এদিনীয়া শৃংখলাত টিম ইণ্ডিয়াই কৰিব পাৰে ডাঙৰ পৰিৱৰ্তন; বাহিৰ হ’ব পাৰে হাৰ্দিক-বুমৰাহ
এদিনীয়া শৃংখলাত টিম ইণ্ডিয়াই কৰিব পাৰে ডাঙৰ পৰিৱৰ্তন
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা। কিন্তু এই ছিৰিজত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ কথা মনত ৰাখিয়েই অল-ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰিত বুমৰাহক প্লেইং একাদশৰ বাহিৰত ৰখা হ’ব পাৰে।
পাণ্ডিয়াই আঘাতৰ পৰা সুস্থ হৈ উঠিছে, একে সময়তে ফ্ৰণ্টলাইন ফাষ্ট বলাৰসকলৰ ৱৰ্কলোড মেনেজমেণ্টৰ কথা মনত ৰাখি,তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পৰাও যশপ্ৰিত বুমৰাহক জিৰণি দিব পাৰে,যিটো টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নাই।
যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ডুবাইত অনুষ্ঠিত এছিয়া কাপ টি-২০ত হাৰ্ডিকে কোৱাড্ৰিচেপছত আঘাত পাইছিল আৰু ইয়াৰ বাবেই তেওঁ পাকিস্তানৰ বিৰুদ্ধে চূড়ান্ত খেলখনত অংশ ল’ব নোৱাৰিলে।
যদি তেওঁ দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাত খেলিব নোৱাৰে তেন্তে শ্ৰেয়াছৰ ঠাইত তিলক ভাৰ্মাক অন্তৰ্ভুক্ত কৰা হ’ব পাৰে।
এই বাওঁহাতৰ বেটছমেনজনে ইণ্ডিয়া এৰ অধিনায়ক হিচাপে আছে আৰু ভাৰতৰ হৈ চাৰিখন এদিনীয়া খেলিছে।গিলৰ অনুপস্থিতিত দীৰ্ঘদিনীয়া বেকআপ অ’পেনাৰ যশস্বী জয়ছৱালে ৰোহিত শৰ্মাৰ সৈতে অ’পেন কৰিব।
লগতে পঢ়ক: গুৱাহাটীত প্ৰথমবাৰলৈ টেষ্ট মেচ; উপস্থিত টীম ইণ্ডিয়া