বিমানৰ জৰুৰীকালীন অৱতৰণক লৈ হাহাকাৰ… কোনোমতে প্ৰাণৰক্ষা ৬ যাত্ৰীৰ

ইণ্ডিয়া ৱান এয়াৰৰ এখন বিমানৰ শনিবাৰে জৰুৰীকালীন অৱতৰণক কেন্দ্ৰ কৰি আতংকময় পৰিস্থিতিৰ সূচনা হয় । ঘটনাত ৯ জনীয়া বিমানখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয় ।

ওড়িশাৰ আঞ্চলিক সংযোগ শক্তিশালী কৰা ইণ্ডিয়া ৱান এয়াৰৰ এখন বিমানৰ শনিবাৰে জৰুৰীকালীন অৱতৰণক কেন্দ্ৰ কৰি আতংকময় পৰিস্থিতিৰ সূচনা হয় । ভুৱনেশ্বৰৰ পৰা ৰৌৰকেলালৈ যোৱা বিমানখন মুকলি এলেকাত জৰুৰী অৱতৰণ কৰে । অৱতৰণৰ সময়ত ৯ জনীয়া বিমানখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয় । কাৰিকৰী সমস্যাৰ বাবে পাইলটজনে অৱতৰণ কৰিবলগীয়া হোৱা বুলি জানিব পৰা গৈছে । এই ঘটনাৰ সময়ত জাহাজখনত দুজন ক্ৰু মেম্বাৰকে ধৰি প্ৰায় ৬জন লোক আছিল । সকলো যাত্ৰী আৰু ক্ৰু সুৰক্ষিত আৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

ইণ্ডিয়া ৱান এয়াৰৰ চেছনা গ্ৰেণ্ড চি২০৮বি বিমানখন ভুৱনেশ্বৰৰ পৰা প্ৰায় ১২:২৫ বজাত ৰাওনা হয় । প্ৰায় ১:১৪ বজাত ক্ৰুৱে ৰৌৰকেলা এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ললৈ MAY DAY বাৰ্তা প্ৰেৰণ কৰে, য’ত জৰুৰীকালীন পদ্ধতি সক্ৰিয় কৰিবলৈ কোৱা হয় । প্ৰায় ১:২০ বজাত বিমানখনে ৰৌৰকেলা বিমানবন্দৰৰ পৰা প্ৰায় ১৫ৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কানছৰৰ ওচৰৰ মুকলি ঠাইত জৰুৰী অৱতৰণ কৰে । সেই সময়ত বিমানখনত আছিল চাৰিজন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰ । অৱশ্যে এঘ ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় । যাত্ৰীসকলক উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰা হয় । ইফালে অসামৰিক বিমান পৰিবহণ বিভাগ আৰু সংশ্লিষ্ট সংস্থাই এই ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : অন্ত পৰিব পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ চিন্তা ; কেন্দ্ৰীয় পৰিৱহণ মন্ত্ৰীৰ ডাঙৰ ঘোষণা

ভুৱনেশ্বৰত প্ৰবাসী ভাৰতীয়ৰ মহা সন্মিলন, মুখ্য অতিথি হ’ব ট্ৰিনিদাদৰ ৰাষ্ট্ৰপতি

ওড়িশা চৰকাৰৰ সহযোগত ভুৱনেশ্বৰত ৮ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন আয়োজন কৰা হৈছে । এয়া প্ৰৱাসী ভাৰতীয়সকলক সংযোগ কৰি ইজনে সিজনৰ লগত মত বিনিময় কৰিব পৰাকৈ এক মঞ্চ প্ৰদান কৰাটো ভাৰত চৰকাৰৰ ফ্লেগশ্বিপ ইভেণ্ট । এইবাৰৰ বিষয়বস্তু হৈছে উন্নত ভাৰতত প্ৰবাসী ভাৰতীয়সকলৰ অৱদান । উল্লেখ্য যে ৫০ খনতকৈও অধিক ভিন্ন দেশৰ পৰা বৃহৎ সংখ্যক ভাৰতীয় প্ৰৱাসী সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই কাৰ্যসূচী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সময়ছোৱাত ট্ৰিনিদাদ আৰু ট’বাগোৰ ৰাষ্ট্ৰপতি এইচ ই ক্ৰিষ্টিন কাংগালুৱে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্য অতিথি হিচাপে যোগদান কৰিব । ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় প্ৰবাসীসকলৰ বাবে এখন বিশেষ ৰে’ল প্ৰবাসী ভাৰতীয় এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব । এই ৰে’লখন দিল্লীৰ নিজামুদ্দিন ৰে’লৱে ষ্টেচনৰ পৰা যাত্ৰা কৰিব । এই ৰে’লে তিনি সপ্তাহৰ ভিতৰত কেইবাটাও গন্তব্যস্থান সামৰি ল’ব ।

ওড়িশাৰ মুখ্য সম্পাদক মনোজ আহুজাই কয়, “প্ৰথমবাৰৰ বাবে ওড়িশাত প্ৰবাসী ভাৰতীয় দিৱসৰ আয়োজন কৰা হৈছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীকে ধৰি বহু কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব । সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হ’ব । এইয়া ওড়িশাৰ বাবে ৰাজ্যখনৰ সংস্কৃতি, পৰম্পৰা আৰু সংস্কৃতি প্ৰদৰ্শনৰ এক সুন্দৰ সুযোগ ।‘

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অধ্যক্ষতাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱসৰ সামৰণি পৰিব। এই সময়ছোৱাত ভাৰতীয় প্ৰবাসীসকলক বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰবাসী ভাৰতীয় সন্মান বঁটা ২০২৫ৰে সন্মানিত কৰিব । এই অনুষ্ঠানৰ লাইভ টেলিকাষ্ট https://www.pbdindia.gov.in https://www.youtube.com/user/MEAIndia ত উপলব্ধ হ’ব ।