বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী…

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাত্ৰাৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া থাইলেণ্ড ভ্ৰমণৰ বাবে ৰাওনা হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক (BIMSTEC) শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব । এয়া হ’ব প্ৰধানমন্ত্ৰীৰ তৃতীয়টো থাইলেণ্ড ভ্ৰমণ । ইয়াৰ পিছতে শ্ৰীলংকালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী ।

প্ৰথমে থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে য’ত ৭খন দেশৰ ৰাষ্ট্ৰৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিব । এই সন্মিলনত থাইলেণ্ড, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ম্যানমাৰ আৰু ভূটানৰ নেতাসকলে অংশগ্ৰহণ কৰিব । ইয়াৰ পিছত ৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ শ্ৰীলংকা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী । ভাৰতৰ আৰ্থিক সাহায্যত দেশখনত ৰূপায়িত হৈ থকা উন্নয়নমূলক প্ৰকল্পসমূহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

বিমষ্টেকৰ অধ্যক্ষতা কৰিছে থাইলেণ্ডে-

এই সন্মিলনৰ মূল উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলন ঘোষণাপত্ৰ গ্ৰহণ কৰা, যিয়ে নেতাসকলৰ দৃষ্টিভংগী আৰু দিশসমূহৰ ওপৰত আলোকপাত কৰিব । লগতে, ঐতিহাসিক বেংকক ভিজন ২০৩০ ভৱিষ্যতৰ সহযোগিতা বৃদ্ধিৰ বাবে প্ৰথম কৌশলগত ৰোডমেপ হ’ব । আঞ্চলিক সংযোগৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে সকলো দেশৰ নেতাই সামুদ্ৰিক পৰিবহণ সহযোগিতা চুক্তিতো স্বাক্ষৰ কৰিব, যাৰ লক্ষ্য হৈছে বংগোপসাগৰত বাণিজ্য আৰু ভ্ৰমণ সম্প্ৰসাৰণ কৰা ।

বিমষ্টেক সন্দৰ্ভত এক বিবৃতি জাৰি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “বিমষ্টেকৰ কাঠামোৰ ভিতৰত সহযোগিতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰতিষ্ঠান আৰু সামৰ্থ্য বিকাশৰ ব্যৱস্থাৰ বিষয়েও নেতাসকলে আলোচনা কৰাৰ আশা কৰা হৈছে । নিৰাপত্তা বৃদ্ধি, বাণিজ্য আৰু বিনিয়োগৰ সুবিধা প্ৰদান, ভৌতিক, সামুদ্ৰিক আৰু ডিজিটেল সংযোগ স্থাপন, জলবায়ু, শক্তি, মানুহৰ মাজত সম্পৰ্ক বৃদ্ধি কৰা আৰু মানৱ নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাকে ধৰি আঞ্চলিক সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ভাৰতে বিমষ্টেকত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।”

ভাৰত আটাইতকৈ প্ৰভাৱশালী সদস্য-

বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই বিমষ্টেক শীৰ্ষ সন্মিলনে ইয়াৰ কৌশলগত দিশ গঢ় দিয়াত সহায়ক বুলি প্ৰমাণিত হ’ব । ইয়াৰ উপৰিও বংগোপসাগৰ অঞ্চলত অৰ্থনৈতিক বিকাশ, নিৰাপত্তা সহযোগিতা আৰু বহনক্ষম উন্নয়নৰ বাবে ই এক গুৰুত্বপূৰ্ণ শক্তি হৈ থাকিব । নিৰাপত্তা, শক্তি আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতাৰ নেতৃত্ব দিয়া বিমষ্টেকৰ চাৰি প্ৰতিষ্ঠাপক সদস্যৰ ভিতৰত ভাৰত অন্যতম ।

২০১৮ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা চতুৰ্থ বিমষ্টেক শীৰ্ষ সন্মিলনৰ পিছত এইখন হ’ব বিমষ্টেকৰ নেতাসকলৰ প্ৰথমখন অফলাইন বৈঠক । এইবাৰ ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনৰ বিষয়বস্তু “বিমষ্টেক – সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি” হিচাপে ৰখা হৈছে ।

ভূমিকম্পৰ বিধ্বংসী ৰূপ… কঠিন সময়ত শক্তিশালীভাৱে থিয় দিছে ভাৰতেঃ প্ৰধানমন্ত্ৰী মোদী

ম্যানমাৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিকম্পৰ পিছত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে । ভাৰতে এই কঠিন সময়ত ম্যানমাৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰি জনাইছে যে, ম্যানমাৰৰ জ্যেষ্ঠ জেনেৰেল এইচ.ই. মিন আং হিলিঙৰ সৈতে তেওঁ কথা পাতিছে ।

প্ৰধানমন্ত্ৰীয়ে ভয়াৱহ ভূমিকম্পত প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতিত গভীৰ শোক প্ৰকাশ কৰি কয় যে ভাৰতে এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে এই কঠিন সময়ত ম্যানমাৰৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছে । অপাৰেচন ব্ৰহ্মৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চললৈ দুৰ্যোগ সাহায্য সামগ্ৰী, মানৱীয় সাহায্য, অনুসন্ধান আৰু উদ্ধাৰকাৰী দল দ্ৰুতগতিত প্ৰেৰণ কৰা হৈছে ।

অপাৰেচন ব্ৰহ্মৰ অধীনত সাহায্য অভিযান আৰম্ভ-

ভাৰতে অপাৰেচন ব্ৰহ্মৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চললৈ দুৰ্যোগ সাহায্য সামগ্ৰী, মানৱীয় সাহায্য, অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰি সাহায্যৰ দ্ৰুত যোগান নিশ্চিত কৰিছে । ভাৰতীয় দলসমূহে সাহায্য অভিযানত সক্ৰিয়ভাৱে কাম কৰিব, যাতে সৰ্বাধিক সংখ্যক লোকক নিৰাপদে উলিয়াই আনিব পৰা যায় আৰু প্ৰয়োজনীয় সহায় আগবঢ়াব পৰা যায় । এই শোকাৱহ পৰিস্থিতিৰ পিছত দুয়োখন দেশৰ মাজত সমন্বয় অব্যাহত আছে, আৰু ভাৰতে সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ সাজু হৈ আছে ।

শুকুৰবাৰে ম্যানমাৰত সংঘটিত হোৱা ৭.৭ আৰু ৬.৪ প্ৰাবল্যৰ দুটা ভূমিকম্পক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ-পূব এছিয়াৰ দেশ আৰু থাইলেণ্ডলৈ হাত আগবঢ়াই সহায়ৰ আশ্বাস দিয়ে আৰু সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে ।

ইনষ্টাগ্ৰামত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ পিছৰ পৰিস্থিতিক লৈ মই চিন্তিত । সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিছো । ভাৰতে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু । এই সন্দৰ্ভত আমি আমাৰ বিষয়াসকলক সাজু থাকিবলৈ অনুৰোধ জনাইছো । লগতে বৈদেশিক মন্ত্ৰালয়ক ম্যানমাৰ আৰু থাইলেণ্ড চৰকাৰৰ সৈতে যোগাযোগত থাকিবলৈ কোৱা হৈছে ।”

ম্যানমাৰত ভূমিকম্পৰ বিধ্বংসী ৰূপ-

ম্যানমাৰ আৰু চুবুৰীয়া দেশ থাইলেণ্ডত ক্ৰমে ৭.৭ আৰু ৭.২ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই অট্টালিকা, দলং আৰু বৌদ্ধ মঠ ধ্বংস কৰে । ম্যানমাৰত কমেও এহাজাৰ জন লোকৰ মৃত্যু হৈছে, য’ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰ দুখনৰ ছবি আৰু ভিডিঅ’ত ব্যাপক ক্ষতিসাধনৰ দৃশ্য পৰিলক্ষিত হৈছে । থাইলেণ্ডৰ ৰাজধানী বেংককত ভূমিকম্পৰ ফলত নিৰ্মাণৰত এটা ওখ অট্টালিকা ভাঙি পৰাত কমেও ১০ জন লোকৰ মৃত্যু হয় ।

মহম্মদ ইউনুছলৈ কিয় চিঠি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ? ১৯৭১ চনৰ মুক্তি সংগ্ৰামৰ কথা মনত পেলাই দিলে বাংলাদেশক…

দিল্লী আৰু ঢাকাৰ মাজত উত্তেজিত সম্পৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছলৈ পত্ৰ লিখি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় । দুয়োখন দেশৰ অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিয়াৰ বাবে ভাৰতৰ দায়বদ্ধতাও তেওঁ পুনৰবাৰ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে লিখিছে, “মহামহিম, বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে আপোনাৰ লগতে বাংলাদেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।” প্ৰধানমন্ত্ৰীয়ে লিখিছে, “আমাৰ ভাগ-বতৰা কৰা ইতিহাস আৰু আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ ভেটি স্থাপন কৰা ত্যাগৰ সাক্ষ্য হিচাপে এই দিনটো থিয় দিছে । বাংলাদেশৰ মুক্তিযুদ্ধৰ মনোভাৱে আমাৰ সম্পৰ্কক পথ প্ৰদৰ্শন কৰি আহিছে, যি বহু ক্ষেত্ৰত ফুটি উঠিছে, আমাৰ জনসাধাৰণৰ বাবে স্পষ্ট সুবিধা কঢ়িয়াই আনিছে ।”

প্ৰধানমন্ত্ৰীয়ে কয়, “শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে আমাৰ উমৈহতীয়া আকাংক্ষাৰ পৰা অনুপ্ৰাণিত হৈ আৰু ইজনে সিজনৰ স্বাৰ্থ আৰু উদ্বেগৰ প্ৰতি পাৰস্পৰিক সংবেদনশীলতাৰ ভিত্তিত এই অংশীদাৰিত্বক অধিক বিকশিত কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ । মহামহিম, মোৰ সৰ্বোচ্চ বিবেচনাৰ আশ্বাস গ্ৰহণ কৰক ।”

উল্লেখযোগ্য যে ভাৰতৰ দীৰ্ঘদিনীয়া মিত্ৰ শ্বেখ হাছিনাৰ নেতৃত্বত আৱামি লীগ চৰকাৰখন এক বৃহৎ আন্দোলনৰ পিছত উফৰাই পেলোৱা হৈছে । ইয়াৰ পিছতে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য হয় আৰু দুয়োখন দেশৰ সম্পর্কত উত্তেজনাৰ সৃষ্টি হৈছে ৷ ক্ষমতা পৰিবৰ্তনৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্বত আছে নোবেল বঁটা বিজয়ী তথা অৰ্থনীতিবিদ মহম্মদ ইউনুছে ।

সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ খবৰৰ মাজতে ভাৰতে বাংলাদেশৰ সৈতে নিজৰ উদ্বেগ ব্যক্ত কৰে । ইফালে, ঢাকাই এই আক্ৰমণ সাম্প্ৰদায়িক নহয় ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি উল্লেখ কৰিছে । ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে কেন্দ্ৰই অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে বিভিন্ন পৰ্যায়ত জড়িত হৈ আছে আৰু এনে বিষয় উত্থাপন কৰি যাব ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ বিল গেটছৰ… এ আই, প্ৰযুক্তিকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা

মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “সদায়ৰ দৰেই বিল গেটছৰ সৈতে এক সুন্দৰ বৈঠক হৈছিল । আমি অনাগত প্ৰজন্মৰ বাবে উন্নত ভৱিষ্যত গঢ়ি তোলাৰ দিশত প্ৰযুক্তি, উদ্ভাৱন আৰু বহনক্ষমতাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ ।”

একে সময়তে বিল গেটছে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভাৰতৰ উন্নয়ন, ২০৪৭ৰ উন্নত ভাৰতৰ পথ আৰু স্বাস্থ্য, কৃষি, এ আই আদি খণ্ডৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰে ।

বিল গেটছে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাতৰ এখন ফটো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত লিখিছে, “ভাৰতৰ উন্নয়ন, ২০৪৭ চনত উন্নত ভাৰতৰ পথ আৰু স্বাস্থ্য, কৃষি, এ আই আৰু অন্যান্য ক্ষেত্ৰত আজি প্ৰভাৱ পেলোৱা ৰোমাঞ্চকৰ অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক সুন্দৰ আলোচনা হৈছিল । ভাৰতত উদ্ভাৱনে কেনেদৰে স্থানীয় আৰু বিশ্বব্যাপী অগ্ৰগতি লাভ কৰিছে সেয়া চাবলৈ আকৰ্ষণীয় ।”

স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাকো সাক্ষাৎ বিল গেটছৰ-

এই ভ্ৰমণৰ সময়ত বিল গেটছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাকো সাক্ষাৎ কৰি জনস্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ মাজত চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰে । জে পি নাড্ডাই এক্সত লিখিছে, “বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক বিল গেটছক আজি লগ পালোঁ । ফাউণ্ডেচনৰ সৈতে আমাৰ সহযোগিতাৰ জৰিয়তে ভাৰতে স্বাস্থ্যসেৱা বিশেষকৈ মাতৃ স্বাস্থ্য, প্ৰতিষেধক আৰু অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিলোঁ ।”

তেওঁ আৰু লিখিছে যে স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰা আৰু প্ৰভাৱশালী পদক্ষেপসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত ফাউণ্ডেশ্যনৰ মূল্যৱান সহায়ক মই স্বীকাৰ কৰিছো । আমি আমাৰ সহযোগিতা স্মাৰকপত্ৰখন নবীকৰণ কৰিবলৈ আগ্ৰহী, সকলো নাগৰিকৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে আমাৰ ভাগ-বতৰা প্ৰতিশ্ৰুতিক আগুৱাই নিবলৈ ।”

সুনীতা উইলিয়ামছৰ নিৰাপদ প্ৰত্যাৱৰ্তনত আনন্দিত প্ৰধানমন্ত্ৰী মোদী, পুৰণি ফটো শ্বেয়াৰ কৰি ক’লে এই কথা…

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ দলৰ সফল প্ৰত্যাৱৰ্তনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লিখিছে ‘ৱেলকাম বেক ক্ৰু-৯! পৃথিৱীয়ে আপোনালোকক মিছ কৰিছিল।’ প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক  সাহস আৰু অভেদ্য মানৱীয় মনোভাৱৰ পৰীক্ষা বুলি অভিহিত কৰে । তেওঁ কয় যে সুনীতা উইলিয়ামছ আৰু ক্ৰু-৯ৰ মহাকাশচাৰীসকলে পুনৰবাৰ প্ৰমাণ কৰিছে যে ‘দৃঢ়তা আৰু ধৈৰ্য্যৰ প্ৰকৃত সংজ্ঞা’ কি ।

প্ৰধানমন্ত্ৰীয়ে মহাকাশ গৱেষণাক কেৱল বৈজ্ঞানিক কৃতিত্বই নহয়, “মানৱ সামৰ্থ্যৰ সীমা অতিক্ৰম কৰি, ডাঙৰ সপোন দেখা আৰু সেইবোৰ পূৰণ কৰাৰ সাহস” কৰাৰ প্ৰেৰণা বুলিও অভিহিত কৰে । সুনীতা উইলিয়ামছক আদৰ্শ আৰু প্ৰেৰণা হিচাপে অভিহিত কৰি তেওঁ কয় যে তেওঁ সমগ্ৰ কেৰিয়াৰত এই আৱেগক মূৰ্ত কৰি ৰাখিছে ।

বিজ্ঞানী আৰু বিশেষজ্ঞসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে-

এই অভিযান সফল কৰিবলৈ অক্লান্তভাৱে কাম কৰা বিজ্ঞানী আৰু বিশেষজ্ঞসকলকো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয়, ‘ক্ৰু-৯ৰ নিৰাপদে উভতি অহাটো নিশ্চিত কৰিবলৈ দিনে-নিশাই কাম কৰা সকলোৰে বাবে আমি গৌৰৱান্বিত ।’ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই অভিযানে দেখুৱাইছে যে ‘যেতিয়া কাৰিকৰী বিশেষজ্ঞতা, আবেগ আৰু দৃঢ়তা একেলগে আহিব, তেতিয়া অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি ।’

সুনীতা উইলিয়ামছক লৈ ভাৰত গৌৰৱান্বিত-

সুনীতা উইলিয়ামছৰ সফলতাক লৈ গৌৰৱ অনুভৱ কৰিছে ভাৰতে । প্ৰধানমন্ত্ৰী মোদীৰ মতে তেওঁৰ যাত্ৰা কেৱল বিজ্ঞানতে সীমাবদ্ধ নহয় বৰঞ্চ ‘এয়া সংগ্ৰাম, নিষ্ঠা আৰু সাহসৰ এক আচৰিত উদাহৰণ যিয়ে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।’

ট্ৰুথ ছ’চিয়েলত যোগদান প্ৰধানমন্ত্ৰী মোদীৰ…প’ডকাষ্ট ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ জনালে ট্ৰাম্পক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মালিকানাধীন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত যোগদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ট্ৰাম্পে এতিয়াও এক্সৰ পৰিৱৰ্তে এই প্লেটফৰ্মত প্ৰথমে তেওঁৰ সকলো ভাষণ আৰু পোষ্ট শ্বেয়াৰ কৰে ।

ট্ৰুথ ছ’চিয়েলত দিয়া প্ৰথমটো পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ প্লেটফৰ্মত উপস্থিত হৈ আনন্দিত হৈ পৰিছে আৰু ট্ৰাম্পক ধন্যবাদ জনাইছে যে তেওঁ আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে ট্ৰুথত তেওঁৰ সমগ্ৰ তিনি ঘণ্টীয়া প’ডকাষ্ট সাক্ষাৎকাৰটো শ্বেয়াৰ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট-

ট্ৰুথত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ সকলো “আবেগিক কণ্ঠ”ৰ সৈতে মত বিনিময় কৰিবলৈ আৰু অৰ্থপূৰ্ণ কথা-বতৰাত লিপ্ত হ’বলৈ আগ্ৰহী । দেওবাৰে প্ৰকাশ পোৱা ফ্ৰিডমেনৰ সৈতে সম্পূৰ্ণ প’ডকাষ্ট শ্বেয়াৰ কৰাৰ বাবে তেওঁৰ “বন্ধু” ট্ৰাম্পক ধন্যবাদ জনাই মোদীয়ে কয় যে, “মই মোৰ জীৱন যাত্ৰা, ভাৰতৰ সভ্যতাৰ দৃষ্টিভংগী, বিশ্বজনীন বিষয় আৰু বহুতো বিষয় সামৰি লৈছো ।”

ইয়াৰ পূৰ্বে সোমবাৰে ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ প’ডকাষ্টৰ ইউটিউব লিংক ফ্ৰিডমেনৰ সৈতে ট্ৰুথ ছ’চিয়েলত শ্বেয়াৰ কৰিছিল । ২০২০ চনৰ নিৰ্বাচনত জো বাইডেনৰ হাতত পৰাস্ত হোৱাৰ পিছত তেওঁৰ সমৰ্থকসকলে আমেৰিকাৰ কেপিটেলত আক্ৰমণ কৰাৰ পিছত ফেচবুক আৰু এক্সকে ধৰি ডাঙৰ ডাঙৰ ছ’চিয়েল প্লেটফৰ্মৰ পৰা নিষিদ্ধ হোৱাৰ পিছত ২০২২ চনত ট্ৰাম্পে ট্ৰুথ ছ’চিয়েল আৰম্ভ কৰিছিল ।

এই প্লেটফৰ্মত আমেৰিকাৰ ৰাষ্ট্ৰপতি অতি সক্ৰিয়, প্ৰায়ে ডাঙৰ ডাঙৰ উন্নয়ন আৰু নীতি পৰিৱৰ্তনৰ বিষয়ে ঘোষণা কৰে । তেওঁ পুনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তো এই মঞ্চৰ ব্যাপক ব্যৱহাৰ কৰিছিল ।

‘আপুনি আমাৰ হৃদয়ৰ বহু ওচৰত…’, সুনীতালৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ভাৰত ভ্ৰমণৰ বাবে নিমন্ত্ৰণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছলৈ এখন পত্ৰ লিখি ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে । কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছলৈ লিখা চিঠিখন শ্বেয়াৰ কৰি টুইট কৰে ।

পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “সুনীতা উইলিয়ামছ নিৰাপদে উভতি অহাৰ বাবে সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ এইগৰাকী কন্যাৰ প্ৰতি উদ্বেগ আৰু স্নেহ প্ৰকাশ কৰিছে…”

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ পত্ৰত লিখিছে, “আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ৰ অতি ওচৰত আছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে পত্ৰত লিখিছে, “ভাৰতবাসীৰ হৈ আপোনালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো । আজি মই এটা অনুষ্ঠানত বিখ্যাত মহাকাশচাৰী মাইক মাছিমিনোক লগ পালোঁ । কথা-বতৰাৰ সময়ত আপোনাৰ নাম আহিল আৰু আমি আলোচনা কৰিলোঁ যে আমি আপোনাৰ আৰু আপোনাৰ কামক লৈ কিমান গৌৰৱান্বিত । এই আলোচনাৰ পিছত আপোনালৈ চিঠি লিখাৰ পৰা মই নিজকে বাধা দিব নোৱাৰিলোঁ ।”

প্ৰধানমন্ত্ৰীয়ে আৰু লিখিছে যে, “যেতিয়াই মই ৰাষ্ট্ৰপতি ট্ৰাম্প বা ৰাষ্ট্ৰপতি বাইডেনক আমেৰিকা ভ্ৰমণৰ সময়ত লগ পাইছিলো, তেতিয়াই মই সদায় আপোনালোকৰ কুশল-মংগলৰ বিষয়ে সুধিছিলো ।”

পত্ৰখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে ১৪০ কোটি ভাৰতীয়ই আপোনাৰ এই কৃতিত্বক লৈ সদায় গৌৰৱ কৰি আহিছে । শেহতীয়া পৰিঘটনাই আপোনাৰ প্ৰেৰণাদায়ক অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমক আকৌ এবাৰ উজ্জ্বল কৰি তুলিছে । আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ৰ বহু ওচৰত । ভাৰতবাসীয়ে আপোনাৰ সুস্বাস্থ্য আৰু মিছনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, “বনি পাণ্ডিয়াই নিশ্চয় আপোনাৰ উভতি অহাৰ বাবে আগ্ৰহেৰে বাট চাই থাকিব আৰু মই নিশ্চিত যে প্ৰয়াত দীপকভাইৰ শুভেচ্ছাও আপোনাৰ লগত আছে । ২০১৬ চনত আমেৰিকা ভ্ৰমণৰ সময়ত আপোনাক আৰু দীপকভাইক লগ পোৱাৰ মোৰ এতিয়াও ভাল লগা স্মৃতি আছে । আপোনাৰ উভতি অহাৰ সময়ত আমি আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী । ভাৰতৰ বাবে ইয়াৰ এগৰাকী বিশিষ্ট কন্যাক আতিথ্য দিয়াটো গৌৰৱৰ বিষয় হ’ব ‘আপুনি আৰু উইলম’ৰলৈ নিৰাপদ উভতি অহাৰ বাবে শুভেচ্ছা জনাইছো ।’

তুলসী গাবাৰ্ডক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, মহাকুম্ভৰ জল উপহাৰ…এই বিষয়সমূহৰ ওপৰত আলোচনা

ৰাষ্ট্ৰীয় ৰাজধানীত সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ সঞ্চালক তুলসী গাবাৰ্ডক সাক্ষাৎ কৰে । এই সাক্ষাতত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক প্ৰয়াগৰাজত সদ্য সমাপ্ত হোৱা মহাকুম্ভৰ পৰা অনা পবিত্ৰ জলেৰে ভৰা এটা পাত্ৰ উপহাৰ দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কয় যে মহাকুম্ভত ৬৬ কোটিৰো অধিক ভাৰতীয়ই পবিত্ৰ স্নান কৰিছিল ।

কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণৰ অংশ হিচাপে ভাৰতত উপস্থিত হৈছে গাবাৰ্ড । ১৮ মাৰ্চত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাইচিনা ডায়লগত ভাষণেৰে তেওঁৰ এছিয়া ভ্ৰমণৰ সামৰণি পৰিব, য’ত তেওঁক প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু পৰ্যবেক্ষক গৱেষণা ফাউণ্ডেশ্যনৰ উদ্যোগত দশম সংস্কৰণৰ ৰাইচিনা ডায়লগৰ আয়োজন কৰা হৈছে ।

পি এম মোডীক সাক্ষাৎ কৰি কি ক’লে তুলসী গাবাৰ্ডে-

বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে তুলসী গাবাৰ্ডক ভাৰত-আমেৰিকাৰ বন্ধুত্বৰ প্ৰবল সমৰ্থক বুলি অভিহিত কৰে । একে সময়তে গাবাৰ্ডে প্ৰধানমন্ত্ৰী মোদীক লগ পোৱাক এক সন্মান বুলি অভিহিত কৰে । তেওঁ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । তুলসী গাবাৰ্ডে প্ৰধানমন্ত্ৰী মোদীক মালা উপহাৰ দিয়ে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ-

গবাৰ্ডে প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰে । এই সময়ত ৰাজনাথ সিঙে নিষিদ্ধ খালিস্তানী সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (এছ এফ জে)ৰ আমেৰিকাত ভাৰত বিৰোধী কাৰ্যকলাপৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে । সূত্ৰ অনুসৰি ভাৰতে ইয়াৰ উদ্বেগ ভাগ কৰি আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকক এই অবৈধ সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । ইয়াৰ লগতে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আৰু চোৰাংচোৱাৰ বিনিময়ৰ দিশসমূহো আলোচনা কৰা হয় ।

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত আপ্লুত ৰাষ্ট্ৰপতি ট্ৰাম্প… কৰিলে এই কাম

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ শ্বেয়াৰ কৰিছে । এই সাক্ষাৎকাৰটো লৈছে আমেৰিকাৰ প’ডকাষ্টাৰ আৰু এ আইৰ গৱেষক লেক্স ফ্ৰিডমেনে ।

এই সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব ৰাজনীতি আৰু হিন্দু ধৰ্মকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰিছিল । শেহতীয়াকৈ এই সাক্ষাৎকাৰ ট্ৰাম্পে নিজৰ ব্যক্তিগত ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথত শ্বেয়াৰ কৰিছে ।

উল্লেখ্য যে এই সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ দৃঢ় সম্পৰ্কৰ বিষয়ে আলোচনা কৰে । বন্ধু আৰু নেতা হিচাপে ট্ৰাম্পৰ কি ভাল লাগে ? এই প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে এটা পুৰণি ঘটনাৰ কথা উল্লেখ কৰে । সেই ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে হিউষ্টনত আমাৰ ‘হাউডি মোদী’ নামৰ এটা অনুষ্ঠান আছিল । ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মই তাত উপস্থিত আছিলো, গোটেই ষ্টেডিয়ামখন মানুহেৰে ভৰি পৰিছিল । ইমানবোৰ মানুহৰ এটা ঠাইত গোট খোৱাটো আছিল আমেৰিকাত এক ডাঙৰ অনুষ্ঠান । তাত ভাষণ দিওঁতে ট্ৰাম্পে তলত বহি মোৰ কথা শুনি আছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ষ্টেডিয়ামত বহি শুনি আছে আৰু মই মঞ্চত ভাষণ দিছো সেয়া তেওঁৰ মহানতা ।

প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎকাৰৰ সময়ত কয় যে ভাষণ দিয়াৰ পিছত মই মঞ্চৰ পৰা নামি আহিলোঁ আৰু মই ট্ৰাম্পক ক’লোঁ, ‘আহক, ষ্টেডিয়ামৰ এটা ৰাউণ্ড লওঁ, ইমান মানুহ আছে, সকলোকে সম্ভাষণ জনাওঁ আৰু তাৰ পিছত উভতি আহোঁ’, গতিকে এটা মুহূৰ্তও পলম নকৰাকৈয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে মোৰ সৈতে ভিৰৰ মাজলৈ খোজ কাঢ়ি গ’ল । এই সময়ছোৱাত আমেৰিকাৰ নিৰাপত্তা ব্যৱস্থা হঠাতে অস্থিৰ হৈ পৰিল । কিন্তু এই ব্যক্তিজনৰ ইমান সাহস থকাটোৱে মোৰ হৃদয় চুই গ’ল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত যেতিয়া ট্ৰাম্পলৈ গুলীচালনা কৰা হৈছিল তেতিয়া মই মাত্ৰ এজন ট্ৰাম্পকহে দেখিছিলো । মোৰ হাতত ধৰি ষ্টেডিয়ামৰ মাজেৰে খোজ কাঢ়ি যোৱা ট্ৰাম্প আৰু গুলীবিদ্ধ হোৱাৰ পিছতো আমেৰিকাৰ বাবে জীয়াই থকা ট্ৰাম্প । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই এজন ‘ইণ্ডিয়া ফাৰ্ষ্ট’ ব্যক্তি আৰু ট্ৰাম্প ‘আমেৰিকা ফাৰ্ষ্ট’ ব্যক্তি । গতিকে, আমাৰ যোৰা সমান হৈ পৰে । ট্ৰাম্পৰ এই কথাবোৰ আকৰ্ষণীয় ।

উল্লেখ্য যে দেওবাৰে সন্ধিয়া প্ৰচাৰিত এ আইৰ গৱেষক লেক্স ফ্ৰিডমেনক তিনি ঘণ্টীয়া ১৭ মিনিটৰ সাক্ষাৎকাৰ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ।