‘বাংলাদেশত হিন্দু হত্যাৰ মাষ্টাৰমাইণ্ড মহম্মদ ইউনুছ’, শ্বেখ হাছিনাৰ অভিযোগ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰক হিন্দু তথা সংখ্যালঘুৰ ওপৰত গণহত্যা আৰু অত্যাচাৰৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰে । তেওঁ ইউনুছে বাংলাদেশৰ হিন্দু মন্দিৰ, ইস্কন স্থান আৰু সংখ্যালঘু লোকৰ অন্যান্য ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে ।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউয়ৰ্কত আৱামি লীগৰ এক অনুষ্ঠানত ভাষণ দি হাছিনাই কয় যে আজি মোৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন হৈছে । দৰাচলতে মহম্মদ ইউনুছেই ছাত্ৰ সমন্বয়কৰ সৈতে ষড়যন্ত্ৰৰ অংশ হিচাপে গণহত্যা সংঘটিত কৰিছিল । তেওঁ মাষ্টাৰমাইণ্ড । বাংলাদেশত মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নিৰ্দেশত সংখ্যালঘু বিশেষকৈ হিন্দুৰ ওপৰত গুৰুতৰ আক্ৰমণ চলোৱা হৈছে । শিক্ষক আৰু আৰক্ষীক হত্যা কৰা হৈছে । হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকক আক্ৰমণ কৰা হৈছে । বহু গীৰ্জা আৰু মন্দিৰক লক্ষ্য কৰি লোৱা হৈছে । হিংসাক গৰিহণা দি হাছিনাই প্ৰশ্ন কৰে যে সংখ্যালঘুসকলক কিয় আক্ৰমণ কৰা হৈছে ?  হাছিনাই কয় যে, লণ্ডনৰ পৰা তাৰিক ৰেহমানে (বি এন পিৰ নেতা আৰু খালেদা জিয়াৰ পুত্ৰ)ও কৈছে যে যদি মৃত্যুৰ সংখ্যা অব্যাহত থাকে তেন্তে এই চৰকাৰ স্থায়ী নহ’ব ।

আগৰতলা উচ্চায়ুক্তৰ সেৱা বাতিল, ভাৰতীয় উচ্চায়ুক্তক চমন-

আগৰতলাৰ উচ্চায়ুক্তৰ প্ৰথম সচিব মহম্মদ আল আমিনে কয় যে নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগৰতলাৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ সকলো ভিছা আৰু কনছুলাৰ সেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হৈছে । আনহাতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ঢাকাত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক মঙলবাৰে চমন কৰে । বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কয় যে আগৰতলাৰ ঘটনাটো চিন্তনীয় বিষয় । সেয়ে ভাৰতীয় উচ্চায়ুক্তগৰাকীক বৈদেশিক কাৰ্যালয়লৈ মাতি আনি প্ৰতিবাদ দাখিল কৰা হৈছে । প্ৰাণয় বাৰ্মাই দিল্লীয়ে বাংলাদেশৰ সৈতে সুস্থিৰ, গঠনমূলক সম্পৰ্ক গঢ়ি তুলিব বিচাৰে বুলি উল্লেখ কৰি কয় যে কোনো বিষয়েই দ্বিপাক্ষিক সম্পৰ্কত বাধা হৈ পৰিব নালাগে ।

দিল্লীত বৃদ্ধি পালে বাংলাদেশ উচ্চায়ুক্তৰ নিৰাপত্তা-

দিল্লীত বাংলাদেশ উচ্চায়ুক্তৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, আয়োগৰ চাৰিওফালে অতিৰিক্ত আৰক্ষী জোৱান নিয়োগ কৰা হৈছে । উচ্চ আয়োগৰ চৌহদৰ আশে-পাশে যাতে কোনো লোকৰ সমাগম নহয় তাৰ বাবেও নিশ্চিত কৰা হৈছে । ইয়াৰ উপৰিও সংসদৰ শীতকালীন অধিৱেশনৰ পৰিপ্ৰেক্ষিতত মধ্য দিল্লীত ইতিমধ্যে বি এন এছ এছৰ ১৬৩ ধাৰা বলবৎ হৈ আছে, যাৰ অধীনত পাঁচজন বা তাতকৈ অধিক লোক একেলগে একে ঠাইতে গোট খোৱাটো নিষিদ্ধ ।

হিন্দু সুৰক্ষাৰ দাবী আমছুৰ, বাংলাদেশৰ সহকাৰী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান সংগঠনটোৰ

বিশ্বৰ সকলো প্ৰান্তত সুৰক্ষিত থাকিব লাগিব হিন্দু, বাংলাদেশী সংখ্যালঘুৰ সুৰক্ষাৰ দাবীত গৰজি উঠিল আমছু । বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ আজি সৰৱ হৈ উঠিল আমছু । লগতে বৰ্তমানৰ বাংলাদেশৰ পৰিস্থিতি তথা হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ত দেশখনৰ সহকাৰী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে আমছুৱে ।

দেশখনত সংখ্যালঘু তথা হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰক তীব্ৰ গৰিহণা দিয়ে আমছু নেতৃত্বই । তেওঁলোকে কয় যে, ‘বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ হোৱাৰ পৰাই বিপদত সংখ্যালঘু’ । লগতে বাংলাদেশ চৰকাৰে হিন্দু তথা সংখ্যালঘুসকলক নিৰাপত্তা প্ৰদানৰ দাবী জনায় আমছুৱে ।

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে বাংলাদেশী সংখ্যালঘুৰ সকলো সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে মহম্মদ ইউনুছ চৰকাৰক দাবী জনায় । লগতে তেওঁ বাংলাদেশী সংখ্যালঘুৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষ হস্তক্ষেপ কৰাৰ বাবেও দাবী উত্থাপন কৰে । তেওঁ কয় যে, ‘বাংলাদেশী সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা লওক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে । বিশ্বৰ যিকোনো দেশতে যি সংখ্যালঘুৱেই নহওক নিৰাপত্তা পাব লাগে । আমি যেনেকৈ ইয়াত সংখ্যালঘু, বিশ্বৰ বিভিন্ন প্ৰান্তত তেনেকৈ বিভিন্ন সংখ্যালঘু আছে ।‘

ইফালে সংখ্যালঘুক নিৰাপত্তা নিদিলে জংগী আন্দোলনৰো হুংকাৰ দিয়ে আমছুৱে । তেওঁলোকে কয় যে, ‘বিশ্বৰ যি প্ৰান্ততে অস্থিৰ পৰিবেশ হয়, মানৱ জাতিয়ে তাতেই মাত মাতিব লাগে । আমি সচেতন নাগৰিক হিচাপে, ভাৰতবাসী হিচাপে এই সম্পৰ্কত মাত মাতিছো । অসমৰ দৰে বাংলাদেশতো সকলো জাতি-জনগোষ্ঠী নিৰাপদ হৈ থাকক । বিশ্বৰ সকলো দেশত সুৰক্ষিত থাকিব লাগিব সংখ্যালঘু ।’

আগৰতলাৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণৰ পিছত ক্ষুব্ধ বাংলাদেশ, ভাৰতীয় উচ্চায়ুক্তক চমন

আগৰতলাৰ বাংলাদেশ কনছুলেটত প্ৰতিবাদকাৰীৰ আক্ৰমণক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বাংলাদেশে । এই ঘটনাৰ পিছতে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ উচ্চায়ুক্ত প্ৰাণয় বাৰ্মাক চমন কৰিছে । বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে প্ৰাণয় বাৰ্মা বাংলাদেশৰ ভাৰপ্ৰাপ্ত বৈদেশিক সচিব ৰিয়াজ হামিদুল্লাক সাক্ষাৎ কৰিবলৈ আহিছিল । বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনেও ভাৰতীয় উচ্চায়ুক্তক চমন কৰাৰ কথা স্বীকাৰ কৰে । একে সময়তে আগৰতলাত থকা বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ ভিছা আৰু কনছুলাৰ সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়া হৈছে ।

সোমবাৰে আগৰতলাত থকা বাংলাদেশী সহকাৰী উচ্চায়ুক্তৰ চৌহদত ৫০ জনতকৈ অধিক প্ৰতিবাদকাৰী প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে । এই বিষয়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আগৰতলাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ চৌহদত অনুপ্ৰৱেশৰ ঘটনা অত্যন্ত দুখজনক । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নতুন দিল্লীত বাংলাদেশ উচ্চায়ুক্ত আৰু ভাৰতত দেশৰ অন্যান্য মিছনসমূহৰ নিৰাপত্তা বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ।

বাংলাদেশ চৰকাৰে সোমবাৰে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ চৌহদত হিন্দু সংগ্ৰাম সমিতিৰ এক বৃহৎ প্ৰতিবাদকাৰীয়ে কৰা হিংসাত্মক বিক্ষোভ আৰু আক্ৰমণক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই ঘটনা সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা আৰু পুংখানুপুংখ তদন্তৰ দাবী জনাইছে ৷

ভাৰত-বাংলাদেশৰ সম্পৰ্ক কেৱল এটা বিষয়তে সীমাবদ্ধ নহয় : প্ৰাণনয় বাৰ্মা

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে চমন কৰাৰ পিছত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাই কয় যে ভাৰত-বাংলাদেশৰ সম্পৰ্ক বহুমাত্ৰিক আৰু ব্যাপক, ইয়াক এটা বিষয় বা এজেণ্ডাত সীমাবদ্ধ থাকিব নোৱাৰে । তেওঁ কয় যে, আমি ইতিবাচক, সুস্থিৰ, গঠনমূলক সম্পৰ্ক লৈ আগবাঢ়িব বিচাৰো । ইয়াৰ বাবে আমি বহু কাম কৰি আছো । আমি আমাৰ সহযোগিতাই যাতে আমাৰ দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি যাম ।

তেওঁ কয় যে যোৱা কেইমাহমানত আমাৰ সম্পৰ্কত ইতিবাচক অগ্ৰগতি হৈছে, সেয়া বাণিজ্যই হওক, শক্তি সঞ্চাৰণ হওক, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান হওক, আমি অতি ইতিবাচক গতি বজাই ৰাখিছো । আমি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু হৈ আছো আৰু শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বাবে আমাৰ ভাগ-বতৰা আকাংক্ষা পূৰণৰ বাবে একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

চাৰিজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা-

বাংলাদেশ উচ্চায়ুক্তই আগৰতলাত থকা মিছনত নিৰাপত্তা ভংগক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে । কনছুলেটৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা ভুলৰ সৈতে জড়িত চাৰিজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । এই ঘটনাৰ লগত জড়িত ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰে কয় যে গাফিলতিৰ অভিযোগত তিনিজন উপ-পৰিদৰ্শকক নিলম্বন কৰা হৈছে আৰু এজন উপ-আৰক্ষী অধীক্ষকক আৰক্ষী মুখ্য কাৰ্যালয়ত ৰিপৰ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ঘটনা সন্দৰ্ভত নিউ কেপিটেল কমপ্লেক্স (এন চি চি) আৰক্ষী থানাত এটা স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰা হৈছে । কনচুলেটত নিৰাপত্তা বৃদ্ধি কৰা হৈছিল আৰু ঘটনাটোৰ পিছত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (চি আৰ পি এফ) আৰু ত্ৰিপুৰা ষ্টেট ৰাইফলছ (টিএছআৰ)ৰ জোৱান মোতায়েন কৰা হৈছিল ।

বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণক লৈ অসন্তুষ্টি প্ৰকাশ ব্ৰিটিছ সাংসদৰ, নিজৰ চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী

বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত সমালোচকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰ । এতিয়া ব্ৰিটেইনৰ ভাৰতীয় মূলৰ সাংসদ প্ৰীতি পেটেলেও এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে ব্ৰিটেইনৰ কেইৰ ষ্টাৰমাৰ চৰকাৰৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

‘ব্ৰিটিছ চৰকাৰে এই বিষয়টো বাংলাদেশ চৰকাৰৰ আগত উত্থাপন কৰক’-

সংসদত দিয়া ভাষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে প্ৰীতি পেটেলে । এই পোষ্টটোৰ কেপচনত প্ৰীতি পেটেলে লিখিছে, ‘বাংলাদেশত চলি থকা হিংসাক লৈ মই চিন্তিত আৰু এই হিংসাৰ দ্বাৰা প্ৰভাৱিত হোৱাসকলৰ প্ৰতি মোৰ প্ৰাৰ্থনা । আজি সংসদত চৰকাৰক এই বিষয়ত বাংলাদেশ চৰকাৰৰ লগত কথা পাতিবলৈ আহ্বান জনালোঁ । ধৰ্মৰ ভিত্তিত হোৱা বৈষম্য আৰু হিংসাৰ পৰা মানুহৰ জীৱন ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।‘

ব্ৰিটিছ সাংসদ তথা ব্ৰিটেইনৰ প্ৰাক্তন গৃহমন্ত্ৰী প্ৰীতি পেটেলে কয় যে বাংলাদেশত যি ধৰণে হিংসাত্মক ঘটনা বৃদ্ধি পাইছে সেয়া অত্যন্ত চিন্তনীয় । বাংলাদেশত এজন হিন্দু সন্ন্যাসীক গ্ৰেপ্তাৰ কৰাত উদ্বেগ প্ৰকাশ কৰি প্ৰীতি পেটেলে চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্ৰিটিছ চৰকাৰক আহ্বান জনায় ।

বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ বিৰুদ্ধে হিংসা-

উল্লেখযোগ্য যে বাংলাদেশত শ্বেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পাছত চুবুৰীয়া দেশখনত সংখ্যালঘু, বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাৰ ঘটনা বৃদ্ধি পাইছে । শেহতীয়াকৈ বাংলাদেশত এই হিংসাৰ বিৰুদ্ধে মাত মতাৰ অভিযোগত এজন হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ দাসক দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । চিন্ময় কৃষ্ণ দাসৰ লগতে ইস্কনৰ সৈতে জড়িত আন চাৰিজন সন্ন্যাসীও সন্ধানহীন হৈ আছে  আৰু তেওঁলোককো বাংলাদেশ আৰক্ষীয়ে আটক কৰিছে বুলি দাবী কৰা হৈছে ।