লাহৰীঘাটত শ্বহীদ বেদীৰ ভূমি বেদখলেৰে দোকান নিৰ্মাণ মিঞাৰ…

ৰাজ্যজুৰি চৰকাৰীভাৱে শ্বহীদ দিৱস পালন কৰি থকাৰ সময়তে লাহৰীঘাটৰ পৰা এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

ৰাজ্যজুৰি চৰকাৰীভাৱে শ্বহীদ দিৱস পালন কৰি শ্বহীদৰ স্মৃতিসৌধ নিৰ্মাণ কৰাৰ সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাটত শ্বহীদ বেদী বেদখলকাৰীৰ কবলত পৰাৰ দৰে ঘটনা সংঘটিত হৈছে।

বিদেশী বহিষ্কাৰ আন্দোলনত  ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মহমাৰী পথাৰ (তিনিচুকীয়া) গাঁৱৰ কমিচন ডেকা শ্বহীদ হৈছিল। শ্বহীদ কমিচন ডেকাৰ সোঁৱৰণত তিনিচুকীয়াত শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছিল।

কিন্তু তিনিচুকীয়া বজাৰৰ একাংশ মিঞা ব্যৱসায়ীয়ে শ্বহীদ বেদী বেদখল কৰি দোকান নিৰ্মাণ কৰিছে। শ্বহীদ বেদীৰ নামত দুই কঠা মাটি আবন্টিত হৈছিল যদিও বৰ্তমান শ্বহীদ বেদী দোকান বহুৱাই ঢাকি পেলাইছে।

অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিক্ষেত্ৰ আজি অস্তিত্বৰ সংকটত পৰিছে। দীৰ্ঘদিন ধৰি শ্বহীদ কমিচন ডেকাৰ শ্বহীদ বেদী বেদখল হৈ আছে।

শ্বহীদ বেদী বেদখল সন্দৰ্ভত শ্বহীদ পৰিয়ালে স্থানীয় প্ৰশাসনক সময়ে সময়ে অভিযোগ দি আহিছে  যদিও  শ্বহীদ বেদী মুকলি নোহোৱাত আজি শ্বহীদ পৰিয়ালৰ সদস্য উপেন ডেকাই দুখ প্ৰকাশ কৰে। শ্বহীদ পৰিয়ালৰ সদস্যৰ লগতে স্থানীয় ৰাইজে শ্বহীদ বেদীটো বেদখলমুক্ত কৰিবলৈ দাবী জনাইছে।

ইফালে, শ্বহীদ বেদী মিঞাৰ দখলৰ পৰা মুক্ত কৰাৰ বাবে ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে। আনহাতে, সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতেই ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱাই তিনিচুকীয়া বজাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ শ্বহীদ বেদী বেদখলৰ পৰা মুক্ত কৰাৰ আশ্বাস দিয়ে।

লগতে পঢ়ক: “পূৰ্বে চৰকাৰী চাকৰি পাবলৈ টকা লাগিছিল,এতিয়া নালাগে”;মুখ্যমন্ত্ৰী

শোকাৱহ; বাইক আৰু মেজিকৰ সংঘৰ্ষত নিহত দুই বাইক আৰোহী

লাহৰীঘাটত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে। লাহৰীঘাটৰ কুশতলি হণ্ডুবা দলংৰ ওচৰত এখন বাইক আৰু আৰু মালবাহী টাটা মেজিকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুই বাইক আৰোহী।

বাইক আৰোহী দুজন তিতাতলা গাঁৱৰ ৰবি পাতৰ আৰু সুজিত পাতৰ বুলি জানিব পৰা গৈছে।বাইক আৰোহী দুজনক ততাতৈয়াকৈ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।