ইৰানৰ নতুন সৰ্বোচ্চ নেতা হ’ল মোজতাবা খেমেইনী; আনুষ্ঠানিকতাৰ পিছতেই ট্ৰাম্পৰ ভাবুকি
ইৰানৰ প্ৰয়াত উচ্চতম নেতা আয়াতুল্লাহ আলী খেমেইনীৰ পুত্ৰ মোজতাবা খেমেইনীক তেওঁৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰা হ’ল। এই ঘোষণাৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাবুকি প্ৰদান কৰিছে।
অৱশেষত আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হ’ল ইৰানৰ নতুন সৰ্বোচ্চ নেতাৰ নাম। ইৰানৰ প্ৰয়াত উচ্চতম নেতা আয়াতুল্লাহ আলী খেমেইনীৰ পুত্ৰ মোজতাবা খেমেইনীক তেওঁৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰা হৈছে।
এই নিৰ্ণয় এনে সময়ত কৰা হৈছে যেতিয়া আয়াতুল্লাহ আলী খেমেইনীৰ হত্যাৰ পিছত যুদ্ধ আৰম্ভ হৈছিল।মোজতাবা খেমেইনীৰ বয়স ৫৬ বছৰ আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছে।
ইফালে, মোজতাবা খেমেইনীক বাছনি কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, ‘”ইৰানে তেওঁলোকে নতুন সৰ্বোচ্চ নেতা হিচাপে মোজতাবা খেমেইনীক নিৰ্বাচিত কৰিছে।আৰু তাত মই সুখী নহয়”।
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল, ‘খেমেইনীৰ পুত্ৰ মোৰ বাবে গ্ৰহণযোগ্য নহয়।আমি বিচাৰো ইৰাণত এনে এজন ব্যক্তি ক্ষমতালৈ আহক যিয়ে শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনিব।মোৰ অনুমোদন অবিহনে ইৰানত কোনো নতুন নেতাই বেছি দিন টিকি নাথাকিব’।
লগতে পঢ়ক: ‘খেমেইনীৰ হত্যাৰ প্ৰতিশোধ লোৱা হ’ব,ইয়াৰ মূল্য দিব লাগিব’; ট্ৰাম্পৰ ভাবুকি ইৰাণৰ