‘দুয়োখন দেশে ইখনে সিখনৰ পৰা শিকিছে…’, ভাৰত-চীন সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যক প্ৰশংসা ড্ৰেগনৰ

ভাৰত-চীন সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইতিবাচক বক্তব্যক সোমবাৰে প্ৰশংসা কৰে চীনে । প্ৰধানমন্ত্ৰী মোদীয়ে পাৰস্পৰিক মতানৈক্যৰ পৰিৱৰ্তে আলোচনাক অগ্ৰাধিকাৰ দিয়াৰ কথা কৈছিল । চীনে কয় যে দুয়োখন দেশৰ সফলতাৰ একমাত্ৰ বিকল্প ‘হাতী’ আৰু ‘ড্ৰেগন’ৰ যৌথ নৃত্য ।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে প্ৰধানমন্ত্ৰী মোদীৰ সংবাদ মাধ্যমৰ বক্তব্যৰ প্ৰশংসা কৰে, যিটো তেওঁ আমেৰিকাৰ প’ডকাষ্ট হোষ্ট লেক্স ফ্ৰিডমেনৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছিল । মাওৱে কয়, ‘ভাৰত-চীন সম্পৰ্কৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ দিয়া ইতিবাচক বক্তব্য চীনে লক্ষ্য কৰিছে । চীনে ইয়াৰ শলাগ লৈছে ।

মাও নিঙে লগতে কয় যে অক্টোবৰ মাহত ৰাছিয়াৰ কাজানত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত এখন সফল বৈঠক হৈছিল, যিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি আৰু বিকাশৰ বাবে কৌশলগত দিশ প্ৰদান কৰিছিল । দুয়োখন দেশে উমৈহতীয়া চুক্তিসমূহ মানি চলি গুৰুত্বপূৰ্ণ আদান-প্ৰদান শক্তিশালী কৰি ইতিবাচক ফলাফল লাভ কৰে ।

২০০০ বছৰতকৈও অধিক সময়ৰ ইতিহাসত দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে: চীন

তেওঁ আৰু কয়, মই এই কথাত গুৰুত্ব দিব বিচাৰিছো যে ২০০০ বছৰতকৈও অধিক সময়ৰ ইতিহাসত দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ যোগাযোগ আছে । দুয়োখন দেশে ইখনে সিখনৰ পৰা শিকিছে, মানৱতাৰ সভ্যতামূলক সাফল্য আৰু প্ৰগতিত অৰিহণা যোগাইছে । তেওঁ লগতে কয় যে চীন আৰু ভাৰত বিশ্বৰ বৃহত্তম উন্নয়নশীল দেশ আৰু তেওঁলোকৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে ইখনে সিখনৰ সফলতাক বুজি পোৱা আৰু সমৰ্থন কৰাৰ বাবে একেলগে কাম কৰে । ই ২.৮ বিলিয়নতকৈও অধিক লোকৰ স্বাৰ্থৰ সেৱা কৰে আৰু অঞ্চলটোৰ অন্যান্য দেশৰ উমৈহতীয়া আকাংক্ষা পূৰণ কৰে ।

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত গুৰুত্বপূৰ্ণ চুক্তি… পুনৰ দোহাৰিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি

প্ৰধানমন্ত্ৰী মোদী আৰু নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে দিল্লীত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তিৰ সাক্ষী সাক্ষৰিত হয় ৷ নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে যৌথ প্রেছ বিবৃতিৰ সময়ত নৰেন্দ্ৰ মোদীয়ে কয়, “মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ কেবিনেটক ভাৰতলৈ আদৰণি জনাইছো… লাক্সন ভাৰতৰ সৈতে সংযুক্ত । আমি দেখিলোঁ যে তেওঁ শেহতীয়াকৈ কেনেকৈ হোলী উদযাপন কৰিছিল…আমি সুখী যে তেওঁৰ দৰে এজন যুৱ নেতা ৰাইচিনা ডাইলগ ২০২৫ত আমাৰ মুখ্য অতিথি….”

ইফালে সোমবাৰে নতুন দিল্লীত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । এই সময়ত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল । চুক্তিখনৰ পিছত এক যৌথ বিবৃতিত কোৱা হয় যে দুয়োখন দেশে প্ৰতিৰক্ষা অংশীদাৰিত্বক শক্তিশালী আৰু প্ৰতিষ্ঠানিকৰণৰ সিদ্ধান্ত লৈছে । ভাৰত আৰু নিউজীলেণ্ডৰ মাজত প্ৰতিৰক্ষা উদ্যোগত পাৰস্পৰিক সহযোগিতাৰ এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হ’ব । ইয়াৰ উপৰিও ভাৰত-নিউজীলেণ্ডৰ পাৰস্পৰিকভাৱে লাভজনক এফ টি এৰ আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “…অবৈধ প্ৰব্ৰজনৰ বিষয়টোৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত আৰু নিউজীলেণ্ডৰ মাজত চুক্তি প্ৰণয়নৰ কাম কৰা হ’ব ।” যৌথ বিবৃতিটোত কোৱা হৈছে যে সেয়া ২০১৯ চনৰ ক্ৰাইষ্টচাৰ্চ আক্ৰমণ হওক বা ২০০৮ চনৰ মুম্বাই আক্ৰমণ হওক, যিকোনো ৰূপতে সন্ত্ৰাসবাদ গ্ৰহণযোগ্য নহয় । দুয়োখন দেশে সন্ত্ৰাসবাদী, বিচ্ছিন্নতাবাদী আৰু উগ্ৰ উপাদানৰ বিৰুদ্ধে যুঁজত সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰে ।

এপ্ৰিলত শ্ৰীলংকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…চুবুৰীয়া দেশখনৰ সৈতে স্বাক্ষৰ কৰিব এইসমূহ চুক্তিত

২০২৪ বৰহ্ষত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কে দিল্লী ভ্ৰমণৰ সময়ত হোৱা চুক্তিসমূহ চূড়ান্ত কৰিবলৈ এপ্ৰিল মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকা ভ্ৰমণ কৰিব ।

সংসদত বাজেট আবণ্টনৰ আলোচনা সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথে কলম্বোত এই মন্তব্য কৰে । শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী হেৰাথে কয়, ‘আমাৰ চুবুৰীয়া দেশ ভাৰতৰ সৈতে আমি ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছো । আমাৰ প্ৰথম কূটনৈতিক ভ্ৰমণ আছিল ভাৰত, য’ত আমি দ্বিপাক্ষিক সহযোগিতাৰ ওপৰত কেইবাখনো চুক্তি স্বাক্ষৰ কৰিছিলো ।

এপ্ৰিল মাহত শ্ৰীলংকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে-

তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এপ্ৰিলৰ আৰম্ভণিতে দেশখনলৈ যাব । শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথে কয়, ‘সাম্পূৰ সৌৰ শক্তি কেন্দ্ৰ উদ্বোধনৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়ত কেইবাটাও নতুন বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব । চৰকাৰী মালিকানাধীন শক্তি উপযোগী প্ৰতিষ্ঠান চিলন ইলেক্ট্ৰিচিটি ব’ৰ্ড আৰু ভাৰতৰ এন টি পি চিয়ে ২০২৩ চনত পূব ট্ৰিংকোমালী জিলাৰ চাম্পৰ চহৰত ১৩৫ মেগাৱাটৰ সৌৰশক্তি কেন্দ্ৰ নিৰ্মাণৰ বাবে সন্মত হৈছিল ।

২০১৫ চনৰ পিছত এয়া হ’ব প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো ভ্ৰমণ-

বিজিতা হেৰাথে কয় যে আমি কোনো পক্ষ নোলোৱাকৈ আমাৰ বৈদেশিক নীতিত নিৰপেক্ষ হৈ থাকিম আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ বজাই ৰখাৰ বাবে কাম কৰিম ।’ ২০১৫ চনৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো শ্ৰীলংকা ভ্ৰমণ ।

শ্ৰীলংকাত ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতাৰ মাজতে ২০২৪ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত অনুৰা কুমাৰ দিছানায়াকে জয়লাভ কৰে । শ্ৰীলংকা দেউলীয়া হোৱাৰ পিছত এইটোৱেই আছিল প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচন, য’ত মাৰ্ক্সবাদী নেতা দিছানায়াকে জয়ী হৈছিল ।

ভাৰত মহাসাগৰৰ এটা স্থানত অৱস্থিত শ্ৰীলংকা, যিখন সামুদ্ৰিক বাণিজ্যৰ কেন্দ্ৰবিন্দু । পশ্চিম আৰু পূব এছিয়াক সংযোগ কৰি এই দেশখন বিশ্ব বাণিজ্যৰ সৈতে জড়িত হৈ আহিছে । চীন আৰু ভাৰত দুয়ো ইয়াত নিজৰ উপস্থিতি নিশ্চিত কৰিব বিচাৰে ।

মৰিচাছ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ..সৰ্বোচ্চ সন্মান লাভ কৰি ক’লে ‘আমাৰ বন্ধুত্ব শতিকা পুৰণি…’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে মৰিচাছত আছে । বুধবাৰে প’ৰ্ট লুইছত মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ভাৰতীয় নৌসেনাৰ এটা দলেও এই পেৰেডত অংশ লয় । উল্লেখ্য যে মঙলবাৰে মৰিচাছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত আদৰণি জনোৱা হয় । মঙলবাৰে ভাৰতীয় মূলৰ জনসাধাৰণক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

মৰিচাছ চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মানেৰে প্ৰধানমন্ত্ৰী মোদীক সম্বৰ্ধনা জনাইছে । এই সন্মানীয় সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী মোদী ।

কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

মৰিচাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰীয় দিৱসত মৰিচাছৰ সকলো নাগৰিককে আন্তৰিক শুভেচ্ছা জনাইছো । মোৰ বাবে এক বৃহৎ সৌভাগ্যৰ কথা যে ইয়াৰ ৰাষ্ট্ৰীয় দিৱসত মই পুনৰ মৰিচাছলৈ অহাৰ সুযোগ পাইছো । ভাৰত আৰু মৰিচাছ কেৱল ভাৰত মহাসাগৰৰ দ্বাৰাই নহয়, ভাগ-বতৰা কৰা সাংস্কৃতিক পৰম্পৰা আৰু মূল্যবোধৰ দ্বাৰাও সংযুক্ত হৈ আছে । অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ পথত আমি ইজনে সিজনৰ অংশীদাৰ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, প্ৰাকৃতিক দুৰ্যোগ হওক বা Covid ৰ দুৰ্যোগ হওক, আমি সদায় ইজনে সিজনক সমৰ্থন কৰি আহিছো । প্ৰতিৰক্ষা হওক বা শিক্ষা হওক, স্বাস্থ্য হওক বা স্থান হওক, আমি প্ৰতিটো ক্ষেত্ৰতে কান্ধত কান্ধ মিলাই খোজ কাঢ়িছো । যোৱা ১০ বছৰত আমি আমাৰ সম্পৰ্কত বহু নতুন মাত্ৰা সংযোজন কৰিছো । উন্নয়ন সহযোগিতা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়ি তোলা হৈছে ।

দাণ্ডী যাত্ৰাৰ ৯৫ বছৰ : প্ৰধানমন্ত্ৰী মোদীকে ধৰি আন আন নেতাৰ শ্ৰদ্ধাঞ্জলি, মহাত্মা গান্ধীৰ ত্যাগক স্মৰণ

আজি সমগ্ৰ দেশতে ঐতিহাসিক দণ্ডি মাৰ্চৰ ৯৫ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে । এই উপলক্ষে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু নেতাই মহাত্মা গান্ধীৰ লগতে এই যাত্ৰাৰ অংশগ্ৰহণকাৰীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দাণ্ডী মাৰ্চ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে আত্মনিৰ্ভৰশীলতা আৰু স্বাধীনতাৰ বাবে এক বৃহৎ আন্দোলন আৰম্ভ কৰিছিল । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দাণ্ডী যাত্ৰাৰ লগত জড়িত সকলোৰে সাহস, ত্যাগ আৰু সত্য আৰু অহিংসাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতাই মানুহক সদায় অনুপ্ৰাণিত কৰিব ।

কংগ্ৰেছ সভাপতিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে-

দণ্ডী যাত্ৰাৰ ৯৫ বছৰীয়া জয়ন্তী উপলক্ষে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও মহাত্মা গান্ধীৰ লগতে সকলো স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে আজিৰ পৰা ৯৫ বছৰ পূৰ্বে মহাত্মা গান্ধীয়ে দাণ্ডী মাৰ্চ আৰম্ভ কৰি ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল । তেওঁ কয় যে লৱণ সত্যগ্ৰহৰ পৰা আৰম্ভ কৰি দেশজোৰা আইন অমান্য আন্দোলন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পূৰ্ণ স্বাধীনতাৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । কংগ্ৰেছ পাৰ্টিয়ে এতিয়াও বাপুৰ নীতি জীয়াই ৰাখিছে । বাপুৰ শিক্ষা আৰু সত্যগ্ৰহ আজিও ১৯৩০ চনৰ দৰেই প্ৰাসংগিক । খৰ্গেই কয় যে পদযাত্ৰা কৰি মানুহৰ অধিকাৰ সুৰক্ষিত কৰাটো কংগ্ৰেছৰ লক্ষ্য হৈ আহিছে আৰু থাকিব ।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই –

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দাণ্ডী যাত্ৰাৰ ৯৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে ১৯৩০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে ব্ৰিটিছে আৰোপ কৰা নিমখ কৰৰ প্ৰতিবাদত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল । এয়া হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰা এক সাহসী পদক্ষেপ আছিল । এই পদক্ষেপ অত্যাচাৰীৰ বিৰুদ্ধে হোৱা আটাইতকৈ শক্তিশালী প্ৰতিবাদ হিচাপে সদায় মনত ৰাখিব ।

উল্লেখ্য যে, ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে নিমখ সত্যগ্ৰহ নামেৰে পৰিচিত দণ্ডী যাত্ৰা আৰম্ভ কৰে । আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰি গুজৰাটৰ দাণ্ডী গাঁৱলৈকে এই যাত্ৰা হৈছিল । ইয়াৰ উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰে আৰোপ কৰা নিমখ কৰ, যিটো ভাৰতৰ কৃষকৰ বাবে এক অত্যাচাৰ আছিল । গান্ধীজীয়ে বিশ্বাস কৰিছিল যে নিমখৰ দৰে সাধাৰণ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰাটো ভাৰতীয়ৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ ।

প্ৰধানমন্ত্ৰী মোদীলৈ মৰিচাছৰ সৰ্বোচ্চ অসামৰিক সন্মান…এই বঁটা লাভ কৰা প্ৰথম ভাৰতীয়

মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মঙলবাৰে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ লগে লগে মৰিচাছৰ সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী মোদী । প’ৰ্ট লুইছত অনুষ্ঠিত ভাৰতীয় সামূহিক অনুষ্ঠানত ৰামগুলামে এই ঘোষণা কৰে ।

দুদিনীয়া ৰাজ্যিক ভ্ৰমণসূচীৰে আজি মৰিচাছত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী, য’ত তেওঁক আদৰণি জনায় ৰামগুলমে । বিমানবন্দৰত দুয়োগৰাকী নেতাই উষ্ম আলিংগনেৰে ইজনে সিজনক সম্ভাষণ জনায় । বুধবাৰে মৰিচাছৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী । এই অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ এখন যুদ্ধ জাহাজৰ সৈতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে অংশগ্ৰহণ কৰিব । দেশখনত ভাৰতৰ পুঁজিৰে নিৰ্মিত ২০টাতকৈও অধিক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ উপৰিও তেওঁ দ্বীপ ৰাষ্ট্ৰখনত গণতন্ত্ৰ শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ কথাও ঘোষণা কৰিব ।

ইফালে মৰিচাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এই সময়ছোৱাত তেওঁ মৰিচাছৰ ৰাষ্ট্ৰপতিক বহু বস্তু উপহাৰ দিয়ে, য’ত মহাকুম্ভৰ সংগমৰ জল আৰু মাখানাও আছে । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গোখুলৰ পত্নী বৃন্দা গোখুলক এখন বানাৰসী ৰেচম শাৰীও উপহাৰ দিয়ে ।

‘দ্বিপাক্ষিক সম্পৰ্কক প্ৰসাৰিত কৰাৰ আলোচনা’

মৰিচাছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুলৰ সৈতে ভাল বৈঠক হৈছিল । ভাৰত আৰু ভাৰতীয় সংস্কৃতিৰ লগত তেওঁ ভালদৰে পৰিচিত । মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত যোগদান কৰিবলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰো । আমি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ ।

১০ বছৰৰ পাছত মৰিচাছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী-

১০ বছৰৰ মূৰত মৰিচাছ ভ্ৰমণত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । ইয়াৰ পূৰ্বে ২০১৫ চনৰ মাৰ্চ মাহত মৰিচাছ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । সেই সময়তো মোদীয়ে ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল । মৰিচাছ আৰু ভাৰতৰ মাজত পুৰণি সম্পৰ্ক আছে । ইয়াৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশ ভাৰতীয় মূলৰ ।

মহাকুম্ভৰ পবিত্ৰ জল, মাখানা…মৰিচাছৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বিশেষ উপহাৰ

মৰিচাছ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ধৰ্ম গোখুল আৰু তেওঁৰ পত্নীক বিশেষ উপহাৰ প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি গোখুলক ব্ৰঞ্জ আৰু পিতলৰ পাত্ৰত মহাকুম্ভৰ পবিত্ৰ গংগাজল উপহাৰ দিয়ে । একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছৰ ৰাষ্ট্ৰপতি গোখুলৰ পত্নীক উপহাৰ হিচাপে বানাৰসী শাৰী প্ৰদান কৰে । ইয়াৰ উপৰিও তেওঁ বিহাৰৰ বিখ্যাত ছুপাৰফুড মাখানাও উপহাৰ হিচাবে দিয়ে ।

মৰিচাছৰ ৰাষ্ট্ৰপতিৰ পত্নীক প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিলে বানাৰসী শাৰী-

মৰিচাছৰ ৰাষ্ট্ৰপতিৰ পত্নীক প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিলে বানাৰসী শাৰী । এই শাৰী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক, ইয়াৰ মিহি ৰেচম, জটিল ব্ৰকেড কামৰ বাবে পৰিচিত । এই সুন্দৰ শাৰীখন ৰাজকীয় নীলা ৰঙৰ, ৰূপালী জৰিৰ আৰ্হি আৰু এক অত্যাশ্চৰ্য পল্লুৰে সজ্জিত, যি ইয়াক বিবাহ, উৎসৱ আৰু বিশাল উদযাপনৰ বাবে আদৰ্শ কৰি তোলে ।

এই শাৰীখনৰ সৈতে গুজৰাটৰ পৰা অহা এটা সাদেলি বাকচো প্ৰদান কৰা হয়, যিটো বহুমূলীয়া শাৰী, গহনা বা স্মৃতি ৰখাৰ বাবে ডিজাইন কৰা হৈছে ।

গোখুলৰ পূৰ্বে মৰিচাছৰ সমকক্ষক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ-

ৰাষ্ট্ৰপতি গোখুলক সাক্ষাৎ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সমকক্ষ নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে আৰু দুয়োগৰাকী নেতাই ছাৰ ছিউছাগুৰ উদ্ভিদ উদ্যানত এজোপা গছ ৰোপণ কৰে ।

মৰিচাছত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি… গাৰ্ড অব অনাৰ প্ৰদান

দুদিনীয়া ভ্ৰমণসূচীৰে মৰিচাছত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মৰিচাছত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয় । প্ৰধানমন্ত্ৰী নবীন ৰামগুলামে মোদীক মালা পিন্ধাই বিমানবন্দৰত আদৰণি জনায় । তেওঁৰ লগত উপ-প্ৰধানমন্ত্ৰী, মৰিচাছৰ মুখ্য ন্যায়াধীশ, সংসদৰ অধ্যক্ষ, বিৰোধী দলৰ নেতা, বৈদেশিক মন্ত্ৰী, কেবিনেট সচিব, গ্ৰেণ্ড প’ৰ্ট জিলা পৰিষদৰ অধ্যক্ষকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে । সাংসদ, বিধায়ক, কূটনৈতিক প্ৰতিনিধি দল, ধৰ্মীয় নেতাকে ধৰি মুঠ ২০০ জন গণ্যমান্য ব্যক্তিয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত থাকে ।

বিষয়াসকলে কয় যে মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সামৰ্থ্য বিকাশৰ পৰা আৰম্ভ কৰি সম্প্ৰদায়ভিত্তিক আন্তঃগাঁথনি প্ৰকল্পলৈকে ২০টাতকৈয়ো অধিক মেড ইন ইণ্ডিয়া প্ৰকল্প উদ্বোধন কৰিব ।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে সমকক্ষ নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে অসামৰিক সেৱা মহাবিদ্যালয় ভৱন উদ্বোধন কৰিব । এই ভৱনটোৰ নিৰ্মাণ প্ৰায় ৪৭.৫ লাখ ডলাৰ ব্যয় কৰি সম্পূৰ্ণ কৰা হৈছে । ২০১৭ চনত এই প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল ।

প্ৰায় ৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২০টা সামূহিক প্ৰকল্প আৰু আঞ্চলিক স্বাস্থ্য কেন্দ্ৰও ই-উদ্বোধন কৰিব মোদীয়ে । এই সামূহিক প্ৰকল্পসমূহৰ ভিতৰত ক্ৰীড়া সম্পৰ্কীয় আন্তঃগাঁথনিও অন্তৰ্ভুক্ত আছে ।

‘আমি সন্মানিত অনুভৱ কৰিছো’

বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয় । মৰিচাছৰ উপ-বিদেশ মন্ত্ৰী হাম্বিৰাজন নৰসিংহনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰিচাছ ভ্ৰমণত তেওঁ সন্মানিত অনুভৱ কৰিছে । ইয়াক ‘বিশেষ অনুষ্ঠান’ বুলি অভিহিত কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বাবে বিমানবন্দৰত ৩৪জন মন্ত্ৰীয উপস্থিত থাকে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীক অতি আড়ম্বৰেৰে আদৰণি জনোৱা হয় ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ভ্ৰমণৰ বাবে সোমবাৰে গভীৰ নিশা মৰিচাছলৈ ৰাওনা হয় । ১২ মাৰ্চত মুখ্য অতিথি হিচাপে দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণৰ লক্ষ্য হৈছে “ভাৰত-মৰিচাছৰ চিৰস্থায়ী সম্পৰ্ক শক্তিশালী কৰা” ।

কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

মৰিচাছ ভ্ৰমণৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কৰ এক “নতুন আৰু উজ্জ্বল” অধ্যায় মুকলি কৰিব । ইফালে, মৰিচাছৰ বৈদেশিক মন্ত্ৰী ধনঞ্জয় ৰামফুলে জনোৱা মতে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত ১২ মাৰ্চত ক্ৰেডিট লাইন সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব । ২০১৬ চনত ভাৰতে মৰিচাছক ৩৫৩ মিলিয়ন ডলাৰৰ বিশেষ অৰ্থনৈতিক পেকেজ প্ৰদান কৰিছিল । ইয়াৰ ভিতৰত আছে মেট্ৰ’ এক্সপ্ৰেছ প্ৰজেক্ট, উচ্চতম ন্যায়ালয় ভৱন, নিউ ই এন টি হাস্পতাল, ছ’চিয়েল হাউছিং প্ৰজেক্ট আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ডিজিটেল টেবলেট ।

আজি নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ দায়িত্ব মহিলাৰ হাতত অৰ্পণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে, নাৰী দিৱসত নাৰী শক্তিক জনালে প্ৰণাম

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা মহিলাসকলক এদিনৰ বাবে চচিয়েল মিডিয়া একাউণ্ট ‘এক্স’ আৰু ইনষ্টাগ্ৰাম অৰ্পণ কৰিছে । আজি নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰি লিখিছে, ‘আমি নাৰী দিৱসৰ দিনা মহিলা শক্তিক প্ৰণাম জনাইছো । আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ বাবে সদায় কাম কৰি আহিছে, যিটো আমাৰ আঁচনি আৰু কাৰ্যসূচীত প্ৰতিফলিত হয় । আজি প্ৰতিশ্ৰুতি অনুসৰি মোৰ ছ’চিয়েল মিডিয়া প্ৰপাৰ্টিজ বিভিন্ন ক্ষেত্ৰত নিজৰ নাম উজলাই তোলা মহিলাসকলে চম্ভালিব !’

ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সকলো জ্ঞানেই হৈছে দেৱীৰ বিভিন্ন ৰূপৰ প্ৰকাশ আৰু পৃথিৱীৰ সকলো নাৰী শক্তিও ইয়াৰ প্ৰতিফলন । আমাৰ সংস্কৃতিত কন্যাৰ প্ৰতি সন্মান সৰ্বোচ্চ । এই শতিকাত মহিলাৰ অংশগ্ৰহণ বিশ্বৰ বৃদ্ধিৰ এক অতি ডাঙৰ কাৰক হ’বলৈ গৈ আছে । দেশ, যিখন সমাজে মহিলাক অধিক অংশগ্ৰহণ দিয়ে, সেইখন দ্ৰুতগতিত বৃদ্ধি পাব । আজি ভাৰতত নাৰী নেতৃত্বৰ বিকাশৰ যুগ ।”

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, “মহিলা হৈছে নীতি, সততা, সিদ্ধান্ত গ্ৰহণ ক্ষমতা আৰু নেতৃত্বৰ প্ৰতিফলন । আজি ভাৰতে নাৰীৰ প্ৰয়োজন আৰু আকাংক্ষাক মনত ৰাখি পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে । দেশৰ নতুন শক্তিই হৈছে এখন উন্নত ভাৰতৰ সংকল্প সাধনৰ আটাইতকৈ ডাঙৰ নিশ্চয়তা । গতিকে এইবাৰ নাৰী দিৱসত আহক আমি সকলোৱে মিলি অদম্য নাৰী শক্তিক উদযাপন, সন্মান আৰু প্ৰণাম জনাওঁ ।”

উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’ কাৰ্যসূচীত কৈছিল যে এইবাৰ নাৰী দিৱসত মহিলাই তেওঁৰ ছ’চিয়েল একাউণ্টৰ দায়িত্ব ল’ব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে সকলো উৎসৰ্গা কৰা মহিলাসকলকো স্মৰণ কৰি কয়, “মহিলা দিৱসৰ এই বিশেষ উপলক্ষে মই মোৰ এক্স, ইনষ্টাগ্ৰামৰ দৰে একাউণ্টসমূহ এদিনৰ বাবে দেশৰ একাংশ প্ৰেৰণাদায়ক মহিলাৰ হাতত তুলি দিম । এনেধৰণৰ মহিলাসকলে যিসকলে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে, তেওঁলোকে উদ্ভাৱন কৰিছে, যিসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ বাবে এক সুকীয়া পৰিচয় সৃষ্টি কৰিছে ।”