ওছমান হাদীৰ মৃত্যুৰ পিছতে জ্বলিছে বাংলাদেশ;দুটাকৈ সংবাদ প্ৰতিষ্ঠানত অগ্নি সংযোগ  

বাংলাদেশৰ বহু চহৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে।ইনকলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছতে জ্বলিছে বাংলাদেশ।

বাংলাদেশৰ ৰাজধানী ঢাকাত পুনৰবাৰ পৰিস্থিতি উত্তেজিত হৈ পৰিছে।সমাজ কৰ্মী তথা ইনকলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান বিন হাদীৰ মৃত্যুৰ পিছতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে।

দেশৰ দুখন প্ৰধান বাতৰি কাকত প্ৰথম আলো আৰু ডেইলী ষ্টাৰৰ কাৰ্যালয়ত ক্ষুব্ধ লোকে আক্ৰমণ কৰে।ইয়াৰ সমান্তৰালকৈ চট্টগ্ৰামত ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ বাহিৰতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদকাৰীয়ে।

ইফালে, দেশত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত ঢাকাত ৰাজ্যিক পৰ্যায়ৰ বৈঠক আহ্বান কৰিছে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে।ছিংগাপুৰত ওছমান হাদীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত হাজাৰ হাজাৰ লোকে ছাহাবাদ চৌহদত সমবেত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰতিবাদকাৰীসকলে কৰ্তৃপক্ষই হাদীক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰে, আৰু তাৰ কিছু সময়ৰ পিছতেই বিক্ষোভ দ্ৰুতগতিত হিংসাত্মক ৰূপ লয়।

প্ৰতিবাদকাৰীসকলে প্ৰথমে কাৰৱান বজাৰত অৱস্থিত প্ৰথম আলোৰ কাৰ্যালয়ত আক্ৰমণ চলায়,য’ত প্ৰতিবাদকাৰীয়ে কেইবাটাও মহলা ভাঙি পেলায়,আচবাব আৰু নথি-পত্ৰ উলিয়াই অগ্নি সংযোগ কৰে।

ইয়াৰ পিছতে বৃহস্পতিবাৰে নিশা প্ৰতিবাদকাৰীসকল চট্টগংস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত সমবেত হয় আৰু কাৰ্যালয়লৈ শিলগুটি নিক্ষেপ কৰিলে।প্ৰতিবাদকাৰীয়ে ভাৰত বিৰোধী আৰু আৱামী লীগ বিৰোধী শ্লোগানো দিয়ে।  

দৰাচলতে,যোৱা ১২ ডিচেম্বৰত ঢাকাৰ বিজয়নগৰ অঞ্চলত প্ৰচাৰ চলাই থকা অৱস্থাত অজ্ঞাত আক্ৰমণকাৰীয়ে হাদীৰ মূৰত গুলীচালনা কৰিছিল।

তেওঁক প্ৰথমে সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে ঢাকাত ভৰ্তি কৰোৱা হৈছিল যদিও ১৫ ডিচেম্বৰত এয়াৰ এম্বুলেন্সেৰে ছিংগাপুৰলৈ প্ৰেৰণ কৰা হয়।

কিন্তু ছিংগাপুৰৰ জেনেৰেল হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।হাদীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয় আৰু ছিংগাপুৰৰ বিষয়াই।

লগতে পঢ়ক: শ্বেখ হাছিনাৰ বিৰুদ্ধে হিংসাত্মক আন্দোলনৰ নেতা ওছমান হাদীৰ মৃত্যু…