৫.৬ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে টাইৱানক…

বৃহস্পতিবাৰে পুৱা ৫.৬ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি যায় টাইৱানক । দ্বীপটোত কেইবাটাও ভূমিকম্পৰ ফলত সামান্য ক্ষতিসাধন হয় । আগন্তুক দিনত আৰু অধিক ভূমিকম্পৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে । কেন্দ্ৰীয় বতৰ সংস্থা আৰু আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি চিয়ায়ি কাউন্টিৰ ডাপু চহৰত ১০ কিলোমিটাৰ গভীৰতাত পুৱা ১০:১১ বজাত সংঘটিত হয় এই বৃহৎ ভূমিকম্প । ইয়াৰ অলপ সময়ৰ পিছতে ডাপুত কেইবাটাও কম তীব্ৰতাৰ ভূমিকম্প অনুভূত হয় । বৰ্তমান কোনো ধৰণৰ হতাহতিৰ তথ্য পোৱা হোৱা নাই ।

ইয়াৰ পূৰ্বে ২১ জানুৱাৰীত টাইৱানত ৬.৪ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল, য’ত ১৫ জন লোক আহত হৈছিল । তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই দুৰ্ঘটনাত অট্টালিকা আৰু পথৰ ক্ষতিসাধন হয় । যোৱা বছৰৰ এপ্ৰিল মাহত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল আৰু ১৩ জন লোকৰ মৃত্যু হৈছিল । প্ৰায় এক হাজাৰ লোকো আহত হয় হৈছিল এই ভূমিকম্পত । যোৱা ২৫ বছৰৰ ভিতৰত দেশখনত এইটোৱেই আছিল আটাইতকৈ শক্তিশালী ভূমিকম্প ।

৬.৮ প্ৰাবল্যৰ ভূমিকম্পই চলালে ধ্বংসলীলা… নিহত ৯৫ জন, ১৩০ জন আহত

মঙলবাৰে এক প্ৰবল ভূমিকম্পই জোঁকাৰি যায় তিব্বতক । এই ভয়াবহ ভূমিকম্পত ৯৫ জন লোকৰ মৃত্যু হয় । আনহাতে ১৩০ জন লোক আহত হৈছে । চীন ভূমিকম্প নেটৱৰ্ক চেণ্টাৰ (CENC)ৰ তথ্য অনুসৰি মঙলবাৰে পুৱা ৯:০৫ বজাত সংঘটিত হোৱা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৬.৮ ।

চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি তিব্বতৰ ছিজাং চহৰৰ ডিংৰি কাউন্টিত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পত ৯৫ জন লোকৰ মৃত্যু হৈছে । ১৩০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । ১০ কিলোমিটাৰ গভীৰতাত ২৮.৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৮৭.৪৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত ভূমিকম্পৰ কেন্দ্ৰবিন্দু ।

ইয়াৰ পূৰ্বে নেশ্যনেল চিছম’লজিয়ে জনাইছিল যে মঙলবাৰে পুৱাৰে পৰা তিব্বত অঞ্চলৰ ছিজাঙত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে । ইয়াত পুৱা ৬:৩০ বজাত ১০ কিলোমিটাৰ গভীৰতাত ৭.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় । ইয়াৰ পিছতে ৭:০২ বজাত ৪.৭, ০৭:০৭ বজাত ৪.৯ আৰু ৭:১৩ বজাত ৫ প্ৰাবল্যৰ ভূমিকম্প হয় । ইয়াৰ বাবে মানুহে ঘৰ-বাৰী এৰি মুকলি ঠাইৰ ফালে আগবাঢ়িছিল ।

ভাৰততো কম্পন অনুভৱ হয়-

ভাৰতৰ বহু ৰাজ্যতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয় । এই কম্পনত বিহাৰ আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল । ইয়াৰ উপৰিও অসম, ছিকিম আৰু পশ্চিম বংগৰ কিছু অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভূত হয় । এই সময়ছোৱাত ভয়ত বিতত জনসাধাৰণ ঘৰৰ পৰা বাহিৰলৈ  ওলাই আহে । ইউ এছ জি এছৰ ভূমিকম্পমাপকৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল লোবুচেৰ পৰা ৯৩ কিলোমিটাৰ উত্তৰ-পূবে ।

৭.৩ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰিলে দেশ, এতিয়ালৈকে ১৪ জন লোকৰ মৃত্যু, শ শ লোক আহত

দক্ষিণ প্ৰশান্ত মহাসাগৰৰ এখন দ্বীপ ৰাষ্ট্ৰ ভানুআটুত মঙলবাৰে (১৭ ডিচেম্বৰ) পুৱা প্ৰায় ৭:১৫ বজাত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পই দেশখনত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে । ভানুআটুৰ মূল দ্বীপ এফাটেৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত ৫৭ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল । এই ভূমিকম্পৰ ফলত এতিয়ালৈকে ভানুআটুত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু শতাধিক লোক আহত হৈছে ।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি প্ৰাৰম্ভিক ভূমিকম্পৰ পিছতো অঞ্চলটোত কেইবাটাও আফটাৰশ্বক অনুভৱ হৈছে । ইয়াৰ ভিতৰত বুধবাৰে (১৮ ডিচেম্বৰ) পুৱা ৫.৫ মাত্ৰাৰ কম্পনো আছিল । স্থানীয় আৰক্ষীয়ে জনোৱা মতে, ভানুআটুত ‘জৰুৰীকালীন অৱস্থা’ জাৰি কৰা হৈছে, যাতে মানুহৰ চলাচলত বাধা আৰোপ কৰিব পৰা যায় ।

অষ্ট্ৰেলিয়াৰ ডি এফ এ টি বিভাগে কি ক’লে ?

অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য বিভাগে কয় যে তেওঁলোকে অঞ্চলটোৰ কেইবাজনো অষ্ট্ৰেলিয়ানৰ বিষয়ে অৱগত । ইফালে বৈদেশিক মন্ত্ৰী পেনি ৱঙে মঙলবাৰে নিশা (১৭ ডিচেম্বৰ) এক বিবৃতিত কয় যে ভানুআটুত ভূমিকম্পৰ ফলত ব্যাপক ক্ষতি হৈছে আৰু বুধবাৰে অষ্ট্ৰেলিয়াই সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব ।

অষ্ট্ৰেলিয়াৰ এক নিউজ নেটৱৰ্কে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰসংঘৰ মানৱীয় কাৰ্যালয়ে জনোৱা মতে, প’ৰ্ট ভিলাৰ বিমানবন্দৰ আৰু বন্দৰলৈ যোৱা পথসমূহ ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত সাহায্যৰ প্ৰচেষ্টাত বাধা আহিব পাৰে ।