‘ভাৰতত বন্ধ কৰক আইফোনৰ উৎপাদন…’;  ডনাল্ড ট্ৰাম্পৰ APPLE লৈ নিৰ্দেশ

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক লৈ এক ডাঙৰ দাবী উত্থাপন কৰিছিল।কাটাৰত ব্যৱসায়িক নেতাসকলৰ সৈতে এক অনুষ্ঠানত ট্ৰাম্পে কয় যে ভাৰতে আমেৰিকাক শূন্য শুল্ক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ দিছে।

এতিয়া ট্ৰাম্পে ভাৰতৰ বাণিজ্যৰ ওপৰত কু-দৃষ্টি নিক্ষেপ কৰিছে।তেওঁ এপলৰ চিইঅ’ টিম কুকক ভাৰতত আইফোন নিৰ্মাণ নকৰিবলৈ কৈছে।

ভাৰতৰ বাবে এপলৰ এটা ডাঙৰ পৰিকল্পনা আছে।অহা বছৰৰ শেষৰ ফালে ভাৰতত বৃহৎ সংখ্যক আইফোন উৎপাদন কৰিব বিচাৰিছে।

ট্ৰাম্প এই সময়ত কাতাৰ ভ্ৰমণত আছে। জানিব পৰা মতে ট্ৰাম্পে এপলৰ চিইঅ টিম কুকৰ সৈতে ভাৰতৰ উৎপাদন সন্দৰ্ভত আলোচনা কৰিছে। তেওঁ কৈছে যে, ‘টিম কুকৰ লগত মোৰ এটা সৰু সমস্যা আছে’।

‘তেওঁলোকে ভাৰতত আইফোন বনাব বিচাৰে আৰু মই সেইটো নিবিচাৰো।এপলে কেৱল আমেৰিকাতহে নিজৰ ফোন বনাব লাগে। ভাৰতত কোনো বস্তু বিক্ৰী কৰাটো অতি কঠিন’ বুলিও ট্ৰাম্পে লগতে কৈছে ।

‘লাহোৰ এৰি যাওক নহ’লে..’; পাকিস্তানত থকা আমেৰিকাৰ নাগৰিকক ট্ৰাম্পৰ সতৰ্কবাণী

ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণত লৈ উত্তেজনা বৃদ্ধি পাইছে।ইফালে আমেৰিকাই পাকিস্তানৰ লাহোৰত থকা সকলো কনছুলেট কৰ্মচাৰীক ‘শ্বেল্টাৰ-ইন-প্লেচ’ (নিৰাপদ স্থানত থকা)ৰ নিৰ্দেশনা দিছে।

লাহোৰ আৰু ইয়াৰ আশে-পাশে ড্ৰ’ন বিস্ফোৰণৰ পিছত আমেৰিকাই তেওঁলোকৰ লোক সকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে।

আমেৰিকাৰ দূতাবাসৰ পৰামৰ্শদাতাই কয় যে তেওঁলোকে প্ৰাৰম্ভিক খবৰ লাভ কৰিছে যে লাহোৰৰ মূল বিমানবন্দৰৰ আশে-পাশে থকা কিছু অঞ্চল পাকিস্তান প্ৰশাসনে খালী কৰিব পাৰে।

লাহোৰ আৰু পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ আমেৰিকাৰ নাগৰিকসকলকো সকীয়াই দিয়া হৈছে যে, যদি তেওঁলোক সক্ৰিয় সংঘাতৰ অঞ্চলত আছে আৰু নিৰাপদে যাব পাৰে, তেন্তে তাৰ পৰা গুচি যাওক। যদি এয়া সম্ভৱ নহয়, তেন্তে নিৰাপদ স্থানত আশ্ৰয় লওক।

বিদেশী চিনেমাৰ ওপৰত ট্ৰাম্পৰ শুল্ক আঘাত; আমেৰিকাৰ বাহিৰত নিৰ্মিত ছবিৰ ওপৰত ১০০% কৰ আৰোপ

আমেৰিকাৰ চলচ্চিত্ৰ উদ্যোগক পুনৰুজ্জীৱিত কৰাৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লৈ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ঘোষণা কৰে যে তেওঁ বাণিজ্য বিভাগ আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিক আমেৰিকাৰ বাহিৰত নিৰ্মিত সকলো ছবিৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কৈছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্টত ট্ৰাম্পে বিদেশত আমেৰিকান ষ্টুডিঅ’ আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক প্ৰলোভন আৰু আকৰ্ষণীয় প্ৰৰোচনা প্ৰদান কৰিবলৈ আন দেশসমূহক সমালোচনা কৰে আৰু এই পৰিস্থিতিক অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উভয়ৰে প্ৰতি ভাবুকি বুলি অভিহিত কৰে।

ট্ৰাম্পে কৈছিল যে, “আমেৰিকাৰ চলচ্চিত্ৰ উদ্যোগটো অতি দ্ৰুতগতিত মৃত্যুমুখত পৰিছে।এইটো আন দেশৰ এক সংহত ব্যৱস্থা আৰু সেয়েহে, ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি।এইটো, বাকী সকলো বস্তুৰ বাহিৰে, সন্দেহ আৰু অপপ্ৰচাৰ হয়।”

ট্ৰাম্পে ঘৰুৱা চলচ্চিত্ৰ নিৰ্মাণলৈ ঘূৰি অহাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, “আমি বিচাৰো যে পুনৰ আমেৰিকাত ছবি নিৰ্মাণ কৰা হওক”।

“নতুন শুল্কসমূহৰ লক্ষ্য হৈছে খেলপথাৰখন সমানলৈ অনা আৰু আমেৰিকাৰ মাটিত ষ্টুডিঅ’ সমূহক নিজৰ কাম অব্যাহত ৰাখিবলৈ উৎসাহিত কৰা”।

‘সেইটো অতি নিকৃষ্ট আক্ৰমণ আছিল…’;  পেহেলগাম ঘটনাত ভাৰতে লাভ কৰিলে আমেৰিকাৰ সমৰ্থন

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে সমগ্ৰ বিশ্বৰ পৰা সমৰ্থন লাভ কৰিছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও পেহেলগাম আক্ৰমণক গৰিহণা দিছে।অতি কঠোৰ সুৰত তেওঁ কৈছে যে- ‘সেইটো অতি বেয়া কাম আছিল..’।

হোৱাইট হাউছে প্ৰকাশ কৰা এক অডিঅ’ বাৰ্তাত ট্ৰাম্পে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।তেওঁ কয় যে এই  আক্ৰমণটো অতি বেয়া হৈছে আৰু কাশ্মীৰ সীমান্তত সদায় উত্তেজনা অব্যাহত আছে।

লগতে এই কথাটোক লৈও তেওঁ যেন আত্মবিশ্বাসী আছিল যে দুয়োখন দেশে যেনেকৈয়ে নওক সমস্যাৰ সমাধান কৰিব।

ড’নাল্ড ট্ৰাম্পে কয় যে, ‘মই ভাৰতৰ আৰু পাকিস্তান দুয়োখন দেশৰ সৈতে অতি ঘনিষ্ঠ, আৰু কাশ্মীৰত তেওঁলোকে হাজাৰল হাজাৰ বছৰ ধৰি যুঁজ দি আছে।

সেই আক্ৰমণটো অতি নিকৃষ্ট আছিল, সেই সীমান্তত ১৫০০ বছৰ ধৰি উত্তেজনা চলি আহিছে।এতিয়াও একে হৈয়ে আছে, কিন্তু কিবা নহয় কোনোবা প্ৰকাৰে সমাধান কৰিব বুলি মই নিশ্চিত।মই দুয়োজন নেতাক চিনি পাওঁ। পাকিস্তান আৰু ভাৰতৰ মাজত সদায় উত্তেজনা হৈ আহিছে’।

‘পৃথিৱীত আপোনাৰ দৰে আন কোনো নাই…’; ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নিৰ অনুৰাগী হৈ পৰিল ডনাল্ড ট্ৰাম্প

বৰ্তমান আমেৰিকা ভ্ৰমণত আছে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্ডানো মেল’নি। এই সময়চোৱাত জিঅৰ্ডানো মেল’নিয়ে হোৱাইট হাউছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে।

শুল্ক আৰোপ কৰাৰ পিছত ইউৰোপৰ প্ৰথমগৰাকী নেত্ৰী মেল’নি, যি আমেৰিকাত উপস্থিত হৈ ট্ৰাম্পক লগ পাইছিল।ইফালে, ট্ৰাম্পে মেল’নিক সম্পূৰ্ণ হৃদয়েৰে প্ৰশংসা কৰিছে।

তেওঁ কয় যে মেল’নিৰ আচৰিত প্ৰতিভা আছে।তেখেতে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ নেত্ৰী সকলৰ ভিতৰত এগৰাকী, তেওঁৰ চমৎকাৰি ব্যক্তিত্ব আছে আৰু তেওঁৰ দৰে কোনো নাই। আমাৰ সম্পৰ্ক অতি ভাল আৰু দুয়োখন দেশ ঐক্যবদ্ধভাৱে আগবাঢ়িছে।

ৰাষ্ট্ৰপতি ট্ৰাম্পে মেলোনীক এগৰাকী মহান প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰি কৈছে যে তেওঁ সমগ্ৰ ইউৰোপতে আলোড়নৰ সৃষ্টি কৰিছে।মই তেওঁক প্ৰথম দিনৰ পৰাই চিনি পাওঁ আৰু মই সদায় বিশ্বাস কৰোঁ যে তেওঁৰ আচৰিত প্ৰতিভা আছে।

হোয়াইট হাউছত মেল’নি আৰু ট্ৰাম্পৰ মাজত বাণিজ্য, শুল্কৰ পৰা আৰম্ভ কৰি অনুপ্ৰৱেশ আৰু পশ্চিমীয়া জাতীয়তাবাদৰ বিষয়সমূহো আলোচনা কৰা হয়।

ইয়াৰ মাজতে ট্ৰাম্পে কয় যে তেওঁ খৰখেদাকৈ ব্যৱসায়িক চুক্তি কৰিব নিবিচাৰে।শুল্কৰ দ্বাৰা আমেৰিকাই বহু লাভৱান হৈছে। অৱশ্যে এই সময়ছোৱাত ট্ৰাম্পে ইউৰোপীয় সংঘৰ সৈতে চুক্তিৰ ইংগিতও দিছিল।

এই সময়ত মেল’নিয়ে কয় যে ইটালীৰ কোম্পানীসমূহে আমেৰিকা আৰু ইটালীত ১০ বিলিয়ন ইউৰো বিনিয়োগ কৰিব, আমেৰিকাৰ পৰা শক্তিৰ আমদানি বৃদ্ধি কৰিব।

উল্লেখ্য যে মেল’নি ইউৰোপৰ একমাত্ৰ নেত্ৰী আছিল, যিয়ে ২০ জানুৱাৰীত ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।বহু বিষয়ত মেলোনি আৰু ট্ৰাম্পৰ মতামত একে।

‘দেশৰ পৰা ওলাই যাওক নহ’লে…’ ; আমেৰিকাত বাস কৰা বিদেশী নাগৰিকৰ বাবে ট্ৰাম্পৰ নতুন নিয়ম প্ৰণয়ন

ট্ৰাম্প চৰকাৰে আমেৰিকাত বিদেশী নাগৰিকৰ বাবে এক নতুন নিয়ম ৰূপায়ণ কৰিছে।নতুন নিয়ম অনুসৰি আমেৰিকাত ৩০ দিনতকৈ অধিক সময় থকা বিদেশী নাগৰিকে নিজকে পঞ্জীয়ন কৰিব লাগিব।

যদি তেওঁলোকে তেনে কৰাত ব্যৰ্থ হয়, তেন্তে তেওঁলোকক জৰিমনা বিহা হ’ব পাৰে বা আনকি কাৰাগাৰলৈ যাব লগাও হ’ব পাৰে। ইয়াৰ সমান্তৰালকৈ তেওঁলোকক দেশৰ পৰা বিতাড়নও কৰিব পাৰে।

গৃহ নিৰাপত্তা বিভাগে এক নতুন নিৰ্দেশ জাৰি কৰিছে, যিটো অনুসৰি ৩০ দিনতকৈ অধিক সময় আমেৰিকাত থকা বিদেশী নাগৰিক সকলে ফেডাৰেল চৰকাৰৰ অধীনত পঞ্জীয়ন কৰিব লাগিব।

তেনে নকৰিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ’ব।ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা চৰকাৰে আমেৰিকাত অবৈধভাৱে বাস কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

হোমলেণ্ড ছিকিউৰিটিৰ মতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স্পষ্ট বাৰ্তা হ’ল যিয়েই আমেৰিকাত অবৈধভাৱে বাস কৰি আছে তেওঁলোকে হয়টো নিজাববীয়াকৈ দেশ এৰি যাব লাগিব অন্যথা নিজকে বিতাড়িত কৰিব লাগিব।

  হোমলেণ্ড ছিকিউৰিটিয়ে এক্সত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ হোমলেণ্ড ছিকিউৰিটি সচিব ক্ৰীষ্টি ন’মলৈ টেগ কৰি এটা পোষ্ট কৰিছে।

তেওঁ লিখিছে যে যদি আপুনি চূড়ান্ত আঁতৰোৱাৰ আদেশ পাইছে আৰু তাৰ পিছতো যদি আপুনি আমেৰিকা এৰি নাযায় তেন্তে প্ৰতিদিনে ৯৯৮ ডলাৰ জৰিমনা ভৰিব লাগিব।

আমেৰিকাৰ পৰা নিজকে বিতাড়িত নকৰিলে ১০০০ ডলাৰৰ পৰা ৫০০০ ডলাৰৰ ভিতৰত জৰিমনা বিহা হ’ব পাৰে, আনকি কাৰাদণ্ডও হ’ব পাৰে।

ট্ৰাম্প চৰকাৰৰ এই সিদ্ধান্তই প্ৰত্যক্ষভাৱে প্ৰভাৱিত নকৰে যিসকলে এইচ-১বি বা ষ্টুডেণ্ট পাৰ্মিটৰ দৰে ভিছা লৈ আমেৰিকাত বাস কৰি আছে।ইয়াৰ উপৰিও এই নিয়ম আন বিদেশী নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

পুটিনক সাক্ষাৎ কৰিলে ট্ৰাম্পৰ দূতে, যুদ্ধবিৰতি সন্দৰ্ভত কৰিলে পৰিকল্পনা; আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দিলে শক্তিশালী বাৰ্তা

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৰোধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহৰহ জেলেনস্কি আৰু পুটিনৰ সৈতে আলোচনাত মিলিত হৈছে, কিন্তু যুদ্ধবিৰতিৰ বাবে পুটিনে যিবোৰ চৰ্ত নিৰ্ধাৰণ কৰিছে, সেইবোৰৰ ওপৰত এতিয়ালৈকে কোনো একমত হোৱা নাই।

ট্ৰাম্পৰ দূত ষ্টিভ উইটকফে শুকুৰবাৰে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকত মিলিত হয় ।ইফালে ট্ৰাম্পে কয় যে সেই সময়ত তেওঁ যদি ৰাষ্ট্ৰপতি হ’লহেঁতেন তেন্তে এই যুদ্ধ কেতিয়াও আৰম্ভ নহ’লহেঁতেন।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত লিখিছে যে, ‘ৰাছিয়াই আগবাঢ়ি যাব লাগিব। বহুত মানুহৰ মৃত্যু হৈছে, এইখন এখন ভয়ংকৰ আৰু নিৰৰ্থক যুদ্ধ, যিটো কেতিয়াও হ’ব নালাগিছিল, প্ৰতি সপ্তাহত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।মই যদি ৰাষ্ট্ৰপতি হ’লোহেঁতেন তেন্তে এনেকুৱা কেতিয়াও নহ’লহেঁতেন।’

ট্ৰাম্পৰ মন্তব্যটো সেইটো সময়ত আহিছে, যেতিয়া ট্ৰাম্পৰ দূত ষ্টিভ উইটকফ মস্কো ভ্ৰমণত আছে আৰু যুদ্ধ ৰোধ কৰিবলৈ পুটিনৰ সৈতে কথা পাতিবলৈ আহিছে।পুটিন আৰু ষ্টিভ উইটকফে চেণ্ট পিটাৰ্ছবাৰ্গত সাক্ষাৎ কৰে।

অৱশ্যে এই বৈঠকৰ ফলাফল কি হ’ল, এই সন্দৰ্ভত বৰ্তমানলৈকে ৰাছিয়া বা আমেৰিকাই কোনো বিবৃতি প্ৰকাশ কৰা নাই।ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত উইটকফৰ এয়া তৃতীয়টো ৰাছিয়া ভ্ৰমণ।

উল্লেখ্য যে যোৱা ১১ মাৰ্চত আমেৰিকা আৰু ইউক্ৰেইনৰ বিষয়াসকলৰ মাজত চৌদি আৰৱৰ জেদ্দাত এক আলোচনা হৈছিল, য’ত য’ত ইউক্ৰেইনৰ প্ৰতিনিধিয়ে আমেৰিকাৰ ৩০ দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

”গাড়ী বিক্ৰী কৰা তেওঁলোকৰ কাম, তেওঁলোকে সেইটো কৰক…” ; শুল্কক লৈ ট্ৰাম্পৰ দলত আহিছে বিভাজন, মাস্ক আৰু নাভাৰোৰ মাজত সংঘৰ্ষ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাৰস্পৰিক শুল্ক আৰোপ কৰি বাণিজ্য যুদ্ধ আৰম্ভ কৰিছে।শুল্ক ব্লুপ্ৰিণ্টৰ খচৰা প্ৰস্তুত কৰাত ট্ৰাম্পৰ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰ’ই ডাঙৰ ভূমিকা পালন কৰিছে।এতিয়া খবৰ ওলাইছে যে ইলন মাস্ক আৰু নাভাৰোৰ মাজত সকলো ঠিকেই চলি থকা নাই।

প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দুজন বিশ্বাসযোগ্য সহায়ক ড’জিইৰ চুপ্ৰেমো ইলন মাস্ক আৰু পিটাৰ নাভাৰোৰ মাজত মতানৈক্যৰ বাতৰি পোৱা গৈছে।কোৱা হৈছে যে দুয়োৰে মাজত শুল্ক সন্দৰ্ভতো ৰাজহুৱা বিতৰ্ক হৈছে।

২ এপ্ৰিলত ট্ৰাম্পে প্ৰায় ১৮০খন দেশৰ ওপৰত ৰেহাইমূলক পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল।ইয়াৰ বাবেই আমেৰিকাৰ শ্বেয়াৰ বজাৰখন বিকল হৈ পৰিল।

যোৱা সপ্তাহত ডাউ জ’নছ, এছ এণ্ড পি ৫০০ আৰু নাছডাকৰ মূল্য পাঁচ শতাংশতকৈ অধিক হ্ৰাস পাইছে।২০২০ চনৰ পিছত আমেৰিকাৰ শ্বেয়াৰ বজাৰত এইটোৱেই আছিল আটাইতকৈ ডাঙৰ পতন।

ইফালে এক সাক্ষাৎকাৰত ট্ৰাম্পৰ মিত্ৰ তথা তেওঁৰ প্ৰশাসনৰ জ্যেষ্ঠ উপদেষ্টা পিটাৰ নাভাৰোৱে এই শুল্কক সমৰ্থন কৰে।নাভাৰোৱে কয় যে বজাৰত তীব্ৰ হ্ৰাসৰ পিছত পুনৰ  লাভ দেখিবলৈ পোৱা যাব।ট্ৰাম্পৰ কাৰ্যকালত ডাউ জ’নে ৫০ হাজাৰ স্পৰ্শ কৰিবলৈ ওলাইছে।

নাভাৰোৰ এই সাক্ষাৎকাৰটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, ইয়াৰ পিছত মাস্কে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁক লক্ষ্য কৰি কয় যে- হাৰ্ভাৰ্ডৰ পৰা ইকনত পি এইচ ডি কৰাটো যে ভাল কথা নহয়, এইটো বেয়া কথা।উল্লেখ্য যে নাভাৰোৱে হাৰ্ভাৰ্ডৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।

ইয়াৰ পূৰ্বেও মাস্কে আশা প্ৰকাশ কৰিছিল যে আমেৰিকা আৰু ইউৰোপৰ মাজত শুল্ক শূন্য হ’ব।তেওঁ কৈছিল যে মই আশা কৰিছো যে ইউৰোপ আৰু আমেৰিকাই একেলগে আগবাঢ়িব লাগে।

মোৰ মতে শূন্য শুল্কৰ পৰিস্থিতি ভাল হ’ব, যাৰ ফলত ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মাজত মুক্ত বাণিজ্যৰ সুবিধা হ’ব৷জনা গৈছে যে ইউৰোপীয় সংঘৰ ওপৰত ২০ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্পে।

আমেৰিকা আৰু ইউৰোপৰ মাজত শূন্য শুল্ক সম্পৰ্কে মাস্কৰ বিবৃতিৰ সন্দৰ্ভত নাভাৰোৱে কয় যে ইউৰোপৰ সৈতে শূন্য শুল্ক অঞ্চলৰ কথা কৈছে বুলি জনাটো আমোদজনক আছিল।

আচলতে তেওঁ একেবাৰেই বুজি নাপায়।মই ভাবো যে ইলনৰ বাবে এইটোৱে ভাল হ’ব যে তেওঁ কেৱল গাড়ী বিক্ৰীৰ কথাহে বুজিব লাগে। কাৰ তেওঁ সেইটোৱেই কৰে।

ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ওলাই আহিল ২৭ খনকৈ দেশ; নতুন যুদ্ধৰ বাবে বলিছে বতাহ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যি দৰে শুল্ক যুদ্ধ আৰম্ভ কৰিছে তাকে লৈ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে।

কিন্তু বিশ্বৰ কিছুমান দেশ আছে যিয়ে ট্ৰাম্পৰ নিজৰ শৈলীৰ বাবে তেওঁক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা কৰিছে। এই বিষয়ত চীনে ইতিমধ্যে আমেৰিকাক দাপোন দেখুৱাইছে, আৰু এতিয়া ২৭খন দেশৰ সমগ্ৰ গোটটোৱে অৰ্থাৎ ইউৰোপীয় আয়োগেও ট্ৰাম্পৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে।

সোমবাৰে ইউৰোপীয় ইউনিয়নে আমেৰিকাৰ কিছুমান সামগ্ৰীৰ ওপৰত ২৫ শতাংশ প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।১৬ মে’ৰ পৰা কিছুমান সামগ্ৰীৰ ওপৰত কাৰ্যকৰী হ’ব শুল্ক।

আনহাতে, এই বছৰৰ পৰা আন কিছুমানৰ বস্তুৰ ওপৰতো প্ৰযোজ্য হ’ব শুল্ক। ইয়াৰ ভিতৰত হীৰা, কণী, ডেণ্টেল ফ্লছ, হাঁহ-কুকুৰা আদি বহুতো বস্তু।

সদস্য দেশসমূহে আপত্তি উত্থাপন কৰাৰ পিছত এই তালিকাৰ পৰা কিছু কথা আঁতৰাই পেলোৱাৰ খবৰ আহিছে।ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আলমণ্ড আৰু সৰিয়হৰ ওপৰত শুল্ক।

ইউৰোপীয় ইউনিয়নৰ বাণিজ্যিক মুৰব্বী মাৰোছ চেফকোভিচে সোমবাৰে কয় যে প্ৰতিশোধমূলক শুল্কৰ প্ৰভাৱ পূৰ্বে ঘোষণা কৰা ২৬ বিলিয়ন ইউৰো (২৮.৪৫ বিলিয়ন ডলাৰ)তকৈ কম হ’ব।মাৰ্চ মাহত প্ৰস্তুত কৰা প্ৰাৰম্ভিক তালিকাৰ পৰা বোৰ্বন, ৱাইন আৰু দুগ্ধজাত সামগ্ৰী বাদ দিয়া হৈছে।

আয়োগে পূৰ্বে বোৰ্বনৰ ওপৰত ৫০% শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰিছিল, তাৰ পিছত ট্ৰাম্পে ইউৰোপীয় ইউনিয়নৰ মনোভাৱৰ ওপৰত ২০০% শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল।

এই ভাবুকিৰ বাবে ফ্ৰান্স আৰু ইটালী বিশেষভাৱে চিন্তিত হৈ পৰিছিল কাৰণ তেওঁলোকৰ ৱাইন উদ্যোগ অতি বৃহৎ।তদুপৰি ইউৰোপীয় ইউনিয়নে ২০১৮ চনৰ ১ এপ্ৰিলৰ পৰা তীখাৰ ওপৰত বৰ্তমানৰ সুৰক্ষা নিয়মসমূহ কঠোৰ কৰি তুলিছে, যাৰ বাবে আমদানি ১৫% হ্ৰাস পালে।

আয়োগে এতিয়া এলুমিনিয়ামৰ আমদানি কোটাৰ কথাও বিবেচনা কৰি আছে। ইউৰোপীয় ইউনিয়নৰ সদস্য দেশসমূহে ৯ এপ্ৰিলত এই প্ৰস্তাৱৰ ওপৰত ভোটদান কৰিব। এই পদক্ষেপ ট্ৰাম্পৰ তীখা আৰু এলুমিনিয়াম শুল্কৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নৰ