গভীৰ নিদ্ৰাত আছিল লোকসকল, হঠাৎ প্ৰচণ্ড জোকাৰণি; নেপালত পুনৰ ভুমিকম্প
যেতিয়া নেপালৰ লোকসকল গভীৰ নিদ্ৰাত আছিল, সেই সময়তে ভূমিকম্পৰ কম্পনত জোকাৰি গৈছিল দেশখন ।জানিব পৰা মতে ভূমিকম্পৰ কেন্দ্ৰস্থল এভাৰেষ্টৰ শিখৰৰ ওচৰৰ চোলুখুম্বু জিলাৰ পৰা মাত্ৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল।জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’চাইন্সেছৰ মতে, ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫.৫।
নেপালৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ এটা গোট নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, শুকুৰবাৰে পুৱা ৫:০৫ বজাত (নেপালৰ স্থানীয় সময় অনুসৰি) এই কম্পনটো অনুভুত হৈছিল।
নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰই জনাইছে যে ভূমিকম্পৰ কেন্দ্ৰস্থল কাঠমাণ্ডুৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ পূবত, চোলুখুম্বু জিলাত অৱস্থিত।
২০১৫ চনৰ এপ্ৰিলত নেপালৰ ভুমিকম্পৰ কথা সমগ্ৰ বিশ্ববাসী জ্ঞাত। সেই বিধ্বংসী ভূমিকম্পটো প্ৰাৱল্য আছিল ৪ কিন্তু ৪৭৫ বাৰ কম্পন হৈছিল। অৱশ্যে বৰ্তমান কোনো ক্ষতি বা হতাহতহোৱাৰ খবৰ পোৱা নাই।
তথ্য অনুসৰি, চুবুৰীয়া ভাৰতৰ বিহাৰ ৰাজ্যতো চোলুখুম্বু জিলাত সংঘটিত এই ভূমিকম্পৰ প্ৰভাৱ অনুভৱ কৰা হৈছিল।নেপালৰ এই জিলাখন বিহাৰৰ মুজাফ্ফৰপুৰৰ পৰা ১৮৯ কিলোমিটাৰ উত্তৰত অৱস্থিত, যাৰ ফলত তাত থকা ঘৰবোৰ কঁপি উঠিছিল।