‘বৰ্তমানৰ পৰিস্থিতিৰ বাবে দায়ী বহিঃ শক্তি’; ট্ৰাম্পক মাছুদ পেজেস্কিয়ানৰ প্ৰত্যুত্তৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰত্যুত্তৰ দিলে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ প্ৰত্যুত্তৰ।

২০২৬ চনৰ ১৪ জানুৱাৰীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক লক্ষ্য কৰি লয়।তেওঁ কয় যে, ‘ইৰাণত যিবোৰ ঘটনা সংঘটিত হৈ আছে,ইয়াৰ বাবে বাহ্যিক শক্তি দায়ী।

প্রথমবাৰৰ বাবে প্রতিবাদকাৰীৰ সমর্থনত মুকলিকৈ আগবাঢ়ি আহিছে মাছুদ পেজেস্কিয়ান৷তেওঁ কয় যে,’মানুহৰ কথাবোৰ শুনা হ’লে প্ৰতিবাদ নহ’লহেঁতেন।সমাজৰ প্ৰতিটো শ্ৰেণীৰ কণ্ঠ শুনা উচিত।এই সমস্যাৰ সমাধান বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয়।

তেওঁ আৰু কয় যে,আমেৰিকা আৰু ইজৰাইলে প্ৰতিবাদৰ নিৰ্দেশ দি ইৰাণত বিশৃংখলতা আৰু অশান্তি বিয়পাব বিচাৰে।তেওঁ ইৰাণৰ জনসাধাৰণক প্ৰতিবাদকাৰী আৰু সন্ত্ৰাসবাদীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

২০২৬ চনৰ ১১ জানুৱাৰীত দেশবাসীক সম্বোধন কৰি মাছুদ পেজেস্বিয়ানে জনসাধাৰণক আশ্বাস দিয়ে যে চৰকাৰে তেওঁলোকৰ দাবী আৰু উদ্বেগক গুৰুত্ব দিব। ইয়াৰ সমান্তৰালকৈ তেওঁ দাঙ্গাকাৰীক সমাজত অশান্তিৰ সৃষ্টি কৰিবলৈ দিয়া নহ’ব বুলিও সকীয়াই দিয়ে।

পেজেস্কিয়ানে এটা সাক্ষাৎকাৰত কয় যে,‘ইৰাণীসকলে দাঙ্গাকাৰীক সমাজত বিশৃংখলতা সৃষ্টি কৰিবলৈ দিয়া উচিত নহয়।মানুহে বুজিব লাগিব যে চৰকাৰে ন্যায় বিচাৰে’।

‘মানুহ চিন্তিত, আমিও উপলব্ধি কৰিছো।আমি প্ৰতিবাদকাৰীৰ সৈতে কথা পাতিবলৈ সাজু।বিষয়াসকলে তেওঁলোকৰ সকলো কথা শুনিব,কিন্তু সমগ্ৰ ইৰাণী সমাজখনক ধ্বংস কৰাৰ চেষ্টা চলাইছে দাঙ্গাকাৰীয়ে’।

লগতে পঢ়ক: জেললৈ যাব নেকি OnePlus ৰ CEO পিট লাউ? গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি

‘আমি ভাবুকি সহ্য নকৰো…’; ট্ৰাম্পৰ সতৰ্কবাণীক লৈ মাছুদ পেজেস্কিয়ানৰ ডাঙৰ মন্তব্য

ট্ৰাম্পৰ সতৰ্কবাণীক লৈ মাছুদ পেজেস্কিয়ানৰ ডাঙৰ মন্তব্য

ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ পিছত ইছলামিক ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে প্ৰথমবাৰৰ বাবে সাক্ষাৎকাৰ দিছে।

এই সাক্ষাৎকাৰত তেওঁ জোৰ দি কয় যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী শেষ কৰাৰ যিকোনো কথাই মাথোঁ এক ভ্ৰম হে।

মাছুদ পেজেস্কিয়ানে কয় যে, ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়ে আলোচনা দুয়োপক্ষৰ বাবে সমান ভিত্তিত হ’ব লাগে।লগতে ইৰাণে কোনো ধৰণৰ ভাবুকি সহ্য নকৰে বুলিও তেওঁ কৈছে।

ইৰাণৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই মন্তব্যটো এটা সাক্ষাৎকাৰত কয়। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বাবেই ইজৰাইলে ১৩ জুনত তেওঁলোকৰ ওপৰত আক্ৰমণ চলাইছিল। দুয়োখন দেশৰ মাজত ১২ দিন ধৰি যুদ্ধ চলিছিল।

যুদ্ধ বন্ধ হোৱাৰ দুদিন পূৰ্বে আমেৰিকাইও যুদ্ধত যোগদান কৰিছিল আৰু ইউৰেনিয়াম সমৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ইৰাণৰ তিনিটা স্থানত বোমা বিস্ফোৰণ ঘটাইছিল।

আমেৰিকা আৰু ইজৰাইলে দাবী কৰিছিল যে তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা দিয়া।

ইৰাণৰ বিষয়াসকলে এই অভিযোগক তীব্ৰভাৱে অস্বীকাৰ কৰি কয় যে ইছলামিক ৰিপাব্লিকে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ চেষ্টা কৰা নাই আৰু না কেতিয়াবা কৰিব। ইৰাণে কৈছে যে তেওঁলোকৰ ইছলামিক মূল্যবোধে এনে অস্ত্ৰ-শস্ত্ৰ ৰখাৰ অনুমতি নিদিয়ে।

পেজেস্কিয়ানে লগতে কয় যে, ‘ট্ৰাম্পে কয় যে ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নালাগে আৰু আমি ইয়াক মানি লওঁ কাৰণ আমি নিজে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নিবিচাৰো’।

‘এইটো আমাৰ ৰাজনৈতিক, ধৰ্মীয়, মানৱীয় আৰু কৌশলগত স্থিতি যে আমি পাৰমাণৱিক অস্ত্ৰ নিবিচাৰো।’

তেওঁ লগতে কয় যে, ইৰাণে আন্তঃৰাষ্ট্ৰীয় আইনৰ পৰিসৰৰ ভিতৰত নিজৰ পাৰমাণৱিক কাৰ্যসূচী আৰু ইউৰেনিয়াম সমৃদ্ধি অব্যাহত ৰাখিব বিচাৰিছে।

তেওঁ ট্ৰাম্পৰ দাবী নাকচ কৰি কয় যে, ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ফৰ্ডো, ইছফাহান আৰু নাটাঞ্জৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ বিমান আক্ৰমণৰ কাৰণ শেষ হৈছে।

লগতে পঢ়ক: “বেইজিং ভ্ৰমণ এতিয়া বহু দূৰত নহয়”; আমেৰিকা আৰু চীনৰ মাজত আৰম্ভ বন্ধুত্ব!