শ্বেখ হাছিনাৰ বিৰুদ্ধে হিংসাত্মক আন্দোলনৰ নেতা ওছমান হাদীৰ মৃত্যু...

শ্বেখ হাছিনাৰ বিৰুদ্ধে হিংসাত্মক আন্দোলনৰ নেতা ওছমান হাদীৰ মৃত্যু…

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে হিংসাত্মক আন্দোলনৰ সূচনা কৰা বাংলাদেশৰ বিৰোধী নেতা ওছমান হাদীৰ মৃত্যু। যোৱা বছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে হিংসাত্মক আন্দোলনৰ সূচনা কৰা বাংলাদেশৰ বিৰোধী নেতা ওছমান হাদীৰ বৃহস্পতিবাৰে মৃত্যু হয়।কিছুদিন পূৰ্বে ওছমান হাদীক গুলী চালনা কৰিছিল,য’ত তেওঁ আহত হৈছিল। আজি চিকিৎসাৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে হিংসাত্মক আন্দোলনৰ সূচনা কৰা বাংলাদেশৰ বিৰোধী নেতা ওছমান হাদীৰ মৃত্যু।

যোৱা বছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে হিংসাত্মক আন্দোলনৰ সূচনা কৰা বাংলাদেশৰ বিৰোধী নেতা ওছমান হাদীৰ বৃহস্পতিবাৰে মৃত্যু হয়।কিছুদিন পূৰ্বে ওছমান হাদীক গুলী চালনা কৰিছিল,য’ত তেওঁ আহত হৈছিল। আজি চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

ইনকলাব মঞ্চৰ মুখপাত্ৰ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মূল বিৰোধী শ্বৰীফ ওছমান হাদীৰ ছিংগাপুৰৰ এখন সাধাৰণ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল,য’ত তেওঁৰ আজি মৃত্যু হয়।

ইনকলাব মঞ্চই ফেচবুক পোষ্টৰ জৰিয়তে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে।যোৱা ১২ ডিচেম্বৰত ঢাকাৰ পুৰাণ পল্টন অঞ্চলত দিনৰ পোহৰত মটৰ চাইকেল আৰোহীয়ে তেওঁক গুলীচালনা কৰিছিল।

সেই সময়ত তেওঁ বেটাৰী চালিত ৰিক্সাত প্ৰচাৰ চলাই আছিল। গুলীটো তেওঁৰ মূৰত লাগিছিল আৰু অৱস্থা সংকটজনক হৈ পৰিছিল।তেওঁক প্ৰথমে ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল,য’ত তেওঁক লাইফ চাপৰ্টত ৰখা হৈছিল।

শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত কৰা ২০২৪ চনৰ জুলাই মাহত হোৱা বিদ্ৰোহ (ছাত্ৰ আন্দোলন)ৰ অন্যতম বিশিষ্ট মুখ আছিল ৩৪ বছৰীয়া শ্বৰীফ ওছমান হাদী।

তেওঁ ইনকলাব মঞ্চৰ মুখপাত্ৰ আছিল, যিটো আৱামি লীগ ভংগ কৰি হাছিনাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ দাবীত সোঁপন্থী ইছলামিক সংগঠন।

লগতে পঢ়ক: শান্তি আলোচনা বিপথে গ’লে দখল কৰা হ’ব ইউক্ৰেইন… পুটিনৰ হংকাৰ

শেহতীয়া প্ৰৱন্ধসমূহ