টি-২০ বিশ্বকাপৰ পূৰ্বে তিলক বাৰ্মাৰ শক্তিশালী প্ৰত্যাৱৰ্তন : ৱাৰ্ম-আপ মেচত ভাৰতৰ বৃহৎ জয়

টি-২০ বিশ্বকাপৰ পূর্বে এই মেচখনৰ জৰিয়তে তিলক বর্মাই প্রত্যাৱর্তন ঘটায় । তেওঁ এই মেচখনত ৩৮ ৰান কৰে ৷

টি-২০ বিশ্বকাপ ২০২৬ৰ ৱাৰ্ম আপ মেচত ভাৰতে আমেৰিকাক ৩৮ ৰাণত পৰাস্ত কৰে । এই মেচখনত টিম ইণ্ডিয়াৰ হৈ এন জগদীশনে শতক অৰ্জন কৰে । টি-২০ বিশ্বকাপৰ পূর্বে এই মেচখনৰ জৰিয়তে তিলক বর্মাই প্রত্যাৱর্তন ঘটায় । তেওঁ এই মেচখনত ৩৮ ৰান কৰে ৷ এই প্ৰস্তুতি মেচখন নাৱী মুম্বাইত অনুষ্ঠিত হয়, য’ত প্ৰথমে বেটিং কৰা টিম ইণ্ডিয়াই স্ক’ৰ ব’ৰ্ডত মুঠ ২৩৮ ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাৰ দলটো ২০০ ৰানতে অল আউট হয় ।

প্ৰথমে বেটিং কৰা ভাৰতীয় দলক প্ৰিয়ংশ আৰ্য্য আৰু এন জগদীশনে ক্ষীপ্ৰ আৰম্ভণি দিছিল । প্ৰিয়ংশে ২৮ ৰানৰ চুটি কিন্তু দ্ৰুত ইনিংছ খেলি আউট হয় । জগদীশনে ২৬ বলত অৰ্ধশতক অৰ্জন কৰাৰ লগতে বিস্ফোৰক বেটিঙৰ জৰিয়তে ৪৯ বলত শতক সম্পূৰ্ণ কৰে । এই খেলখনত জগদীশনে ১০৪ ৰানৰ উজ্জ্বল শতক অৰ্জন কৰে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছে জগদীশনে ।

আমেৰিকাৰ বিৰুদ্ধে প্ৰস্তুতি মেচত ২৪ বলত ৩৮ ৰান সংগ্ৰহ কৰি টি-২০ বিশ্বকাপৰ পূৰ্বে নিজৰ গেম ফিটনেছ প্ৰদৰ্শন কৰে তিলক বাৰ্মাই । ভাৰতীয় ঘৰুৱা লিষ্ট এ টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফীত হায়দৰাবাদৰ হৈ খেলি থকাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল । আজিৰ প্ৰস্তুতি মেচত তেওঁ বলিঙো কৰে । তিলকে এটা অভাৰ বলিং কৰি ১৫ ৰান খৰছ কৰি এটা উইকেট দখল কৰে ।

ভাৰতীয় দলৰ অধিনায়ক আয়ুষ বাদোনিয়েও চাৰি আৰু ছয়ৰ বৰষুণ নমাই । মাত্ৰ ২৬টা বলত ৬০ ৰান সংগ্ৰহ কৰি বাদোনীয়ে আমেৰিকাৰ বলিং আক্ৰমণ তচনচ কৰে । এই বিস্ফোৰক ইনিংছত তেওঁ ছটা চাৰি আৰু চাৰিটা ছয় কোবাই । ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ ৰবি বিষ্ণোই তিনিটা উইকেট দখল কৰে ।

লগতে পঢ়ক : জ’কভিচক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনত আলকাৰাজৰ ঐতিহাসিক জয়; ভংগ ৮৭ বছৰীয়া অভিলেখ

টি-২০ বিশ্বকাপৰ ৱাৰ্ম আপ মেচৰ বাবে ঘোষণা টিম ইণ্ডিয়া, দললৈ উভতিল তিলক বাৰ্মা

টি-২০ বিশ্বকাপৰ পূৰ্বে দুখনকৈ প্ৰস্তুতি মেচ খেলিব টিম ইণ্ডিয়াই । ইয়াৰ বাবে ঘোষণা কৰা হৈছে দল ।

টি-২০ বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াৰ প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে । ইয়াৰ মাজতে ঘোষণা কৰা হৈছে ইণ্ডিয়া এ দল, যিয়ে বিশ্বকাপৰ পূৰ্বে দুখন গুৰুত্বপূৰ্ণ ৱাৰ্ম আপ মেচ খেলিব । উল্লেখ্য যে, এই প্ৰথম অনুশীলন মেচখনত আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতি আহিব যুৱ বেটছমেন তিলক বাৰ্মা ।

আয়ুষ বাদোনীক অধিনায়কৰ দায়িত্ব-

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আয়ুষ বাদোনীক ইণ্ডিয়া এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । আজি দলটোৱে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত আমেৰিকাৰ বিৰুদ্ধে প্ৰথমখন ৱাৰ্ম আপ মেচ খেলিব । দ্বিতীয়খন খেল নামিবিয়াৰ বিৰুদ্ধে বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্স (CoE)ত অনুষ্ঠিত হ’ব । এই দুখন মেচত খেলুৱৈসকলে বিশ্বকাপৰ পূৰ্বে নিজৰ ফৰ্ম আৰু ফিটনেছ পৰীক্ষা কৰাৰ এক ভাল সুযোগ লাভ কৰিব ।

তিলক বাৰ্মাৰ প্ৰত্যাৱৰ্তনত শক্তি বৃদ্ধি ভাৰতৰ-

টিম ইণ্ডিয়াৰ বাবে আটাইতকৈ উৎসাহজনক খবৰটো হ’ল তিলক বাৰ্মাৰ প্ৰত্যাৱৰ্তন । শেহতীয়াকৈ তিলকৰ অস্ত্ৰোপচাৰ হৈছিল আৰু এতিয়া তেওঁক বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সে ফিট বুলি ঘোষণা কৰিছে । ২ ফেব্ৰুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে তেওঁ ইণ্ডিয়া এৰ হৈ খেলিব, তাৰ পিছত তেওঁ ছিনিয়ৰ দলত যোগদান কৰিব । তেওঁৰ প্ৰত্যাৱৰ্তনৰ ফলত ভাৰতীয় দলৰ মিডল অৰ্ডাৰ শক্তিশালী হ’ব বুলি আশা কৰা হৈছে ।

আই পি এলৰ তাৰকাৰে সমৃদ্ধ ভাৰতীয় দল-

১৫ জনীয়া ইণ্ডিয়া এ দলত আছে আই পি এলত ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়োৱা কেইবাগৰাকীও খেলুৱৈ । নমন ধীৰ, বিপ্ৰজ নিগম আৰু বেগী বলাৰ মায়ংক যাদৱৰ দৰে যুৱ খেলুৱৈ দলটোৰ অংশ । এই খেলুৱৈসকলে নিজৰ প্ৰদৰ্শনেৰে নিৰ্বাচকসকলক আপ্লুত কৰাৰ সুযোগ পাব ।

অপেক্ষা কৰিব লাগিব কেইবাজনো খেলুৱৈয়ে-

ৱাশ্বিংটন সুন্দৰক পুনৰবাৰ দলৰ পৰা আঁতৰত আছে । শেহতীয়াকৈ সমাপ্ত হোৱা টি-২০ শৃংখলাত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলাত ব্যৰ্থ হয় আৰু আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই তেওঁ । খবৰ অনুসৰি সুন্দৰে অতি সোনকালে ফিটনেছ টেষ্টত অৱতীৰ্ণ হ’ব লাগিব । ইফালে, কান্ধৰ আঘাতৰ পৰা সুস্থ হৈ উঠা ৰিয়ান পৰাগ দললৈ ঘূৰি আহিছে, যিটো ইণ্ডিয়া এৰ বাবে ভাল খবৰ ।

ইণ্ডিয়া এ স্কোৱাড-

আয়ুষ বাদোনি (অধিনায়ক), নমন ধীৰ, আশুতোষ শৰ্মা, প্ৰিয়ংশ আৰ্য্য, এন জগদীশন (উইকেটকীপাৰ), তিলক বাৰ্মা, ৰিয়ান পৰাগ, মানৱ সুথাৰ, অশোক শৰ্মা, উৰভিল পেটেল (উইকেটকীপাৰ), গুৰজপনীত সিং, বিপ্ৰজ নিগম, ৰবি বিষ্ণোই, খলিল আহমেদ, মায়ংক যাদৱ ।

লগতে পঢ়ক : “ফিল দ্য থ্ৰিল”… থিম ছং মুকলি কৰি টি-২০ বিশ্বকাপৰ ৰণশিঙা বজালে আইচিচিয়ে