হৃদৰোগত আক্ৰান্ত হৈ বডি বিল্ডাৰ বৰিন্দৰ ঘুমনৰ মৃত্যু…
হৃদৰোগত আক্ৰান্ত হৈ বডি বিল্ডাৰ বৰিন্দৰ ঘুমনৰ মৃত্যু
পাঞ্জাবী চলচ্চিত্ৰ জগতৰ পৰা এটি দুখৰ খবৰ আহিছে।অভিনেতা তথা বডি বিল্ডাৰ বৰিন্দৰ সিং ঘুমনৰ দেহাৱসান।জানিব পৰা মতে, হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। খবৰটোৱে তেওঁৰ অনুৰাগী সকলক শোকাহত কৰিছে।
জানিব পৰা মতে, বৰিন্দৰ বাইচেপছৰ আঘাতৰ বাবে সামান্য অপাৰেচন কৰিবলৈ অমৃতসৰৰ ফৰ্টিছ হাস্পতাললৈ গৈছিল।
তেওঁ ঘৰৰ পৰা অকলেই হাস্পতাললৈ গৈছিল। যিহেতু অস্ত্ৰোপচাৰটো সৰু আছিল,গতিকে তেওঁ আজিয়েই ঘৰলৈ উভতি যোৱাৰ কথা আছিল, কিন্তু হঠাৎ তেওঁৰ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যুমুখত পৰে।
বৰিন্দৰ ঘুমনক ছলমান খানৰ সৈতে ‘টাইগাৰ ৩’ ছবিখনত দেখা গৈছিল।তেওঁৰ বডি বিল্ডিংক সকলোৱে প্ৰশংসা কৰিছিল।
লগতে পঢ়ক: ‘প্ৰথমে ৬০ কোটি টকা জমা কৰক’; শিল্পা শ্বেট্টীক উচ্চ ন্যায়ালয়ৰ মোক্ষম আঘাত