মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত
হৰমুজক লৈ চলি থকা উত্তেজনাৰ মাজতে আমেৰিকা আৰু ইৰাণৰ মাজত সম্ভাৱ্য চুক্তিৰ আশা তীব্ৰতৰ হৈ পৰিছে। দেওবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ইংগিত দিয়ে যে অহা কেইঘণ্টামানৰ ভিতৰত ভাল খবৰ আহিব পাৰে।
হৰমুজ প্ৰণালীক কেন্দ্ৰ কৰি চলি থকা উত্তেজনাৰ মাজতে এতিয়া কূটনৈতিক সমাধানৰ আশাৰ সৃষ্টি হৈছে। বৰ্তমান ভাৰত ভ্ৰমণত থকা আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই আগন্তুক কেইঘণ্টামানৰ ভিতৰতে এক বৃহৎ ঘোষণা কৰিব পৰা যাব বুলি ইংগিত দিছে। ইফালে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও দাবী কৰিছে যে আমেৰিকা আৰু ইৰাণে যুদ্ধৰ অন্ত পেলাবলৈ চুক্তিত উপনীত হোৱাৰ অতি ওচৰ চাপিছে।
আমেৰিকাৰ বিদেশ মন্ত্ৰী গৰাকীয়ে কয় যে হৰমুজ প্ৰণালী সংকটৰ সন্দৰ্ভত ভাল খবৰ পোহৰলৈ আহিব পাৰে। তেওঁ দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে যৌথ সংবাদমেল সম্বোধন কৰিছিল। সেই সময়ছোৱাত তেওঁ উল্লেখ কৰে যে বিগত ৪৮ ঘণ্টাত অনুষ্ঠিত হোৱা আলোচনাই ইৰাণৰ সৈতে চুক্তিৰ লক্ষণৰ ইংগিত দিয়ে। অতি সোনকালে ইতিবাচক ফলাফলো আহিব।
বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ এই বক্তব্যৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাৰ মাত্ৰ কেইঘণ্টামান পিছতে আহে, য’ত তেওঁ দাবী কৰে যে ৱাশ্বিংটন আৰু তেহৰাণ চুক্তিত উপনীত হোৱাৰ অতি ওচৰ চাপিছে। ইয়াৰ উদ্দেশ্য হৈছে ইৰাণৰ সৈতে যুদ্ধৰ অন্ত পেলোৱা আৰু হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা। এই বিষয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলটো ট্ৰাম্পে লিখিছে।
লগতে পঢ়ক: হৰমুজ প্ৰণালীক লৈ ডাঙৰ খবৰ; পথ মুকলিৰ বাবে সাজু ইৰাণ