কেবিনেট সম্প্ৰসাৰণক লৈ অব্যাহত জল্পনা-কল্পনা: মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকাত কোন কোন ?
ৰাজ্যিক কেবিনেটৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণক লৈ বৰ্তমান অসমৰ ৰাজনৈতিক মহলত তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে
৫ জুন অৰ্থাৎ কাইলৈ গুৱাহাটীৰ জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কেবিনেটৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণক লৈ বৰ্তমান অসমৰ ৰাজনৈতিক মহলত তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । কাইলৈ দুপৰীয়া ঠিক ১২:৪৫ বজাত এই শপত গ্ৰহণ অনুষ্ঠানটো আৰম্ভ হোৱাৰ কথা আছে ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা এই সম্প্ৰসাৰণ প্ৰক্ৰিয়া তীব্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্ৰী পৰিষদত এইবাৰ কেইবাজনো নতুন তথা পুৰণি মুখক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে বুলিও এতিয়া তীব্ৰ চৰ্চা চলিছে । ইফালে চলি থকা চৰ্চা অনুসৰি পূৰ্বৰ কেইবাজনো মন্ত্ৰী তথা জ্যেষ্ঠ নেতা এই তালিকাৰ পৰা বাদ পৰিব পাৰে ।
সাম্ভাব্য মন্ত্ৰীসকলৰ তালিকা-
চৰকাৰীভাৱে এতিয়াও শপত ল’বলগীয়া মন্ত্ৰীসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও কেইবাগৰাকীও বিধায়কৰ নাম চৰ্চাত আছে । ইয়াৰে কেইবাজনো বিধায়কে পূৰ্বেও মন্ত্ৰীসভাত স্থান লাভ কৰিছিল । কাইলৈ কেবিনেটত অন্তৰ্ভুক্ত হ’বলগীয়া চৰ্চাত থকা সম্ভাৱ্য বিধায়কসকল হ’ল :
-অশোক সিংঘাল
-ৰণোজ পেগু
-পীয়ূষ হাজৰিকা
-জয়ন্ত মল্ল বৰুৱা
-বিমল বৰা
-কৌশিক ৰায়
-কেশৱ মহন্ত
-অশ্বিনী ৰায় চৰকাৰ
-বলীন চেতিয়া
-তুলিৰাম ৰংহাং
-সুশান্ত বৰগোহাঁই
-ময়ূৰ বৰগোহাঁই
-ধৰ্মেশ্বৰ কোঁৱৰ
টিকটৰ দৌৰত কোন আগবাঢ়িছে ?
চৰ্চা অনুসৰি বৰাক উপত্যকাৰ প্ৰতিনিধিত্বক লৈ কৃষ্ণেন্দু পাল বা ৰাজদীপ ৰায়ৰ ভিতৰত যিকোনো এজনে কেবিনেটত স্থান পোৱাটো প্ৰায় নিশ্চিত । আনহাতে, হাইপ্ৰ’ফাইল নেতা পদ্ম হাজৰিকা আৰু ভূপেন বৰাৰ ভিতৰতো এজনক গুৰুত্বপূৰ্ণ দপ্তৰসহ অন্তৰ্ভুক্ত কৰাৰ বিষয়টোক লৈ হাই কমাণ্ডৰ স্তৰত তীব্ৰ আলোচনা চলিছে বুলি চৰ্চা চলিছে ।
অৱশ্যে আনুষ্ঠানিকভাৱে নামসমূহ ঘোষণা কৰাৰ পিছতহে আৰু ৰাজভৱনৰ তত্ত্বাৱধানত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰাৰ পিছতহে নতুন কেবিনেটৰ এই চূড়ান্ত আৰু আনুষ্ঠানিক ৰূপটো সম্পূৰ্ণ স্পষ্ট হৈ পৰিব । বৰ্তমানলৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাত কোনে কোনে স্থান পাব তাক লৈ কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে ।
লগতে পঢ়ক : ২ লাখ চাকৰি আৰু বেদখলমুক্ত ভূমিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ অসম চৰকাৰ: মুখ্যমন্ত্ৰী