‘ব্রিজভূষণে মোক উৎপীড়ন কৰিছিল’; WFI ৰ প্ৰাক্তন মুৰব্বীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিনেশ ফোগাটৰ

বিনেশ ফোগাট, সাক্ষী মালিক, আৰু বজৰং পুনিয়াৰ দৰে প্ৰবীণ মল্লযুঁজাৰুৱে WFI ৰ প্ৰাক্তন মুৰব্বীৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

বিনেশ ফোগাটে ভাৰতীয় মল্লযুঁজৰ জগতখনৰ এক ডাঙৰ আৰু চাঞ্চল্যকৰ কথা প্ৰকাশ  কৰি নিজৰ মৌনতা ভংগ কৰিছে।এই অলিম্পিয়ান মল্লযুঁজাৰু গৰাকীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে যে তেওঁ সেই ছয়গৰাকী মহিলা খেলুৱৈৰ ভিতৰত আছে,যিয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্রিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।

দেওবাৰে (৩ মে’) প্ৰকাশ পোৱা এক আৱেগিক ভিডিঅ’ বাৰ্তাত বিনেশ ফোগাটে উল্লেখ কৰে যে এতিয়ালৈকে তেওঁ নিজৰ পৰিচয় প্ৰকাশ কৰিব বিচৰা নাছিল যিহেতু বিষয়টো বৰ্তমান আদালতত বিচাৰাধীন হৈ আছে,তদুপৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত ভুক্তভোগীৰ পৰিচয় গোপনীয় ৰখাৰ নিৰ্দেশ দিয়া হৈছে।কিন্তু বৰ্তমানৰ  পৰিস্থিতি বিশেষকৈ তেওঁৰ উভতি অহাত ক্ষেত্ৰত অহা বাধাবোৰে এই পদক্ষেপ ল’বলৈ বাধ্য কৰাইছিল।

বিনেশ ফোগাটে প্ৰত্যক্ষভাৱে WFI সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।তেওঁৰ অভিযোগ যে ২০২৬ চনৰ এছিয়ান গেমছৰ পূৰ্বে হোৱা ট্ৰায়েলসমূহ ইচ্ছাকৃতভাৱে উত্তৰ প্ৰদেশৰ গণ্ডাত আয়োজন কৰা হৈছে।যিটো ব্রিজভূষণ শৰণ সিঙৰ দুৰ্গ বুলি গণ্য কৰা হয়।তেওঁ কয় যে, এই প্ৰতিযোগিতাখন ব্যক্তিগত মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে, ইয়াৰ ফলত নিৰপেক্ষ নিৰ্বাচনৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

তেওঁ কয় যে, “মই নিজেও সেই ছয়জন ভুক্তভোগীৰ ভিতৰত এজন।যিসকলে অভিযোগ দাখিল কৰিছিল আৰু যাৰ সাক্ষ্য বৰ্তমান চলি আছে।এনে পৰিৱেশত যিকোনো খেলুৱৈৰ বাবে নিজৰ সম্পূৰ্ণ সম্ভাৱনাৰে প্ৰদৰ্শন কৰাটো অত্যন্ত কঠিন।’ বিনেশ ফোগাটে লগতে অভিযোগ কৰে যে যদিও ব্রিজভূষণ শৰণ সিঙে এতিয়া চৰকাৰী পদত অধিষ্ঠিত নহয়,কিন্তু ফেডাৰেচনৰ কাৰ্য্যকলাপত তেওঁৰ প্ৰভাৱ এতিয়াও আছে। তেওঁ কয় যে মেচবোৰত কোনে ৰেফাৰী হিচাপে কাম কৰিব, আৰু কাক কিমান পইণ্ট দিয়া হ’ব,এই সকলোবোৰত তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে প্ৰভাৱিত কৰিব পাৰে।

অৱশ্যে ব্রিজ ভূষণ শৰণ সিঙে এই অভিযোগ ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে৷

লগতে পঢ়ক: বিক্ৰী হ’ল ৰাজস্থান ৰয়েলছ; লক্ষ্মী মিট্টলৰ ফ্ৰেঞ্চাইজি অধিগ্ৰহণ