এছ আৰৰ পিছত ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্রকাশ… ধুবুৰীত নতুন পৰিচয়েৰে ‘ডি’ ভোটাৰে নাম অন্তৰ্ভুক্ত কৰিলে ভোটাৰ তালিকাত

বিশেষ পুনৰীক্ষণৰ পিছত প্রকাশ পায় ৰাজ্যৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা ৷ ফটোযুক্ত খচৰা ভোটাৰ তালিকাত ধুবুৰীত মৃত একাংশ লোকৰ নামো সন্নিৱিষ্ট হৈছে ৷

সদ্যহতে প্রকাশ পোৱা ফটোযুক্ত খচৰা ভোটাৰ তালিকাত ধুবুৰীত মৃত একাংশ লোকৰ নামো সন্নিৱিষ্ট হৈছে ৷ আনকি বিবাহৰ পিছত আন ঠাইলৈ যোৱা বহু মহিলাৰ নাম অন্তর্ভুক্ত হৈছে খচৰা তালিকাত ৷ ভয়ংকৰ বিষয়টো হ’ল যে জিলাখনৰ বহু ‘ডি’ ভোটাৰেও নতুন নামেৰে নিজৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিছে ৷ কালি খচৰা ভোটাৰ তালিকা প্রকাশ কৰি ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে এই বিস্ফোৰক অভিযোগ কৰে ৷ ‘ডি’ ভোটাৰে কেনেকৈ তালিকাত নাম অন্তর্ভুক্ত কৰিব পাৰিলে, তাক লৈ উত্থাপিত হৈছে একাধিক অভিযোগ ৷ এইক্ষেত্রত বিএলঅ’ৰ ভূমিকা সন্দর্ভতো জিলা উপায়ুক্তক প্রশ্ণ কৰে সাংবাদিকসকলে৷ অৱশ্যে সকলো অভিযোগ পুনৰ পৰীক্ষা কৰা হ’ব বুলি জিলা আয়ুক্তই জানিবলৈ দিছে ৷

বিশেষ পুনৰীক্ষণ (এছআৰ)ৰ পিছত প্রকাশ পায় ৰাজ্যৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা ৷ হ’ম টু হ’ম প্রক্রিয়াৰ অন্তত নির্বাচন আয়োগে প্রকাশ কৰা এই খচৰা তালিকাক লৈ উত্থাপিত হৈছে একাধিক অভিযোগ ৷ কেইবাখনো জিলাত মৃত একাংশ লোকৰ নাম সন্নিৱিষ্ট হৈছে ভোটাৰ তালিকাত ৷ এয়াই নহয়, বিবাহৰ পিছত আন ঠাইলৈ যোৱা একাংশ মহিলাৰ নামো সন্নিৱিষ্ট হৈছে ভোটাৰ তালিকাত ৷ নামনি অসমৰ কেইবাখনো জিলাৰ লগতে মধ্য অসমৰো আন কেইবাখনো জিলাত উত্থাপিত এনে অভিযোগৰ মাজতে কালি প্রকাশ পোৱা খচৰা ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে ২,৫২,০২,৭৭৫ ভোটাৰ ৷

প্রকাশ পোৱা ভোটাৰ তালিকাত লক্ষণীয়ভাৱে নাম কর্তন হৈছে ৪ লাখ ৭৮ হাজাৰ ৯৯২গৰাকী ভোটাৰৰ নাম ৷ খচৰা ভোটাৰ তালিকাত ১,২৫,৭২,৫৮৩জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ’ল ১,২৬,২৮,৬৬২গৰাকী ৷ আনহাতে, অন্যান্য ভোটাৰৰ সংখ্যা হ’ল ৩৭৯গৰাকী ৷ আয়োগে প্রকাশ কৰা এই তালিকাত বাসস্থান সলনি কৰা ৫,২৩,৬৮০গৰাকী ভোটাৰক চিনাক্ত কৰাৰ বিপৰীতে কেইবাটাও স্থানত নাম থকা ৫৩,৬৯৯গৰাকী ভোটাৰক চিনাক্ত কৰা হৈছে ৷ কালি খচৰা প্রকাশৰ পাছত ভোটাৰ তালিকাত নামৰ বিসংগতি তথা অন্যান্য ভুলৰ বাবে ২২ জানুৱাৰীলৈকে দিব পাৰিব ওজৰ–আপত্তি ৷ ২ ফেব্রুৱাৰীৰ পূর্বে নিষ্পত্তি হ’ব এই আপত্তিসমূহ ৷ আনহাতে, ১০ ফেব্রুৱাৰীত প্রকাশ পাব চূড়ান্ত ভোটাৰ তালিকা৷ তালিকাৰ বিসংগতি সন্দর্ভত ১৯৫০ নম্বৰযোগেও ফোন কৰি অভিযোগ দিব পাৰিব নির্বাচন আয়োগক ৷

মন কৰিবলগীয়া যে ৰাজ্যৰ ২৯,৬৫৬গৰাকী বিএলঅ’ আৰু ২,৫৭৮গৰাকী ছুপাৰভাইজৰ, ৬১,৫৩৩গৰাকী বুথ লেভেল এজেণ্টক লৈ প্রকাশ কৰা এই খচৰা ভোটাৰ তালিকাক লৈ উত্থাপিত অভিযোগ সন্দর্ভত নির্বাচন আয়োগে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা… বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা, ৪.৮ লাখ নাম কৰ্তন

নিৰ্বাচন আয়োগে প্ৰকাশ কৰে ৰাজ্যৰ খচৰা ভোটাৰ তালিকা । নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ (SR)ৰ পিছত শনিবাৰে অসমৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে নিৰ্বাচন আয়োগে ।

অসম বিধানসভা নিৰ্বাচনলৈ মাত্ৰ আৰু কেইটামান মাহ । ইতিমধ্যেই ৰাজ্যত বলিছে নিৰ্বাচনী ঢৌ । ইয়াৰে আগজাননী দি শনিবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰে ৰাজ্যৰ খচৰা ভোটাৰ তালিকা । নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ (SR)ৰ পিছত শনিবাৰে (২৭ ডিচেম্বৰ, ২০২৫) অসমৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে নিৰ্বাচন আয়োগে । প্ৰকাশিত এই তালিকাত কৰ্তন হৈছে ৮.৮ লাখ মৃত ভোটাৰৰ নাম ।

শনিবাৰে (২৭ ডিচেম্বৰ) নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সংহত খচৰা তালিকা অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা ২ কোটি ৫১ লাখ ৯,৭৫৪ গৰাকী । এই তালিকাত ৯৩,০২১ জন ডি ভোটাৰ বা সন্দেহযুক্ত ভোটাৰ অন্তৰ্ভুক্ত নহয় । ইয়াৰ উপৰিও মৃত্যু, বিভিন্ন ঠিকনা, বা একাধিক প্ৰৱেশৰ বাবে ৪ লাখ ৭৮ হাজাৰ ৯৯২ গৰাকী মৃত  ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱা হৈছে ।

২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ চলা বিশেষ পুনৰীক্ষণৰ পিছত খচৰা তালিকা প্ৰকাশ-

২০২৫ চনৰ ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে ঘৰে ঘৰে পৰীক্ষণৰ অন্তত নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছে । ৰাজ্যৰ ভোটাৰসকলে এতিয়া ২০২৬ চনৰ ২২ জানুৱাৰীলৈকে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব, আনহাতে ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ।

অসমৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে খচৰা ভোটাৰ তালিকা-

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসমৰ ভোটাৰ তালিকাৰ পৰা মুঠ ১০.৫৬ লাখ ভোটাৰক আঁতৰোৱা হৈছে, ইয়াৰে-

৪৭৮,৯৯২ জনৰ মৃত্যুৰ কাৰণ আছিল,

ভোটাৰ বদলিৰ বাবে আছিল ৫২৩,৬৮০,

৫৩,৬১৯টা নাম একাধিক প্ৰৱেশ আৰু সংশোধনৰ বাবে চিহ্নিত কৰা হৈছিল ।

এই পৰীক্ষণ প্ৰক্ৰিয়াই সমগ্ৰ ৰাজ্যৰ ৬,১০৩,১০৩টা পৰিয়ালক সামৰি লৈছিল । ৩৫ জন জিলা নিৰ্বাচনী বিষয়া (ডি ই অ’), ১২৬ জন নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’), ১,২৬০ জন এ ই আৰ অ’, ২৯,৬৫৬ জন বুথ স্তৰৰ বিষয়া (বি এল অ’), আৰু ২,৫৭৮ জন বি এল অ’ তত্বাৱধায়ক জড়িত আছিল, আনহাতে ৰাজনৈতিক দলসমূহে প্ৰক্ৰিয়াটোত সহায় আৰু নিৰীক্ষণৰ বাবে ৬১,৫৩৩ জন বুথ পৰ্যায়ৰ এজেণ্ট (বি এল এ) নিয়োগ কৰিছিল ।

লগতে পঢ়ক : সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা… বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা