ৰাজহুৱা সভাত নিয়ন্ত্ৰণহীন হ’ল AI ৰবট; হত্যাৰ চেষ্টা জনতাক

বৰ্তমান সময়ত যদিও কৃত্ৰিম বুদ্ধিমত্তা দ্ৰুতগতিত আগবাঢ়িব আছে, কিন্তু ইয়াৰ ফলত হোৱা ক্ষতিবোৰ অতি গুৰুতৰ। সেয়া লাগিলে চাইবাৰ আক্ৰমণেই হওঁক বা ডিপফেকেই হওঁক।

আজিকালি, বহুতো দেশত হিউমেনইড ৰবটবোৰো ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে।এই ৰবটবোৰ মানুহৰ সৈতে একে আৰু মানুহৰ দৰে কাৰ্যকলাপ সম্পাদন কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে, যদিও তেওঁলোকৰ দ্বাৰা উদ্ভৱ হোৱা বিপদবোৰ নগণ্য নহয়। ইয়াৰ এটা নমুনা শেহতীয়াকৈ চীনত দেখা গৈছে।

চীনত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা নিয়ন্ত্ৰিত এটা ৰবটে মানুহক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। ছফ্টৱেৰত বিজুতিৰ বাবে ৰবটটো নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল।

আৰু সেই ৰবটোৱে মানুহক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল ।এই ঘটনাটো চীনত আয়োজিত এক অনুষ্ঠানত সংঘটিত হৈছিল, য’ত এক বৃহৎ জনসমাগম হৈছিল।

ইয়াৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে। ভিডিঅ’টোত এটা মানৱীয় ৰবটক ভিৰৰ ফালে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে।

এই ৰবটটোৱে ভিৰৰ মাজত সোমাই মানুহক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছিল। পিছত বহু চেষ্টাৰ অন্তত ৰবটটোক এজন নিৰাপত্তাৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছিল।অৱশ্যে, ৰবটটোৰ আক্ৰমণৰ পৰা কোনো ক্ষতি হোৱাৰ  খবৰ পোৱা নাই।

ভূমিস্খলনৰ ধ্বংসলীলা…সন্ধানহীন ৩০ জন; অব্যাহত আছে উদ্ধাৰ অভিযান

দক্ষিণ-পশ্চিম চীনৰ ছিচুয়ান প্ৰদেশত হোৱা ভূমিস্খলনে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে । এই প্ৰাকৃতিক দুৰ্যোগত ১০টাতকৈও অধিক ঘৰ ধ্বংস হোৱাৰ বিপৰীতে শ শ লোকে ঘৰ এৰি যাবলৈ বাধ্য হয় । এই দুৰ্ঘটনাৰ পিছত সন্ধানহীন হোৱা ৩০ জন লোকৰ সন্ধানত উদ্ধাৰ অভিযানত আৰম্ভ কৰিছে নিয়োজিত উদ্ধাৰ কৰ্মীসকলে ।

উদ্ধাৰ অভিযানত নিয়োজিত জৰুৰীকালীন ব্যৱস্থাপনা দল-

এই ঘটনাৰ পিছতে জৰুৰীকালীন ব্যৱস্থাপনা মন্ত্ৰালয়ে অগ্নিনিৰ্বাপক বাহিনীকে ধৰি শতাধিক উদ্ধাৰ কৰ্মী মোতায়েন কৰে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে প্ৰায় ২০০ জনক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । উল্লেখ্য যে এই ঘটনাৰ পিছত ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগে আন্তঃগাঁথনি আৰু ৰাজহুৱা সেৱাৰ জৰুৰীকালীন পুনৰুদ্ধাৰৰ বাবে ৫ কোটি ইউয়ান (৬৯ লাখ মাৰ্কিন ডলাৰ) ধন আবণ্টন দিছে ।

গাঁৱৰ ৰাইজে দিলে তথ্য-

গাঁওবাসীয়ে জনোৱা মতে, যোৱা কেইমাহমানৰ পৰা পাহাৰৰ পৰা শিল খহি আছে আৰু কিছুমান ক্ষেত্ৰত বিস্ফোৰণৰ দৰে শব্দ শুনা গৈছে । ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ভূতত্ত্ববিদসকলে অঞ্চলটো পৰিদৰ্শন কৰি বিপদৰ বিষয়ে সতৰ্ক কৰি দিছে ।

ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বেগ প্ৰকাশ কৰে-

লগতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে এই দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰে । লগতে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিওৱাৰ লগতে মৃতকৰ সংখ্যা হ্ৰাস কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাবলৈও বিষয়াসকলক কয় । প্ৰধানমন্ত্ৰী লি কেকিয়াঙে আশে-পাশে থকা অঞ্চলত ভূতাত্ত্বিক বিপদৰ তদন্তৰ আহ্বান জনাই কয় যে বিপদজনক বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱা উচিত ।

আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ, গুগলৰ ওপৰত কঠোৰ সিদ্ধান্ত…ট্ৰাম্পক চীনৰ প্ৰত্যুত্তৰ

এতিয়া বিশ্বৰ দুখন মহাশক্তিধৰ দেশ আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধৰ সূচনা হৈছে । এফালে শনিবাৰে (১ ফেব্ৰুৱাৰী) আমেৰিকাৰ ড’নাল্ড ট্ৰাম্প চৰকাৰে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে । একে সময়তে চীনেও আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লৈ মঙলবাৰৰ পৰা (৪ ফেব্ৰুৱাৰী) আমেৰিকাৰ সামগ্ৰীৰ ওপৰত নতুন শুল্ক ঘোষণা কৰিছে ।

আমেৰিকাৰ সামগ্ৰীৰ ওপৰত চীনে আৰোপ কৰা শুল্ক সোমবাৰৰ পৰা (১০ ফেব্ৰুৱাৰী) কাৰ্যকৰী হ’ব । বাতৰি অনুসৰি চীনে আমেৰিকাৰ শুল্কৰ প্ৰতিশোধ হিচাপে নতুন শুল্ক ঘোষণা কৰিছে ।

চীনৰ বিত্ত মন্ত্ৰালয়ে মঙলবাৰে (৪ ফেব্ৰুৱাৰী) আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০ৰ পৰা ১৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । বেইজিঙৰ এই শুল্কৰ ফলত আমেৰিকাৰ পৰা চীনলৈ বৃহৎ গাড়ী, পিকআপ ট্ৰাক, খাৰুৱা তেল, এল এন জি আৰু কৃষি সঁজুলি আমদানিত প্ৰভাৱ পৰিব ।

দৰাচলতে চীনে আমেৰিকাৰ পৰা আমদানি কৰা কয়লা, এল এন জি (তৰলীকৃত প্ৰাকৃতিক গেছ)ৰ ওপৰত ১৫ শতাংশ আৰু খাৰুৱা তেল, কৃষি সঁজুলি, পিকআপ ট্ৰাক, উচ্চ নিৰ্গমন বাহনৰ ওপৰত ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ উপৰিও চীনে আমেৰিকালৈ ৰপ্তানি কৰা কিছুমান ডাঙৰ খনিজ পদাৰ্থৰ ওপৰতো নিয়ন্ত্ৰণ আৰোপ কৰিছে ।

গুগলৰ ক্ষেত্ৰতো কঠোৰ ড্ৰেগন-

বাতৰি অনুসৰি চীনে আমেৰিকাৰ টেক জায়ান্ট কোম্পানী গুগলৰ ক্ষেত্ৰতো কঠোৰ হৈ পৰিছে । চীনে এণ্টিট্ৰাষ্ট আইন উলংঘা কৰাৰ সন্দেহত গুগলৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে । দৰাচলতে চীনৰ ষ্টেট এডমিনিষ্ট্ৰেচন ফৰ মাৰ্কেট ৰেগুলেচনে গুগলৰ একচেটিয়া বিৰোধী আইন উলংঘা কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে বুলি কয় ।

চীনৰ বাণিজ্য মন্ত্ৰালয়ে দিলে বিবৃতি-

চীনৰ বাণিজ্য মন্ত্ৰালয়ে মঙলবাৰে (৪ ফেব্ৰুৱাৰী) এক বিবৃতিত নিশ্চিত কৰে যে আমেৰিকা ট্ৰাম্প প্ৰশাসনৰ শুল্ক ব্যৱস্থা প্ৰতিহত কৰিবলৈ চীনে বিশ্ব ব্যৱসায় সংস্থাৰ বিবাদ নিষ্পত্তি ব্যৱস্থা আনিছে ।

‘বাণিজ্য যুদ্ধত কোনো জয়ী হ’ব নোৱাৰে’…ট্ৰাম্পৰ ১০% শুল্ক আৰোপ কৰাৰ সিদ্ধান্তক লৈ চীনৰ তীব্ৰ প্ৰতিক্ৰিয়া

আমেৰিকাই আৰোপ কৰা শুল্ক সন্দৰ্ভত ট্ৰাম্পক পুনৰবাৰ প্ৰত্যুত্তৰ দিছে চীনে । ৰাষ্ট্ৰসংঘত চীনে কয় যে বাণিজ্য যুদ্ধত কোনো জয়ী হ’ব নোৱাৰে । প্ৰতিশোধ ল’বলৈ বাধ্য হ’ব পাৰে বেইজিঙে । ৰাষ্ট্ৰসংঘত চীনৰ ৰাষ্ট্ৰদূত ফু কঙে কয় যে আমি এই শুল্কৰ বিৰোধিতা কৰোঁ । এয়া বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম উলংঘা কৰা হৈছে । আমি বিশ্ব বাণিজ্য সংস্থাৰ ওচৰত অভিযোগ দাখিল কৰিছো ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতা গ্ৰহণ কৰাৰ পিছত চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে আমিও প্ৰতিশোধ ল’ব পাৰো । আমেৰিকাই নিজৰ সমস্যাবোৰ চাই সমাধান কৰা উচিত । এই সমাধান কেৱল আমেৰিকাৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেও উপকাৰী হ’ব লাগে । ফুৱে কয় যে শুল্ক বৃদ্ধি কৰাটো আমেৰিকাৰ বাবে উপকাৰী বুলি মই নাভাবো । শুল্ক বৃদ্ধিৰ অজুহাত হৈছে ফেণ্টানিল, যিটো সম্পূৰ্ণ মিছা ।

তেওঁ কয় যে চীনত ইতিমধ্যে ফেণ্টানিল আৰু ইয়াৰ লগত জড়িত সকলো পদাৰ্থৰ ওপৰত কঠোৰ নিয়ম আছে । আমেৰিকাই এই বিষয়টো নিজৰ দৃষ্টিকোণৰ পৰা চোৱাৰ প্ৰয়োজন আছে । আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে আমেৰিকাই ফেণ্টানিলৰ চাহিদাও চাব লাগে । আমেৰিকাৰ বাবে এইটো ভাল হ’ব ৷

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ অধ্যক্ষ হ’ব চীন-

১৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰিব চীনে । ইয়াত পৰিষদৰ সদস্য দেশৰ লগতে অসদস্য দেশৰ বৈদেশিক মন্ত্ৰীকো আমন্ত্ৰণ জনোৱা হৈছে । ৰাষ্ট্ৰদূত ফুৱে কয় যে যদিহে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই বৈঠকত অংশগ্ৰহণ কৰে তেন্তে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে তেওঁৰ ভাল সাক্ষাৎ হ’ব ।

চীন আৰু আমেৰিকাৰ বহু সাদৃশ্য আছে-

চীন-আমেৰিকাৰ সম্পৰ্ক সন্দৰ্ভত ৰাষ্ট্ৰদূত ফু কঙে কয় যে আমেৰিকা আৰু চীনৰ মাজত বহু সাদৃশ্য আছে । ইখনে সিখনক সহযোগ কৰিব পাৰে । ৰাষ্ট্ৰসংঘত সন্ত্ৰাসবাদ বিৰোধী, ড্ৰাগছ বিৰোধী, অস্ত্ৰ-শস্ত্ৰ অপ্ৰসাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়ত চীন আৰু আমেৰিকাৰ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন । ৰাষ্ট্ৰসংঘৰ বাবে চীন আৰু আমেৰিকা দুই বৃহৎ আৰ্থিক অৱদান । চীন আৰু আমেৰিকাই একেলগে কাম কৰিব পাৰে ।

তেওঁ কয় যে আমি ৰাষ্ট্ৰসংঘত আমাৰ কামৰ প্ৰতি সৃষ্টিশীল আৰু পেছাদাৰী দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰো । এইখিনিতে বহু কথাই বাজিত পৰিছে । চীন আৰু আমেৰিকাই যদি একেলগে কাম কৰে তেন্তে আমি বহুতো সমস্যা সমাধান কৰি বিশ্বক এখন উন্নত স্থান হিচাপে গঢ়ি তুলিবলৈ সক্ষম হম বুলি মই নিশ্চিত ।

এমাহৰ বাবে ৰেহাই মেক্সিকোক…কানাডা আৰু চীনৰ পৰা আমদানিৰ ওপৰত অব্যাহত শুল্ক

মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে সোমবাৰে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনাৰ অন্তত মেক্সিকোৰ ওপৰত আৰোপ কৰা শুল্ক এমাহৰ বাবে স্থগিত ৰাখিছে । হোৱাইট হাউছে তেওঁৰ বক্তব্য নিশ্চিত কৰিছে । অৱশ্যে কানাডা আৰু চীনৰ আমদানিৰ ওপৰত আৰোপ কৰা শুল্ক অব্যাহত থাকিব ।

‘মেক্সিকোৱে সীমান্তত মোতায়েন কৰিব ১০ হাজাৰ নেশ্যনেল গাৰ্ড’

শ্বেইনবামে ছ’চিয়েল মিডিয়াত লিখিছে যে ফেণ্টানিলৰ দৰে ড্ৰাগছৰ চোৰাং কাৰবাৰ বন্ধ কৰিবলৈ মেক্সিকোৱে সীমান্তত ১০ হাজাৰ নেশ্যনেল গাৰ্ডৰ সৈন্য নিয়োগ কৰিব । ইয়াৰ লগতে আমেৰিকাই মেক্সিকোক আশ্বাস দিছে যে তেওঁলোকে দেশখনলৈ উচ্চ ক্ষমতাসম্পন্ন অস্ত্ৰ সৰবৰাহ বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । মেক্সিক’ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয় যে দুয়োখন দেশৰ মাজত নিৰাপত্তা আৰু বাণিজ্যৰ ওপৰত আলোচনা অব্যাহত থাকিব আৰু এতিয়া শুল্ক আদায় এমাহৰ বাবে পিছুৱাই দিয়া হৈছে ।

কাইলৈৰ পৰা কাৰ্যকৰী হ’ব কানাডা আৰু চীনৰ বিৰুদ্ধে শুল্ক-

অৱশ্যে কানাডা আৰু চীনৰ বিৰুদ্ধে ট্ৰাম্পে আৰোপ কৰা শুল্ক মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা । ভৱিষ্যতে আমদানিৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ট্ৰাম্পে । বাণিজ্যিক চুক্তিসমূহ স্থায়ী হ’ব নে নহয় আৰু এই শুল্কসমূহ বাণিজ্যিক যুদ্ধৰ আৰম্ভণি নেকি সেই সন্দৰ্ভত অনিশ্চয়তা অব্যাহত আছে । সোমবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সৈতে ফোনযোগে কথা পাতি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে দুয়োগৰাকী নেতাই পুনৰ ৩ বজাত কথা পাতিব ।

প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ পৰিকল্পনাও পিছুৱাই দিলে মেক্সিকোৱে-

আমেৰিকাৰ এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই কানাডা আৰু মেক্সিকোৱেও শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰিছিল । অৱশ্যে বৰ্তমান মেক্সিকোৱে এই কাম বন্ধ কৰি দিছে । কানাডাক লৈ ট্ৰাম্পে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে কানাডাত আমেৰিকাৰ বেংকক ব্যৱসায় কৰিবলৈ দিয়া নহয়, যিটো এটা ডাঙৰ বিষয় । ট্ৰাম্পে লগতে কয় যে এইটো ড্ৰাগছ যুদ্ধ আৰু মেক্সিকো আৰু কানাডাৰ পৰা আহি থকা ড্ৰাগছৰ বাবে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে ।

ট্ৰুডোৰ সৈতে ফোনত বাৰ্তালাপ কৰে ট্ৰাম্পে-

বিত্তীয় বজাৰ, ব্যৱসায়ী আৰু গ্ৰাহকে নতুন শুল্কৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে । আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ সূচকাংক হ্ৰাস পোৱাৰ ফলত ব্যৱসায়ীসকলে আশা কৰিছে যে আমদানিৰ ওপৰত শুল্কই মুদ্ৰাস্ফীতি বৃদ্ধি কৰিব পাৰে আৰু বিশ্ব বাণিজ্যত আঘাত হানিব পাৰে । কানাডা আৰু মেক্সিকোৱে অবৈধ অনুপ্ৰৱেশ আৰু ফেণ্টানিল সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে এই শুল্ক উঠাই লোৱা হ’ব বুলি ট্ৰাম্পে কয় । অৱশ্যে ইয়াৰ বাবে তেওঁ কোনো স্পষ্ট মানদণ্ড দিয়া নাই ।

ট্ৰাম্পৰ ধমকিৰ আগত শিৰনত পানামাৰ;  চীনক মোক্ষম আঘাত

ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত বিশ্ব পৰ্যায়ত অস্থিৰতা সৃষ্টি হৈছে।ট্ৰাম্পে কানাডা আৰু মেক্সিকোৰ দৰে চুবুৰীয়া দেশৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰি বিতৰ্ক সৃষ্টি কৰিছে।

চীনৰ ওপৰত ১০ শতাংশ শুল্কও আৰোপ কৰা হৈছে।কিন্তু ট্ৰাম্পৰ প্ৰচণ্ড হেঁচাত এতিয়া পানামাই চীনক বৃহৎ আঘাত দিছে।

পানামা খাল সন্দৰ্ভত ট্ৰাম্পৰ হেঁচাৰ মাজতে পানামাৰ ৰাষ্ট্ৰপতি জোছ ৰাউল মুলিনোৱে কয় তেওঁলোকৰ দেশে চীনৰ উচ্চাভিলাষী বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ (বিআৰআই) নৱীকৰণ নকৰে।

পানামা ২০১৭ চনত চীনৰ এই পৰিকল্পনাৰ সৈতে সংযুক্ত আছিল।কিন্তু এতিয়া, পানামাৰ ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ পিছত, এইটো স্পষ্ট যে পানামা শীঘ্ৰেই চীনৰ সৈতে এই পৰিকল্পনাৰ পৰা প্ৰস্থান কৰিবলৈ গৈ আছে।
ৰাষ্ট্ৰপতি মুলিনোৱে কয় যে পানামাই এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আন্তঃগাঁথনি প্ৰকল্পকে ধৰি নতুন বিনিয়োগৰ ক্ষেত্ৰত কাম কৰিব।

ৰাষ্ট্ৰপতিয়ে কৈছিল যে তেওঁৰ চৰকাৰে পানামা পোৰ্টছ কোম্পানীৰ অডিট কৰিব।এই কোম্পানীটো এটা চীনা কোম্পানীৰ সৈতে জড়িত যি পানামা খালৰ দুটা বন্দৰ পৰিচালনা কৰে।
ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই পানামাৰ ৰাষ্ট্ৰপতি মুলিনোক কৈছিল যে চীনে পানামা দখল কৰাৰ বাবে আমেৰিকাই নিজৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব।

মুলিনোৱে কৈছিল যে মই নাভাবো যে আমেৰিকা যুক্তৰাষ্ট্ৰই পানামা পুনৰ দখল কৰিবলৈ সামৰিক শক্তি ব্যৱহাৰ কৰাৰ প্ৰয়োজন হ'ব।

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আমেৰিকাই পানামাক ঘূৰাই ল’ব আৰু ইয়াৰ বাবে আমি কিছুমান ডাঙৰ পদক্ষেপ ল’বলৈ ওলাইছো।

তেওঁ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল যে পানামাই চীনক চলাই আছে কিন্তু  পানামা এই খালটো চীনক হস্তান্তৰ কৰা হোৱা নাছিল।

পানামা খাল মূৰ্খতাৰে পানামাক হস্তান্তৰ কৰা হৈছিল, কিন্তু তেওঁলোকে চুক্তি উলংঘা কৰিছিল আৰু আমি ইয়াক ঘূৰাই লমেই।ইয়াৰ বাবে কিছুমান ডাঙৰ পদক্ষেপ লোৱা হ'ব।
 
 
 
 

ট্ৰাম্পৰ শুল্কৰ সন্মুখত নতশিৰ হ’বলৈ অস্বীকাৰ…আমেৰিকাক চকু দেখুৱালে কানাডা-মেক্সিকো-চীনে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীন, কানাডা আৰু মেক্সিকোৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত তিনিওখন দেশেই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কানাডা আৰু মেক্সিকোৱে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক ঘোষণা কৰাৰ বিপৰীতে চীনে বিশ্ব ব্যৱসায় সংস্থাত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছে । কানাডা আৰু মেক্সিকোৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু চীনৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক ঘোষণা কৰিছে ট্ৰাম্পে ।

বিশ্ব ব্যৱসায় সংস্থাৰ ওচৰত অভিযোগ কৰিব চীনে-

আমেৰিকাৰ শুল্কৰ বিৰুদ্ধে বিশ্ব বাণিজ্য সংস্থাত গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰিছে চীনে । চীনৰ বাণিজ্য মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘চীনে চীনৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই অতিৰিক্ত ১০ শতাংশ শুল্ক লোৱাৰ দৃঢ় বিৰোধিতা কৰিছে আৰু তীব্ৰ নিন্দা কৰিছে । চীনে বিশ্ব ব্যৱসায় সংস্থাত গোচৰ তৰি নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে উপযুক্ত প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব ।’

কানাডাইও আৰোপ কৰিলে শুল্ক-

আনহাতে, কানাডাইও আমেৰিকাৰ শুল্কৰ প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছে আৰু ১৫৫ বিলিয়ন ডলাৰৰ আমেৰিকাৰ আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে । কানাডাৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই কথা ঘোষণা কৰিছে । ট্ৰাম্পৰ ঘোষণাৰ কিছু সময়ৰ পাছতে ট্ৰুডোৱে এটা টুইটত মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামৰ সৈতে অতি সোনকালে কথা পাতিব বুলি কয় আৰু ইতিমধ্যে তেওঁৰ মন্ত্ৰীসভাৰ সৈতে এই বিষয়ত আলোচনা কৰিছে ।

তেওঁ কয়, ‘আমি এইটো বিচৰা নাছিলো, কিন্তু কানাডা সাজু ।’ ট্ৰুডোৱে এখন সংবাদমেলত কয় যে এই শুল্কই কেইবছৰমান পূৰ্বে হোৱা মুক্ত বাণিজ্য চুক্তি উলংঘা কৰিছে । ইয়াৰ ফলত আমেৰিকাৰ জনসাধাৰণৰ বাবে গুৰুতৰ পৰিণতি হ’ব ।

মেক্সিকোৱেও দিলে উত্তৰ-

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্ক আৰোপ কৰাৰ বিপৰীতে মেক্সিকোৱেও শুল্ক আৰোপ কৰিছে । মেক্সিকান ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে শনিবাৰে কয় যে আমেৰিকাই মেক্সিকান সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত তেওঁৰ অৰ্থনীতি মন্ত্ৰীক মেক্সিকোৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে শুল্ক আৰু অশুল্ক ব্যৱস্থা আৰোপ কৰিবলৈ নিৰ্দেশ দিছে ।

শ্বেইনবামে এক্সৰ এটা পোষ্টত কয় যে তেওঁৰ চৰকাৰে আমেৰিকাৰ সৈতে সহযোগিতা আৰু আলোচনা বিচাৰে, সংঘাত নহয় । বাওঁপন্থী নেত্ৰী ক্লাউডিয়া শ্বেইনবামে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে উত্তেজনা শান্ত কৰিবলৈ বাৰে বাৰে চেষ্টা চলাইছে ।

মানৱ-ৰবটৰ মাৰাথন প্ৰতিযোগিতা ; মানুহৰ সৈতে দৌৰিব ৰবটে

চীনে পৃথিৱীৰ প্ৰথম মাৰাথন আয়োজনৰ প্ৰস্তুতি চলাই আছে য’ত মানৱ আৰু ৰবটে উভয়ে অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ এপ্ৰিলত বেইজিংৰ ডেক্সিং জিলাত অনুষ্ঠিত হ’বলগীয়া এই হাফ-মাৰাথন (২১ কিমি)ত ১২,০০০ মানৱ খেলুৱৈৰ সৈতে কমেও ডজন মানৱ ৰবটে প্ৰতিযোগিতা কৰিব।এই প্ৰতিযোগিতাত শীৰ্ষ তিনিজন দৌৰবিদে পুৰস্কাৰ লাভ কৰিব।

বেইজিং অৰ্থনৈতিক-প্ৰযুক্তিগত বিকাশ ক্ষেত্ৰ বা ই-টাউনৰ প্ৰশাসনিক সংস্থাৰ মতে, মাৰাথনৰ বাবে ৰবটসমূহ ২০ টাতকৈও অধিক কোম্পানীয়ে বিকশিত কৰিছে।

নিকায়ে কৈছিল যে দৌৰৰ বাবে একমাত্ৰ চৰ্তটো হ’ল যে ৰবটবোৰ মানুহৰ দৰে দেখিব লাগিব আৰু তেওঁলোকৰ “যান্ত্ৰিক গাঁথনি থাকিব লাগিব যি গতিকাৰ্য যেনে খোজ কঢ়া বা দুখন ভৰিৰে দৌৰা আদি যান্ত্ৰিক গাঁথনি হ’ব লাগিব আৰু সিহঁতৰ চকা থাকিব নালাগিব”।

বিবৃতিটোত কোৱা হৈছে, “ৰবটবোৰৰ উচ্চতা ০.৫ মিটাৰৰ পৰা ২ মিটাৰ আৰু কঁকালৰ গাঁঠিৰ পৰা ভৰিৰ তলুৱালৈ সৰ্বাধিক সম্প্ৰসাৰণ দূৰত্বত কমেও ০.৪৫ মিটাৰ হ’ব লাগিব।”

ইয়াৰ উপৰিও, ৰিম’ট-নিয়ন্ত্ৰিত আৰু সম্পূৰ্ণ স্বায়ত্তশাসিত নৃতাত্ত্বিক দুয়োটাই দৌৰত অংশগ্ৰহণ কৰিবলৈ যোগ্য হ’ব, আৰু অপাৰেটৰসকলৰ মাজত বেটাৰি সলনি কৰাৰ স্বাধীনতা থাকিব।

চীনৰ মূৰ্ত কৃত্ৰিম বুদ্ধিমত্তা ৰবটিক্স উদ্ভাৱন কেন্দ্ৰৰ দ্বাৰা বিকশিত এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত এজন হ’ব “তিয়ানগং”এক মানৱীয় ৰবট যি প্ৰতি ঘণ্টাত গড়ে ১০ কিলোমিটাৰ বেগত দৌৰিব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিবৰ কম্পিউটাৰ হেক; ৫০ তকৈ অধিক গুৰুত্বপূৰ্ণ ফাইল চুৰি

চীনা হেকাৰসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনৰ কম্পিউটাৰ হেক কৰিছে। জানিব পৰা মতে  চীনা হেকাৰসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেট সদস্য আৰু কোষাগাৰ সচিব জেনেট য়েলেনৰ কম্পিউটাৰৰ পৰা কমেও ৫০ টা ফাইল চুৰি কৰিছে।

চীনা হেকাৰসকলে যোৱা বছৰৰ ডিচেম্বৰত, কোষাগাৰ বিভাগৰ উপ সচিব ৱালী এডেইমোৰ কম্পিউটাৰ আৰু কাৰ্যকৰী আণ্ডাৰচেক্ৰেটৰী ব্ৰেড স্মিথৰ কম্পিউটাৰ হেক কৰিছিল।

চীনা হেকাৰসকলে ট্ৰেজাৰী সচিব আৰু কোষাগাৰ সচিব জেনেট য়েলেনৰ কম্পিউটাৰৰ পৰা প্ৰায় ৫০ টা ফাইল চুৰি কৰাৰ লগতে ট্ৰেজাৰী বিভাগৰ কাম, চোৰাংচোৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ সৈতে সম্পৰ্কিত তথ্য চুৰি কৰিছিল।

হেকাৰসকলে ট্ৰেজাৰী বিভাগৰ ৪০০ তকৈও অধিক ব্যক্তিগত কম্পিউটাৰ আৰু ব্যক্তিগত ডিভাইচত ৩০০০ তকৈও অধিক ফাইলত প্ৰৱেশ কৰিছিল।

ইয়াৰ উপৰিও, হেকাৰসকলে আমেৰিকা যুক্তৰাষ্ট্ৰত বিদেশী বিনিয়োগ সমিতিৰ সৈতে সম্পৰ্কিত তথ্যও প্ৰাপ্ত কৰিছে। সমিতিখনে বিদেশী বিনিয়োগৰ সুৰক্ষাৰ প্ৰভাৱৰ পৰ্যালোচনা কৰে।

জানিব পৰা মতে হেকাৰসকলে তৃতীয় পক্ষৰ চাইবাৰ সুৰক্ষা সেৱা প্ৰদানকাৰী বিয়ণ্ডট্ৰাষ্ট কৰ্পোৰেচন ছফ্টৱেৰ বিজুতিৰ সুবিধা লয়। চাইবাৰ সুৰক্ষা সেৱা প্ৰদানকাৰীয়ে ৮ ডিচেম্বৰত এই তথ্য দিছিল।

সংস্থাসমূহৰ অনুসন্ধানে প্ৰকাশ কৰিছে যে হেকাৰসকলৰ চীনা চৰকাৰৰ সৈতে সম্পৰ্ক আছে। তেওঁলোকে তথ্য সংগ্ৰহক অগ্ৰাধিকাৰ দিছিল আৰু ব্যৱসায়ৰ সময়ৰ পিছত অৰ্থাৎ কাৰ্যালয়ৰ সময় পৰিহাৰ কৰিবলৈ এইটো কৰিছিল।

একে সময়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগে ইয়াক এক গুৰুতৰ ঘটনা বুলি বৰ্ণনা কৰিছে আৰু কয় যে চীনা হেকাৰসকলে ডিচেম্বৰত বিভাগটোৰ কম্পিউটাৰ সুৰক্ষা ক্ষতিগ্ৰস্ত কৰিছিল। একে সময়তে, চীনৰ বিত্ত মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে কৈছে যে চীনে সদায় যিকোনো ধৰণৰ চাইবাৰ আক্ৰমণক গৰিহণা দি আহিছে।