১৭ ঘন্টাৰ যাত্ৰা… ৯ মাহৰ অন্তত পৃথিৱীলৈ উভতিল সুনীতা উইলিয়ামছ

ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰ ৯ মাহ ১৪ দিনীয়া মহাকাশ অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিছে । তেওঁলোকৰ লগতে ক্ৰু-৯ৰ আন দুজন মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভো ঘূৰি আহিছে । তেওঁলোকৰ ড্ৰেগন স্পেচক্ৰাফ্ট ভাৰতীয় সময় অনুসৰি ১৯ মাৰ্চৰ পুৱা ৩:২৭ বজাত ফ্ল’ৰিডাৰ উপকূলত সফলতাৰে অৱতৰণ কৰে ।

১৮ মাৰ্চত (মঙলবাৰ) এই চাৰিজন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) এৰি আহে । মহাকাশযানখন যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল তেতিয়া ইয়াৰ উষ্ণতা ১৬৫০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল । এই সময়ছোৱাত প্ৰায় ৭ মিনিটৰ বাবে যোগাযোগৰ ব্লেকআউট হৈছিল । মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিবলৈ তেওঁলোকক ১৭ ঘণ্টা সময় লাগিছিল ।

নাছাৰ বিবৃতি-

নাছাই কয় যে সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰক ঘূৰাই অনাৰ অভিযান সফল হৈছে । ইয়াৰ বাবে আমি সমগ্ৰ নাছাৰ দলটোৰ শলাগ লৈছো । এই সময়ছোৱাত নাছাই সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰকো প্ৰশংসা কৰে । কেলিফৰ্ণিয়াৰ হথৰ্নত থকা স্পেচএক্সৰ বিমান নিয়ন্ত্ৰকক ৰেডিঅ’যোগে মহাকাশচাৰী হেগে কয় যে, ‘কি আচৰিত ভ্ৰমণ । মই এটা কেপচুল চাই আছো আৰু বহুত সুখী ।‘

এই সমস্যাবোৰৰ সন্মুখীন হ’ব পাৰে-

মহাকাশচাৰীসকলে দীৰ্ঘদিন ধৰি মাইক্ৰ’গ্ৰেভিটিত থাকি পৃথিৱীলৈ উভতি অহাৰ পিছত বহু অসুবিধাৰ সন্মুখীন হয় । এই সময়ছোৱাত ভাগৰুৱা, খোজ কঢ়াত অসুবিধা আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

-সুনীতা উইলিয়ামছে পেশীৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে, যাৰ ফলত থিয় হোৱা, খোজ কঢ়া আৰু ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হ’ব পাৰে ।

-মাহৰ পিছত মাহ ধৰি মাইক্ৰ’গ্ৰেভিটিত থাকিলে পেশীৰ এট্ৰফি (পেশী দুৰ্বল হোৱা) হ’ব পাৰে ।

-মহাকাশচাৰীসকলে প্ৰায়ে “বেবী ফিট” নামেৰে জনাজাত এটা অৱস্থাৰ সন্মুখীন হয় কাৰণ তেওঁলোকৰ ভৰিৰ কঠিন ছালখন ছিগি যায় আৰু মহাকাশত মাহৰ পিছত মাহ কটোৱাৰ পিছত অতি কোমল হৈ পৰে ।

-ভৰিৰ ছালখন পুনৰ কঠিন হোৱালৈকে খোজ কঢ়াত অসুবিধা হ’ব পাৰে ।

এই সকলোবোৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি মহাকাশচাৰীসকলক দীৰ্ঘম্যাদী চিকিৎসা আৰু পুনৰ্বাসনৰ অধীনত ৰখা হয় যাতে তেওঁলোকে ক্ৰমান্বয়ে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে ।

ট্ৰাম্পে কৰিলে প্ৰশংসা-

নাছাৰ মহাকাশচাৰী বাটছ উইলমোৰ আৰু সুনীতা উইলিয়ামছ উভতি অহাৰ সময়ত হোৱাইট হাউছৰ অফিচিয়েল এক্স একাউণ্টত লিখিছে, ‘প্ৰতিশ্ৰুতি দিয়া হৈছিল, প্ৰতিশ্ৰুতি পালন কৰা হৈছে : ৰাষ্ট্ৰপতি ট্ৰাম্পে মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰীসকলক ৯ মাহৰ বাবে উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । আজি ইলন মাস্ক, স্পেচএক্স আৰু নাছাৰ সহায়ত তেওঁলোকে নিৰাপদে আমেৰিকাৰ উপসাগৰত অৱতৰণ কৰিলে ।’

নিৰাপদে পৃথিৱীলৈ উভতিল সুনীতা উইলিয়ামছ… ফ্ল’ৰিডাৰ উপকূলৰ ওচৰত সাগৰত অৱতৰণ

অৱশেষত ৯ মাহৰ অন্তত পৃথিৱীলৈ উভতি আহিল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বাটছ উইলমোৰ । ভাৰতীয় সময় অনুসৰি বুধবাৰে (১৯ মাৰ্চ, ২০২৫) পুৱা ৩.৩০ বজাত ফ্ল’ৰিডাৰ উপকূলত নিৰাপদে অৱতৰণ কৰে দুয়োগৰাকী মহাকাশচাৰীয়ে । ১৭ ঘণ্টাৰ যাত্ৰাৰ অন্তত নিৰাপদে পৃথিৱীত অৱতৰণ কৰে দুয়োজন মহাকাশচাৰীয়ে ।

মহাকাশচাৰীকেইজনক কঢ়িয়াই অনা স্পেচএক্স কেপচুল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ওলাই অহাৰ কেইঘণ্টামানৰ পিছতে বুধবাৰে (১৯ মাৰ্চ, ২০২৫) মেক্সিকো উপসাগৰত পেৰাচুটেৰে অৱতৰণ কৰে । ফ্ল’ৰিডাৰ টালাহাছিৰ উপকূলত হয় এই স্প্লেছডাউন । মহাকাশচাৰীসকলৰ অৱতৰণৰ ভিডিঅ’ প্ৰকাশ কৰিছে মহাকাশ সংস্থা নাছাই ।

৫ জুনত মহাকাশলৈ গৈছিল সুনীতা উইলিয়ামছ-

২০২৪ চনৰ ৫ জুনত বয়িং ষ্টাৰলাইনাৰ ক্ৰু কেপচুলত উঠি মহাকাশলৈ ৰাওনা হৈছিল সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাটছ উইলমোৰে । যদিও তেওঁলোকৰ অভিযান মাত্ৰ এসপ্তাহৰ বাবে আছিল, কিন্তু কাৰিকৰী ত্ৰুটিৰ বাবে নাছাই ষ্টাৰলাইনাৰখন খালী কৰি মহাকাশচাৰীসকলক মহাকাশলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল । কাৰিকৰী ত্ৰুটিৰ বাবে তেওঁলোকৰ প্ৰত্যাৱৰ্তন চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হয় ।

ড্ৰেগন মহাকাশযানেৰে উভতিল পৃথিৱীলৈ-

উভতি অহাৰ সময়ত সুনীতা উইলিয়ামছ আৰু বাটছ উইলমোৰৰ সৈতে ক্ৰু-৯ৰ আন দুজন মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গ’ৰবুনভো উভতি আহিছে । তেওঁলোক ড্ৰেগন মহাকাশযানত উঠি পৃথিৱীলৈ উভতি আহিছে ।

অৱতৰণৰ পিছত ষ্ট্ৰেচাৰত লৈ যোৱা হ’ল তেওঁলোকক-

মহাকাশৰ পৰা উভতি অহাৰ পিছত সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগীসকলক ষ্ট্ৰেচাৰত লৈ যোৱা হয় । এইটো এক প্ৰকাৰৰ প্ৰট’কল যিটো প্ৰতিজন মহাকাশচাৰীয়ে মানি চলিব লাগে । ইয়াৰ কাৰণ হ’ল মহাকাশচাৰীসকলে মহাকাশৰ পৰা উভতি অহাৰ লগে লগে খোজ কাঢ়িব নোৱাৰে । তেওঁলোকৰ শৰীৰত বহু ধৰণৰ পৰিৱৰ্তন ঘটে । এনে পৰিস্থিতিত নাছাই এই সন্দৰ্ভত কঠোৰ সুৰক্ষা পদ্ধতি গ্ৰহণ কৰে ।

পৃথিৱীলৈ ৰাওনা সুনীতা উইলিয়ামছক কঢ়িয়াই অনা স্পেচএক্স কেপচুল… ক’ত কৰিব অৱতৰণ

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰক কঢ়িয়াই অনা স্পেচএক্স কেপচুল পৃথিৱীলৈ ৰাওনা হৈছে । বুধবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৩:২৭ বজাত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ । আজি পুৱা আই এছ এছৰ পৰা আনডক কৰিলে সুনীত উইলিয়ামছ আৰু আন তিনিজন মহাকাশচাৰীয়ে । মহাকাশচাৰীসকলৰ এই যাত্ৰাত ১৭ ঘণ্টা সময় লাগিব । তেওঁলোকে ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব ।

এসপ্তাহৰ যাত্ৰা ন মাহলৈ পৰিণত হ’ল-

সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে ২০২৪ চনৰ ৫ জুনত নাছাৰ অভিযানৰ অংশ হিচাপে বয়িং মহাকাশযানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিছিল । মাত্ৰ এসপ্তাহৰ বাবে তেওঁলোক তালৈ গৈছিল যদিও মহাকাশযানখনৰ কাৰিকৰী বিজুতিৰ বাবে দুয়োজনেই পৃথিৱীলৈ ঘূৰি আহিব পৰা নাছিল । দুয়োৰে বাবে ১০ দিনীয়া মিছন ৯ মাহৰ ওপৰৰ অপেক্ষালৈ পৰিণত হ’ল ।

১৮ মাৰ্চৰ সন্ধিয়াৰ পূৰ্বানুমান কৰা অনুকূল পৰিস্থিতিৰ ভিত্তিত ক্ৰু-৯ৰ বাবে পূৰ্বৰ উভতি অহাৰ সুযোগ লক্ষ্য কৰি মিছন পৰিচালকে কাম কৰি আছে । ইতিমধ্যে চাৰিজন মহাকাশচাৰীক এৰি সুনীতা আৰু বুশ্বক নিবলৈ আই এছ এছত উপস্থিত হয় ড্ৰেগন ক্ৰাফ্টখন । ইফালে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে মিছন সম্পৰ্কীয় তথ্য ভাগ-বতৰা কৰি তেওঁলোকৰ ঠাইত অহা চাৰিজন নতুন মহাকাশচাৰীক কেইবাটাও গুৰুত্বপূৰ্ণ কথা শিকাই ।

দুয়োজন যাত্ৰী ৯ মাহ পূৰ্বে এসপ্তাহৰ বাবে আই এছ এছলৈ গৈছিল যদিও তেওঁলোকৰ ষ্টাৰলাইনাৰ মহাকাশযানৰ বিজুতি ঘটিছিল আৰু তেওঁলোক তাত আবদ্ধ হৈ পৰিছিল । এতিয়া তেওঁলোকৰ উভতি অহাৰ বাবে ব্যৱহাৰ কৰা হৈছে SpaceX Dragon । নাছাৰ মহাকাশচাৰী নিক হেগ আৰু ৰস্কচমছৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভও ড্ৰেগন কেপচুলত ঘূৰি আহিব । নাছাৰ ষ্টিভ ষ্টিচে কয় যে বুশ্ব আৰু সুনীতাই এক ডাঙৰ কাম কৰিছে আৰু আমি তেওঁলোকক ঘূৰাই আনিবলৈ উৎসাহিত হৈছো ।

মহাকাশৰ পৰা উভতি অহাৰ পিছত স্বাভাৱিক জীৱন যাপনত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সুনীতা উইলিয়ামছ ! শৰীৰত হ’ব পাৰে এই সমূহ পৰিৱৰ্তন…

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি ৯ মাহতকৈ অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে ১৮ মাৰ্চ মঙলবাৰে সন্ধিয়া পৃথিৱীলৈ উভতি আহিব । দুয়োজন মহাকাশচাৰীক ঘূৰাই আনিবলৈ ইলন মাস্কৰ স্পেচএক্সে নাছাৰ সহযোগত শনিবাৰে পুৱা ক্ৰু-১০ অভিযান আৰম্ভ কৰে । দুয়োজন মহাকাশচাৰীয়ে পৃথিৱীলৈ ঘূৰি আহি সুখী হ’ব যদিও ৯ মাহতকৈ অধিক সময় মহাকাশত থকাৰ বাবে তেওঁলোকৰ শৰীৰত যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তন স্বাভাৱিক হ’বলৈ কেইবা মাহৰ প্ৰয়োজন হ’ব পাৰে ।

২০২৪ চনৰ জুন মাহত বয়িং ষ্টাৰলাইনাৰ মহাকাশযানত ৮ দিনীয়া অভিযানত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে মহাকাশ কেন্দ্ৰলৈ গৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে এতিয়াও তাতেই আবদ্ধ হৈ আছে । দুয়োজন মহাকাশত আবদ্ধ হৈ পৰা ৯ মাহতকৈও অধিক হ’ল আৰু মহাকাশত ইমান দিন কটোৱাৰ বাবে দুয়োজন মহাকাশচাৰীৰ শৰীৰত ডাঙৰ পৰিৱৰ্তন দেখা যাব বুলি বিশেষজ্ঞসকলে কৈছে ।

মহাকাশত বহু সময় থাকিলে দুৰ্বল হৈ পৰে নেকি শৰীৰ ?

মহাকাশত ৯ মাহ থকাৰ পিছত মহাকাশচাৰীৰ শৰীৰত ডাঙৰ পৰিৱৰ্তন ঘটে । আটাইতকৈ ডাঙৰ পৰিৱৰ্তন পেশী আৰু হাড়ত দেখা যায় আৰু সেইবোৰ দুৰ্বল হৈ পৰে ।

নাছাৰ মহাকাশচাৰী লেৰয় চিয়াওৰ মতে, পৃথিৱীলৈ অহাৰ পিছত দুয়োজন মহাকাশচাৰীয়ে খোজ কঢ়াত অসুবিধা পাব । মহাকাশত দীৰ্ঘদিন থাকিলে মহাকাশচাৰীৰ ‘বেবী ফিট’ৰ সমস্যাৰ সৃষ্টি হয় । তেওঁ কয় যে বায়ু আৰু মাধ্যাকৰ্ষণ শক্তিৰ অনুপস্থিতিৰ বাবে মহাকাশচাৰীসকলে মহাকাশত ওজনহীনতা অনুভৱ কৰে আৰু ভৰিৰ ওপৰৰ ডাঠ ছালখন হেৰাই যায় । ইয়াৰ বাবে ভৰি দুখন সৰু শিশুৰ দৰে খুব কোমল হৈ পৰে আৰু খোজ কঢ়াত অসুবিধা পায় ।

বেবী ফিটৰ উপৰিও মহাকাশচাৰীসকলে হাড়ৰ ঘনত্ব কমি যোৱাৰ সন্মুখীন হ’বলগীয়া হয় । মাধ্যাকৰ্ষণ শক্তিৰ অভাৱত হাড়ৰ ঘনত্ব কমি যোৱাৰ ফলত তেওঁলোকৰ হাড় দুৰ্বল হৈ পৰে । নাছাই কয় যে মহাকাশত কটোৱা প্ৰতিমাহে হাড়ৰ ঘনত্ব এক শতাংশ হ্ৰাস কৰে, যাৰ ফলত হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।

শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱত ভৰি আৰু পিঠিৰ পেশীবোৰো দুৰ্বল হৈ পৰে । ইয়াৰ প্ৰতিৰোধৰ বাবে মহাকাশচাৰীসকলে নিয়মিতভাৱে ২.৫ ঘন্টা ধৰি মহাকাশ কেন্দ্ৰত ব্যায়াম কৰে । তেওঁলোকে নিয়মিতভাৱে স্কুচ, ডেডলিফ্ট আৰু বেঞ্চ প্ৰেছিং কৰে । ইয়াৰ বাবে মহাকাশ কেন্দ্ৰত এক বিশেষ স্থানো সৃষ্টি কৰা হৈছে ।

ব্যায়ামৰ লগতে মহাকাশচাৰীসকলে নিয়মিতভাৱে ট্ৰেডমিলত দৌৰে আৰু ব্যায়ামৰ বাইকো ব্যৱহাৰ কৰে । হাড় মজবুত কৰিবলৈ চাপ্লিমেণ্টো গ্ৰহণ কৰে ।

ই শৰীৰত আৰু কি প্ৰভাৱ পেলায় ?

মাধ্যাকৰ্ষণ শক্তি অবিহনে শৰীৰৰ তৰল পদাৰ্থবোৰ তললৈ যোৱাৰ পৰিৱৰ্তে ওপৰলৈ গতি কৰে । ইয়াৰ ফলত মুখমণ্ডল ফুলি উঠে, মূৰত চাপ বাঢ়ে আৰু চকুৰ দৃষ্টিশক্তিতো প্ৰভাৱ পেলায় ।

মহাকাশত বাস কৰিলে হৃদযন্ত্ৰৰ তন্ত্ৰতো প্ৰভাৱ পৰে । হৃদযন্ত্ৰ সামান্য সংকোচিত হৈ তুলনামূলকভাৱে লাহে লাহে তেজ পাম্প কৰে । ইয়াৰ বাবে পৃথিৱীলৈ ঘূৰি অহাৰ পিছত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ আশংকা থাকে ।

পৃথিৱীৰ বাকী অংশৰ পৰা আঁতৰত মাত্ৰ কেইজনমান মহাকাশচাৰীৰ সৈতে ৯ মাহ মহাকাশত থকাটোৱে মহাকাশচাৰীসকলৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় । মহাকাশলৈ যোৱাৰ পিছত মগজুতো পৰিৱৰ্তন ঘটে যাৰ বাবে মহাকাশচাৰীসকলে পৃথিৱীলৈ উভতি অহাৰ পিছত সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মহাকাশত দীৰ্ঘদিন থাকিলে মগজুৰ গঠনত পৰিৱৰ্তন ঘটে । মগজুৰ গহ্বৰৰ কিছুমান অংশ ফুলি উঠিব পাৰে, যিবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ তিনি বছৰ সময় লাগিব পাৰে ।

মহাকাশত পৃথিৱীৰ দৰে সুৰক্ষামূলক ঢাল নাথাকে, যাৰ ফলত মহাকাশচাৰীসকল অধিক পৰিমাণৰ বিকিৰণৰ সংস্পৰ্শলৈ আহে । ইয়াৰ ফলত তেওঁলোকৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু ডি এন এৰ ক্ষতি হোৱাৰ সম্ভাৱনাও থাকে ।

মহাকাশত বহু সময় কটোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাতো প্ৰভাৱ পৰে আৰু মহাকাশচাৰীসকলৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায় । বহু গৱেষণাৰ পৰা কোৱা হৈছে যে মাধ্যাকৰ্ষণ শক্তিৰ অভাৱৰ বাবে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষবোৰ দুৰ্বল হৈ পৰে আৰু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । শৰীৰত বিপাকীয় পৰিৱৰ্তন ঘটে, যাৰ ফলত শৰীৰৰ পুষ্টি আৰু শক্তি জমা কৰাৰ ক্ষমতাত প্ৰভাৱ পৰে । কিছুমান মহাকাশচাৰীৰ ওজন যথেষ্ট কমি যায় আৰু ভোকত ব্যাঘাত জন্মে ।

পৃথিৱীৰ পৰা যোৱা সতীৰ্থসকলক দেখি আনন্দত আত্মহাৰা হৈ পৰিল সুনীতা… প্ৰশস্ত হ’ল ঘূৰি অহাৰ পথ

দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী বুশ্ব উইলমোৰ আৰু সুনীতা উইলিয়ামছৰ ঠাইত আন মহাকাশচাৰী মোতায়েন কৰিবলৈ এদিন পূৰ্বে ৰাওনা হোৱা স্পেচএক্স মহাকাশযান দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হয় ।

ইয়াৰ লগে লগে উইলিয়ামছ আৰু উইলমোৰৰ উভতি অহাৰ পথ প্ৰশস্ত হয় । আমেৰিকা, জাপান আৰু ৰাছিয়াক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে চাৰিজন নতুন মহাকাশচাৰী । তেওঁলোকে কেইদিনমান উইলিয়ামছ আৰু উইলমোৰৰ পৰা ষ্টেচনটোৰ বিষয়ে তথ্য লাভ কৰিব ।

অনুমান কৰা হৈছে যে যদি বতৰ অনুকূল হৈ থাকে তেন্তে অহা সপ্তাহত আৱদ্ধ হৈ থকা দুয়োজন মহাকাশচাৰীক ফ্ল’ৰিডাৰ উপকূলৰ ওচৰৰ পানীত অৱতৰণ কৰোৱা হব । উইলমোৰ আৰু উইলিয়ামছে ৫ জুনত কেপ কানাভেৰালৰ পৰা বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত ৰাওনা হৈছিল । দুয়োজনেই মাত্ৰ এসপ্তাহৰ বাবে গৈছিল যদিও মহাকাশযানৰ পৰা হিলিয়ামৰ লিকেজ আৰু আন কাৰিকৰী সমস্যাৰ বাবে প্ৰায় ৯ মাহ ধৰি মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে ।

আমেৰিকাৰ মহাকাশ সংস্থাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা মহাকাশচাৰীৰ নতুন দলটোত নাছাৰ এন্নে মেকলেন আৰু নিকোল আয়াৰ্ছ আছে । দুয়োজনেই মিলিটাৰী পাইলট । তদুপৰি জাপানৰ টাকুয়া অনিছি আৰু ৰাছিয়াৰ কিৰিল পেস্কোভো গৈছে আৰু দুয়োজনেই বিমান কোম্পানীৰ প্ৰাক্তন পাইলট । স্বাভাৱিক সময় বুলি গণ্য কৰা উইলমোৰ আৰু উইলিয়ামছ পৃথিৱীলৈ ঘূৰি অহাৰ পিছত আগন্তুক ছমাহ মহাকাশ কেন্দ্ৰত কটাব চাৰিওজনে ।

শীঘ্ৰেই পৃথিৱীলৈ আহিব সুনীতা-

অনাগত দিনত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰে মহাকাশ কেন্দ্ৰটোৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য নতুন মহাকাশচাৰীসকলক প্ৰদান কৰিব । চলিত সপ্তাহৰ শেষৰ ফালে তেওঁলোক স্পেচএক্স কেপচুলৰ জৰিয়তে পৃথিৱীলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে । নাছাৰ মতে যদি বতৰ অনুকূল হৈ থাকে তেন্তে বুধবাৰৰ পূৰ্বে স্পেচএক্স কেপচুল মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হৈ ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব ।

৯ মাহৰ পিছত ঘৰলৈ উভতিব সুনীতা উইলিয়ামছ! আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত নাছাৰ ক্ৰু-১০

৯ মাহ ধৰি মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰক ঘূৰাই অনাৰ বাবে নেশ্যনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন অথবা নাছাৰ ক্ৰু-১০ অভিযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে ।

নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ফেলকন ৯ ৰকেট ব্যৱহাৰ কৰি ড্ৰেগন মহাকাশযানত ক্ৰু-১০ অভিযান উৎক্ষেপণ কৰা হৈছিল । এই ক্ৰুত আমেৰিকাৰ দুজন আৰু জাপানৰ লগতে ৰাছিয়াৰ এজনকে ধৰি চাৰিজন মহাকাশচাৰী আছে । শীঘ্ৰেই ক্ৰু-১০ৰ মহাকাশচাৰীসকলে ডকিং প্ৰক্ৰিয়া আৰম্ভ কৰিব ।

উল্লেখ্য যে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ উভতি অহাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নিজেই আগ্ৰহী । তেওঁ এই দায়িত্ব স্পেচএক্সৰ মালিক ইলন মাস্কক অৰ্পণ কৰিছে । কিছুদিন পূৰ্বে ট্ৰাম্পে কৈছিল যে বাইডেনে সুনীতা আৰু বুশ্ব উইলম’ৰক মহাকাশত এৰি দিছে ।

ইয়াৰ পিছত মাস্কৰ কোম্পানী স্পেচএক্সে এই দিশত কাম আৰম্ভ কৰে যদিও কাৰিকৰী কাৰণত ক্ৰু-১০ৰ উৎক্ষেপণ ১৫ মাৰ্চলৈ পিছুৱাই দিয়া হয়, যিটো পিছলৈ উৎক্ষেপণ কৰা হয় । জনা যায় যে ক্ৰু-১০ হৈছে স্পেচএক্সৰ মানৱ মহাকাশ পৰিবহণ ব্যৱস্থাৰ দশম ক্ৰু ঘূৰ্ণন অভিযান । এইটো নাছা আৰু স্পেচএক্সৰ যৌথ অভিযান ।

সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰ যোৱা বছৰৰ ৫ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল । এসপ্তাহৰ পিছত ঘূৰি অহাৰ কথা আছিল যদিও বয়িং ষ্টাৰলাইনাৰৰ সমস্যাৰ বাবে তেওঁ তাতেই আবদ্ধ হৈ পৰে । দুয়োগৰাকী মহাকাশচাৰীয়ে বয়িং আৰু নাছাৰ যৌথ ক্ৰু ফ্লাইট টেষ্ট অভিযানত মহাকাশলৈ গৈছিল । ইয়াৰ পিছত তেওঁলোকক ঘূৰাই অনাৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে ।

ডকিং কৰাৰ পিছত ক্ৰু-১০ৰ সদস্যসকলে সুনীতা উইলিয়ামছ আৰু বুচ উইলমাৰ্ছক লগ পায় । এই সময়ত সুনীতা আৰু উইলমাৰৰ মুখত আনন্দ স্পষ্টকৈ দেখা গৈছিল । তেওঁলোকে সকলোকে সাৱটি ধৰি আনন্দ প্ৰকাশ কৰে ।

মহাকাশ প্ৰযুক্তি আৰু জ্যোতিৰ্বিজ্ঞানৰ জগতখনত খোজ দিব বিচাৰে নেকি…তেন্তে এই ১০টা হৈছে ডাঙৰ কেৰিয়াৰ বিকল্প

যদি আপুনি তৰা, গ্ৰহ আৰু বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য জানিবলৈ আগ্ৰহী, তেন্তে আপুনি মহাকাশ প্ৰযুক্তি আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়ন কৰিব পাৰে । এই ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলাটো আপোনাৰ বাবে এক ৰোমাঞ্চকৰ বিকল্প হ’ব পাৰে, য’ত আপোনাৰ কৌতুহল বৃদ্ধি হোৱাই নহয়, ই আপোনাক বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখনত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ সুযোগো দিব । এনে ১০টা ৰোমাঞ্চকৰ কেৰিয়াৰ বিকল্পৰ বিষয়ে জানক যিবোৰ এই ক্ষেত্ৰত উপলব্ধ ।

১/ জ্যোতিৰ্বিজ্ঞানী (Astronomer) :

জ্যোতিৰ্বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ, নক্ষত্ৰ আৰু তাৰকাৰাজ্যৰ ওপৰত অধ্যয়ন কৰে । টেলিস্কোপ আৰু অন্যান্য যন্ত্ৰৰ সহায়ত আকাশী পদাৰ্থৰ ধৰ্ম আৰু আচৰণ বুজিবলৈ চেষ্টা কৰে । তেওঁলোকৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বব্ৰহ্মাণ্ডৰ গঠন আৰু ইয়াৰ বিৱৰ্তনৰ বিষয়ে জনা ।

২/ মহাকাশ অভিযন্তা (Aerospace Engineer) :

মহাকাশযান, উপগ্ৰহ আৰু ৰকেটৰ ডিজাইন, বিকাশ আৰু পৰীক্ষণৰ কামত মহাকাশ অভিযন্তাসকল জড়িত হৈ থাকে । তেওঁলোকে এই ডিভাইচসমূহে নিৰাপদ আৰু ফলপ্ৰসূভাৱে কাম কৰাটো নিশ্চিত কৰে । এই ক্ষেত্ৰত উদ্ভাৱন আৰু কাৰিকৰী দক্ষতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

৩/ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী (Astrophysicist) :

জ্যোতিৰ্পদাৰ্থবিজ্ঞানীসকলে পদাৰ্থ বিজ্ঞান আৰু গণিতৰ নীতি ব্যৱহাৰ কৰি বিশ্বব্ৰহ্মাণ্ডৰ গভীৰতা অধ্যয়ন কৰে । তেওঁলোকে কৃষ্ণগহ্বৰ, ডাৰ্ক মেটাৰ আৰু মহাজাগতিক বিকিৰণ আদি বিষয়ৰ ওপৰত গৱেষণা কৰে, যাৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে আমাৰ বুজাবুজি বৃদ্ধি পায় ।

৪/ উপগ্ৰহ অভিযন্তা  (Satellite Engineer):

উপগ্ৰহ অভিযন্তাসকল উপগ্ৰহৰ ডিজাইন, নিৰ্মাণ আৰু পৰিচালনাত বিশেষজ্ঞ । যোগাযোগ, বতৰ পূৰ্বাভাস, পৃথিৱী পৰ্যবেক্ষণ আদি বিভিন্ন উদ্দেশ্যৰ বাবে উপগ্ৰহ ব্যৱস্থা বিকশিত আৰু পৰিচালনা কৰে ।

৫/ মহাকাশ বিজ্ঞানী  (Space Scientist) :

মহাকাশ বিজ্ঞানীসকল মহাকাশ অভিযানৰ পৰিকল্পনা, তথ্য বিশ্লেষণ আৰু নতুন পৰীক্ষাৰ বিকাশৰ কামত জড়িত থাকে । তেওঁলোকে গ্ৰহৰ পৃষ্ঠ, বায়ুমণ্ডল আৰু সম্ভাৱ্য জীৱনৰ চিন আদি অধ্যয়ন কৰি মহাকাশ অন্বেষণৰ বাবে নতুন পথ মুকলি কৰে ।

৬/ ৰবটিক্স অভিযন্তা  (Robotics Engineer) :

ৰবটিক্স অভিযন্তাসকলে ৰবটিক ব্যৱস্থা ডিজাইন কৰে যিয়ে মহাকাশ অভিযানত সহায় কৰে । এই ৰবটসমূহ গ্ৰহৰ পৃষ্ঠত অন্বেষণ, নমুনা সংগ্ৰহ, সঁজুলি মেৰামতি আদি কামৰ বাবে ব্যৱহাৰ কৰা হয়, যাৰ ফলত মানুহৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা হ্ৰাস পায় ।

৭) মহাকাশ চিকিৎসা বিশেষজ্ঞ (Space Medicine Specialist) :

মহাকাশ চিকিৎসা বিশেষজ্ঞসকলে মহাকাশচাৰীৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁলোকে মহাকাশ ভ্ৰমণৰ শৰীৰৰ ওপৰত প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰে আৰু অভিযানৰ সময়ত ক্ৰুসকলক সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যজনিত সমস্যাৰ সমাধান প্ৰস্তুত কৰে ।

৮) উপগ্ৰহ তথ্য বিশ্লেষক (Satellite Data Analyst) :

উপগ্ৰহৰ তথ্য বিশ্লেষকসকলে উপগ্ৰহৰ পৰা লাভ কৰা তথ্য বিশ্লেষণ কৰে । বতৰৰ পূৰ্বাভাস, কৃষি, নগৰ উন্নয়ন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে ক্ষেত্ৰত ইহঁতে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে, যাৰ ফলত নীতিগত সিদ্ধান্ত লোৱাত সহায় কৰে ।

৬২ ঘণ্টা স্পেচ ৱাক আৰু বাগিচা… নিজৰ অনন্য যাত্ৰাৰে ইতিহাস সৃষ্টি কৰিলে সুনীতা উইলিয়ামছে

ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে মহাকাশত আবদ্ধ হৈ পৰাৰ পিছতো ইতিহাস ৰচনা অব্যাহত ৰাখিছে । বিগত জুন মাহৰ পৰা সুনীতা উইলিয়ামছ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আছে । এই সময়ছোৱাত তেওঁ ৯০০ ঘণ্টাৰো অধিক গৱেষণামূলক কাম কৰিছে আৰু বহুতো আচৰিত পৰীক্ষাত অংশগ্ৰহণ কৰিছে ।

৬২ ঘণ্টাৰ স্পেচ ৱাক আৰু কমাণ্ডাৰ হোৱাৰ কৃতিত্ব-

এই পৰ্যন্ত ৬০০ দিনতকৈ অধিক মহাকাশত কটোৱা ৫৯ বছৰীয়া সুনীতা উইলিয়ামছে ৬২ ঘণ্টা ৯ মিনিট স্পেচ ৱাক কৰিছে, যিটো কোনো মহিলা মহাকাশচাৰীয়ে কৰা আটাইতকৈ দীঘলীয়া সময় । ১৬ আৰু ৩০ জানুৱাৰীত তেওঁ দুটা গুৰুত্বপূৰ্ণ স্পেচ ৱাক কৰিছিল, এটা ৫ ঘণ্টা ২৬ মিনিট আৰু আনটো ৬ ঘণ্টা । কেৱল এয়াই নহয়, তেওঁৰ অভিযানৰ সময়ত তেওঁক আই এছ এছৰ কমাণ্ডাৰ হিচাপেও নিযুক্তি দিয়া হৈছিল, যিটো যিকোনো মহাকাশচাৰীৰ বাবে এক বৃহৎ দায়িত্ব । যোৱা ২৫ বছৰ ধৰি অবিৰতভাৱে সক্ৰিয় হৈ থকা আই এছ এছক মানৱ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল অভিযান্ত্ৰিক প্ৰকল্প হিচাপে গণ্য কৰা হয় ।

৮ দিনীয়া মিছন মাহলৈকে বৃদ্ধি-

সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰী বুশ্ব উইলমৰে ২০২৩ চনৰ ৫ জুনত বয়িং ষ্টাৰলাইনাৰ মহাকাশযানত উৰা মাৰি পিছদিনা আই এছ এ এছত উপস্থিত হয় । এই অভিযান মাত্ৰ আঠ দিনহে চলিব লাগিছিল যদিও কাৰিকৰী ত্ৰুটি, মহাকাশৰ ধ্বংসাৱশেষ আৰু হিলিয়াম লিক হোৱাৰ বাবে ইয়াক কেইবামাহোলৈ বৃদ্ধি কৰা হয় । অৱশ্যে কিছু সপ্তাহৰ পাছত সুনীতা উইলিয়ামছ পৃথিৱীলৈ ঘূৰি আহিব পাৰে বুলি নাছাই ইংগিত দিছে ।

মহাকাশত কি কৰি আছে সুনীতা উইলিয়ামছে ?

১/ মহাকাশযানৰ পাইলট আৰু পৰীক্ষণ

তেওঁ আই এছ এছলৈ যোৱাৰ পথত নিৰ্মাণত অৰিহণা যোগোৱা বয়িং ষ্টাৰলাইনাৰ বিমানখন পাইলট হৈছিল । মহাকাশ কেপচুল পৰীক্ষা কৰা প্ৰথমগৰাকী মহিলা মহাকাশচাৰী হিচাপে পৰিগণিত হয় তেওঁ ।

২/ আই এছ এছৰ পৰিষ্কাৰ আৰু মেৰামতি

তেওঁ আৰু তেওঁৰ সহযোগীসকলে আই এছ এছত পুৰণি সঁজুলি সলনি কৰিছিল, ৰক্ষণাবেক্ষণ কৰিছিল আৰু বহু আৱৰ্জনা পৃথিৱীলৈ ঘূৰাই পঠিয়াইছিল ।

৩/ ৯০০ ঘণ্টাৰো অধিক বৈজ্ঞানিক গৱেষণা

নাছাৰ তথ্য অনুসৰি সুনীতা উইলিয়ামছ আৰু তেওঁৰ দলটোৱে ১৫০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষাৰ ওপৰত ৯০০ ঘণ্টাৰো অধিক গৱেষণা কৰিছিল ।

৪/ মহাকাশত ওজন প্ৰশিক্ষণ আৰু ফিটনেছ পৰীক্ষা

আই এছ এছত শূন্য মাধ্যাকৰ্ষণে শৰীৰৰ ক্ষতিসাধন কৰে, গতিকে তেওঁ ওজন প্ৰশিক্ষণ আৰু শাৰীৰিক ব্যায়াম কৰিছিল । যদিও এই সময়ছোৱাত তেওঁৰ ওজন কমি যোৱাৰ কিছু উৰাবাতৰি ওলাইছিল, কিন্তু তেওঁ স্পষ্ট কৰি দিছিল যে তেওঁৰ ওজন আই এছ এছ পোৱাৰ সময়ৰ দৰেই হৈ আছে ।

৫/ মহাকাশত খেতি / বাগিচা

মহাকাশত চালাড পাতত পানী দিছিল আৰু ইয়াৰ বৃদ্ধিৰ বিষয়ে অধ্যয়ন কৰিছিল । এই পৰীক্ষাই ভৱিষ্যতে মহাকাশ ভ্ৰমণৰ সময়ত উদ্ভিদৰ পৰা সতেজ আৰু পুষ্টিকৰ খাদ্য লাভ কৰাত সহায় কৰিব ।

৬/ পানী পুনৰুদ্ধাৰ ব্যৱস্থাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰা

মহাকাশত পানী কেনেকৈ বিশুদ্ধ কৰি পুনৰুদ্ধাৰ কৰিব পাৰি তাৰ অনুসন্ধানৰ বাবে তেওঁলোকে পেকড বেড ৰিয়েক্টৰ এক্সপেৰিমেণ্ট: ৱাটাৰ ৰিকাভাৰী ছিৰিজ (পিবিআৰই-ডব্লিউআৰএছ) চলাইছিল ।

৭/ বেক্টেৰিয়াৰ ওপৰত গৱেষণা

তেওঁলোকে বেক্টেৰিয়া আৰু ইষ্টৰ ওপৰত পৰীক্ষা চলাইছিল, যিয়ে শূন্য মাধ্যাকৰ্ষণ শক্তিত অণুজীৱৰ বৃদ্ধি আৰু কাম কেনেকৈ কৰে সেই কথা বুজিবলৈ সহায় কৰিব । এই গৱেষণাই ভৱিষ্যতে মহাকাশত খাদ্য, ঔষধ আৰু অন্যান্য সামগ্ৰী সৃষ্টি কৰাত সহায় কৰিব ।

৮/ মহাকাশৰ পৰা উৎসৱ আৰু ক্ৰীড়াৰ শুভেচ্ছা

এই সময়ত সুনীতা উইলিয়ামছে মহাকাশৰ পৰা দীপাৱলী, বৰদিন আৰু নৱবৰ্ষৰ শুভেচ্ছা প্ৰেৰণ কৰে । লগতে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ খেলুৱৈসকলক শুভেচ্ছা জনায় ।

প্ৰায় আঢ়ৈ বছৰৰ পাছত ১৪ তাৰিখে প্ৰথম পূৰ্ণাংগ ‘ব্লাড মুন’…বিৰল এই ঘটনা

২০২৫ চনৰ ১৪ মাৰ্চত চন্দ্ৰ ৰঙা দেখা যাব । ১৩ তাৰিখৰ নিশা আৰু ১৪ তাৰিখে পুৱা ইয়াক ৰঙা দেখা যাব । একেদিনাই সম্পূৰ্ণ চন্দ্ৰগ্ৰহণো হয় । এয়া এক বিৰল মহাজাগতিক পৰিঘটনা । কাৰণ এইবাৰ চন্দ্ৰ তেজ ৰঙা দেখা যাব । বিজ্ঞানীসকলে ইয়াক ছুপাৰ লুনাৰ ইভেণ্ট বুলি অভিহিত কৰিছে । কাৰণ সম্পূৰ্ণ গ্ৰহণ হ’ব আৰু চন্দ্ৰৰ ৰো তেজ ৰঙা হ’ব ।

চন্দ্ৰগ্ৰহণ হয় যেতিয়া পৃথিৱীৰ ছায়াই চন্দ্ৰৰ সমগ্ৰ অংশ বা কিছু অংশ আবৰি ৰাখে । বা এইদৰে বুজিব, যেতিয়া পৃথিৱী চন্দ্ৰ আৰু সূৰ্য্যৰ মাজত আহে, তেতিয়া চন্দ্ৰগ্ৰহণ হয় । চন্দ্ৰ নিজৰ কক্ষপথত পাঁচ ডিগ্ৰী হেলনীয়া । সেইবাবেই পূৰ্ণিমাৰ সময়ত ই পৃথিৱীৰ ছাঁৰ অলপ ওপৰত বা অলপ তলত থাকে । কিন্তু পৃথিৱী আৰু সূৰ্য্যৰ সন্মুখত একেটা অনুভূমিক সমতলত থাকিলেই চন্দ্ৰ নিজৰ কক্ষপথত দুবাৰ এনে অৱস্থালৈ আহে । ওপৰলৈয়ো নহয় তললৈয়ো নহয় । অৰ্থাৎ এটা শাৰীলৈ আহে । গতিকে এনে পৰিস্থিতিত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ সংঘটিত হয় ।

যেতিয়া পৃথিৱীৰ ছাঁৰ আঁৰত চন্দ্ৰ সম্পূৰ্ণৰূপে আৱৰি থাকে, তেতিয়া তাৰ ওপৰত সূৰ্যৰ পোহৰ নপৰে । ই আন্ধাৰলৈ যাব । কিন্তু চন্দ্ৰ কেতিয়াও সম্পূৰ্ণ ক’লা নহয় । ইয়াৰ ৰং ৰঙা দেখাবলৈ আৰম্ভ কৰে । সেইবাবেই কেতিয়াবা সম্পূৰ্ণ চন্দ্ৰগ্ৰহণক ৰঙা বা ব্লাড মুন চন্দ্ৰ বুলিও কোৱা হয় । কিন্তু ই ৰঙা কিয় হয় ? কাৰণ সূৰ্যৰ পোহৰত সকলো ধৰণৰ দৃশ্যমান ৰং থাকে ।

পৃথিৱীৰ বায়ুমণ্ডলত উপস্থিত গেছবোৰৰ বাবে ইয়াক নীলা যেন লাগে । আনহাতে, ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যই ইয়াক অতিক্ৰম কৰে । ইয়াক ৰেলি স্কেটাৰিং বোলা হয় । সেইবাবেই আকাশ নীলা আৰু সূৰ্য্য উদয় আৰু সূৰ্যাস্ত ৰঙা দেখা যায় । চন্দ্ৰগ্ৰহণৰ সময়ত ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যায় । বায়ুমণ্ডলৰ বাবে ই ঘূৰি চন্দ্ৰৰ ফালে যায় । ইয়াত নীলা ৰংটো ফিল্টাৰ হৈ যায় । ইয়াৰ বাবেই চন্দ্ৰৰ ৰং ৰঙা দেখা যায় ।

যদি আপুনি চন্দ্ৰগ্ৰহণ চাব বিচাৰে তেন্তে আপুনি পৃথিৱীৰ সেই অংশত থাকিব লাগিব য’ত ৰাতি হয় । এইবাৰ এছিয়া, প্ৰশান্ত মহাসাগৰৰ বিষুৱৰেখা, আমেৰিকা, আফ্ৰিকা আৰু কানাডা আৰু গ্ৰীণলেণ্ডৰ দক্ষিণ অংশৰ ওপৰত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব ।

ছুপাৰমুন কি ?

চন্দ্ৰ পৃথিৱীৰ ওচৰলৈ আহিলে ইয়াৰ আকাৰ ১২ শতাংশ ডাঙৰ যেন লাগে । সাধাৰণতে পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব ৪০৬,৩০০ কিলোমিটাৰ । কিন্তু যেতিয়া এই দূৰত্ব ৩৫৬,৭০০ কিলোমিটাৰলৈ হ্ৰাস পায় তেতিয়া চন্দ্ৰটো ডাঙৰ যেন লাগে । সেইবাবেই ইয়াক ছুপাৰমুন বুলি কোৱা হয় ।

চন্দ্ৰই নিজৰ কক্ষপথত ঘূৰি থকাৰ সময়তে এই সময়ত পৃথিৱীৰ ওচৰলৈ আহে । কাৰণ চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে বৃত্তাকাৰ ৰূপত ঘূৰি নাথাকে । ই এটা উপবৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে । এনে পৰিস্থিতিত ই যে পৃথিৱীৰ ওচৰলৈ আহিব সেয়া নিশ্চিত । ওচৰ চাপি অহাৰ লগে লগে ইয়াৰ উজ্জ্বলতাও বাঢ়ি যায় ।