তামিম ইকবালক ভাৰতীয় এজেণ্ট আখ্যা, বাংলাদেশ ক্ৰিকেটত বিতৰ্ক
এতিয়া বাংলাদেশী ক্ৰিকেটাৰে নাজমুল ইছলামৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তামিম ইকবালৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনাইছে । বি চি চি আইৰ সিদ্ধান্তক লৈ তামিমে মন্তব্য কৰিছিল, যিটো নাজমুল হাছামে অস্বীকাৰ কৰে ।
বিগত কিছুদিনত ভাৰত-বাংলাদেশ ক্ৰিকেট সম্পৰ্কত এক বৃহৎ বিভাজনৰ সৃষ্টি হৈছে । ইয়াৰ আৰম্ভণি হৈছিল আই পি এল ২০২৬ৰ পৰা মুস্তাফিজুৰ ৰহমানৰ ৰিলিজৰ পৰা । এই বিতৰ্কৰ মাজতে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এজন বিষয়া নাজমুল ইছলামে এতিয়া তামিম ইকবালক ভাৰতীয় এজেণ্ট বুলি অভিহিত কৰিছে । নজমুল ইছলামৰ এই বক্তব্যই বাংলাদেশৰ ক্ৰিকেটত নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে । ইয়াৰ পিছতে এতিয়া বাংলাদেশী ক্ৰিকেটাৰে নাজমুল ইছলামৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তামিম ইকবালৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনাইছে ।
উল্লেখ্য যে, ভাৰত আৰু বাংলাদেশৰ মাজত উদ্ভৱ হোৱা বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তামিম ইকবালে এক সাক্ষাৎকাৰত কয় যে আগন্তুক আই চি চি টি-২০ বিশ্বকাপত বাংলাদেশৰ অংশগ্ৰহণৰ কোনো চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে বি চি বিয়ে ক্ৰিকেটক অগ্ৰাধিকাৰ দিব লাগে । দৰাচলতে বি চি চি আইয়ে আই পি এলৰ বাবে মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিয়াৰ পিছত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বি চি বিয়ে ভাৰতত নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছিল । এই সিদ্ধান্তক লৈ তামিমে মন্তব্য কৰিছিল, যিটো নাজমুল হাছলামে অস্বীকাৰ কৰে ।
নজমুল ইছলামে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে প্ৰাক্তন অধিনায়কগৰাকীক ভাৰতীয় এজেণ্ট বুলি অনা অভিযোগ সন্দৰ্ভতো নিজৰ স্পষ্টীকৰণ আগবঢ়ায় । নিজৰ পোষ্টটোত তেওঁ কয়, “যি সময়ত বাংলাদেশ দলে ভাৰতত নিৰাপত্তাজনিত বিপদৰ সন্মুখীন হৈছে আৰু চৰকাৰে শ্ৰীলংকালৈ মেচ স্থানান্তৰ কৰাৰ কথা কৈছে, সেই সময়ত ১৫ হাজাৰ ৰান সংগ্ৰহ কৰা এজন কিংবদন্তি খেলুৱৈয়ে ভাৰতৰ হৈ বেটিং কৰিছে । এয়া দেশৰ আৱেগৰ বিৰুদ্ধে । এইটো মোৰ ব্যক্তিগত মতামত আছিল আৰু ইয়াক আন কোনো ধৰণে লোৱা উচিত নহয় ।”
ইফালে তামিম ইকবালক ভাৰতীয় এজেন্ট আখ্যা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশ টেষ্ট দলৰ অধিনায়ক নাজমুল হোছেইন শান্তোৱে । তেওঁ এই বক্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শান্তোৱে কয় যে, “এজন প্ৰাক্তন অধিনায়ক তথা বাংলাদেশৰ অন্যতম সফল ক্ৰিকেটাৰক লৈ এনে বক্তব্য দিয়াটো অতি দুখজনক… এয়া অতি দুখৰ কথা । এয়া গ্ৰহণযোগ্য নহয় । প্ৰাক্তন অধিনায়ক হওক বা নহওক প্ৰতিজন খেলুৱৈয়ে সন্মানৰ যোগ্য । শেষত এজন ক্ৰিকেটাৰে সন্মান আশা কৰে ।”
লগতে পঢ়ক : ‘ভাগ্যত লিখা কথা কোনেও কাঢ়ি নিব নোৱাৰে’;টি-২০ বিশ্বকাপৰ পৰা বাদ পৰাৰ পিছত শুভমান গিলৰ দুখ প্ৰকাশ