পতাকা উত্তোলন কাৰ্যসূচীতে সীমিত থাকিব আনুষ্ঠানিকাত, চেপনত উদযাপন নহয় বিহু

শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০২৬ বৰ্ষৰ আগন্তুক ৰঙালী বিহু উদযাপনৰ সকলো সংগীত অনুষ্ঠান বাতিল কৰা হৈছে বুলি ঘোষণা

অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । চেপন কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে ঘোষণা কৰিছে যে শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০২৬ বৰ্ষৰ আগন্তুক ৰঙালী বিহু উদযাপনৰ সকলো সংগীত অনুষ্ঠান বাতিল কৰা হ’ব ।

এক আনুষ্ঠানিক বিবৃতিত বিহু সমিতিয়ে অসমীয়া সংগীত আৰু সংস্কৃতিলৈ গাৰ্গৰ অপৰিসীম অৱদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁক এগৰাকী সাংস্কৃতিক আইকন হিচাপে অভিহিত কৰে, যাৰ উত্তৰাধিকাৰে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব । সমিতিয়ে কয় যে এইবাৰৰ উদযাপন কেৱল এক সন্মান প্ৰদৰ্শক প্ৰতীকী পতাকা উত্তোলন কাৰ্যসূচীত সীমিত থাকিব ।

চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই সিদ্ধান্তই ছচিয়েল মিডিয়াত ব্যাপক সমৰ্থন লাভ কৰিছে আৰু বহু লোকে অসমৰ অন্যান্য বিহু সমিতিসমূহকো প্ৰয়াত শিল্পীগৰাকীৰ সন্মানাৰ্থে অনুৰূপ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : কৰ্মক্ষেত্ৰত হোৱা নিৰ্যাতন ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ সকলো বিভাগতে উপলব্ধ হ’ব ‘SHe-Box’

জেঠ মাহ পৰ্যন্ত পাতিব নোৱাৰিব বিহু অনুষ্ঠান;  আহি গ’ল বিহু SOP

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ ১ টা মাহ বাকি । তাৰ মাজতে বিহু সুৰক্ষা সমিতি অসমে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা মুকলি বিহু আৰু হুঁচৰি একত্ৰিত কৰিব নোৱাৰিব। হুঁচৰিত থাকিব নোৱাৰিব যুৱতী।কাৰণ হুঁচৰি কেৱল পুৰুষৰ বাবেহে।

তেওঁ লোকে কয় যে বিহু সন্মিলনত লোক শিল্পীক আগ্ৰাধিকাৰ দিব লাগিব, মনোৰঞ্জনৰ নামত কাৰোবাক উঠাই দি লোক সংস্কৃতিক পাহৰিব নালাগে।

বিহু সম্ৰাট, বিহু ৰাণী, বিহু কুঁৱৰীৰ দৰে উপাধি গ্ৰহণযোগ্যতা নাই, এতিয়া ৰজাৰ দিন নাই, গতিকে এই উপাধি বৰ্জন কৰিব লাগিব বুলিও মন্তব্য কৰে তেওঁলোকে। বিয়া নোহোৱা যুৱতীয়ে বিহু ৰাণী হ’ব নোৱাৰিব।

১২ বজাৰ পূৰ্বে শেষ কৰিব লাগিব বিহু অনুষ্ঠান ।জেঠ মাহ পৰ্যন্ত বিহুৰ অনুষ্ঠান চলিব নালাগে, ১৫ দিনৰ ভিতৰত গুৱাহাটীৰ বাহিৰত বিহু অনুষ্ঠান শেষ হ’ব লাগে।

বিহু উদযাপন সমিতিয়ে লং পেন্ট আৰু পাঞ্জাৱী চোলা পিন্ধিব নোৱাৰিব। তেওঁলোকে  জাতীয় সাজ-পাৰ পৰিধান কৰিব লাগিব।বিচাৰকক উপযুক্ত মাননি দিব লাগিব।

ইয়াৰ লগতে বিহু অনুষ্ঠান আধুনিকতাৰ পৰিৱৰ্তে বিহু হুচৰি পৰিবেশন কৰিবলৈ আহ্বান বিহু সুৰক্ষা সমিতি অসমে। বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য পবিত্ৰ কুমাৰ শৰ্মা আৰু সম্পাদক প্ৰধান ৰেৱ বৰাই সংবাদ মাধ্যমৰ জৰিয়তে জনাইছে এই আহ্বান।

উৰুকাৰ আনন্দত বতৰে দিব পাৰে বাধা; কেইবাখনো জিলালৈ এলাৰ্ট জাৰি

উৰুকাৰ নিশা ভেলাঘৰত হাঁহে মাঁহে এসাজ খাম বুলি সকলোৱে হয়টো ভাবিছে। কিন্তু সেই আনন্দত বতৰে দিব পাৰে বাধা। উৰুকাৰ আনন্দ বতৰে ম্লান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

কাৰণ উৰুকাৰ নিশা ৰাজ্যত ধুমুহা বৰষুণৰ হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। উজনিৰ পৰা নামনি লৈ শিলাবৃষ্টিৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে।