ভাৰতত বন্ধ হ’ল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্ট…

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ বিৰুদ্ধে ভাৰতত বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ভাৰতত তেওঁৰ এক্স একাউণ্ট ব্লক কৰা হৈছে ।

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰতক লৈ তেওঁ অহৰহ বিভিন্ন বক্তব্য দি আছিল । ভাৰতৰ সৈতে সম্ভাৱ্য যুদ্ধ সন্দৰ্ভত বহু সাক্ষাৎকাৰত বিতৰ্কিত বক্তব্যও দিছে তেওঁ ।

ৰয়টাৰৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কৈছিল যে আমি আমাৰ বাহিনীৰ শক্তি আৰু অধিক বৃদ্ধি কৰিছো কাৰণ যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । তেওঁৰ বক্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । আছিফে নিজেই কয় যে তেওঁৰ বক্তব্য বিকৃত কৰা হৈছে ।

খোৱাজা আছিফে কৈছিল যে পাকিস্তান হাই এলাৰ্টত আছে । আমাৰ অস্তিত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আহিলেহে আমি আমাৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিম । যুদ্ধ হ’লে আমিও তাৰ বাবে মানসিকভাৱে সাজু হৈ থাকোঁ ৷ আগন্তুক দুই-তিনি-চাৰিদিনত যুদ্ধৰ সূচনা হোৱাৰ সম্ভাৱনা অতি স্পষ্ট ।

আছিফে কয় যে যদি পাকিস্তানৰ সাৰ্বভৌমত্বৰ প্ৰতি কিবা ভাবুকি আহে তেন্তে আমি ইয়াৰ সন্মুখীন হ’বলৈ ১০০ শতাংশ সাজু । আগন্তুক কেইদিনমানত যুদ্ধৰ আশংকা আছে যদিও ইয়াৰ পৰা হাত সাৰিব পাৰি ।

ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে পাকিস্তানে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ পুঁজিৰ সমৰ্থনৰ দীৰ্ঘ ইতিহাস আছে । স্কাই নিউজৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁ কয় যে আমি ৩০ বছৰ ধৰি আমেৰিকাৰ বাবে এই কাম কৰি আহিছো ।

ভাৰতৰ সৈতে সৰ্বাত্মক যুদ্ধৰ কথা কোৱা খোৱাজা আছিফে কৈছিল যে পাকিস্তানত লস্কৰ-ই-তৈবা শেষ হৈছে । খোৱাজা আছিফে স্বীকাৰ কৰে যে পূৰ্বতে পাকিস্তানৰ সৈতে লস্কৰৰ কিছু সম্পৰ্ক পোৱা গৈছে । অৱশ্যে এতিয়া এই সন্ত্ৰাসবাদী সংগঠনৰ অন্ত পৰিল বুলিও তেওঁ কয় ।

প্ৰতিৰক্ষা, শক্তি, মন্দিৰ উন্নয়ন… ভাৰত আৰু শ্ৰীলংকাৰ মাজত সাক্ষৰ ৭ খন গুৰুত্বপূৰ্ণ চুক্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰীলংকা ভ্ৰমণত চুবুৰীয়া দেশ দুখনৰ মাজত বহু গুৰুত্বপূৰ্ণ চুক্তি সাক্ষৰ হয় । শনিবাৰে কলম্বোৰ ৰাষ্ট্ৰপতি সচিবালয়ত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে প্ৰতিৰক্ষা, শক্তি, মন্দিৰ উন্নয়নকে ধৰি কেইবাটাও বিষয়ত একমতত উপনীত হয় । প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি আৰু শক্তিৰ কেন্দ্ৰ হিচাপে ট্ৰিংকোমালীক গঢ়ি তোলাকে ধৰি দুয়োখন দেশে কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে ।

স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তি স্বাক্ষৰিত-

অন্যান্য বুজাবুজি চুক্তিসমূহৰ ভিতৰত আছে শক্তিৰ আমদানি/ৰপ্তানিৰ বাবে এইচ ভি ডি চি আন্তঃসংযোগ ৰূপায়ণ; ইয়াৰ ভিতৰত ডিজিটেল ৰূপান্তৰৰ বাবে বৃহৎ পৰিসৰত ৰূপায়িত সফল ডিজিটেল সমাধানৰ ভাগ-বতৰাত সহযোগিতা, পূব প্ৰদেশৰ বাবে বহুখণ্ডীয় অনুদানৰ সমৰ্থন, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা আৰু ফাৰ্মাকোপিয়া সহযোগিতা আদি অন্তৰ্ভুক্ত ।

শ্ৰীলংকাত অৱস্থিত মন্দিৰৰ উন্নয়নত ভাৰতে সহায় কৰিব-

লগতে ত্ৰিংকোমালীৰ থিৰুকনেশ্বৰম মন্দিৰ, নুৱাৰা এলিয়াৰ সীতা এলিয়া মন্দিৰ আৰু অনুৰাধাপুৰাত পবিত্ৰ নগৰ কমপ্লেক্স প্ৰকল্পৰ উন্নয়নৰ বাবে ভাৰতৰ পৰা সাহায্য অনুদান; ‘আন্তঃৰাষ্ট্ৰীয় ভেছাক দিৱস ২০২৫’ত শ্ৰীলংকাত ভগৱান বুদ্ধৰ ধ্বংসাৱশেষ প্ৰদৰ্শন; ঋণ পুনৰ্গঠনৰ ক্ষেত্ৰতো দ্বিপাক্ষিক সংশোধনী চুক্তি স্বাক্ষৰিত হয় ।

ডাম্বুল্লাত নিৰ্মাণ হ’ব ৫০০০ মেট্ৰিক টন গুদাম-

দুয়োগৰাকী নেতাই যৌথভাৱে কৃষিৰ ক্ষেত্ৰত হাই ইমপেক্ট কমিউনিটি ডেভেলপমেণ্ট প্ৰজেক্ট, ডাম্বুল্লাত প্ৰথমটো ৫০০০ মেট্ৰিক টন উষ্ণতা নিয়ন্ত্ৰিত গুদাম আৰু শ্ৰীলংকাৰ ২৫খন জিলাৰ আটাইকেইখনতে ধৰ্মীয় স্থানত ৫০০০ সৌৰ ছাদৰ ইউনিটৰ উদ্বোধন কৰে ।

দুয়োজন নেতাই ১২০ মেগাৱাট শক্তিৰ সম্পুৰ সৌৰ প্ৰকল্পৰ আৰম্ভণিৰ বাবে এক ভাৰ্চুৱেল ভূমিপূজন অনুষ্ঠানতো অংশগ্ৰহণ কৰে ।

প্ৰধানমন্ত্ৰী মোদীক শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘মিত্ৰ বিভূষণ’ প্ৰদান-

ইয়াৰ পূৰ্বে শ্ৰীলংকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ সন্মান ‘মিত্ৰ বিভূষণ’ৰে সন্মানিত কৰে । ৰাষ্ট্ৰপতি দিছানায়াকে তেওঁক এই সন্মান প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোদীক বিদেশী ৰাষ্ট্ৰই প্ৰদান কৰা এয়া ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান ।

দুয়োখন দেশৰ মাজত ৭খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত-

দুয়োখন দেশৰ মুৰব্বীৰ মাজত হোৱা আলোচনাৰ সময়ত দুয়োখন দেশৰ নিৰাপত্তা আন্তঃসংযোগী আৰু ইখনে সিখনৰ ওপৰত নিৰ্ভৰশীল বুলি গুৰুত্ব আৰোপ কৰা হয় । প্ৰধানমন্ত্ৰী মোদী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকেৰ মাজত বিস্তৃত আলোচনাৰ অন্তত স্বাক্ষৰিত হোৱা সাতখন গুৰুত্বপূৰ্ণ চুক্তিৰ ভিতৰত এই প্ৰতিৰক্ষা চুক্তি অন্যতম ।

শ্ৰীলংকাত ভাৰতীয় সেনাৰ হস্তক্ষেপৰ ৪ দশকৰ পাছত বৃহৎ চুক্তি-

এই প্ৰতিৰক্ষা চুক্তিক কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ বুলি বিবেচিত হৈছে । শ্ৰীলংকাত ভাৰতীয় শান্তি ৰক্ষা বাহিনীৰ হস্তক্ষেপৰ প্ৰায় চাৰি দশকৰ পাছত এই চুক্তিত উপনীত হৈছে । ত্ৰিংকোমালিক শক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও দুয়োখন দেশে চুক্তিত স্বাক্ষৰ কৰে ।

ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২৩,৬২২ কোটি বৃদ্ধি… ২০২৯ৰ ভিতৰত ৫০ হাজাৰ কোটি টকাৰ লক্ষ্যঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ২০২৪-২৫ বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২৩,৬২২ কোটি টকা (প্ৰায় ২.৭৬ বিলিয়ন মাৰ্কিন ডলাৰ)ৰ অভিলেখ সৃষ্টি কৰিছে আৰু পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১২.০৪ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে ।

২০২৯ৰ ভিতৰত ডাঙৰ লক্ষ্যত উপনীত হ’বলৈ সাজু ভাৰত-

ৰাজনাথ সিঙে কয় যে ভাৰতে ২০২৯ চনৰ ভিতৰত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ৫০ হাজাৰ কোটি টকাৰ লক্ষ্যত উপনীত হ’বলৈ সাজু হৈছে । তেওঁ লগতে এই গুৰুত্বপূৰ্ণ সাফল্যৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে অভিনন্দন জনায় । এই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪-২৫ চনত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে ৪২.৮৫ শতাংশ ৰপ্তানি বৃদ্ধি কৰিছে, যিয়ে বিশ্ব বজাৰত ভাৰতীয় সামগ্ৰীৰ ক্ৰমাৎ গ্ৰহণযোগ্যতা আৰু বিশ্বৰ যোগান শৃংখলত দেশৰ প্ৰতিৰক্ষা উদ্যোগৰ অংশগ্ৰহণৰ প্ৰতিফলন ঘটায় ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰিসংখ্যা-

এই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪-২৫ চনত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ড আৰু ডি পি এছ ইউ য়ে ক্ৰমে ১৫,২৩৩ কোটি আৰু ৮,৩৮৯ কোটি টকাৰ অৱদান আগবঢ়াইছে । ২০২৩-২৪ চনত এই সংখ্যা ক্ৰমে ১৫,২০৯ কোটি আৰু ৫,৮৭৪ কোটি টকা ।

মন্ত্ৰালয়ে লগতে কয় যে ভাৰত এতিয়া বহুলাংশে আমদানি নিৰ্ভৰশীল সামৰিক শক্তিৰ পৰা আত্মনিৰ্ভৰশীলতা আৰু থলুৱা উৎপাদনলৈ গতি কৰিছে । প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ বাবে ৮০খন দেশলৈ গোলাবাৰুদ, অস্ত্ৰ-শস্ত্ৰ, উপ-ব্যৱস্থা আৰু অন্যান্য সামগ্ৰী ৰপ্তানি কৰা হৈছে । ইয়াৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ২০২৪-২৫ চনত ১৭৬২টা ৰপ্তানিৰ অনুমোদন জাৰি কৰা হৈছে, যিটো যোৱা বছৰৰ তুলনাত ১৭.৪ শতাংশ বৃদ্ধি ।