প্ৰলয়ংকাৰী বানৰ কৱলত অসম: ১৬খন জিলাৰ ৩.৬৩ লাখ লোক আক্ৰান্ত
ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে অসমৰ ১৬খন জিলাৰ প্ৰায় ৩.৬৩ লাখ লোক এতিয়া সংহাৰী বানৰ কৱলত
ৰাজ্যত বান পৰিস্থিতিয়ে লৈছে ভয়াৱহ ৰূপ । ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে অসমৰ ১৬খন জিলাৰ প্ৰায় ৩.৬৩ লাখ লোক এতিয়া সংহাৰী বানৰ কৱলত । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, বিগত ২৪ ঘণ্টাত বানপানীত আবদ্ধ হৈ তিনিজন পুৰুষ আৰু দুটিক শিশুকে ধৰি আৰু ৫ জন লোকে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে । ইয়াৰে যোৰহাট জিলাত ৪ জন আৰু কাৰ্বি আংলঙত এজন লোকৰ মৃত্যু হৈছে । আনহাতে, চৰাইদেউ আৰু কাৰ্বি আংলঙত এটি শিশুকে ধৰি দুজন লোক এতিয়াও সন্ধানহীন হৈ আছে ।
জলমগ্ন বিস্তীৰ্ণ অঞ্চল-
চৰকাৰী তথ্য অনুসৰি, বৰ্তমান ৪৫টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৭৯৪খন গাঁও সম্পূৰ্ণৰূপে পানীৰ তলত থকাৰ লগতে ১৯,০৯৯.৫৯৪৪ হেক্টৰ কৃষিভূমি জলমগ্ন হৈ পৰিছে । জিলাভিত্তিক হিচাপত কেৱল শিৱসাগৰ জিলাতে সৰ্বাধিক ১.৫৭ লাখ লোক প্ৰভাৱিত হৈছে । ইয়াৰ পিছতে চৰাইদেউত ১.০৪ লাখ আৰু যোৰহাটত ৫০ হাজাৰৰো অধিক লোক বানৰ কৱলত পৰিছে । কেৱল মানুহেই নহয়, চলিত বানৰ ঢৌত প্ৰায় ৩.৮৯ লাখ পশুধনো ভয়াৱহভাৱে প্ৰভাৱিত হৈছে ।
বিপদসীমাৰ ওপৰেৰে বৈছে নদী, ব্যাহত যোগাযোগ
অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নদীসমূহৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । যোৰহাটৰ নিয়ামতিঘাটত ব্ৰহ্মপুত্ৰ, খোৱাঙত বুঢ়ীদিহিং, নাংলামুৰাঘাটত দিচাং আৰু নোমলগড়ত ধনশিৰী নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে । আনহাতে, শিৱসাগৰত দিখৌ নদীৰ জলস্তৰে সৰ্বোচ্চ সীমা অতিক্ৰম কৰিছে । বিগত ২৪ ঘণ্টাত বানৰ সংহাৰী ৰূপে ২৯টা পথ ক্ষতিগ্ৰস্ত কৰাৰ লগতে ৬টা স্থানত মথাউৰি ছিঙি পেলাইছে, যাৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে ।
যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান
পৰিস্থিতি চম্ভালিবলৈ জিলা প্ৰশাসনে ইতিমধ্যে ১০১টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ মুকলি কৰিছে, য’ত প্ৰায় ৪৫,০০০ লোকে আশ্ৰয় গ্ৰহণ কৰিছে । ভাৰতীয় সেনা, NDRF, SDRF, অৰ্ধসামৰিক বাহিনী আৰু অগ্নি তথা জৰুৰীকালীন সেৱাৰ দলসমূহে যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই সোমবাৰে প্ৰায় ৭,০০০ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰীয়ে সোমবাৰে বানাক্ৰান্ত অঞ্চলসমূহত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ তদাৰক কৰে ।
লগতে পঢ়ক : উজনিৰ ৪ জিলাত ভয়াৱহ বান পৰিস্থিতি, মুকলি হেল্পলাইন নম্বৰ

