কাবাডী বিশ্বকাপৰ খিতাপ জয় ভাৰতীয় মহিলা দলৰ

কাবাডী বিশ্বকাপ জয় ভাৰতীয় মহিলা দলৰ

ভাৰতীয় মহিলা কাবাডী দলে সোমবাৰে কাবাডী বিশ্বকাপৰ ফাইনেলত চীনা টাইপেইক ৩৫-২৮ ব্যৱধানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰে । সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতে উৎকৃষ্ট ফৰ্ম প্ৰদৰ্শন কৰে । দলটোৱে গ্ৰুপ পৰ্যায়ৰ সকলো খেলতে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে, য’ত ইৰাণক ৩৩-২১ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । চীনা টাইপেই নিজৰ গ্ৰুপত অপৰাজিত হৈ থাকি ছেমি ফাইনেলত আয়োজক বাংলাদেশক ২৫-১৮ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মহিলা কাবাডী দলটোক এই ঐতিহাসিক জয়ৰ বাবে অভিনন্দন জনায় । তেওঁ সামাজিক মাধ্যমত লিখিছে, “কাবাডী বিশ্বকাপ ২০২৫ জয় কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে আমাৰ ভাৰতীয় মহিলা কাবাডী দললৈ অভিনন্দন !”

লগতে পঢ়ক : শৃংখলা হেৰুওৱাৰ দিশে ভাৰতীয় দল; বলিঙৰ পিছত বেটিঙতো শোচনীয় প্ৰদৰ্শন