আজিৰে পৰা আৰম্ভ হ’ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম; ১২০০ মৌলানাই কৰিব কোৰান পাঠ

নিলম্বিত তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবীৰে দাবী কৰিছে যে আজি পুৱা ১০ বজাত প্ৰায় ১২০০ জন মৌলনাই কোৰান পাঠ কৰি আৰম্ভ কৰিব বাবৰি মছজিদ নিৰ্মাণৰ কাম।

পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি সদৃশ মছজিদ নিৰ্মাণক লৈ ৰাজনীতি তুংগত আছে।তাৰ মাজতে আজিৰে পৰা মুৰ্ছিদাবাদৰ বেলদংগাত বাবৰি মছজিদৰ প্ৰতিৰূপ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।

বাবৰি মছজিদৰ ভেটি স্থাপনৰ প্ৰায় দুমাহৰ পাছত আজিৰে পৰা এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব।জানিব পৰা মতে, আজি পুৱা প্ৰায় ১০ বজাত শিলান্যাস কৰা হ’ব, য’ত প্ৰায় ১২০০ লোকে কোৰান পাঠত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।ইয়াৰ পিছত নিৰ্মাণ কাৰ্য্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব।

এই প্ৰকল্পৰ ঘোষণা আৰু আধাৰশিলা স্থাপন কৰা জনতা উন্নয়ন পাৰ্টিৰ মুৰব্বী তথা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক হুমায়ুন কবীৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত মছজিদৰ ডিজাইন শ্বেয়াৰ কৰে।

প্ৰাক্তন বিধায়ক হুমায়ুন কবীৰে জানিবলৈ দিয়া মতে,নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় ১০০০ৰ পৰা ১২০০ মৌলানা, মুফতী আৰু ধৰ্মীয় নেতাই পবিত্ৰ কোৰান পাঠ কৰিব।

ইয়াৰ পিছত মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।এই মছজিদ নিৰ্মাণৰ কাম প্ৰায় দুবছৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য লোৱা হৈছে।এই নিৰ্মাণৰ বাবে প্ৰায় ৩০০ কোটি টকা ব্যয় হ’ব।

হুমায়ুন কবীৰে কয় যে মছজিদত চলি থকা ধৰ্মীয় অনুষ্ঠানত কোনো ভিআইপিক নিমন্ত্ৰণ কৰা হোৱা নাই।কবীৰৰ মতে এই অনুষ্ঠানলৈ কেৱল কোৰানৰ হাফিজ, মৌলানা, কাৰী, মুফতিৰ দৰে ধৰ্মীয় পণ্ডিতসকলকহে আমন্ত্ৰণ জনোৱা হৈছে।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীত প্ৰায় দুঘণ্টা ধৰি কোৰান পাঠ কৰা হ’ব।ইয়াৰ পিছত দিনৰ ১২:৩০ বজাৰ পৰা ১ বজাৰ ভিতৰত মছজিদ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব।এই সময়ত হাজাৰ হাজাৰ মুছলমানলোক সমবেত হ’ব বুলি দাবী কৰা হৈছে।

লগতে পঢ়ক: অধ্যক্ষ ওম বিৰলাৰ ডাঙৰ সিদ্ধান্ত; অনাস্থা প্ৰস্তাৱৰ আলোচনা নোহোৱালৈকে নাযায় লোকসভালৈ

ছবছৰে এচপৰা ইটাও পৰা নাই প্রস্তাৱিত ভূমিত, এতিয়াও অনিশ্চয়তা আঁতৰা নাই বাবৰি মছজিদৰ

বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত ৰায়দানৰ ৬বছৰৰ পাছতো পৰা নাই এচপৰাও ইটা ৷ ২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ে ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে ৷

২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ ৰায়দানে বিবাদিত এলেকাত ৰাম মন্দিৰ নির্মাণৰ বিপৰীতে সেই ঠাইৰ পৰা ২২ কিলোমিটাৰ আঁতৰত ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে ৷

এই নির্দেশৰ ভিত্তিত ২০২০ চনৰ ৫ আগষ্টত শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰি ২০২৪ চনৰ ২২ জানুৱাৰীত উদ্বোধন কৰে ৷ শেহতীয়াকৈ ২৫ নৱেম্বৰত ধ্বজাৰোহণেৰে মন্দিৰৰ নির্মাণকার্য সমাপ্ত কৰে প্রধানমন্ত্রী মোদীয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত আজিলৈকে এচপৰা ইটাও পৰা নাই ৷ মছজিদ নির্মাণৰ বাবে গঠিত ইন্দো-ইছলামিক কালচাৰেল ফাউণ্ডেচনে প্রস্তাৱিত ভূমিত মছজিদৰ লগতে এখন চিকিৎসালয়, সামূহিক পাকঘৰ আৰু পুথিভঁৰাল নির্মাণৰ কথা উল্লেখ কৰি এখন নক্সাও প্রদর্শন কৰিছিল ৷

শেহতীয়াকৈ সেই ডিজাইনো নাকচ কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ে দিয়া ৫ একৰ ভূমিতকৈ অধিক ভূমিৰ প্রয়োজন বুলি দাবী কৰি ভূমি অধিগ্রহণৰ সমস্যাৰ বাবে কাম আগবঢ়াব পৰা নাই বুলি কয় ট্রাষ্টৰ বিষয়ববীয়াই ৷ তেওঁ অৱশ্যে ২০২৬ চনৰ এপ্রিলত নির্মাণকার্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি কয় ৷

লগতে পঢ়ক : সোণাগাছিত এছ আই আৰৰ আতংক, ভোটাধিকাৰ থাকিবনে যৌনকর্মীৰ

চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল নেহৰুৱেঃ ৰাজনাথ সিং

ৰাজহুৱা ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল নেহৰুৱে । এই অভিযোগ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ।

বৰোদাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বাবৰি মছজিদ আৰু দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভূমিকাক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰে । তেওঁ উল্লেখ কৰে যে জৱাহৰলাল নেহৰুৱে ৰাজহুৱা ধন ব্যৱহাৰ কৰি বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰিব বিচাৰিছিল যদিও তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ পেটেলে তেওঁৰ পৰিকল্পনা সফল হোৱাত বাধা দিছিল । এই কাৰণেই বাবৰি মছজিদ কেতিয়াও পুনৰ নিৰ্মাণ কৰা নহ’ল ।

গুজৰাটৰ সাদলী গাঁৱত অনুষ্ঠিত একতা সমদলত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । পদযাত্ৰাৰ সময়ত তেওঁ কয় যে আজি আমি যিজন মহান ব্যক্তিৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিছো তেওঁ ভাৰতৰ বাবে এক ঐক্যবদ্ধ শক্তি আছিল আৰু ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত তেওঁৰ নিৰ্ণায়ক নেতৃত্ব আৰু ভূমিকাৰ বাবে সদায় স্মৰণীয় হৈ থাকিব ।

ৰাজনাথ সিঙে কয়, নেহৰুৱে ৰাজহুৱা ধনেৰে বাবৰি মছজিদ নিৰ্মাণৰ পৰামৰ্শ দিছিল । কিন্তু সেই সময়ত চৰ্দাৰ পেটেলে স্পষ্টকৈ ইয়াক অস্বীকাৰ কৰিছিল । তেওঁ ৰাজহুৱা ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নাছিল । ইয়াৰ পিছত নেহৰুৱে সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ বিষয়টো উত্থাপন কৰে । চৰ্দাৰ পেটেলে উত্তৰ দিয়ে যে এই বিষয়টো বেলেগ । মন্দিৰৰ বাবে জনসাধাৰণে ৩০ লাখ টকা আগবঢ়াইছিল । এটা ট্ৰাষ্ট গঠন হৈছিল । চৰকাৰী টকাৰ এটকাও এই প্ৰকল্পত খৰছ হোৱা নাছিল ।

ৰাজনাথ সিঙে আৰু কয় যে নেহৰুৱে পেটেলৰ মৃত্যুৰ পিছত সংগ্ৰহ কৰা ধন কুঁৱা আৰু পথ নিৰ্মাণত ব্যয় কৰাৰ পৰামৰ্শ দিছিল । তেওঁৰ উত্তৰাধিকাৰক দমন কৰাৰ চেষ্টা কৰা হৈছিল । পেটেল আছিল সঁচা অৰ্থত উদাৰ আৰু নিৰপেক্ষ নেতা । তেওঁ কেতিয়াও তুষ্টিকৰণৰ ৰাজনীতি কৰা নাছিল । তেওঁ লগতে কয় যে ১৯৪৬ চনৰ অধ্যক্ষ নিৰ্বাচনত বেছিভাগ ভোট নেহৰুৰ পক্ষত পৰিছিল যদিও গান্ধীৰ জোৰত পেটেলে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে আৰু নেহৰু অধ্যক্ষ হয় । পৰৱৰ্তী সময়ত তেওঁ প্ৰধানমন্ত্ৰী হয় ।

ৰাজনাথ সিঙে কয় যে চৰ্দাৰ পেটেলে এবাৰ কৈছিল, “মই নেতা নহয়, মই সৈনিক” আৰু তেওঁ সৈনিক হিচাপে ৰাষ্ট্ৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল । তেওঁৰ বলিষ্ঠ নেতৃত্বই ভাৰতক একত্ৰিত আৰু অবিভাজ্য কৰি ৰাখিছিল । আজিৰ শক্তিশালী ভাৰত চৰ্দাৰ পেটেলৰ অদম্য ইচ্ছা আৰু দৃষ্টিভংগীৰ অমৰ উত্তৰাধিকাৰ । কাশ্মীৰৰ যোগদানৰ সময়ত চৰ্দাৰ পেটেলৰ সকলো দাবীৰ প্ৰতি গুৰুত্ব দিয়া হ’লে ভাৰতে কাশ্মীৰত ইমান দীৰ্ঘদিনীয়া সমস্যাৰ সন্মুখীন নহ’লহেঁতেন বুলিও কয় ৰাজনাধ সিঙে ।

লগতে পঢ়ক : সংসদত পৰাজয়ৰ হতাশা প্ৰকাশ নকৰিবঃ বিৰোধীক প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ