গণৰাজ্য দিৱস উদযাপনত নিমগ্ন ক্ৰীড়া জগত… গম্ভীৰৰ পৰা আৰম্ভ কৰি ৰোহিত আৰু জয় শ্বাহলৈকে জনালে শুভেচ্ছা

গণৰাজ্য দিৱস উপলক্ষে দেশৰ বিভিন্ন ৰাজ্যতো ত্ৰিৰংগ উন্মোচন কৰা হয় । একে সময়তে ক্ৰীড়া জগতখনো গণৰাজ্য দিৱস উদযাপনৰ ক্ষেত্ৰত পিছ পৰি থকা নাই ।

আজি সমগ্ৰ দেশতে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত মূল অনুষ্ঠানত পেৰেডৰ অভিবাদন গ্ৰহণ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ইউৰোপীয় সংঘৰ সভানেত্ৰী উৰ্চুলা লেয়েন আৰু ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টাই এই গৌৰৱময় মুহূৰ্তৰ সাক্ষী হয় । গণৰাজ্য দিৱস উপলক্ষে দেশৰ বিভিন্ন ৰাজ্যতো ত্ৰিৰংগ উন্মোচন কৰা হয় । একে সময়তে ক্ৰীড়া জগতখনো গণৰাজ্য দিৱস উদযাপনৰ ক্ষেত্ৰত পিছ পৰি থকা নাই । ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু আই চি চিৰ অধ্যক্ষ জয় শ্বাহৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতৰ সৈতে জড়িত বহু লোকে দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় ।

ৰোহিতে জনালে শুভেচ্ছা-

২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰতক নেতৃত্ব দিয়া ৰোহিত শৰ্মাই তেওঁৰ হেলমেটত ত্ৰিৰংগ দেখুৱাই ইনষ্টাগ্ৰামত এটা ষ্ট্ৰৰী শ্বেয়াৰ কৰিছে । ইফালে গম্ভীৰে ইনষ্টাগ্ৰামত লিখিছে, “আমাৰ এখনেই সংবিধান আছে । আমাৰ এটাই পৰিচয় থাকিব লাগে : ভাৰতীয় !”

ভাৰতক প্ৰতিনিধিত্ব কৰি গৌৰৱ অনুভৱ কৰিছো- মনু ভাকৰ

আইচিচি (ICC) অধ্যক্ষ জয় শ্বাহে লিখিছে, “গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা ! আহক আমি সেই সংবিধানক উদযাপন কৰোঁ যিয়ে ভাৰতক এখন শক্তিশালী আৰু অধিক স্থিতিস্থাপক ৰাষ্ট্ৰ হোৱাৰ দিশত আগুৱাই লৈ গৈছে ।”

আনহাতে, দুবাৰকৈ অলিম্পিক পদক বিজয়ী ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰে লিখিছে, “আজি আৰু প্ৰতিটো দিনেই নিজৰ দেশক প্ৰতিনিধিত্ব কৰিবলৈ পাই মই গৌৰৱান্বিত । জয় হিন্দ । গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।”

প্ৰাক্তন ভাৰতীয় বেটছমেন শিখৰ ধাৱানে লিখিছে, ‘দিল ছে হিন্দুস্তানী । গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা।’ ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে লিখিছে, ‘সংবিধানৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰৰ ৭৭ বছৰ । গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা ।’ আনহাতে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই), সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ) আৰু হকী ইণ্ডিয়াইও গণতন্ত্ৰ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক : মহাকাশৰ নায়ক শুভাংশু শুক্লাক অশোক চক্ৰৰে সন্মানিত ৰাষ্ট্ৰপতিৰ

ঘূৰাই লোৱা হ’ব মনু ভাকেৰৰ দুয়োটা অলিম্পিক পদক…কিন্তু কিয় ?

ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকেৰে ২০২৪ চনৰ পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে । কিন্তু এতিয়া তেওঁৰ পদকবোৰ অৱস্থা বেয়া হ’বলৈ আৰম্ভ কৰিছে । প্ৰকৃততে পদকবোৰৰ ৰং ম্লান হৈ অৰ্থাৎ আঁতৰি গৈছে । ইফালে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ইয়াৰ মাজতে দিছে এটা ভাল খবৰ ।

এই আটাইকেইটা পদক শীঘ্ৰে সলনি কৰিব বুলি আই অ’ চিয়ে জনাইছে । লগতে যিসকল খেলুৱৈৰ পদকৰ ৰং আঁতৰি গৈছে তেওঁলোকক ইয়াৰ ঠাইত নতুন পদক দিয়া হ’ব । উল্লেখ্য যে পদকৰ ৰং হেৰাই হোৱাৰ অভিযোগ কেৱল মনু ভাকেৰৰে নহয় ।

এই পৰ্যন্ত বিশ্বৰ এশৰো অধিক খেলুৱৈয়ে তেওঁলোকৰ পদকৰ ৰং হেৰাই হোৱাৰ অভিযোগ উত্থাপন কৰিছে । এই তথ্য প্ৰদান কৰিছে ফ্ৰান্সৰ অনলাইন মিডিয়া আউটলেট লা লেট্ৰে । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে এই পদক সলনি কৰি সকলো খেলুৱৈক দিয়া হ’ব বুলি জানিবলৈ দিছে ।

আগষ্ট মাহৰ পৰা পদক সলনিৰ কাম চলি আছে-

এই পদকটো মনাই ডি পেৰিছ নামৰ এটা সংস্থাই প্ৰস্তুত কৰিছিল । এই সংগঠনৰ মুখপাত্ৰই তেওঁৰ স্পষ্টীকৰণত কয় যে পদকসমূহ ‘ত্ৰুটিপূৰ্ণ’ নহয় । বেছিভাগ পদকে মাত্ৰ ৰং হেৰুৱাইছে । আমি এনে পদক সলনি কৰি আছো । আগষ্ট মাহৰ পৰা পদক সলনিৰ কাম চলি আছে আৰু ভৱিষ্যতেও অব্যাহত থাকিব ।

উল্লেখ্য যে মনু ভাকেৰেৰ পেৰিছ অলিম্পিকত অসাধাৰণ প্ৰতিভাৰে দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল । প্ৰথমে মনুৱে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলত পদক লাভ কৰি প’ডিয়ামত স্থান লাভ কৰিছিল । ইয়াৰ পিছত সাৰবজোৎ সিঙৰ সৈতে ১০ মিটাৰ মিক্সড দলীয় প্ৰতিযোগিতাত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰে তেওঁ ।

সকলোবোৰ পদক আইফেল টাৱাৰৰ লোহাৰ পৰা তৈয়াৰ কৰা হৈছে-

আচলতে পেৰিছ অলিম্পিকৰ সকলো পদক বিশেষ ধৰণেৰে তৈয়াৰ কৰা হৈছিল । এই পদকসমূহ ঐতিহাসিক আইফেল টাৱাৰৰ লোহাৰ টুকুৰাৰ পৰা তৈয়াৰ কৰা হৈছিল । পদকটোৰ ওপৰৰ অংশত প্ৰায় ১৮ গ্ৰাম লোহাৰ পৰা এটা ষড়ভুজ তৈয়াৰ কৰা হৈছিল ।

ইয়াৰ বাহিৰেও পদকৰ ওপৰৰ অংশত আইফেল টাৱাৰৰ আকৃতি নিৰ্মাণ কৰা হৈছিল । উল্লেখ্য যে যেতিয়া আইফেল টাৱাৰ শেষবাৰৰ বাবে মেৰামতি কৰা হৈছিল তেতিয়া ইয়াৰ পৰা বহু লোহাৰ টুকুৰা আঁতৰাই পেলোৱা হৈছিল । এই পদকবোৰ ইয়াৰ পৰাই প্ৰস্তুত কৰা হৈছিল ।