এতিয়াৰে পৰা NIA এ কৰিব বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তদন্ত…

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা অৰ্থাৎ NIA এ এতিয়াৰে পৰা কৰিব বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তদন্ত

কিছুদিনৰ পৰা ভাৰতত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা চলি আছে।২০২৫ চনৰ এপ্ৰিল মাহত দিল্লী আৰক্ষীৰ বিশেষ কোষে অবৈধ বাংলাদেশী অনুপ্ৰৱেশ সন্দৰ্ভত এফআইআৰ ৰুজু কৰিছিল।

এতিয়া ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা অৰ্থাৎ NIA এই গোচৰৰ তদন্তত প্ৰৱেশ কৰিছে। জানিব পৰা মতে,অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ সৈতে জড়িত ছিণ্ডিকেটৰ তদন্ত এতিয়া NIAৰ হাতত অৰ্পণ কৰা হৈছে।দিল্লী আৰক্ষীৰ কেইবামাহো ধৰি তদন্তৰ অন্তত এই গোচৰটো NIAলৈ হস্তান্তৰ কৰা হৈছে।

দিল্লী আৰক্ষীৰ বিশেষ কোষে ২০২৫ চনৰ এপ্ৰিল মাহত এফআইআৰ ৰুজু কৰিছিল। আৰক্ষীয়ে ৰুজু কৰা এফআইআৰত অপৰাধমূলক ষড়যন্ত্ৰৰ সৈতে জড়িত গুৰুতৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে।

এই গোচৰত ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে এতিয়ালৈকে এক ডজনৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।আৰক্ষীৰ হাতত ধৰা পৰা এই অভিযুক্তসকলে সীমান্তত অনুপ্ৰৱেশ কৰি ভুৱা আধাৰ-ভোটাৰ আইডি বনোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই পৰ্যন্ত আৰক্ষীয়ে চলোৱা তদন্তত ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ পৰা কেইবাটাও নেটৱৰ্ক চলোৱাৰ কথা পোহৰলৈ আহিছে।

ইয়াৰ পিছত এফআইআৰত জালিয়াতি আৰু বিদেশী আইনৰ ধাৰা সংযোজন কৰা হয়।এতিয়া এন আই এ সমগ্ৰ ছিণ্ডিকেট আৰু ধনৰ ট্ৰেইলৰ তদন্ত কৰিব।এই গোচৰত এন আই এ ৰ দ্বাৰা নতুন এফ আই আৰ পঞ্জীয়ন হোৱাৰ সম্ভাৱনা আছে।  

লগতে পঢ়ক: ‘বৰ অসম গঢ়িবলৈ ৰেজাউল কৰিমৰ প্ৰয়োজন নাই’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য