লক্ষ্ণৌৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ‘ফিক্সিং’ৰ অভিযোগ…

আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ (আৰ আৰ) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ২ ৰানত পৰাজয়ৰ বাবে চলিত ছিজনত সৃষ্টি হৈছে বিতৰ্কৰ । ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে এটা সময়ত জয়ৰ দিশে আগবাঢ়িছিল যদিও এল এছ জিৰ বেগী বলাৰ আৱেশ খানে ডেথ অভাৰত শক্তিশালী বলিঙেৰে মেচখন লক্ষ্ণৌৰ পক্ষত ঘূৰাই আনে । অৱশ্যে এই ফলাফলৰ পিছতে ৰাজস্থান ক্ৰিকেট সন্থাৰ তদৰ্থ সমিতিৰ আহ্বায়ক জয়দীপ বিহানীয়ে ৰয়েলছৰ বিৰুদ্ধে ‘মেচ ফিক্সিং’ৰ অভিযোগ উত্থাপন কৰিছে । যিয়ে ক্ৰিকেট জগতক স্তম্ভিত কৰি তুলিছে ।

এই পৰাজয়ক লৈ সন্দেহ প্ৰকাশ কৰিছে জয়দীপ বিহানীয়ে । তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে দলটোৱে নিজৰ ঘৰুৱা খেলপথাৰত এনেদৰে কেনেকৈ পৰাস্ত হ’ল । এক সাক্ষাৎকাৰত তেওঁ সোঁৱৰাই দিয়ে যে ২০১৩ চনৰ আৰম্ভণিতে ৰাজস্থানৰ একাংশ খেলুৱৈ স্পট ফিক্সিঙৰ সৈতে জড়িত আছিল আৰু দলটোৰ ইতিহাস অলপ বিতৰ্কিত হৈ পৰিছে ।

তেওঁ লগতে অভিযোগ কৰে যে ফ্ৰেঞ্চাইজিৰ মালিক ৰাজ কুন্দ্ৰাও ইয়াৰ পূৰ্বে জুৱাৰ গোচৰত ধৰা পৰিছে, আৰু ইয়াৰ বাবেই দলটোৱে দুবছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে । এইবাৰো তেওঁ বি চি চি আইক দাবী জনাইছে যে বিষয়টোৰ তদন্ত হ’ব লাগে । চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ লগতে ৰাজস্থান দলকো ২০১৬ আৰু ২০১৭ চনত দুটা চিজনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

ইয়াৰ উপৰিও জয়দীপ বিহানীয়ে অভিযোগ কৰিছে যে ৰাজস্থান ক্ৰিকেট এছ’চিয়েশ্যনক কোনো কঠিন কাৰণ নোহোৱাকৈ আই পি এল আয়োজনৰ পৰা আঁতৰাই ৰখা হৈছিল । তেওঁ কয় যে স্প’ৰ্টছ কাউন্সিল আৰু ৰাজস্থান ৰয়েলছে ছাৱাই মানসিং ষ্টেডিয়ামৰ সৈতে এছ’চিয়েশ্যনৰ কোনো চুক্তি (এম অ’ ইউ) নাই বুলি কৈ অজুহাত দেখুৱাইছে । কিন্তু প্ৰশ্ন হ’ল চুক্তি নহ’লেও তেতিয়া ক্ৰীড়া পৰিষদে প্ৰতিখন মেচৰ বাবে ধন পোৱা নাই নেকি ?

পূৰ্বৰ পৰাজয় পাহৰি প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাব কলকাতাই, শীৰ্ষত নিজৰ আধিপত্য বৰ্তাই ৰখাৰ বাবে যুঁজ দিব গুজৰাটে…

আই পি এল ২০২৫ৰ আজি অনুষ্ঠিত হ’বলগা ৩৯ সংখ্যক মেচখনত মুখামুখি হ’ব কে কে আৰ আৰু গুজৰাট । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে পূৰ্বৰ পৰাজয় পাহৰি গুজৰাট টাইটানছৰ বিৰুদ্ধে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব । কলকাতাৰ ইডেন গাৰ্ডেনত আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ । অজিংক্য ৰাহানে নেতৃত্বাধীন কে কে আৰে শেষৰখন খেলত পঞ্জাব কিংছৰ বিৰুদ্ধে পৰাস্ত হয় । ১১২ ৰানৰ সহজ বিজয় লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈছিল দলটো ।

এই পৰাজয়ৰ লগে লগে কে কে আৰ পইণ্ট টেবুলৰ সপ্তম স্থানলৈ অৱনমিত হৈছে । এই পৰ্যন্ত সাতখন খেল খেলি তিনিখনত জয় আৰু চাৰিখনত পৰাস্ত হৈছে দলটো । কে কে আৰৰ মিডল অৰ্ডাৰে সংগ্ৰাম কৰি আছে আৰু সেয়েহে দলটো সমস্যাৰ সন্মুখীন হৈছে । ৰিংকু সিং, ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল আৰু ৰমনদীপ সিঙে আশা কৰা ধৰণে বেটিং কৰাত ব্যৰ্থ হৈছে । যদি কে কে আৰ প্লে অফৰ দৌৰত থাকিব বিচাৰে তেন্তে বেটিং প্ৰদৰ্শন যথেষ্ঠ উন্নত কৰিব লাগিব ।

আনহাতে, শেষৰখন খেলত দিল্লী কেপিটেলছক পৰাস্ত কৰি পইন্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে গুজৰাট টাইটানছ । শুভমন গীলৰ নেতৃত্বত এই দলটোৱে এতিয়ালৈকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । দিল্লীৰ বিৰুদ্ধে জোছ বাটলাৰে বিস্ফোৰক বেটিং কৰে । গুজৰাটৰ বেটিং আৰু বলিং দুয়োটা বিভাগৰে প্ৰদৰ্শন শক্তিশালী আছিল । ২০২২ চনৰ চেম্পিয়ন দলটোৰ শক্তি কে কে আৰৰ তুলনাত কিছু অধিক । আজিৰ মেচত গুজৰাটে শীৰ্ষ ক্ৰমত নিজৰ আধিপত্য অব্যাহত ৰাখিবলৈ বিচাৰিব ।

লক্ষ্ণৌৰ বিৰুদ্ধে পৰাজয়ৰ পিছত কাক জগৰীয়া কৰিলে অধিনায়ক ৰিয়ান পৰাগে…?

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনতো ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে । দেওবাৰে অনুষ্ঠিত হোৱা এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ৰ হাতত ২ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজস্থান ৰয়েলছ । চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ এয়া একেৰাহে চতুৰ্থটো পৰাজয় আৰু ৮খন মেচৰ পৰা দলটোৱে মাত্ৰ ৪ পইণ্টহে লাভ কৰিছে ।

জিকিব লগা মেচ হেৰুৱালে ৰাজস্থানে-

মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰাজস্থান ৰয়েলছক ১৮১ ৰানৰ লক্ষ্য দি জয়লাভ কৰে । লক্ষ্য অনুসৰণ কৰি ৰয়েলছৰ দলটোৱে এটা সময়ত দুটা উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰি অতি শক্তিশালী স্থানত আছিল যদিও আৱেশ খানৰ তীক্ষ্ণ বলিঙৰ বাবে ৫ উইকেটত মাত্ৰ ১৭৮ ৰানহে কৰিবলৈ সক্ষম হয় । ১৮ নং অভাৰত যশস্বী জয়ছোৱাল আৰু ৰিয়ান পৰাগক আউট কৰি লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সপক্ষে খেলখন ঘূৰাই আনে আৱেশে ।

ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছনে আঘাতৰ বাবে এই মেচত খেলা নাছিল । এনে পৰিস্থিতিত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰে । অৱশ্যে ৰিয়ানেও দলটোৰ ভাগ্য সলনি কৰিব নোৱাৰিলে । লক্ষ্ণৌৰ বিৰুদ্ধে হোৱা পৰাজয়ৰ পিছতে এতিয়া ৰিয়ানে দুখ প্ৰকাশ কৰিছে । ৰিয়ানে কয় যে তেওঁ নাজানে দলটোৱে কি ভুল কৰিলে । অৱশ্যে পৰাজয়ৰ বাবে ৰিয়ানে নিজকে দোষাৰোপ কৰিছে ।

খেলৰ অন্তত ৰিয়ান পৰাগে কয়, ‘আৱেগ প্ৰকাশ কৰাটো সঁচাকৈয়ে কঠিন । আমি কি ভুল কৰিলোঁ নাজানো ৷ ১৮ বা ১৯ অভাৰলৈকে আমি মেচত আছিলো । মই নাজানো । মই নিজকে দোষ দিওঁ । আমি মেচখন ১৯ নং অভাৰত নিজেই শেষ কৰিব লাগিছিল । আমি একেলগে খেলিব লাগিব ।‘

‘শেষ অভাৰটো দুৰ্ভাগ্যজনক আছিল…’

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ইনিংছৰ শেষ অভাৰটো ৰাজস্থানৰ বাবে ভাল নাছিল বুলি ৰিয়ান পৰাগে কয়, য’ত ২৭ ৰান সংগ্ৰহ কৰিছিল লক্ষ্ণৌয়ে । ৰিয়ানে কয়, ‘শেষ অভাৰটো দুৰ্ভাগ্যজনক আছিল । মই ভাবিছিলো আমি তেওঁলোকক ১৬৫-১৭০ ত সীমাবদ্ধ কৰি ৰাখিব পাৰিলোহেঁতেন । আমি ২০ ৰান অতিৰিক্ত দিলোঁ, কিন্তু লক্ষ্যত উপনীত হ’ব লাগিছিল ।‘

কম বয়সত অভিষেক, প্ৰথম বলত ছয়… ১৪ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে গঢ়িলে বহু অভিলেখ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত শনিবাৰে ৰাজস্থান আৰু লক্ষ্ণৌৰ মাজত এখন ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হয় । এই খেলখনত লক্ষ্ণৌ দলে শেষ অভাৰত ৰাজস্থানক ২ ৰানত পৰাস্ত কৰে । কিন্তু এই মেচতকৈ বেছি বৈভৱ সূৰ্যবংশীক লৈ আলোচনা হৈছে । কিয়নো বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ১৪ বছৰ ২৩ দিন বয়সতে আই পি এলত অভিষেক ঘটায় । এতিয়া তেওঁৰ হাতত আছে আটাইতকৈ কম বয়সতে আই পি এল খেলাৰ অভিলেখ ।

১৬ বছৰ ১৫৭ দিন বয়সত আৰ চি বিৰ হৈ অভিষেক ঘটোৱা প্ৰয়াস সত্যজিৎ বৰ্মনৰ অভিলেখ ভংগ কৰিলে বৈভৱে । আনহাতে, ২০১৮ চনত পঞ্জাৱৰ হৈ অভিষেক ঘটা মুজীব উৰ ৰহমানৰ সেই সময়ত বয়স আছিল ১৭ বছৰ ১১ দিন ।

প্ৰথম বলত ছয় কোবাই সৃষ্টি কৰিলে ইতিহাস-

অৱশ্যে কেৱল কনিষ্ঠ খেলুৱৈ হোৱাৰ অভিলেখতে সন্তুষ্ট হোৱা যেন নালাগিল বৈভৱক । বেটেৰেও তেওঁ নিজৰ প্ৰভাৱ দেখুৱাইছিল । বৈভৱে আই পি এলৰ কেৰিয়াৰ আৰম্ভ কৰে এটা বিশাল ছয় কোবাই । এই কাম কৰাৰ পিছত তেওঁ এটা বিশেষ ক্লাবত যোগদান কৰিছে ।

আই পি এল কেৰিয়াৰৰ প্ৰথম বলত ছয় কোবোৱা খেলুৱৈ-

-ৰব কুইনি (আৰ আৰ)

-কেভন কুপাৰ (আৰ আৰ)

-আন্দ্ৰে ৰাছেল (কে কে আৰ)

-কাৰ্লোছ ব্ৰাথৱেইট (ডি ডি)

-অনিকেত চৌধুৰী (আৰ চি বি)

-সিদ্ধেশ লাড (এম আই)

মহেশ তীক্ষ্ণণা (চি এছ কে)

সমীৰ ৰিজভী (চি এছ কে)

বৈভৱ সূৰ্য্যবংশী (আৰ আৰ)

এই অভিলেখো বৈভৱৰ নামত-

আই পি এলৰ চুক্তি লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈৰ ভিতৰত বৈভৱ সূৰ্যবংশীৰ নাম অন্তৰ্ভুক্ত আছে । ৰাজস্থানে ১ কোটি টকাৰো অধিক ধনেৰে তেওঁক সংযোজন কৰে । ইয়াৰ উপৰিও ১৯ বছৰ অনুৰ্ধ টেষ্টত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখো বৈভৱৰ হাতত আছে । বৈভৱে ৫৮টা বলত শতক অৰ্জন কৰিছিল । ১৯ বছৰ অনুৰ্ধ এছিয়া কাপত ১৭৬ ৰান সংগ্ৰহ কৰি তেওঁ বহু খ্যাতি অৰ্জন কৰিছিল । ইয়াৰ বাহিৰেও তেওঁ ঘৰুৱা চাৰ্কিটত ট্ৰিপল চেঞ্চুৰী অৰ্জন কৰিছিল । শেহতীয়াকৈ তেওঁ নেটত জফ্ৰা আৰ্চাৰৰ সৈতেও মুখামুখি হৈছিল ।

অথলে গ’ল জয়ছোৱাল-সুৰ্যবংশীৰ পৰিশ্ৰম… লক্ষ্ণৌৰ বিৰুদ্ধে ২ ৰানত পৰাস্ত ৰাজস্থান

আই পি এলৰ দেওবাৰে অনুষ্ঠিত হোৱা এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰাজস্থান ৰয়েলছক ২ ৰানত পৰাস্ত কৰে । এই মেচখনত লক্ষ্ণৌ দলে প্ৰথমে বেটিং কৰি ১৮০ ৰান সংগ্ৰহ কৰে, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৭৮ ৰানহে কৰিবলৈ সক্ষম হয় ৰাজস্থান আৰু ২ ৰানৰ নিকট ব্যৱধানত পৰাস্ত হয় । লক্ষ্ণৌ দলৰ জয়ৰ নায়ক আৱেশ খানে ডেথ অভাৰত যশস্বী জয়ছোৱালকে ধৰি ৩ জন বেটছমেনক আউট কৰে ।

ৰাজস্থানে লাভ কৰে ১৮১ ৰানৰ লক্ষ্য-

ৰাজস্থান ৰয়েলছে ১৮১ ৰানৰ লক্ষ্য লাভ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে শক্তিশালী আৰম্ভণি কৰিছিল । আই পি এলৰ অভিষেক মেচতে বৈভৱ সূৰ্যবংশীয়ে বিস্ফোৰক শ্বট কোবাই ২০টা বলত ৩৪ ৰানৰ ইনিংছ খেলে । জয়ছোৱালৰ সৈতে বৈভৱে ৮৫ ৰানৰ বিস্ফোৰক অংশীদাৰিত্ব গঢ়ে । ফৰ্মত থকা বেটছমেন নীতিশ ৰানা এই মেচত ব্যৰ্থ হয়, তেওঁ মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি আউট হয় ।

ইয়াৰ পিছতে যশস্বী জয়ছোৱাল আৰু ৰিয়ান পৰাগে দলৰ ইনিংছক আগুৱাই নিয়াৰ দায়িত্ব লয় আৰু ৬২ ৰানৰ অংশীদাৰিত্বৰে ৰাজস্থানৰ জয়ৰ আশাক ডেউকা দিয়ে । ইয়াৰ মাজতে ২টা উইকেটৰ পতন ঘটাত মেচখনৰ ফলাফল সলনি হয় । জয়ছোৱালে ৭৪ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে ৰিয়ান পৰাগে ৩৯ ৰান সংগ্ৰহ কৰি আউট হয় । মাত্ৰ ৫ ৰানৰ ব্যৱধানত জয়ছোৱাল আৰু পৰাগৰ উইকেটৰ পতন ঘটে ।

মেচৰ গতি সলনি কৰে আবেশ খানে-

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ জয়ৰ প্ৰকৃত নায়ক আছিল ডেথ অভাৰত ৩টা উইকেট দখল কৰা আৱেশ খান । মেচখনৰ গতি সলনি হয় যেতিয়া ৰাজস্থানৰ ইনিংছৰ ১৮ অভাৰত আৱেশে ২টা উইকেট দখল কৰে । তেওঁ অভাৰৰ প্ৰথম বলত যশস্বী জয়ছোৱালক ৭৪ ৰানত আউট কৰে আৰু একেটা অভাৰৰ অন্তিম বলত ৰিয়ান পৰাগৰ উইকেট দখল কৰে । তদুপৰি ইনিংছৰ ২০ অভাৰত বলিং কৰে আৱেশ খানে । শ্বিমৰন হেটমায়াৰ তেতিয়াও ৰাজস্থানৰ আশা আছিল যদিও আভেশ খানে ১২ ৰানত তেওঁক পেভিলিয়নৰ বাট দেখুৱাই ।

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ শক্তিশালী অভিষেক-

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে এইখন খেলত ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে আই পি এলত অভিষেক ঘটায় । ইয়াৰ উপৰিও তেওঁ আই পি এলৰ ইতিহাসত অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে । অভিষেকৰ সময়ত তেওঁ ২০টা বলত ৩৪ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ ২টা চাৰি আৰু ৩টা ছয় কোবাই ।

জোছ বাটলাৰৰ ধুমুহাত বিধ্বস্ত দিল্লী কেপিটেলছ… গুজৰাট টাইটানছৰ দৰ্শনীয় জয়

আজি অনুষ্ঠিত হোৱা আই পি এলৰ এখন মেচত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা এই মেচখনত প্ৰথমে বেটিং কৰি ২০৩ ৰান সংগ্ৰহ কৰে দিল্লীয়ে । ইয়াৰ প্ৰত্যুত্তৰত ১৯.২ অভাৰত ৭ উইকেট বাকী থকা অৱস্থাত গুজৰাটে মেচখনত বিজয় সাব্যস্ত কৰে । এয়া প্ৰথমবাৰৰ বাবে আই পি এলৰ এখন খেলত দুশৰো অধিক ৰান সংগ্ৰহ কৰি দিল্লীয়ে লক্ষ্য ৰক্ষা কৰাত ব্যৰ্থ হয় ।

গুজৰাট টাইটানছে ঘৰুৱা খেলপথাৰত ২০৪ ৰানৰ বিশাল লক্ষ্য লাভ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে গুজৰাটৰ আৰম্ভণি দুৰ্বল আছিল কিয়নো অধিনায়ক শুভমন গীল মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি আউট হয় । এই মেচখনত ৩৬ ৰানৰ ইনিংছ খেলা সাই সুদৰ্শনেও অৰেঞ্জ কেপ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে । সুদৰ্শন আউট হোৱাৰ লগে লগে গুজৰাটে ৭৪ ৰান সংগ্ৰহ কৰি দ্বিতীয়টো উইকেট হেৰুৱাই । গুজৰাটক জয়ী হ’বলৈ তেতিয়াও ১৩০ ৰানৰ প্ৰয়োজন আছিল ।

গুজৰাটে সৃষ্টি কৰিলে ইতিহাস-

আই পি এলৰ ইতিহাসত যেতিয়াই দিল্লী কেপিটেলছে প্ৰথমে বেটিং কৰি ২০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছে তেতিয়াই প্ৰতিখন মেচতে লক্ষ্য ৰক্ষা কৰি আহিছে । আজিৰ গুজৰাটৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে দিল্লীয়ে ১৩ বাৰ এই অভিলেখ গঢ়িছে । কিন্তু আই পি এলত দিল্লীৰ বিৰুদ্ধে দুশৰো অধিক ৰানৰ লক্ষ্য সফলতাৰে অৰ্জন কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে গুজৰাট টাইটানছ ।

জোছ বাটলাৰ বিস্ফোৰক বেটিং-

গুজৰাট টাইটানছে ৭৪ ৰান সংগ্ৰহ কৰি ২ উইকেট হেৰুৱাই শলঠেকত পৰাৰ পিছত জোছ বাটলাৰ আৰু শ্বাৰফান ৰাদাৰফোৰ্ডে দলৰ দায়িত্ব লৈ গুজৰাটক জয়ৰ ওচৰলৈ লৈ যায় । লক্ষ্যত উপনীত হোৱাৰ পূর্বে ৰাদাৰফোর্ডে ৪৩ ৰানত আউট হয় যদিও তাৰ পাছত ৰাহুল তেৱাটিয়াৰ ছয়ৰে গুজৰাটে জয়লাভ কৰে ।

গুজৰাটৰ অন্তিম অভাৰত জয়ী হ’বলৈ ১০ ৰানৰ প্ৰয়োজন হৈছিল আৰু মিচেল ষ্টাৰ্কে বলিং কৰি আছিল । শেষৰখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছুপাৰ অভাৰত দিল্লীক জয়ৰ নেতৃত্ব দিছিল ষ্টাৰ্কে । কিন্তু ৰাহুল তেৱাতিয়াই শেষৰ অভাৰৰ প্ৰথম বলত ছয় মাৰি দ্বিতীয় বলত চাৰিৰে গুজৰাটৰ জয় নিশ্চিত কৰে । ৯৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতি আহে জোছ বাটলাৰ ।

আই পি এলৰ ইতিহাসত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অৰ্জন কৰা এয়া দ্বিতীয় সৰ্বাধিক সফল ৰান চেজ । ২০২৩ চনত গুজৰাটৰ বিৰুদ্ধে ২০৬ ৰানৰ লক্ষ্য খেদি এই খেলপথাৰত সৰ্বাধিক লক্ষ্য সফলতাৰে অনুসৰণ কৰাৰ অভিলেখ কে কে আৰৰ হাতত আছে । এতিয়া এই তালিকাত গুজৰাটে দ্বিতীয় স্থান লাভ কৰিছে । একে সময়তে আৰ চি বি য়েও নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দুশৰো অধিক লক্ষ্য অনুসৰণ কৰি সফলতা লাভ কৰিছে ।

কোটি টকাত বিক্ৰী, প্ৰদৰ্শন এতিয়ালৈকে শূন্য… শোচনীয় প্ৰদৰ্শনেৰে হতাশ কৰা আই পি এল ২০২৫ৰ ৫ গৰাকী খেলুৱৈ

আই পি এল ২০২৫ৰ যাত্ৰা আগবাঢ়ি যোৱাৰ লগে লগে ইয়াৰ উত্তেজনাও বাঢ়িছে । বহু খেলুৱৈয়ে এই ছিজনত নিজৰ প্ৰদৰ্শনেৰে অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিছে । কিন্তু এনে বহু খেলুৱৈ আছে যিসকলে ভাল প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰা হৈছিল যদিও বিপুল পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী হোৱাৰ পিছতো এতিয়ালৈকে তেওঁলোকৰ প্ৰদৰ্শন দুৰ্বল । এনে ৫ জন খেলুৱৈৰ কথা জানক, যাৰ ওপৰত ফ্ৰেঞ্চাইজিসমূহে কোটি কোটি টকা খৰছ কৰিছিল যদিও তেওঁলোকৰ প্ৰদৰ্শন প্ৰশ্নৰ আৱৰ্তত ৰৈ গৈছে ।

ভেংকটেশ আয়াৰ-

কলকাতা নাইট ৰাইডাৰ্ছে ভেংকটেশ আয়াৰক ২৩.৭৫ কোটি টকাৰ মোটা অংকত তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছিল । কিন্তু আয়াৰৰ বেটৰ পৰা এতিয়ালৈকে খেলা ৭খন মেচত গড়ে ২৪.৫ আৰু ষ্ট্ৰাইক ৰেট ১৫৫.০৫ত মাত্ৰ ১২১ ৰানহে আহিছে । তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ২৯টা বলত ৬০ ৰানৰ ইনিংছ, য’ত তেওঁ ৭টা চাৰি আৰু তিনিটা ছয় কোবাইছিল । চলিত ছিজনত আয়াৰৰ বেটখন নিমাত হৈ আছে ।

ঋষভ পন্ট-

২৭ কোটি টকাৰে আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা ঋষভ পন্টৰ প্ৰদৰ্শন চলিত ছিজনত অতি শোচনীয় । ৭খন মেচত তেওঁ ১৭.১৭ গড়ে ১০৩ ৰান আৰু ১০০ৰ অলপ বেছি ষ্ট্ৰাইক ৰেট লাভ কৰিছে । তেওঁৰ একমাত্ৰ উল্লেখযোগ্য অৱদান চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৬৩ ৰানৰ ইনিংছৰ ৰূপত আছিল, যত দলটো পৰাস্ত হৈছিল । লগতে তেওঁৰ অধিনায়কত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে ।

গ্লেন মেক্সৱেল-

আই পি এলত গ্লেন মেক্সৱেলৰ প্ৰদৰ্শন সদায়ে বিস্ফোৰক হৈ আহিছে । এই কাৰণেই দলসমূহে তেওঁক নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰে । পঞ্জাব কিংছে ৪.২ কোটি টকাত মেক্সৱেলক ধৰি ৰাখিছে । কিন্তু এতিয়ালৈকে খেলা ৬খন মেচত মেক্সৱেলৰ বেটৰ পৰা মাত্ৰ ৪১ ৰানহে আহিছে । তেওঁৰ গড় ৮.২০ । ডাঙৰ ডাঙৰ চাৰি আৰু ছয় কোবোৱাৰ বাবে বিখ্যাত মেক্সৱেলে এই ছিজনত মাত্ৰ ৪টা চাৰি আৰু এটা ছয়হে আঘাত কৰিছে ।

ৰোহিত শৰ্মা-

আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ পৰিচয় ৰোহিত শৰ্মা । তেওঁ নেতৃত্বত এই দলটোক ৫ বাৰ খিতাপ দখল কৰিছে । কিন্তু ১৬ কোটিৰো অধিক ধন লোৱা ৰোহিত শৰ্মাৰ বাবে এই ছিজনটো এক দুঃস্বপ্নৰ দৰে । এই পৰ্যন্ত খেলা ৬ খন খেলত ৰোহিত শৰ্মাই মাত্ৰ ৮২ ৰানহে কৰিছে । তেওঁৰ সৰ্বোচ্চ স্ক’ৰ মাত্ৰ ২৬ ৰান । ৰোহিত শৰ্মাৰ এই প্ৰদৰ্শনৰ বাবে মুম্বাইৰ সমস্যা বৃদ্ধি পাইছে । ৭খন খেলৰ ভিতৰত ৪খন খেলতে পৰাজয়ৰ সন্মুখীন হৈছে মুম্বাই ।

মাৰ্কাছ ষ্টয়নিছ-

মাৰ্কাছ ষ্টয়নিছক পাঞ্জাব কিংছে ১১ কোটি টকাত ক্ৰয় কৰিছিল । এই ছিজনটোত তেওঁ এতিয়ালৈকে উন্নত প্ৰদৰ্শন আগবঢ়াব পৰা নাই । ৬ খন মেচত মাত্ৰ ৬৬ ৰানহে কৰিবলৈ সক্ষম হৈছে তেওঁ । ষ্টয়নিছৰ আটাইতকৈ বিস্ফোৰক ইনিংছ আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে, য’ত তেওঁ মাত্ৰ ১১টা বলত ৩৪ ৰান সংগ্ৰহ কৰিছিল, য’ত শেষৰ অভাৰত একেৰাহে চাৰিটা ছয়ো আছিল । বলিংতো তেওঁ ব্যৰ্থ হোৱা দেখা গৈছে । তেওঁৰ সকলো মেচতে কোনো উইকেট দখল কৰিবলৈ সক্ষম হোৱা নাই ।

আই পি এলৰ মাজতে বি চি চি আইৰ ডাঙৰ পদক্ষেপ… প্ৰশিক্ষককে ধৰি ৩ জন লোকক অপসাৰণ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ হতাশাজনক প্ৰদৰ্শনৰ পাছত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । বি চি চি আইয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দলৰ সহায়ক কৰ্মচাৰীৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন কৰিছে । বি চি চি আইয়ে ভাৰতীয় দলৰ পৰা ৪ জন কৰ্মচাৰীক অপসাৰণ কৰিছে, য’ত আছে সহকাৰী প্ৰশিক্ষক, ফিল্ডিং প্ৰশিক্ষক, শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক আৰু এজন মাচাজাৰ ।

আটাইতকৈ ডাঙৰ কথাটো হ’ল মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ ঘনিষ্ঠ সহযোগী অভিষেক নায়াৰকো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । অভিষেক নায়াৰ কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ দিনৰে পৰা গৌতম গম্ভীৰৰ সৈতে জড়িত আছিল । গম্ভীৰ যেতিয়া টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হৈছিল তেতিয়া অভিষেক নায়াৰকো সহায়ক কৰ্মচাৰীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল । অভিষেক নায়াৰে দলত সহকাৰী প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আছিল । ২০২৪ চনৰ ২৪ জুলাইত অভিষেক নায়াৰক টিম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল ।

অভিষেক নায়াৰৰ উপৰিও ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষক সোহম দেশাইকো টিম ইণ্ডিয়াৰ সহায়ক কৰ্মচাৰীৰ পৰা আঁতৰোৱা হৈছে । একে সময়তে এজন মাচাজাৰ (ফিজিঅ’ চাপৰ্ট ষ্টাফ)কো আঁতৰোৱা হৈছে । অৱশ্যে এই মাচাজাৰগৰাকীৰ নাম প্ৰকাশ পোৱা নাই ।

প্ৰশিক্ষক কৰ্মচাৰীৰ মাজত আধিপত্য আছিল গম্ভীৰৰ-

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত ৰাহুল দ্ৰাবিড়ৰ মুখ্য প্ৰশিক্ষকৰ কাৰ্যকাল শেষ হয় । তাৰ পিছত ২০২৪ চনৰ ৯ জুলাইত গৌতম গম্ভীৰক ভাৰতৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয় । প্ৰাক্তন ভাৰতীয় তাৰকাগৰাকীয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা নিজৰ প্ৰশিক্ষক কৰ্মচাৰীৰ এটা ডাঙৰ অংশক লৈছিল, য’ত অভিষেক নায়াৰ, ৰিয়ান টেন ড’শ্বেট আৰু মৰ্ণে মৰ্কেল আছিল (লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ গম্ভীৰ মেন্টৰ আছিল তেতিয়া মৰ্কেল বলিং প্ৰশিক্ষক আছিল)।

টিম ইণ্ডিয়াৰ সহায়ক কৰ্মচাৰীত এতিয়া কোন আছে ?

নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ০-৩ ব্যৱধানত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত অষ্ট্ৰেলিয়াত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতে সংগ্ৰাম কৰিব লগা হৈছিল । ইয়াৰ পিছতে বি চি চি আইয়ে চলিত বৰ্ষৰ আৰম্ভণিতে এন চি এ আৰু ইণ্ডিয়া এৰ প্ৰশিক্ষক সীতানু কোটকক বগা বলৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে । ইংলেণ্ডৰ বিৰুদ্ধে খেলা ছিৰিজত টিম ইণ্ডিয়াৰ সৈতে জড়িত আছিল কোটাক ।

প্ৰাৰম্ভিক বিপৰ্যয়ৰ মাজতো গম্ভীৰ আৰু তেওঁৰ প্ৰশিক্ষক দলে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি ভাৰতক চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে । বিজয়ী অভিযানৰ সময়ত নায়াৰ, টেন ড’শ্বেট, মৰ্কেল, দিলীপ আৰু কোটাক আটাইকেইজনেই আছিল সহায়ক কৰ্মচাৰীৰ মূল সদস্য । ভাৰতীয় দলৰ সৈতে নায়াৰৰ কাৰ্যকাল শেষ হ’ল যদিও বাকী খেলুৱৈসকলে এতিয়াও দলত থাকিব আৰু পূৰ্বৰ সতীৰ্থৰ স্থান ল’ব ।

২০ জুনৰ পূৰ্বে টিম ইণ্ডিয়াৰ নতুন কৰ্মচাৰী উপলব্ধ হ’ব-

২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলাৰ পূৰ্বে ভাৰতীয় দলটোৱে নতুন সহায়ক কৰ্মচাৰী লাভ কৰিব পাৰে । ভাৰতৰ পৰৱৰ্তী প্ৰত্যাহ্বান হ’ব ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলা, য’ত অভিষেক নায়াৰ আৰু টি দিলীপৰ ঠাইত বি চি চি আইয়ে কাক আনিব সেয়া লক্ষ্যণীয় হ’ব ।

২০২২ৰ পিছত প্ৰথমবাৰৰ বাবে আই পি এলত ছুপাৰ অভাৰৰ ৰোমাঞ্চ, ৰাজস্থানক পৰাস্ত কৰি শীৰ্ষত দিল্লী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৩২ সংখ্যক মেচত ছুপাৰ অভাৰৰ ৰোমাঞ্চত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে দিল্লী কেপিটেলছে । এই খেলখন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । চলিত ছিজনৰ এয়া আছিল প্ৰথম ছুপাৰ অভাৰ ।

এই মেচখনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । দুয়োটা দলে মূল একাদশত কোনো পৰিৱৰ্তন নঘটোৱাকৈ খেলপথাৰত প্ৰৱেশ কৰে । প্ৰথমে বেটিং কৰি দিল্লীয়ে ১৮৮ ৰান সংগ্ৰহ কৰে । অভিষেক পোৰেলে ৪৯ ৰান সংগ্ৰহ কৰে । ৰাজস্থানে জয়ী হ’বলৈ ১৮৯ ৰানৰ লক্ষ্য লাভ কৰে । কিন্তু দলটোৱে ১৮৮ ৰানহে কৰিবলৈ সক্ষম হয় । শেষ অভাৰত ৰাজস্থানক জয়ী হ’বলৈ ৯ ৰানৰ প্ৰয়োজন হৈছিল । কিন্তু ষ্টাৰ্কে ৰাজস্থানৰ বেটছমেনক শক্তিশালী বলিঙেৰে বান্ধি ৰাখে । অৱশেষত মেচখন ছুপাৰ অভাৰলৈ যায় । এই ছুপাৰ অভাৰত ৰাজস্থানে প্ৰথমে বেটিং কৰি ১১ ৰান সংগ্ৰহ কৰে । এই লক্ষ্যত দিল্লীয়ে মাত্ৰ ৪টা বলতে উপনীত হয় ।

ছুপাৰ অভাৰৰ ৰোমাঞ্চ-

ছুপাৰ অভাৰত প্ৰথমে বেটিং কৰিবলৈ আহিছিল ৰাজস্থান । বলিঙৰ দায়িত্ব আছিল ষ্টাৰ্কৰ । হেটমায়াৰ আৰু ৰিয়ান পৰাগ বেটিং কৰিবলৈ আহিছিল । ছুপাৰ অভাৰৰ প্ৰথম বলটোত কোনো ৰান সংগ্ৰহ কৰিব পৰা নাছিল ৰাজস্থান । দ্বিতীয় বলত হেটমায়াৰে এটা চাৰি আঘাত কৰে । তৃতীয় বলত হেটমায়াৰে এটা ৰান লাভ কৰে । চতুৰ্থ বলত ৰিয়ান পৰাগে চাৰি কোবাই । এইটো আছিল ন’ বল । ফ্ৰী হিটত ৰান আউট হয় পৰাগ । ৫ম বলত দ্বিতীয়বাৰ ৰান ল’বলৈ চেষ্টা কৰোঁতে হেটমায়াৰ আউট হয় । এইদৰে ৰাজস্থান দলে মাত্ৰ ১১ ৰানহে কৰিবলৈ সক্ষম হয় ।

ছুপাৰ অভাৰত দিল্লীৰ বেটিং-

যেতিয়া দিল্লীয়ে ১২ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে খেলপথাৰত নামিছিল,  তেতিয়া ষ্টাবছ আৰু কে এল ৰাহুলে ইনিংছ আৰম্ভ কৰিছিল । বলিঙৰ দায়িত্বত আছিল সন্দীপ শৰ্মা । প্ৰথম বলত কে এল ৰাহুলে ২ ৰান লয় । দ্বিতীয় বলত কে এল ৰাহুলে এটা চাৰি কোবাই । তৃতীয় বলত কে এল ৰাহুলে এটা ৰান লয় । ইয়াৰ পিছত ৩টা বলত ৫ ৰানৰ প্ৰয়োজন হৈছিল দিল্লীক । চতুৰ্থ বলত এটা ছয় কোবাই মেচখন ষ্টাবছে দিল্লীক জয়ৰ সোৱাদ দিয়ে ।