SIR আৰম্ভ হোৱাৰ লগে লগে পশ্চিম বংগত হাহাকাৰ! সীমান্তত ৯৪ বাংলাদেশী গ্ৰেপ্তাৰ

SIR আৰম্ভ হোৱাৰ লগে লগে পশ্চিম বংগত হাহাকাৰ!

পশ্চিম বংগৰ বছিৰহাট আৰু স্বৰূপনগৰ সীমান্তত বিগত তিনিদিন ধৰি হাহাকাৰ সৃষ্টি হৈছে।সমগ্ৰ দেশতে ভোটাৰ তালিকাৰ SIR (Special Intensive Revision) প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে,বহু বাংলাদেশী নাগৰিকে ভাৰত এৰি নিজৰ দেশলৈ উভতি যাবলৈ চেষ্টা কৰি থকা অৱস্থাত ধৰা পৰিছে।

বি এছ এফে জনোৱা মতে, যোৱা তিনিদিনত কমেও ৯৪জন বাংলাদেশী নাগৰিকক আটক কৰা হৈছে,যিসকলে বিভিন্ন পথেৰে অবৈধভাৱে বাংলাদেশলৈ উভতি যাবলৈ চেষ্টা কৰিছিল।

তথ্য অনুসৰি শুকুৰবাৰৰ পৰা দেওবাৰৰ ভিতৰত বি এছ এফৰ ১৪৩ নং বেটেলিয়নে স্বৰূপনগৰ ছেক্টৰৰ পৰা ৯৪ জন লোকক গ্ৰেপ্তাৰ কৰে।

বি এছ এফৰ সূত্ৰ অনুসৰি ধৃত আটাইকেইজন বাংলাদেশী নাগৰিকে বিগত কেইবাবছৰ ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত বাস কৰি আছিল।তেওঁলোকে ঘৰুৱা সহায়িকা, শ্ৰমিক আৰু দৈনন্দিন মজুৰিৰ কাম কৰি আছিল।

এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে আশংকা কৰিবলৈ ধৰিলে যে ঘৰে ঘৰে ভোটাৰ পৰীক্ষণৰ সময়ত তেওঁলোকৰ পৰিচয় উন্মোচিত হ’ব,সেয়ে আটাইকেইজনে বাংলাদেশলৈ উভতি যোৱাৰ চেষ্টা আৰম্ভ কৰিছিল।

লগতে পঢ়ক: “RJD ক্ষমতালৈ আহিলে অপহৰণ, ধন দাবী হত্যাৰ তিনিটা নতুন মন্ত্ৰালয় মুকলি হ’ব”; অমিত শ্বাহৰ বিস্ফোৰক মন্তব্য

‘ছোৱালীবোৰক ৰাতি বাহিৰলৈ যাব দিয়া উচিত নহয়…’; দলবদ্ধ ধৰ্ষক লৈ মমতা বেনাৰ্জীৰ বিস্ফোৰণ

দলবদ্ধ ধৰ্ষক লৈ মমতা বেনাৰ্জীৰ বিস্ফোৰণ

পশ্চিমবংগৰ দুৰ্গাপুৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তিনিজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও দুজন এতিয়াও পলাতক অৱস্থাত আছে।ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক অতি অৰ্থহীন বক্তব্য দিছে।

মমতা বেনাৰ্জীয়ে কৈছে যে, ছোৱালীবোৰক ৰাতি বাহিৰলৈ ওলাই যাবলৈ দিয়া উচিত নহয়। বেনাৰ্জীয়ে কয় যে তেওঁৰ চৰকাৰক এই বিষয়ত টানি অনাটো সঠিক নহয় কাৰণ ছোৱালীজনীৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব চিকিৎসা মহাবিদ্যালয়খনৰ আছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিশেষকৈ ছোৱালীবোৰক ৰাতি বাহিৰলৈ ওলাই যাবলৈ দিয়া উচিত নহয়। তেওঁলোকেও নিজকে ৰক্ষা কৰিব লাগে।

মমতাই এই কাণ্ডক আচৰিত বুলি অভিহিত কৰি কয় যে এই ঘটনাৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব। এই ধৰণৰ অপৰাধৰ প্ৰতি আমাৰ শূন্য সহনশীলতা নীতি আছে।

তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে আনক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে।কাকো ৰেহাই দিয়া নহ’ব। তেওঁ কয় যে ই এখন ব্যক্তিগত মহাবিদ্যালয়।

তিনি সপ্তাহ পূৰ্বে ওড়িশাৰ এখন সাগৰৰ পাৰত তিনিগৰাকী ছোৱালীক ধৰ্ষণ কৰা হৈছিল।ওড়িশা চৰকাৰে তাত কি ব্যৱস্থা গ্ৰহণ কৰিছে? এই ছোৱালীজনীয়ে ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত পঢ়িছিল।

তেওঁ নিশা ১২:৩০ বজাত কেনেকৈ বাহিৰলৈ ওলাব পাৰিলে? মই জনাত এই ঘটনাটো বনাঞ্চলত সংঘটিত হৈছিল। তাত কি হ’ল মই নাজানো।

ছোৱালীৰ সুৰক্ষাৰ প্ৰতি মহাবিদ্যালয়বোৰ সজাগ হ’ব লাগে আৰু ৰাতি কলেজৰ পৰা ওলাই যাব দিব নালাগে। সেই অঞ্চলটো হাবিখনৰ ওচৰতে।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সকলোকে সোধা-পোছা কৰিছে । কাকো ৰেহাই দিয়া নহ’ব। দোষীক কঠোৰ শাস্তি দিয়া হ’ব।

লগতে পঢ়ক: কৃষকক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হাজাৰ কোটি টকাৰ উপহাৰ…

‘দ্য বেংগল ফাইলছ’ক লৈ কলকাতাত হুলস্থুল; অভিনেত্ৰী পল্লৱী যোশীয়ে TMC ক  কৰিলে জগৰীয়া

অভিনেত্ৰী পল্লৱী যোশীয়ে TMC ক  কৰিলে জগৰীয়া

‘দ্য বেংগল ফাইলছ’ ছবিখনৰ ট্ৰেইলাৰ কলকাতাত মুক্তি পাবলগীয়া আছিল যদিও প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰি মুক্তিৰ অনুমতি নিদিলে।

তাৰ পাছত ছবিখনৰ প্ৰযোজক বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ এই সন্দৰ্ভত আৰক্ষীৰ লগত তৰ্ক-বিতৰ্ক হয়। ছবিখনৰ প্ৰযোজকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও স্বেচ্ছাচাৰীভাৱে অভিনয় কৰাৰ অভিযোগ উত্থাপন কৰিছিল।ইয়াৰ লগতে প্ৰশ্ন উত্থাপন হ’ল যে পশ্চিম বংগত বেলেগ সংবিধান পালন কৰা হয় নেকি?

এতিয়া ছবিখনৰ প্ৰযোজক তথা অভিনেত্ৰী পল্লৱী যোশীয়েও কলকাতাত ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ বিষয়ে মুকলিকৈ কৈছে।

ছবিখনৰ ট্ৰেইলাৰ মুক্তি নিষিদ্ধ কৰাৰ বাবে আৰু তাৰ পিছত হোৱা সকলো হুলস্থুলৰ বাবে মমতা বেনাৰ্জীৰ নেতৃত্বত শাসকীয় তৃণমূল কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছে।

পল্লৱী যোশীয়ে কয় যে এইটো স্পষ্টভাৱে ৰাজ্যৰ শাসকীয় দলে কৰিছিল, আৰু আমি ইয়াক প্ৰকাশ কৰাত কুণ্ঠাবোধ কৰা নাই।

আমি জানিছিলোঁ যে আমি কিবা এটা প্ৰতিৰোধৰ সন্মুখীন হ’ম, কিন্তু আমি নাজানিছিলো যে এনেকুৱা হ’ব যে আমি আমাৰ ট্ৰেইলাৰটো একেবাৰেই দেখুৱাব নোৱাৰিম।

ডাইৰেক্ট একচন ডে’ৰ বৰ্ষপূৰ্তিৰ দিনা ১৬ আগষ্টত কলকাতাত আমাৰ ট্ৰেইলাৰ মুকলি কৰাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।

লগতে তেওঁ কয় যে যদি ইতিহাসত এনেকুৱা কিবা এটা ঘটিছে যাৰ বিষয়ে মানুহে জনা উচিত আৰু কিছুমান মানুহে ইয়াৰ কাহিনী আগবঢ়াই নিবলৈ চেষ্টা কৰিছে, তেন্তে চৰকাৰে এই কাহিনীবোৰক উজ্জ্বল কৰি তোলাত সহায় কৰিব লাগে।

অভিনেত্ৰীগৰাকীয়ে আৰু কয় যে তেওঁ আমাক সম্পূৰ্ণৰূপে সমৰ্থন কৰা উচিত আছিল।কিন্তু মই নাজানিছিলো যে তেওঁলোকে আমাক ট্ৰেইলাৰটো দেখুৱাবলৈ নিদিয়ে,।

যিটো বৰ দুখজনক আছিল কাৰণ ই আমাৰ গোটেই দলটোক বিচলিত কৰিছিল আৰু সকলোৱে অলপ দুখ অনুভৱ কৰিছিল।কাৰণ, ইয়াৰ বাবে আমি যাতে সমৰ্থন পাওঁ সেয়া নিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব আছিল।

লগতে পঢ়ক: মুম্বাইত ৰেড এলাৰ্ট; কৃত্ৰিম বানৰ ফলত অমিতাভ বচ্চনৰ বাংলোত সোমাল পানী

‘২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম’; মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ

২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম

ৰবিবাৰে কলকাতাত বিজেপি কৰ্মীসকলৰ বৈঠকত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰ বক্তব্য আগবঢ়ায়।অমিত শ্বাহে কয় যে সমগ্ৰ বংগই ৱাকফৰ সমৰ্থনত আছে।

ৱাকফ আইনৰ প্ৰতিবাদত মুৰ্ছিদাবাদত যি হিংসা সংঘটিত হৈছিল সেয়া আছিল ৰাজ্যৰ পৃষ্ঠপোষকতাত হোৱা হিংসা।অমিত শ্বাহে কয় যে বংগত দেশপ্ৰেমিক চৰকাৰ গঠন হোৱাটো দেশৰ ইচ্ছা।

আমি ২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম।অমিত শ্বাহে লগতে কয় যে মমতা বেনাৰ্জীয়ে অপাৰেচন সিন্দুৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

মমতা চৰকাৰে বংগক অনুপ্ৰৱেশ, অপৰাধৰ দেশলৈ ৰূপান্তৰিত কৰিছেঃ অমিত শ্বাহ

ভাষণত অমিত শ্বাহে কয় যে, “বছৰ বছৰ ধৰি বংগত কমিউনিষ্টৰ শাসন আছিল।ইয়াৰ পিছত মমতা বেনাৰ্জীয়ে ‘মা, মাটি, মনুষ’ শ্লোগান দি আহিছিল”।

“তেওঁ বংগৰ মহান ভূমিত অনুপ্ৰৱেশ কৰিছিল,নাৰীৰ ওপৰত অত্যাচাৰ, অপৰাধ, বোমা বিস্ফোৰণ আৰু হিন্দুৰ সৈতে অনৈতিকতাৰ দেশলৈ ৰূপান্তৰিত কৰিলে”।

মমতাৰ শাসন কালত বংগত শ শ বিজেপি কৰ্মী নিহত হৈছিলঃ অমিত শ্বাহ

অমিত শ্বাহে আৰু কয় যে “মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হোৱাৰ পিছত পশ্চিমবংগত শ শ বিজেপি কৰ্মীক হত্যা কৰা হৈছিল।দিদি মোৰ কথা শুনা, তোমাৰ সময় এতিয়া শেষ। ২০২৬ চনত বংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব।”

বংগত আমি বিজেপি চৰকাৰ গঠন কৰিম: অমিত শ্বাহ

বিজেপি কৰ্মীসকলৰ বৈঠকত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, “পশ্চিম বংগত আমি বিজেপি চৰকাৰ গঠন কৰিব লাগিব, অনুপ্ৰৱেশ বন্ধ কৰিব লাগিব, দুৰ্নীতি বন্ধ কৰিব লাগিব, হিন্দুৰ পলায়ন বন্ধ কৰিব লাগিব।”

লগতে পঢ়ক: উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ… বান আৰু ভূমিস্খলনৰ ফলত ২৫ জনৰ মৃত্যু

মুৰ্ছিদাবাদৰ হিংসাৰ তদন্ত কৰিব এছ আই টিয়ে… ৯ জনীয়া দল গঠিত

মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ৯ জনীয়া এছ আই টি । এই এছ আই টিৰ নেতৃত্বত থাকিব ডি আই জি মুৰ্ছিদাবাদ ৰেঞ্জ । গঠন কৰা এছ আই টিত এজন অতিৰিক্ত আৰক্ষী অধীক্ষক (চোৰাংচোৱা শাখা), দুজন উপ-অধীক্ষক — এজন কাউণ্টাৰ ইনছাৰ্জেন্সি ফৰ্চ (চি আই এফ) আৰু আনজন চি আই ডিৰ — পাঁচজন পৰিদৰ্শক (চি আই ডিৰ চাৰিজন আৰু এজন যান-বাহন আৰক্ষীকে ধৰি), আৰু সুন্দৰবন আৰক্ষী জিলাৰ অধীনৰ চাইবাৰ অপৰাধ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ।

ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলকাতাত মুছলমান ধৰ্মগুৰুসকলক সাক্ষাৎ কৰে । ধৰ্মগুৰুসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনাত নিহতসকলৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে । লগতে মুখ্য সচিবক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিব বুলিও কয় তেওঁ ।

ইফালে দিনৰ ভাগত বি এছ এফৰ জোৱানসকলে মুৰ্ছিদাবাদৰ ধুলিয়ান চহৰত য’ত ১৩০টা ঘৰত দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ লগতে লুণ্ঠনৰ সময়ত মহিলাসকলক নিৰ্যাতন চলাইছিল, তাত ফ্লেগ মাৰ্চ কৰে । লগতে এই অঞ্চলত বৃহৎ সংখ্যক আৰক্ষী বাহিনী আৰু বি এছ এফৰ জোৱান মোতায়েন কৰা হৈছে ।

মুৰ্ছিদাবাদত হিংসাত্মক পৰিস্থিতিৰ বাবে স্থানচ্যুত লোক-

ৱাকফ আইনৰ প্ৰতিবাদত মুৰ্ছিদাবাদ জিলাৰ বহু অঞ্চলত ১১-১২ এপ্ৰিলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । এই হিংসা সংঘটিত হৈছিল ছুটি, ধুলীয়ান আৰু জংগীপুৰ অঞ্চলত । এই হিংসাত তিনিজন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয় । ধুলিয়ানৰ মন্দিৰপাৰা অঞ্চলত কেইবাগৰাকীও মহিলাক নিৰ্যাতন কৰা বুলি জানিব পৰা গৈছে । এই হিংসাৰ ফলত মুৰ্ছিদাবাদত বৃহৎ পৰিসৰৰ স্থানচ্যুতিৰ সৃষ্টি হয় ।

শ শ মহিলা আৰু শিশু ভাগীৰথী নদী পাৰ হৈ চুবুৰীয়া মালদা জিলাত উপস্থিত হৈ এতিয়া তাত শিবিৰত বসবাস কৰি আছে । মহিলা আয়োগৰ অধ্যক্ষই এক বিবৃতিযোগে কয় যে মুৰ্ছিদাবাদৰ পৰা অহা খবৰক লৈ আয়োগ অত্যন্ত চিন্তিত । মহিলাসকলে কেৱল হিংসাৰ সন্মুখীন হোৱাই নহয় নিজৰ স্বাভিমান আৰু ঘৰ-বাৰীও ত্যাগ কৰিবলগীয়া হৈছে ।

মহিলা আয়োগেও তদন্তৰ বাবে গঠন কৰিছে কমিটী-

একে সময়তে ৰাষ্ট্ৰীয় মহিলা আয়োগেও মুৰ্ছিদাবাদৰ হিংসা সন্দৰ্ভত তদন্ত সমিতি গঠন কৰিছে । এই কমিটীয়ে মুৰ্ছিদাবাদৰ হিংসাৰ সময়ত মহিলা নিৰ্যাতন আৰু তেওঁলোকৰ স্থানচ্যুতিৰ তদন্ত কৰিব । মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহটকাৰে মুৰ্ছিদাবাদৰ হিংসাৰ সন্দৰ্ভত সচেতনতা গ্ৰহণ কৰিছে । এই তদন্ত সমিতিখনে এনেধৰণৰ পৰামৰ্শ দিব যাতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয় ।

আৰ জি কৰ গোচৰত সঞ্জয় ৰয়ক দোষী সাব্যস্ত আদালতৰ, সোমবাৰে ঘোষণা হ’ব শাস্তি…

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ আজি শিয়ালদহ দেৱানী আৰু ফৌজদাৰী আদালতে ৰায়দান কৰে । আদালতে এই গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰে । ২১০ নং আদালত কক্ষত ২:৩০ বজাত এই ৰায় ঘোষণা কৰা হয় । কিন্তু অভিযুক্ত সঞ্জয় ৰয়ে আদালতত এতিয়াও নিজকে দোষী বুলি স্বীকাৰ কৰা নাই ।

সোমবাৰে আদালতত সঞ্জয়ক কথা কোৱাৰ সুযোগ দিয়া হ’ব বুলি উল্লেখ কৰে ন্যায়াধীশগৰাকীয়ে । ইফালে সোমবাৰে আদালতে ঘোষণা কৰিব সঞ্জয় ৰয়ৰ শাস্তি । ভাৰতীয় দণ্ডবিধিৰ ৬৪, ৬৬ আৰু ১০৩(১) ধাৰাত ধৰ্ষণ আৰু হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে সঞ্জয় ৰয়ক ।

১১ নৱেম্বৰৰ পৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অনিৰ্বান দাসৰ আদালতত শুনানি আৰম্ভ হয় । আদালতৰ নিৰ্দেশত এই গোচৰৰ তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে । আজি গোচৰৰ শুনানিৰ সময়ত আদালত চৌহদৰ বাহিৰত সমবেত হয় প্ৰতিবাদকাৰী ।

এই শুনানিৰ বাবে শিয়ালদহ আদালত কমপ্লেক্সত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয় । ইয়াৰ উপৰিও কলকাতা আৰক্ষীয়ে প্ৰৱেশ নিয়ন্ত্ৰণ আৰু উপস্থিত সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ বাবে কেইবাটাও বেৰিকেড স্থাপন কৰে ।

বিগত বৰ্ষৰ ৯ আগষ্টত আৰ জি কৰ হাস্পতালৰ চেমিনাৰ হলত ​​এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছিল । কলকাতা আৰক্ষীয়ে চি চি টি ভি ফুটেজ আৰু অপৰাধস্থলীৰ পৰা পোৱা প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক ।

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চি বি আইয়ে গোচৰটো গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰে । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই নিজৰ অভিযোগনামাত সঞ্জয় ৰয়ক মূল অভিযুক্ত হিচাপে বিবেচনা কৰি আদালতৰ পৰা মৃত্যুদণ্ডৰ দাবী জনাইছিল ।

কঁপি উঠিল পশ্চিম বংগ;  অবৈধভাৱে বোমা নিৰ্মাণ কাৰখানাত বিস্ফোৰণ  

পশ্চিম বংগৰ মুৰ্শিদাবাদ জিলাত পুৱাই বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ঘটনাটোত তিনিজন লোক নিহত হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান কৰি আছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, এটা ঘৰত অবৈধভাৱে হস্ত নিৰ্মিত বোমা তৈয়াৰ কৰা হৈছিল। সেই সময়তে, এটা বোমা বিস্ফোৰণ হয় আৰু ৩ জন লোকে প্ৰাণ হেৰুৱায়।

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ খাইৰতলাৰ বাসিন্দা মামুন মুল্লাৰ ঘৰত দেওবাৰে নিশা অবৈধ বোমা নিৰ্মাণৰ কাম চলি আছিল। হঠাতে এটা বোমা বিস্ফোৰণ হয়।

ইতিমধ্যে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মৃতসকলক মামুন মোল্লা, চাকিৰুল সৰকাৰ আৰু মুস্তাকিন শ্বেখ বুলি চিনাক্ত কৰা হৈছে।