জি-২০ শীৰ্ষ সন্মিলন: জোহান্সবাৰ্গত প্ৰধানমন্ত্ৰী মোদী-ৰাষ্ট্ৰপতি মেক্ৰনৰ বৈঠক

প্ৰধানমন্ত্ৰী মোদী-ৰাষ্ট্ৰপতি মেক্ৰনৰ বৈঠক

দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ এক বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ অন্তত দুয়োগৰাকী নেতাই ইজনে সিজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ভাৰত-ফ্ৰান্সৰ বন্ধুত্বৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ৰাষ্ট্ৰপতি মেক্ৰনে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্ট যোগে এই খবৰ শ্বেয়াৰ কৰে ।

ৰাষ্ট্ৰপতি মেক্ৰনে লিখিছে, “ধন্যবাদ মোৰ বন্ধু নৰেন্দ্ৰ মোদী । দেশ একেলগে আগবাঢ়িলে শক্তিশালী হয় । ভাৰত আৰু ফ্ৰান্সৰ বন্ধুত্ব জীয়াই থাকক ।” তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকক এক আচৰিত কথা-বতৰা বুলি অভিহিত কৰে । তেওঁ কয় যে জোহান্সবাৰ্গ জি-২০ সন্মিলনৰ আঁৰত ৰাষ্ট্ৰপতি মেক্ৰনক লগ পাই আনন্দিত হৈছো । বহু বিষয়ত আমি উপযোগী আলোচনা কৰিলো । ভাৰত-ফ্ৰান্সৰ সম্পৰ্ক বিশ্বৰ বাবে এক ইতিবাচক শক্তি ।

উল্লেখ্য যে, জি-২০ সন্মিলনৰ দ্বিতীয় অধিবেশনত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰাকৃতিক দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয় যে সমগ্ৰ বিশ্বতে দুৰ্যোগৰ সংখ্যা আৰু প্ৰভাৱ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যিয়ে মানৱতাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ২০২৩ চনৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ত ভাৰতে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশ্বব্যাপী সহযোগিতা বৃদ্ধিৰ বাবে দুৰ্যোগৰ আশংকা হ্ৰাস কৰ্মগোট গঠন কৰিছিল । এই বিষয়টোক অগ্ৰাধিকাৰ দিয়াৰ বাবে তেওঁ দক্ষিণ আফ্ৰিকাক প্ৰশংসা কৰে ।

লগতে পঢ়ক : এয়া উন্নয়নৰ মানদণ্ডক পুনৰীক্ষণ কৰাৰ সময়… জি ২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

জি ২০ লীডাৰ্ছ সন্মিলনৰ পৰা বিশ্ববাসীক ডাঙৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

জি ২০ লীডাৰ্ছ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী

দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত জি ২০ লীডাৰ্ছ সন্মিলনৰ দ্বিতীয় অধিবেশনত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ বাবে জলবায়ু কাৰ্যসূচীত অধিক সহযোগিতাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ অধ্যক্ষতাৰ সময়ত গ্ৰহণ কৰা খাদ্য সুৰক্ষা সম্পৰ্কীয় নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

শীৰ্ষ সন্মিলনৰ দ্বিতীয় অধিবেশনত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে আৰম্ভ কৰা দুৰ্যোগ আশংকা হ্ৰাস কাৰ্য্যৰ অগ্ৰগতিৰ কথা উল্লেখ কৰে । তেওঁ জি ২০ দেশসমূহক বিত্ত, প্ৰযুক্তি আৰু দক্ষতা বিকাশক সংগঠিত কৰাৰ বাবে চি ডি আৰ আইৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈও আহ্বান জনায় ।

শনিবাৰে (২২ নৱেম্বৰ) ভাৰতে পুনঃব্যৱহাৰ, নগৰীয়া খনন, ছেকেণ্ড লাইফ বেটাৰী আৰু আনুষংগিক উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে জি ২০ ক্ৰিটিকেল মিনাৰেল চাৰ্কুলাৰিটি ইনিচিয়েটিভৰ প্ৰস্তাৱ আগবঢ়ায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বহনক্ষমতা আৰু স্বচ্ছ শক্তিৰ প্ৰতি গভীৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ দ্বিতীয় অধিবেশনত ভাষণ দি তেওঁ জি-২০ মুক্ত উপগ্ৰহ তথ্য অংশীদাৰিত্ব স্থাপনৰ প্ৰস্তাৱো আগবঢ়ায়, যিয়ে জি-২০ মহাকাশ সংস্থাসমূহৰ উপগ্ৰহৰ তথ্য আৰু বিশ্লেষণক “গ্ল’বেল চাউথৰ দেশসমূহৰ বাবে অধিক সুলভ” কৰি তুলিব ।

খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ-

এই বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেনেকৈ “ভাৰতে বিশ্বৰ সৰ্ববৃহৎ খাদ্য সুৰক্ষা আৰু পুষ্টি সহায়ক কাৰ্যসূচী, বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি আৰু শস্য বীমা আঁচনিৰ জৰিয়তে এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিছে ।” তেওঁ লগতে কয় যে, “শ্ৰী অন্না (মোটা শস্য)ৰ প্ৰচাৰৰ ক্ষেত্ৰতো ভাৰত আগশাৰীৰ ।”

তেওঁ কয়, ভাৰতে বিশ্বাস কৰে যে শক্তিশালী বিশ্ব সহযোগিতাৰ জৰিয়তে বিশ্বৰ বৃহৎ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰা যাব । তেওঁ জোৰ দি কয় যে, “এই কাৰণেই ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ সময়ত দুৰ্যোগৰ আশংকা হ্ৰাস কৰ্মগোট গঠন কৰিছিল । দুৰ্যোগ স্থিতিস্থাপকতাৰ কথা আহিলে এই পন্থাটো কেৱল সঁহাৰি-কেন্দ্ৰিক নহয়, উন্নয়নকেন্দ্ৰিক হ’ব লাগিব ।”

লগতে পঢ়ক : জি ২০ সন্মিলনলৈ নাহিল বিশ্বৰ তিনি দিগ্গজ নেতা; আঁতৰি থাকিল পুটিন, ট্ৰাম্প আৰু জিনপিঙ