‘মই শিৱ ভক্ত, মই সকলো বিষ গিলি পেলাওঁ’… কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমৰ দৰং জিলাৰ মঙলদৈত ৬৩০০ কোটি টকাৰ স্বাস্থ্য আৰু আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক লক্ষ্য কৰি কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা আছে । কংগ্ৰেছে ভাৰত ৰত্ন ভূপেন হাজৰিকাক অপমান কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উন্নত ভাৰতত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা-

দৰঙত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘আজি সমগ্ৰ দেশ এক উন্নত ভাৰত গঢ়াৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িছে । বিশেষকৈ আমাৰ ডেকা বন্ধুসকল । তেওঁলোকৰ বাবে উন্নত ভাৰত এক সপোনৰ লগতে এটা সংকল্প । এই সংকল্প সম্পন্ন কৰাত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা অতি ডাঙৰ ।’ প্ৰধানমন্ত্ৰীয়ে কয় যে ‘একবিংশ শতিকাটো পূবৰ, উত্তৰ-পূৰ্বাঞ্চলৰ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ জিলিকি উঠাৰ সময় আহি পৰিছে । যিকোনো অঞ্চলৰ উন্নয়নত সংযোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । উত্তৰ-পূৰ্বাঞ্চলত সংযোগ বৃদ্ধিৰ বাবে আমাৰ চৰকাৰ উৎসৰ্গিত । পথ, ৰেলপথ আৰু বিমানপথৰ উন্নয়নৰ কাম চলি আছে । ইয়াৰ ফলত মানুহৰ জীৱন সলনি হৈছে আৰু উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত হৈছে ।’

প্ৰধানমন্ত্ৰীগৰায়ে কয় যে এই কংগ্ৰেছীসকলে মোক যিমানেই গালি-গালাজ নকৰক কিয়, মই ভগৱান শিৱৰ ভক্ত, মই সকলো বিষ গিলি পেলাওঁ, কিন্তু যেতিয়া আন কাৰোবাক অপমান কৰা হয় তেতিয়া মই সহ্য কৰিব নোৱাৰো । আপোনালোকে কওক, ভূপেন দাক ভাৰত ৰত্নৰে সন্মান জনোৱাৰ মোৰ সিদ্ধান্ত শুদ্ধ নে ভুল ?

অবৈধ অনুপ্ৰৱেশক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘কংগ্ৰেছৰ বাবে ভোট বেংকৰ স্বাৰ্থই আটাইতকৈ গুৰুত্বপূৰ্ণ । কংগ্ৰেছে কেতিয়াও ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে । আজি কংগ্ৰেছ হৈ পৰিছে ৰাষ্ট্ৰ বিৰোধী আৰু অনুপ্ৰৱেশকাৰীৰ ৰক্ষক । কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত অনুপ্ৰৱেশক উৎসাহিত কৰিছিল আৰু আজি কংগ্ৰেছে বিচাৰে যে অনুপ্ৰৱেশকাৰীয়ে ভাৰতত চিৰদিনৰ বাবে বসতি স্থাপন কৰক আৰু ভাৰতৰ ভৱিষ্যত অনুপ্ৰৱেশকাৰীয়ে নিৰ্ধাৰণ কৰক ।’

হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উপহাৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে দৰং মেডিকেল কলেজ এণ্ড হাস্পতালৰ লগতে নাৰ্চিং কলেজ আৰু জি এন এম স্কুল নিৰ্মাণৰ শুভাৰম্ভ কৰে । এই স্বাস্থ্যসেৱা প্ৰকল্পসমূহত মুঠ ৫৭০ কোটি টকা বিনিয়োগ কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে আনুমানিক ১২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাৰেংগী-কুৰুৱা দলং আৰু কামৰূপ আৰু দৰং জিলা আৰু মেঘালয়ৰ ৰি ভৈ সংযোগী ১১৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ৰিং ৰোড প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব ৪৫৩০ কোটি টকা ।

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীয়ে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত ৫০০০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা বাঁহ ভিত্তিক ইথানল প্লাণ্ট আৰু ৭,২৩০ কোটি টকা ব্যয় সাপেক্ষে পেট্ৰ’ ফ্লুইডাইজড কেটালাইটিক ক্ৰেকাৰ ইউনিট উদ্বোধন কৰিব । এইদৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক ১৮ হাজাৰ কোটিতকৈ অধিক মূল্যৰ মুঠ উন্নয়নমূলক প্ৰকল্প উপহাৰ দিব । শনিবাৰে সন্ধিয়া অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ৰত্ন বঁটা বিজয়ী ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনতো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমত ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । অসম ভ্ৰমণৰ দ্বিতীয়টো দিনত তেওঁ প্ৰথম দৰঙত উপস্থিত হ’ব, য’ত তেওঁ ৰাজহুৱা সভাত ভাষণ দি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । ইয়াৰ ভিতৰত আছে দৰং মেডিকেল কলেজ এণ্ড হাস্পতাল, জি এন এম স্কুল আৰু বি এছ চি নাৰ্চিং কলেজৰ লগতে ৰাজধানী অঞ্চলত যান-জঁটৰ সমস্যা হ্ৰাস আৰু গতিশীলতা বৃদ্ধিৰ বাবে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট নামৰ এটা গুৰুত্বপূৰ্ণ নগৰ আন্তঃগাঁথনি প্ৰকল্প ।

তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কুৰুৱা-নাৰেংগী দলঙৰ আধাৰশিলা স্থাপন কৰিব, যিয়ে আঞ্চলিক সংযোগৰ যথেষ্ট উন্নতি সাধন কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে গোলাঘাটৰ নুমলীগড় ভ্ৰমণ কৰিব, য’ত তেওঁ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ত অসম বায়’-ইথানল প্লাণ্ট উদ্বোধন কৰিব । জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে স্বচ্ছ আৰু নবীকৰণযোগ্য শক্তিৰ দিশত ভাৰতৰ পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংশ এই উদ্যোগ ।

উদ্বোধন কৰিব নিম কৰিডৰ ?

প্ৰধানমন্ত্ৰী মোদীয়ে আজি নুমলীগড়ত বিশ্বৰ প্ৰথমটো বায়’-ইথানল প্ৰকল্প আৰু পলিপ্ৰ’পাইলিন প্ৰকল্প উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক স্মৰণীয় কৰি তুলিবলৈ বিশেষ উদ্যোগ লোৱা হৈছে । লেটেকুজান চাহ বাগিচাৰ মাজেৰে যোৱা প্ৰায় ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোক “প্ৰধানমন্ত্ৰী নিম কৰিডৰ” নামেৰে নামাকৰণ কৰা হৈছে । এই পথৰ দুয়োকাষে নিম গছ ৰোপণ কৰি এক সেউজ পৰিবেশৰ সৃষ্টি কৰা হৈছে । খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এই পদক্ষেপক সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াইছে ।

ইয়াৰ উপৰিও তেওঁ একেটা শোধনাগাৰতে পলিপ্ৰ’পাইলিন উদ্যোগৰ আধাৰশিলা স্থাপন কৰিব, যিটোৱে অসমৰ ক্ৰমবৰ্ধমান পেট্ৰ’কেমিকেল খণ্ডত এক বৃহৎ বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ ঔদ্যোগিক বিকাশৰ উত্থান ঘটাব বুলি আশা কৰা হৈছে ।

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-

ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা স্মাৰক মুদ্ৰা মুকলি কৰাৰ লগতে বিশ্ব বিশ্ৰুত শিল্পীগৰাকীৰ জীৱন ভিত্তিক এখনি গ্ৰন্থও উন্মোচন কৰে ।

লগতে পঢ়ক : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰধানমন্ত্ৰীয়ে স্মৃতিত মুকলি কৰিলে স্মাৰক মুদ্ৰা… ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰধানমন্ত্ৰীয়ে স্মৃতিত মুকলি কৰিলে স্মাৰক মুদ্ৰা… ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰধানমন্ত্ৰীয়ে স্মৃতিত মুকলি কৰিলে স্মাৰক মুদ্ৰা

মণিপুৰ ভ্ৰমণ সামৰি শনিবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্শিকী উপলক্ষে গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত ৰোড শ্ব’ কৰে, য’ত তেওঁ ৰাইজৰ শুভেচ্ছা গ্ৰহণ কৰে । উপস্থিত ৰাইজে তেওঁক পুষ্পবৃষ্টিৰে আদৰণি জনাই ।

গ্ৰন্থ উন্মোচন আৰু ১০০ টকীয়া স্মাৰক মুদ্ৰা মুকলি-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপেন হাজৰিকাৰ জীৱন আধাৰিত এখন গ্ৰন্থও এই অনুষ্ঠানত উন্মেচন কৰে । এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ১০০ টকীয়া স্মৃতি মুদ্ৰাও মুকলি কৰে । এই অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীগয়ে কয়, মাত্ৰ কেইদিনমান পূৰ্বে ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্মদিন পাৰ হৈ গ’ল । এই দিনটোতে ভূপেন দালৈ উৎসৰ্গিত এটা প্ৰবন্ধত মোৰ অনুভৱ প্ৰকাশ কৰিলোঁ । তেওঁৰ জন্ম শতবাৰ্ষিকীৰ এই অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্য ।

তেওঁ কয়, ভূপেন দা ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ মহান নায়ক আছিল । দশক দশক পূৰ্বে যেতিয়া উত্তৰ-পূব অৱহেলাৰ বলি হৈছিল, তেতিয়া উত্তৰ-পূবক হিংসা আৰু বিচ্ছিন্নতাৰ জুইত জ্বলিবলৈ এৰি দিয়া হৈছিল । তেতিয়া ভূপেনদাই সেই কঠিন সময়তো ভাৰতৰ ঐক্যক কণ্ঠ দি থাকিল । তেওঁ এখন সমৃদ্ধিশালী উত্তৰ-পূবৰ সপোন দেখিছিল, প্ৰকৃতিৰ আচৰিত সৌন্দৰ্য্যত থিতাপি লোৱা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গীত গাইছিল ।

ভূপেন হাজৰিকাৰ কণ্ঠই এতিয়াও মানুহক শক্তি প্ৰদান কৰেঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভূপেন হাজৰিকা আজি আমাৰ মাজত কায়িকভাৱে উপস্থিত নাই, কিন্তু তেওঁৰ কণ্ঠই এতিয়াও মানুহক শক্তি প্ৰদান কৰে । তেওঁৰ সংগীতে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি তেওঁ ভাৰতীয় সাংস্কৃতিক পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত আছিল বুলি কয় প্ৰধানমন্ত্ৰীয়ে ।

‘ভূপেন হাজৰিকাক ভাৰতৰত্ন বঁটা প্ৰদান কৰি উত্তৰ-পূৰ্বাঞ্চলক কৰা হ’ল সন্মান’

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এজন প্ৰকৃত দেশপ্ৰেমৰ হৃদয়ৰ পৰা যি কণ্ঠ ওলায় সেয়া কেতিয়াও অসাৰ নহয় । আজি আমি দিনে নিশাই তেওঁৰ উত্তৰ-পূৰ্বাঞ্চলৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ কাম কৰি আছো । আমাৰ চৰকাৰে ভূপেন দাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সপোন আৰু আত্মসন্মানক সন্মান জনায় আৰু লগতে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অগ্ৰাধিকাৰ হিচাপে গঢ়ি তোলে । আমি অসম আৰু অৰুণাচল সংযোগী দেশৰ ভিতৰতে এখন দীঘলীয়া দলং নিৰ্মাণ কৰি ভূপেন হাজৰিকা দলং নাম দিলো । আজি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দ্ৰুত গতিত আগবাঢ়িছে । উন্নয়নৰ প্ৰতিটো মাত্ৰাতে নতুন অভিলেখ গঢ়ি উঠিছে । উন্নয়নৰ এই কৃতিত্বসমূহ দেশৰ পৰা ভূপেন দালৈ সঁচা শ্ৰদ্ধাঞ্জলি ।

তেওঁ কয়, অসমে সদায় দেশৰ আত্মসন্মানক কণ্ঠ দি আহিছে । ভূপেন দাৰ গীততো আমি একে কণ্ঠ শুনিবলৈ পাওঁ । ১৯৬২ চনৰ যুদ্ধ সংঘটিত হোৱাৰ সময়ত অসমে সেই যুদ্ধখন পোনপটীয়াকৈ প্ৰত্যক্ষ কৰি আছিল । তেতিয়া ভূপেন দাই দেশৰ প্ৰতিজ্ঞা উত্থাপন কৰিছিল… সেই প্ৰতিজ্ঞাই দেশবাসীক নতুন উদ্যমেৰে ভৰাই তুলিছিল ।

কি কলে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই ?

অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে ২০১১ চনত ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত অসমৰ ৰাইজে প্রধানমন্ত্রীয়ে শেষ বিদায়ত উপস্থিত হোৱাটো বিচাৰিছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া তেওঁৰ ১০০ সংখ্যক জন্ম জয়ন্তীত অংশগ্ৰহণ কৰি ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনোৱাত তেওঁ সুখ প্ৰকাশ কৰে । শৰ্মাই কয়, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ মাজলৈ আহি ভূপেন দাক সন্মান জনাইছে । আমি অসমীয়াই এই কথা কেতিয়াও পাহৰিব নোৱাৰো আৰু এই কাৰণে প্ৰধানমন্ত্ৰীক সদায় মনত ৰাখিম ।

লগতে পঢ়ক : আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে… মণিপুৰত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

মণিপুৰৰ পৰা সুশীলা কাৰ্কীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ… মহিলা সৱলীকৰণৰ নিদৰ্শন আখ্যা

মণিপুৰৰ পৰা সুশীলা কাৰ্কীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

শনিবাৰে মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুবছৰ ধৰি জাতিগত হিংসাৰ জুইত জ্বলি থকা প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম মণিপুৰ ভ্ৰমণ । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ সৈতে জড়িত বহু প্ৰকল্পৰ কথা ঘোষণা আৰু আৰম্ভ কৰাৰ সময়তে চুবুৰীয়া দেশ নেপালৰ শেহতীয়া ৰাজনৈতিক পৰিঘটনা আৰু দেশখনত গঠন হোৱা নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ কথাও প্ৰথমবাৰৰ বাবে উল্লেখ কৰে ।

সুশীলা কাৰ্কীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নেপাল ভাৰতৰ অতি ঘনিষ্ঠ বন্ধু আৰু দুয়োখন দেশৰ সম্পৰ্কক বান্ধি ৰখাৰ এক ইতিহাস আৰু সংস্কৃতি আছে । ১৪০ কোটি ভাৰতীয়ৰ হৈ নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ । প্ৰধানমন্ত্ৰী মোদীয়ে সুশীলা কাৰ্কীয়ে নেপালত “শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব” বুলি আত্মবিশ্বাস প্ৰকাশ কৰে ।

নাৰী সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন সুশীলা কাৰ্কী- প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সুশীলা কাৰ্কী নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাক নাৰী সৱলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন বুলি অভিহিত কৰে । নেপালৰ জনসাধাৰণক প্ৰশংসা কৰি তেওঁ কয় যে কঠিন আৰু অস্থিৰ পৰিস্থিতিতো তাত থকা জনসাধাৰণে গণতান্ত্ৰিক মূল্যবোধক সৰ্বোচ্চ কৰি ৰাখিছে ।

নেপালত পৰিৱৰ্তিত চিন্তা আৰু উজ্জ্বল ভৱিষ্যতৰ লক্ষণ- প্ৰধানমন্ত্ৰী মোদী

মণিপুৰত ভাষণ দিওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে আন এক দিশৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে যোৱা কেইদিনমানৰ পৰা নেপালৰ যুৱক-যুৱতীসকলে ৰাজপথলৈ ওলাই আহি চাফাই আৰু ৰং কৰা কাম কৰি আহিছে । এই প্ৰচেষ্টা নেপালৰ পৰিৱৰ্তিত নতুন চিন্তাধাৰা আৰু উজ্জ্বল ভৱিষ্যতৰ দিশত এক শক্তিশালী লক্ষণ । শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ জনসাধাৰণ আৰু নতুন চৰকাৰক অভিনন্দন জ্ঞাপন কৰি কয় যে ভাৰত সদায় নেপালৰ সৈতে খোজৰ সৈতে খোজ মিলাই আগুৱাই যাব ।

লগতে পঢ়ক : নেপালত উদয় নতুন সূৰ্য্য!পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত কাঠমাণ্ডুত প্ৰত্যাহাৰ কাৰ্ফিউ

আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে… মণিপুৰত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

মণিপুৰত প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উপস্থিত হোৱাৰ লগ লগে ফুলাম গামোচাৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক । প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে ।

উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰীয়ে চুৰাচান্দপুৰত ৭৩০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মণিপুৰ দেশৰ মুকুট । মণিপুৰ সাহস আৰু আবেগৰ ভূমি । ২০১৪ চনৰ পৰা আমি মণিপুৰৰ সংযোগৰ কাম কৰি আহিছো । এতিয়া মণিপুৰৰ গাঁৱলৈয়ো পথ গৈছে । ইয়াৰ বাবেই মণিপুৰ উন্নয়নৰ পথত আগবাঢ়িছে ।

মণিপুৰৰ জনসাধাৰণক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰৰ ভূমি সাহস আৰু শৌৰ্য্যৰ ভূমি । মণিপুৰৰ ৰাইজৰ আত্মাক প্ৰণাম জনাব বিচাৰিছো । প্ৰচণ্ড বৰষুণ হোৱাৰ পিছতো আপোনালোক সকলোৱে ইয়ালৈ আহিছে, আপোনালোকৰ মৰমৰ বাবে ধন্যবাদ জনাইছো । ধাৰাসাৰ বৰষুণৰ বাবে মোৰ হেলিকপ্টাৰ আহিব নোৱাৰিলে, গতিকে পথেৰে অহাৰ সিদ্ধান্ত ল’লোঁ । ৰাস্তাত দেখা দৃশ্যবোৰৰ বাবে ভগৱানক ধন্যবাদ জনাইছো যে আজি মোৰ হেলিকপ্টাৰখনে কাম কৰা নাছিল । মণিপুৰৰ যুৱক-যুৱতীসকলক যিদৰে হাতত ত্ৰিৰংগ ধৰি থকা দেখিলোঁ, মই জীৱনৰ এই মুহূৰ্তটো কেতিয়াও পাহৰিব নোৱাৰো ।’

মণিপুৰত আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে-

মণিপুৰে যোৱা ২ বছৰ ধৰি হিংসাৰ সৈতে যুঁজি আহিছে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক শান্তিৰ বাবে আবেদন জনাই কয়, ‘যিকোনো স্থানত শান্তি প্ৰতিষ্ঠা কৰাটো অতি গুৰুত্বপূৰ্ণ । যোৱা ১১ বছৰত বহু সংঘাতৰ অন্ত পৰিছে । আশা আৰু বিশ্বাসৰ পুৱাই টোকৰ মাৰিছে । যোৱা কেইবছৰমানৰ পৰা ইয়াৰ মানুহে উন্নয়নক অগ্ৰাধিকাৰ দিছে । ভৱিষ্যতেও উন্নয়নে অধিক শক্তি লাভ কৰিব বুলি মোৰ বিশ্বাস । শান্তিৰ পথত আগবাঢ়ি যাবলৈ আৰু সপোন পূৰণ কৰিবলৈ, সন্তানৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ সকলো সংগঠনলৈ আহ্বান জনাম । মই আপোনালোকৰ লগত আছো ।’

মণিপুৰৰ পথ আৰু ৰেলৰ বাজেট বৃদ্ধি-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মণিপুৰ এখন সীমান্ত ৰাজ্য আৰু ইয়াত সংযোগ সদায় এটা ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে । ভাল ৰাস্তাৰ অভাৱত আপোনালোকে সন্মুখীন হোৱা অসুবিধাবোৰ মই ভালদৰে বুজি পাওঁ । সেইবাবেই ২০১৪ চনৰ পৰা মণিপুৰৰ সংযোগৰ নিৰন্তৰ উন্নতিৰ ওপৰত গুৰুত্ব দি আহিছো আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে দুটা স্তৰত কাম কৰিছে । প্ৰথমে আমি মণিপুৰৰ পথ আৰু ৰেলৱেৰ বাজেট বৃদ্ধি কৰিলোঁ । দ্বিতীয়তে, আমি গাঁওসমূহক পথৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলাইছিলো । বিগত কেইটামান বছৰত মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩৭০০ কোটি টকা ব্যয় কৰা হৈছে । নতুন ঘাইপথ নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে ৮,৭০০ কোটি টকা । ভৱিষ্যতেও এই উন্নয়নৰ পৰ্যায় অব্যাহত থাকিব ।’

লগতে পঢ়ক : ‘মই আপোনাৰ লগত আছো…’;মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য

আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ… ১৫০০ কোটিৰ আৰ্থিক সাহায্য ঘোষণা

আকাশ মাৰ্গেৰে বান বিধ্বস্ত হিমাচল পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

এইবাৰৰ বাৰিষাত বানপানী, ভূমিস্খলন আৰু ধাৰাষাৰ বৰষুণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা হিমাচল প্ৰদেশৰ মাণ্ডী আৰু কুল্লুৰ দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহৰ মঙলবাৰে আকাশী জৰীপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে বানাক্ৰান্ত ৰাজ্যখনৰ বাবে ১৫০০ কোটিৰ সাহায্যৰ কথাও ঘোষণা কৰে ।

তেওঁ এক্সত এটা পোষ্টত লিখিছে, ‘হিমাচল প্ৰদেশৰ বান আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে আকাশী জৰীপ চলোৱা হয় । এই কঠিন সময়ত আমি জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছো আৰু ক্ষতিগ্ৰস্ত লোকসকলক অবিৰত সহায় নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে ।’

হিমাচল প্ৰদেশলৈ ১৫০০ কোটিৰ আৰ্থিক সাহায্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ এছ ডি আৰ এফ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দ্বিতীয় কিস্তিও আগতীয়াকৈ মুকলি কৰি দিয়া হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ অঞ্চল আৰু জনসাধাৰণক পুনৰ ভাল অৱস্থালৈ অনাৰ বাবে বহুমুখী পন্থাৰ আহ্বান জনায় ।

পি এম আৱাস যোজনাৰ অধীনত নিৰ্মাণ হ’ব ঘৰ-

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিমাচল প্ৰদেশত ভূমিস্খলন আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ঘৰ পুনৰ নিৰ্মাণ কৰা হ’ব । ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা হ’ব, বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হ’ব । ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনতো দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলে সহায় লাভ কৰিব । পশুধনৰ বাবে জাৰি কৰা হ’ব মিনি কিট ।

বিশেষকৈ যিসকল কৃষকৰ বৰ্তমান বিদ্যুতৰ সংযোগ নাই তেওঁলোকক অতিৰিক্ত সাহায্য প্ৰদান কৰা হ’ব । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ক্ষতিগ্ৰস্ত ঘৰৰ জিঅ’টেগিং কৰা হ’ব । ইয়াৰ দ্বাৰা ক্ষতিৰ সঠিক মূল্যায়ন আৰু ক্ষতিগ্ৰস্ত লোকসকলক দ্ৰুতভাৱে সাহায্য প্ৰদান কৰাত সহায়ক হ’ব ।

শিশুসকলৰ নিৰৱচ্ছিন্ন শিক্ষা নিশ্চিত কৰিবলৈ বিদ্যালয়সমূহে ক্ষতিৰ ৰিপৰ্ট আৰু জিঅ’টেগ কৰা হব, যিয়ে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সময়মতে সাহায্য লাভ কৰাত সহায় কৰিব । ইতিমধ্যে কেন্দ্রীয় চৰকাৰে বিভিন্ন মন্ত্র্যালয়ৰ এটা দল হিমাচল প্রদেশলৈ প্রেৰণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ৷ এই দলটোৱে দাখিল কৰা বিশদ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে হিমাচল প্ৰদেশৰ বাবে অধিক সহায়ৰ কথা বিবেচনা কৰিব ।

হিমাচল ত ৩৭০ জনৰো অধিক লোকৰ মৃত্যু-

২০ জুনৰ পৰা ৮ ছেপ্টেম্বৰৰ ভিতৰত হিমাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণ, ডাৱৰ বিস্ফোৰণ, বানপানী আৰু ভূমিস্খলনৰ ফলত ৪,১২২ কোটি টকাৰো অধিক লোকচান হৈছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যখনত ৩৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে ২০৫ জন লোকৰ মৃত্যু হৈছে বৰষুণৰ লগত জড়িত কাণ্ডত, য’ত ৪৩ জন ভূমিস্খলন, ১৭ জন ডাৱৰ বিস্ফোৰণ আৰু ৯ জন লোকৰ মৃত্যু হৈছে ।

ইফালে এই পাহাৰীয়া ৰাজ্যত পথ দুৰ্ঘটনাত ১৬৫ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও ৪১ জন লোক এতিয়াও সন্ধানহীন হৈ আছে । হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণে আন্তঃগাঁথনিৰো ব্যাপক ক্ষতিসাধন কৰিছে । ৰাজ্যখনত ৬৩৪৪টা ঘৰ, ৪৬১খন দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন হৈছে । বাৰিষা আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যখনত ১৩৬টা ভূমিস্খলন, ৯৫টা বান আৰু ৪৫টা ডাৱৰ বিস্ফোৰণৰ তথ্য পোৱা গৈছে ।

লগতে পঢ়ক : ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ মেক্ৰনক

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ মেক্ৰনক

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

শনিবাৰে (২ ছেপ্টেম্বৰ) ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ মাজতে দুয়োগৰাকী নেতাই ইউক্ৰেইনত সংঘাতৰ শীঘ্ৰে অন্ত পেলোৱাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে । এই সমস্যাৰ শান্তিপূৰ্ণ সমাধান আৰু সমগ্ৰ অঞ্চলটোৰ শান্তি আৰু স্থিতিশীলতা আগতীয়াকৈ পুনৰুদ্ধাৰ কৰাৰ বাবে ভাৰতৰ অবিৰত সমৰ্থনৰ কথাও তেওঁলোকে পুনৰবাৰ উল্লেখ কৰে ।

তেওঁলোকে দুয়োখন দেশৰ (ৰাছিয়া আৰু ইউক্ৰেইন) যুদ্ধৰ অন্ত পেলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ইয়াৰ লগতে দুয়োগৰাকী নেতাই ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্কৰ বিষয়েও আলোচনা কৰে । দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ ইতিবাচক অগ্ৰগতিক আদৰণি জনায় ।

ছচিয়েল মিডিয়াত পোষ্ট কৰিলে প্ৰধানমন্ত্ৰীয়ে-

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মেক্ৰনৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে অৱগত কৰে । তেওঁৰ পোষ্টত পি এম ই লিখিছে, ‘ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে বহুত ভাল কথা-বতৰা হৈছিল । আমি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ইতিবাচক মূল্যায়ন কৰিলোঁ । ইউক্ৰেইনত সংঘাতৰ অন্ত পেলোৱাৰ প্ৰচেষ্টাকে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত মত বিনিময় কৰা হয় । ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বই বিশ্ব শান্তি আৰু স্থিতিশীলতাক প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব’ ।

ৰাষ্ট্ৰপতি মেক্ৰনেও পোষ্ট শ্বেয়াৰ কৰে-

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে আৰু পেৰিছত ৰাষ্ট্ৰপতি জেলেনস্কি আৰু মিত্ৰ দেশসমূহৰ সৈতে হোৱা বৈঠকৰ ফলাফলৰ বিষয়ে অৱগত কৰে । মেক্ৰনে কয় যে ইউক্ৰেইনত ন্যায়সংগত আৰু স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰত আৰু ফ্ৰান্সৰ একে প্ৰতিশ্ৰুতি আছে । তেওঁ জোৰ দি কয় যে দুয়োখন দেশে নিজৰ বন্ধুত্ব আৰু কৌশলগত অংশীদাৰিত্বৰ ভিত্তিত শান্তিৰ দিশত একেলগে কাম কৰি যাব ।

বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা-

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে অৰ্থনীতি, প্ৰতিৰক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু মহাকাশৰ দৰে বহু ক্ষেত্ৰত অগ্ৰগতিৰ পৰ্যালোচনা কৰে । দুয়োগৰাকী নেতাই এই সহযোগিতাক আৰু অধিক আগুৱাই নিবলৈ সন্মত হয় আৰু হৰাইজন ২০৪৭ ৰোডমেপ, ইণ্ডো-পেচিফিক ৰোডমেপ আৰু ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল ৰোডমেপৰ অধীনত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে ।

ভাৰত ভ্ৰমণৰ নিমন্ত্ৰণ গ্ৰহণ কৰে মেক্ৰনে-

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে আয়োজন কৰিবলগীয়া এ আই ইমপেক্ট ছামিটৰ আমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে মেক্ৰনক ধন্যবাদ জনাই মোদীয়ে কয় যে তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক আদৰণি জনোৱাৰ বাবে আগ্ৰহী । মোদী-মেক্ৰনৰ আলোচনা সন্দৰ্ভত ভাৰতে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া এ আই ইমপেক্ট ছামিটত অংশগ্ৰহণৰ বাবে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে ।

লগতে পঢ়ক : ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ এয়াৰ ষ্ট্ৰাইক… কিয়েভত ৮০০ৰো অধিক ড্ৰোন নিক্ষেপ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । এই তথ্য ৰাষ্ট্ৰপতি ভৱনে প্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতি ভৱনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । তেওঁলোকৰ বৈঠকৰ এখন ফটোও শ্বেয়াৰ কৰা হৈছে । উল্লেখ্য যে জাপান আৰু চীন ভ্ৰমণৰ পৰা উভতি অহাৰ কিছুদিন পিছতে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

এই ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই ভাৰত আৰু জাপানৰ মাজত বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপান কেৱল দুখন বৃহৎ অৰ্থনীতি নহয় বৰঞ্চ সজীৱ গণতন্ত্ৰও আৰু সেইবাবেই তেওঁলোকৰ অংশীদাৰিত্ব দ্বিপাক্ষিক স্বাৰ্থত সীমাবদ্ধ নহয় বৰঞ্চ বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ বাবেও ই গুৰুত্বপূৰ্ণ । ভাৰতে আগন্তুক দহ বছৰত জাপানৰ পৰা ১০ ট্ৰিলিয়ন য়েন বিনিয়োগ আকৰ্ষণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই পদক্ষেপে দুয়োখন দেশৰ দায়বদ্ধতা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটায় ।

জাপানৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে চীন ভ্ৰমণ কৰে, য’ত তেওঁ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰে । এছ চি অ’ শীৰ্ষ সন্মিলন উপলক্ষে টিয়ানজিনত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ গুৰুত্বৰ ওপৰত দুয়োপক্ষই একমত । এই বৈঠকৰ সৈতে জড়িত ছবিখন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে পঢ়ক : ‘স্মাৰ্ট শ্ৰেণীকোঠাতকৈ স্মাৰ্ট শিক্ষকৰ গুৰুত্ব বেছি’; ৰাষ্ট্ৰপতি মুৰ্মুৰ বাৰ্তা…

আৰম্ভ হ’ল চতুৰ্থ ছেমিকন ইণ্ডিয়া… উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

আৰম্ভ হ’ল চতুৰ্থ ছেমিকন ইণ্ডিয়া

মঙলবাৰে ছেমিকন ইণ্ডিয়া ২০২৫ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰতিনিধি দল আৰু বহুতো ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিছে । তিনিদিনীয়া এই অনুষ্ঠানত ছেমিকণ্ডাক্টৰ বা অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ পৰা আৰম্ভ কৰি এ আই গৱেষণালৈকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ পৰা মেড ইন ইণ্ডিয়া কমাৰ্চিয়েল চিপৰ উৎপাদন আৰম্ভ হ’ব আৰু তেওঁ অৰ্ধপৰিবাহীক ডিজিটেল হীৰা বুলি অভিহিত কৰে । উল্লেখ্য যে, এয়া চতুৰ্থ ছেমিকন ইণ্ডিয়া ইভেণ্ট ।

ছেমিকন ইণ্ডিয়া ২০২৫ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্ধপৰিবাহী চিপছেট ইক’-চিষ্টেমৰ অধীনত চিপছেটৰ সমগ্ৰ কাম ভাৰততে কৰা হ’ব।  ইয়াৰ ভিতৰত ডিজাইনৰ পৰা আৰম্ভ কৰি প্ৰডাকচনলৈকে সকলো অন্তৰ্ভুক্ত আছে । ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ আন এটা শক্তি হৈছে যে ই অতি উন্নত প্ৰযুক্তিৰে আগবাঢ়িছে ।

নয়ডা আৰু বাংগালুৰুত নিৰ্মাণ হৈ থকা ডিজাইন চেণ্টাৰসমূহে বিশ্বৰ আটাইতকৈ উন্নত চিপছেট নিৰ্মাণৰ কাম কৰি আছে । এই চিপছেটৰ সহায়ত একবিংশ শতিকাৰ প্ৰযুক্তিয়ে নতুন শক্তি লাভ কৰিব ।

১ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব অৰ্ধপৰিবাহী বজাৰে-

প্ৰধানমন্ত্ৰীয়ে কয় যে, অৰ্ধপৰিবাহীৰ বিশ্বব্যাপী বজাৰখনে কেইবছৰমানৰ ভিতৰতে ১ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব । লগতে এই ১ ট্ৰিলিয়ন ডলাৰৰ বজাৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ গৈ আছে ।

ভাৰতত ছেমিকন ইণ্ডিয়া ২০২৫ৰ পৰিকল্পনা ২০২১ চনত আৰম্ভ কৰা হৈছিল । ইয়াৰ পিছত তেওঁ কয় যে এই প্ৰক্ৰিয়াত দেশখন আগবাঢ়িছে আৰু ইয়াৰ ওপৰত ডেৰ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে ।

অৰ্ধপৰিবাহী উদ্যোগটো গতিৰ ওপৰত নিৰ্ভৰশীল । এই দিশত চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আছে আৰু একেখন মঞ্চতে কেন্দ্ৰ আৰু ৰাজ্যৰ সকলো অনুমোদন লাভ কৰা হৈছে । বহু কাম কাগজৰ কামৰ পৰা মুক্ত হৈ পৰিছে ।

লগতে পঢ়ক : ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি… অধিক শক্তিশালী হ’ব ৰকেট আৰু উপগ্ৰহৰ অভিযান