ফৰেনছিক চায়েন্স কি ? ভাৰতৰ কোন কোন বিশ্ববিদ্যালয়ে এই পাঠ্যক্ৰম আগবঢ়ায়?
ফৰেনছিক চায়েন্স কি ?
ফৰেনছিক চায়েন্স (Forensic Science)ৰ কথা সকলোৱে শুনিছে যদিও ইয়াৰ নিৰ্দিষ্ট কথাবোৰৰ বিষয়ে ভালদৰে অতি কম সংখ্যকেহে জানে । আপুনি হয়তো ছবিত দেখিছে যে যেতিয়াই কোনো বৃহৎ অপৰাধ বা বোমা বিস্ফোৰণ ঘটে তেতিয়াই ফৰেনছিক দল এটা ঘটনাস্থলীলৈ লৰালৰিকৈ গৈ প্ৰমাণ সংগ্ৰহ কৰে । তদুপৰি দেশত অসংখ্য সন্ত্ৰাসবাদী আক্ৰমণ আৰু হাই-প্ৰফাইল হত্যাকে ধৰি বৃহৎ অপৰাধৰ জাল ভেদ কৰিবলৈ ফৰেনছিক দলসমূহে গভীৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰে । ফৰেনছিক বিজ্ঞান সঠিকভাৱে কি, ই কেনেকৈ কাম কৰে আৰু ভাৰতত এই পাঠ্যক্ৰম ক’ত অধ্যয়ন কৰিব জানক ।
ফৰেনছিক চায়েন্স কি ?
ফৰেনছিক বিজ্ঞান হৈছে প্ৰযুক্তি, যুক্তি আৰু বিজ্ঞানৰ ওপৰত ভিত্তি কৰি বৈজ্ঞানিক অনুসন্ধানৰ আহিলা । আঙুলিৰ ছাপ, চুলি, নখ, তেজ আদি অপৰাধৰ স্থানত এৰি থৈ যোৱা সৰু সৰু সূত্ৰ যিয়ে ফৰেনছিক দলসমূহক অপৰাধৰ প্ৰকৃত স্বৰূপ বিশ্লেষণ আৰু উন্মোচন কৰাত সহায় কৰে । এই সূত্ৰৰ ভিত্তিত ফৰেনছিক দলসমূহে অপৰাধীক গ্ৰেপ্তাৰ কৰাত সহায় কৰে ।
ভাৰতৰ শীৰ্ষ ফৰেনছিক কলেজঃ
-লোক নায়ক জয়প্ৰকাশ নাৰায়ণ ৰাষ্ট্ৰীয় অপৰাধ বিজ্ঞান আৰু ফৰেনছিক বিজ্ঞান প্ৰতিষ্ঠান, দিল্লী
-ইনষ্টিটিউট অৱ ফৰেনছিক চায়েন্স, মুম্বাই
–ওচমানিয়া বিশ্ববিদ্যালয়, হায়দৰাবাদ
-আই এফ এছ শিক্ষা বিভাগ, পুনে
-উত্তৰ প্ৰদেশৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়
-গুজৰাট ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়, গান্ধীনগৰ
ফৰেনছিক বিশেষজ্ঞই কত সংস্থাপন লাভ কৰে-
-কেন্দ্ৰীয় আৰু ৰাজ্যিক ফৰেনছিক লেব (CFSL/FSL)
-অপৰাধ তদন্ত বিভাগ (চি আই ডি)
-চোৰাংচোৱা ব্যুৰো (আই বি)
-কেন্দ্ৰীয় তদন্ত ব্যুৰো (চি বি আই)
-আৰক্ষী বিভাগ
-ব্যক্তিগত গোচৰীয়া সংস্থা (পি ডি এ)
-চাইবাৰ অপৰাধ কোষ (চিচিচি)
-আদালত পৰীক্ষাগাৰ
-গৱেষণা কেন্দ্ৰ
ফৰেনছিক বিশেষজ্ঞৰ ভূমিকা-
-ডি আৰ ডি অ’/আই এছ আৰ অ’ৰ গৱেষণা ভিত্তিক বিশেষজ্ঞ
-অপৰাধস্থলীৰ তদন্তকাৰী
-চাইবাৰ ফৰেনছিক বিশেষজ্ঞ
-ফৰেনছিক বিজ্ঞানী
-ফৰেনছিক নথিপত্ৰ বিশেষজ্ঞ
-ফৰেনছিক টক্সিক’লজিষ্ট
-ফৰেনছিক বেলিষ্টিক বিশেষজ্ঞ
লগতে পঢ়ক : সকলো শিক্ষানুষ্ঠানতে বাধ্যতামূলক হ’ব বন্দে মাতৰমঃ চৰকাৰৰ নিৰ্দেশনা