মাউণ্ট ৰাছম’ৰত নিজৰ মুখমণ্ডল! ট্ৰুথ ছ’চিয়েলত ডিজিটেল ছবি শ্বেয়াৰ কৰি চৰ্চাত ড’নাল্ড ট্ৰাম্প
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঐতিহাসিক স্মৃতিসৌধ মাউণ্ট ৰাছম’ৰত নিজৰ উত্তৰাধিকাৰক দাঙি ধৰাৰ উদ্দেশ্যে ট্ৰাম্পে এটা ডিজিটেলভাৱে প্ৰস্তুত কৰা ছবি শ্বেয়াৰ কৰিছে
নিজৰ একাংশ কাৰ্যকলাপৰ বাবে চৰ্চাত থকা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ ছচিয়েল মিডিয়াত এক ব্যতিক্ৰমী পোষ্ট কৰি খলকনি তুলিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঐতিহাসিক স্মৃতিসৌধ ‘মাউণ্ট ৰাছম’ৰ‘ (Mount Rushmore)-ত নিজৰ উত্তৰাধিকাৰক দাঙি ধৰাৰ উদ্দেশ্যে ট্ৰাম্পে এটা ডিজিটেলভাৱে প্ৰস্তুত কৰা ছবি শ্বেয়াৰ কৰিছে ।
নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত শ্বেয়াৰ কৰা এই ছবিখনত আমেৰিকাৰ ৪গৰাকী সৰ্বকালৰ মহান ৰাষ্ট্ৰপতিৰ কাষতে ট্ৰাম্পৰ মুখমণ্ডলকো খোদিত কৰা ৰূপত দেখুওৱা হৈছে । উল্লেখনীয় যে, ছবিখন প’ষ্ট কৰাৰ সময়ত ট্ৰাম্পে কোনো ধৰণৰ লিখিত মন্তব্য কৰা নাই ।
কি এই মাউণ্ট ৰাছম’ৰ ?
চাউথ ডাকোটাৰ কীষ্ট’নত থকা ব্লেক হিলছৰ গ্ৰেনাইট পাহাৰ কাটি নিৰ্মাণ কৰা ‘মাউণ্ট ৰাছম’ৰ নেচনেল মেম’ৰিয়েল’ আমেৰিকাৰ এক অন্যতম ঐতিহ্যবাহী স্থান । ইয়াৰ বিশাল পাহাৰত আমেৰিকাৰ ৪গৰাকী প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধান- জৰ্জ ৱাশ্বিংটন, থমাছ জেফাৰছন, থিয়ড’ৰ ৰুজভেল্ট আৰু আব্ৰাহাম লিংকনৰ ৬০ ফুট ওখ মুখমণ্ডল খোদিত হৈ আছে । ভাস্কৰ্যশিল্পী গুটজন বৰ্গলমে আমেৰিকাৰ ইতিহাসৰ প্ৰথম ১৫০ বছৰৰ জন্ম, আঞ্চলিক সম্প্ৰসাৰণ, অৰ্থনৈতিক প্ৰগতি আৰু গাঁথনিগত স্থায়িত্বক প্ৰতিনিধিত্ব কৰিবলৈ এই চাৰিজন নেতাক বাছি লৈছিল ।
মাউণ্ট ৰাছম’ৰত ট্ৰাম্পৰ স্থানক লৈ চলিছে চৰ্চা :
ছবিখনে কেৱল ছচিয়েল মিডিয়াতে নহয়, বৰঞ্চ ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা লাভ কৰিছে । ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য অনুসৰি :
ট্ৰাম্পৰ সপোন :
২০১৮ চনতে ডনাল্ড ট্ৰাম্পে চাউথ ডাকোটাৰ ৰাজ্যপাল ক্ৰীষ্টি নোৱেমৰ ওচৰত এই স্মৃতিসৌধত নিজৰ মুখমণ্ডল স্থায়ীভাৱে খোদিত হোৱাটো তেওঁৰ এটা “সপোন” বুলি প্ৰকাশ কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ নিজৰ শাসনকালৰ সফলতাসমূহৰ বাবে এই স্থান পোৱাৰ যোগ্য বুলি দাবী কৰি আহিছে ।
আইনী প্ৰস্তাৱ :
আনকি ২০২০ চনৰ এক ৰাজহুৱা ভাষণতো ট্ৰাম্পে এই প্ৰস্তাৱ উত্থাপন কৰিছিল । বৰ্তমান ফ্ল’ৰিডাৰ প্ৰতিনিধি আন্না পলীনা লুনাকে ধৰি একাংশ কংগ্ৰেছ সমৰ্থকে পাহাৰৰ গাত ট্ৰাম্পৰ প্ৰতিচ্ছবি খোদাই কৰাৰ বাবে গৃহ পৰিক্ৰমা বিভাগক নিৰ্দেশ দি আনুষ্ঠানিক আইনী প্ৰস্তাৱো আগবঢ়াইছে ।
পৰ্যাপ্ত স্থানৰ ইংগিত :
বৰ্তমানৰ গৃহ পৰিক্ৰমা সচিব ডগ বাৰ্গামকে ধৰি কেইবাগৰাকীও শীৰ্ষ কাৰ্যবাহী বিষয়াই এই ঐতিহাসিক স্থানটোত আন এটা মুখমণ্ডল অন্তৰ্ভুক্ত কৰিব পৰাকৈ পৰ্যাপ্ত গাঁথনিগত স্থান থকা বুলি প্ৰকাশ্যে ইংগিত দিছে ।
ট্ৰাম্পৰ এই নীৰৱ অথচ শক্তিশালী ডিজিটেল বাৰ্তাই এতিয়া সমগ্ৰ আমেৰিকাত এক নতুন বিতৰ্ক আৰু চৰ্চাৰ সূচনা কৰিছে ।
লগতে পঢ়ক : “চুক্তিৰ নিচেই কাষত”: ইৰাণৰ সৈতে চলি থকা আলোচনা সন্দৰ্ভত ট্ৰাম্পৰ ডাঙৰ মন্তব্য