প্ৰথম টি-২০ৰ পূৰ্বে পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন ভাৰতীয় দলৰ…
পুৰীৰ জগন্নাথ মন্দিৰত গম্ভীৰ-সূৰ্যকুমাৰ
প্ৰথম টি-২০ মেচৰ পূৰ্বে ওড়িশাৰ পুৰীত থকা জগন্নাথ মন্দিৰ দৰ্শন কৰিলে ভাৰতীয়ে ক্ৰিকেট দলৰ সদস্যই । উল্লেখ্য যে মঙলবাৰে সন্ধিয়া কটকৰ বাৰাৱতী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই । ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত দলটোৰ কেইগৰাকীমান সদস্যই মহাপ্ৰভু জগন্নাথৰ শ্ৰীচৰণত সেৱা জনায় ।
মন্দিৰ দৰ্শনৰ সময়ত সূৰ্যকুমাৰৰ লগত আছিল তিলক বৰ্মা, ৱাশ্বিংটন সুন্দৰ আদি খেলুৱৈ । মন্দিৰত সোমোৱাৰ পূৰ্বে সূৰ্যকুমাৰে “জয় জগন্নাথ” ধ্বনি দিয়ে । সূৰ্যকুমাৰৰ লগত মন্দিৰ দৰ্শনৰ সময়ত তেওঁৰ পত্নীও আছিল । টি-২০ মেচৰ শৃংখলাত দলৰ সাফল্যৰ বাবে মন্দিৰত বিশেষ পূজা-অৰ্চনা কৰে টীম ইণ্ডিয়াক সদস্যসকলে ।
পুৰীৰ আৰক্ষী অধীক্ষক প্ৰতীক সিঙে কয়- “ভাৰতীয় দলৰ বাবে আমি বিশেষ নিৰাপত্তা ব্যৱস্থা কৰিছিলোঁ । কোনো অসুবিধা নোহোৱাকৈয়ে তেওঁলোকে নিৰ্বিঘ্নে মহাপ্ৰভুৰ দৰ্শন লাভ কৰিলে ।”
উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত পাঁচ মেচৰ টি-২০ ছিৰিজ আজিৰে পৰা আৰম্ভ হ’ব । এই ছিৰিজত হাৰ্দিক পাণ্ডিয়া, শুভমন গিল আদি তাৰকা খেলুৱৈ ঘূৰি আহিছে । মহাপ্ৰভু জগন্নাথৰ আশীৰ্বাদ লৈ সূৰ্য বাহিনী এতিয়া বাৰাৱতীত প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাক খেলপথাৰত ধৰাশায়ী কৰিবলৈ সাজু ।
লগতে পঢ়ক : আজি কটকত ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০ মেচ, মূল একাদশত কোন কোন ?