ট্ৰাম্পৰ ভাবুকিৰ পিছতে ছুইজাৰলেণ্ডত হাহাকাৰ
ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা আলোচনাৰ প্ৰথম দিনাই পৰিৱেশৰ অৱনতি ঘটিছে।ইৰাণে হিজবুল্লাহক অশান্তিৰ সৃষ্টি কৰাত বাধা নিদিলে ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ চলাব বুলি হুংকাৰ দিছে ট্ৰাম্পে।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা ভাবুকিৰ বাবেই আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা আলোচনা স্থবিৰ হৈ পৰিছে। ছুইজাৰলেণ্ডৰ জেনেভাত চলি থকা বাৰ্তালাপৰ মাজতে ট্ৰাম্পে ভাবুকি দিয়ে যে যদিহে ইৰাণে নিজৰ প্ৰক্সিক বাধা নিদিয়ে, তেন্তে আমেৰিকাই ইৰাণৰ ওপৰত পূৰ্বতকৈও ভয়ংকৰ আক্ৰমণ চলাব। এই পোষ্টটোৰ পিছত ইৰাণেও প্ৰত্যুত্তৰ দিয়ে, কিন্তু খবৰ পোৱা গৈছে যে ইৰাণৰ প্ৰতিনিধি দলে প্ৰথমে ট্ৰাম্পৰ ভাবুকিক লৈ তীব্ৰ আপত্তি দৰ্শায় আৰু তাৰ পিছত বৈঠক ত্যাগ কৰে। অৱশ্যে এই সময়ছোৱাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা পাকিস্তান আৰু কাটাৰে ইৰাণৰ প্ৰতিনিধি দলটোক বুজাবলৈ বহুত চেষ্টা কৰিছিল যদিও তেওঁলোক সফল নহ’ল।
ট্ৰাম্পে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছচিয়েল’ত এটা পোষ্টত লিখিছে, “যদি ইৰাণে হিজবুল্লাক বাধা নিদিয়ে, তেন্তে আমেৰিকাই ইয়াৰ ওপৰত পূৰ্বতকৈও অধিক ভয়ংকৰ আক্ৰমণ কৰিব।”
ইৰাণৰ তৰফৰ পৰা ইয়াৰ ক্ষিপ্ৰ উত্তৰ দিয়া হয়। ইৰাণৰ নেচনেল এচেম্বলীৰ অধ্যক্ষ তথা বাৰ্তাকাৰী মহম্মদ বাঘেৰ গালিবাফে লিখিছে, “যদি আমেৰিকাৰ ভাবুকি কাৰ্যকৰী হ’লহেঁতেন, তেন্তে ৱাশ্বিংটন আজি যি স্থিতিত আছে, তাত উপনীত নহ’লহেঁতেন।” তেওঁ কয় যে আমেৰিকাৰ নেতাসকলে নিজৰ বক্তব্যৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। তেওঁলোকে যিয়েই নকওক কিয়, পদক্ষেপ আমিহে ল’ম আৰু আমাৰ সেনা তেওঁলোকক এক সুকীয়া ধৰণে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে।
ইৰাণৰ প্ৰতিনিধি দলে আমেৰিকাৰ বাৰ্তাকাৰীসকলৰ সন্মুখত ট্ৰাম্পৰ এই ভাষাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ইৰাণৰ প্ৰতিনিধি দলটো ইমানেই ক্ষুব্ধ হৈ পৰিছিল যে তেওঁলোকে বৈঠক কক্ষ এৰি বাহিৰলৈ ওলাই যায়। অৱশ্যে আমেৰিকা আৰু ইৰানৰ প্ৰতিনিধি দলৰ মাজত প্ৰায় ৮২ মিনিট ধৰি বাৰ্তালাপো হৈছিল।
ইৰানৰ চৰকাৰী সংবাদ সংস্থা IRNA-ই প্ৰকাশ কৰিছে যে ট্ৰাম্পৰ অপমানজনক মন্তব্যৰ পিছত বাৰ্তালাপ এক কঠিন পৰ্যায়ত উপনীত হৈছে। অৱশ্যে ‘অ্যাসোসিয়েটেড প্ৰেছ’ (AP)ৰ উদ্ধৃতি দি খবৰ আহিছে যে ইৰাণৰ প্ৰতিনিধি দলটো বাৰ্তালাপত চামিল হৈ আছে আৰু মধ্যস্থতাকাৰীসকলৰ সৈতে আলোচনা ত্যাগ কৰাৰ কোনো সংকেত দিয়া নাই। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা বাৰ্তালাপৰ পৰৱৰ্তী ৰাউণ্ড হ’বনে নাই। ইয়াৰ মাজতে ইজৰায়েলেও ঘোষণা কৰিছে যে তেওঁলোকৰ সেনা দক্ষিণ লেবাননৰ ‘বিউ-ফৰ্ট কাচেল’ৰ পৰা আঁতৰি নাযায়।
প্ৰথম ৰাউণ্ডৰ এই উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে স্পষ্ট কৰি দিছে যে এই বাৰ্তালাপ সহজ নহ’ব, বিশেষকৈ পৰমাণু কাৰ্যসূচীক লৈ। কাৰণ ইৰাণো নিজৰ স্থিতিত অটল হৈ পৰিছে যে তেওঁলোকৰ পৰমাণু কাৰ্যসূচীক কোনেও বাধা দিব নোৱাৰে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় যে “আমি বলপ্ৰয়োগ, দমন আৰু অপমানৰ ওচৰত শিৰনত নকৰো। আমি আমাৰ প্ৰগতি আৰু উন্নয়নৰ অধিকাৰো ত্যাগ নকৰো আৰু তেওঁলোকে এই কথা স্বীকাৰ কৰিবই লাগিব।”
ছুইজাৰলেণ্ডত বাৰ্তালাপ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইৰাণৰ প্ৰতিনিধি দলে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আনকি ইৰাণে ট্ৰাম্পৰ পৰা ক্ষমা বিচৰাৰো দাবী উত্থাপন কৰিছে। অৱশ্যে প্ৰতিনিধি দলত উপস্থিত থকা আমেৰিকাৰ প্ৰতিনিধিসকলৰ সুৰ কিছু নৰম দেখা গৈছে।
লগতে পঢ়ক: ‘ইৰাণে লেবাননত প্ৰক্সি বন্ধ কৰিব লাগে, নহ’লে বিধ্বংসী ৰূপ ধাৰণ কৰিম’; ড’নাল্ড ট্ৰাম্পৰ পুনৰ সকীয়নি