগে বহি থকা দেখা গৈছে।পোষ্টটোৰ কেপচনত লিখা আছে ‘মোৰ’ আৰু তাৰ পিছত এটা হাৰ্টৰ ইমোজি দিছে।

ছফী আৰু ধাৱানক বিমানবন্দৰত আৰু বহু স্থানত একেলগে দেখা গৈছে।দুয়োজনেই ছচিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকে।

ছফী শাইন আয়াৰলেণ্ডৰ বাসিন্দা।তেওঁ এটা প্ৰডাক্ট কনচালটেণ্ট হিচাপে কাম কৰে।তেওঁ আয়াৰলেণ্ডতে নিজৰ পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল।

বৰ্তমান তেওঁ নৰ্দাৰ্ণ ট্ৰাষ্ট কৰ্পৰেশ্যনৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু বৰ্তমান আবুধাবিত বাস কৰে।