‘বাৰানসী‘ৰ ধুমুহা… মুক্তি পালে ৰাজামৌলিৰ ছবিৰ মহাকাব্যিক টিজাৰ-পোষ্টাৰ
ৰাজামৌলিৰ ছবিৰ মহাকাব্যিক টিজাৰ
ভাৰতীয় চিনেমাৰ আটাইতকৈ দূৰদৰ্শী পৰিচালক এছ এছ ৰাজামৌলিৰ নতুন ছবি ‘বাৰানসী’য়ে মুক্তিৰ পূৰ্বেই সৃষ্টি কৰিছে ধুমুহাৰ । শনিবাৰে হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত আয়োজিত এক বৃহৎ অনুষ্ঠানত তেওঁৰ বিগ একচন এণ্ড এডভেঞ্চাৰ ছবিখনৰ ফাৰ্ষ্ট লুক বিশ্ববাসীৰ আগত উপস্থাপন কৰা হয় । টিজাৰত দক্ষিণৰ চুপাৰষ্টাৰ মহেশ বাবুৰ প্ৰচণ্ড একচন দেখা গৈছে ।
বাৰানসী ছবিখনৰ মহেশ বাবুৰ ফাৰ্ষ্ট লুক এতিয়া অনুৰাগীৰ সন্মুখত । ছবিখনৰ নতুন পোষ্টাৰত মহেশ বাবুক অতি আগ্ৰাসী ৰূপত দেখা গৈছে । হাতত ত্ৰিশুল লৈ নন্দীৰ ওপৰত বহি থকা দেখা গৈছে মহেশ বাবুক ।
ইফালে গ্ল’বট্ৰটাৰ ইভেণ্টৰ পৰা প্ৰকাশ পাইছে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাৰ ফাৰ্ষ্ট লুক । ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰিয়ংকাৰ ছবি । য’ত তেওঁক অতি আকৰ্ষণীয় ৰূপত দেখা গৈছে ।
উল্লেখ্য যে এয়া প্ৰথমবাৰৰ বাবে হৈছে য’ত লাইভ ইভেণ্টত এখন ছবিৰ টাইটেল প্ৰকাশ পাইছে । তথ্য অনুসৰি প্ৰায় ৫০ হাজাৰ দৰ্শকৰ উপস্থিতিত ডাঙৰ পৰ্দাত ছবিখনৰ টিজাৰ প্ৰদৰ্শন কৰা হয় । এই সময়ছোৱাত অনুৰাগীৰ উত্তেজনা যথেষ্ট চাবলগীয়া আছিল ।
লগতে পঢ়ক : আণ্ডাৰৱৰ্ল্ড ডনৰ ড্ৰাগছ পাৰ্টীত বলীউড চেলিব্ৰিটি; বিপদত দুই সুন্দৰী !