কাবাডী বিশ্বকাপৰ খিতাপ জয় ভাৰতীয় মহিলা দলৰ

কাবাডী বিশ্বকাপৰ খিতাপ জয় ভাৰতীয় মহিলা দলৰ

কাবাডী বিশ্বকাপ জয় ভাৰতীয় মহিলা দলৰ ভাৰতীয় মহিলা কাবাডী দলে সোমবাৰে কাবাডী বিশ্বকাপৰ ফাইনেলত চীনা টাইপেইক ৩৫-২৮ ব্যৱধানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰে । সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতে উৎকৃষ্ট ফৰ্ম প্ৰদৰ্শন কৰে । দলটোৱে গ্ৰুপ পৰ্যায়ৰ সকলো খেলতে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ

কাবাডী বিশ্বকাপ জয় ভাৰতীয় মহিলা দলৰ

ভাৰতীয় মহিলা কাবাডী দলে সোমবাৰে কাবাডী বিশ্বকাপৰ ফাইনেলত চীনা টাইপেইক ৩৫-২৮ ব্যৱধানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰে । সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতে উৎকৃষ্ট ফৰ্ম প্ৰদৰ্শন কৰে । দলটোৱে গ্ৰুপ পৰ্যায়ৰ সকলো খেলতে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে, য’ত ইৰাণক ৩৩-২১ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । চীনা টাইপেই নিজৰ গ্ৰুপত অপৰাজিত হৈ থাকি ছেমি ফাইনেলত আয়োজক বাংলাদেশক ২৫-১৮ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মহিলা কাবাডী দলটোক এই ঐতিহাসিক জয়ৰ বাবে অভিনন্দন জনায় । তেওঁ সামাজিক মাধ্যমত লিখিছে, “কাবাডী বিশ্বকাপ ২০২৫ জয় কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে আমাৰ ভাৰতীয় মহিলা কাবাডী দললৈ অভিনন্দন !”

লগতে পঢ়ক : শৃংখলা হেৰুওৱাৰ দিশে ভাৰতীয় দল; বলিঙৰ পিছত বেটিঙতো শোচনীয় প্ৰদৰ্শন

শেহতীয়া প্ৰৱন্ধসমূহ