NCRT ৰ গ্ৰন্থক লৈ বিতৰ্ক; ‘ ন্যায়পালিকাৰ দুৰ্নীতি’ সম্পৰ্কীয় অধ্যায়ৰ সন্দৰ্ভত CJI ৰ তীব্ৰ অসন্তুষ্টি

NCRT ৰ অষ্টম শ্ৰেণীৰ গ্ৰন্থত ন্যায়পালিকাৰ সৈতে জড়িত কথিত ‘দুৰ্নীতি’ৰ বিষয়বস্তুক লৈ দেশত নতুন বিতৰ্কৰ সৃষ্টি হৈছে।ইয়াক লৈ ভাৰতৰ মুখ্য ন্যায়াধীশে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

দেশৰ শিক্ষা ব্যৱস্থা আৰু ন্যায়পালিকাৰ সন্দৰ্ভত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে। বুধবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে NCRTৰ নতুন অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান গ্ৰন্থৰ কিছু অংশক লৈ তীব্ৰ আপত্তি প্ৰকাশ কৰে।

গ্ৰন্থখনত উল্লেখ কৰা ধৰণে “ন্যায়পালিকাত দুৰ্নীতি”ৰ বিষয়টো অতি গুৰুতৰ বুলি আদালতে বিবেচনা কৰিছিল। এই বিষয়টো তেতিয়া আলোচনালৈ আহিছিল যেতিয়া জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে আদালতত কয় যে কম বয়সীয়া ছাত্ৰ-ছাত্ৰীক ন্যায়পালিকাৰ দুৰ্নীতিৰ দৰে বিষয় শিকোৱা হৈছে,যিটো চিন্তাৰ বিষয়। তেওঁ কয় যে এই বিষয়ত সমগ্ৰ বাৰ (অধিবক্তা সমাজ) অশান্তিত পৰিছে।

বাৰ এণ্ড বেঞ্চত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি,এই বিষয়ত উত্তৰ দি ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে স্পষ্টকৈ এই কথা কয় এই বিষয়ত আদালতে suo motu cognizance লৈছে।

তেওঁ কয় যে, “বাৰ আৰু বেঞ্চ দুয়োখনেই বিচলিত হৈ আছে। এই বিষয়টোক লৈ তেওঁ অহৰহ ফোন আৰু মেছেজ লাভ কৰি আছে। আনকি উচ্চ ন্যায়ালয়ৰ কেইবাজনো ন্যায়াধীশেও উদ্বেগ প্ৰকাশ কৰিছে। CJI এ স্পষ্টকৈ কৈছে যে মই কাকো ন্যায়পালিকাৰ অখণ্ডতাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বা বদনাম কৰিবলৈ অনুমতি নিদিওঁ। আইনে নিজৰ কাম কৰিব। এই বিষয়টো মই নিজেই চাম।

উল্লেখ্য যে, NCRTৰ নতুন কিতাপ “আমাৰ সমাজত ন্যায়পালিকাৰ ভূমিকা” অধ্যায়ত ন্যায় ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে।ইয়াত ন্যায়পালিকাৰ বিভিন্ন স্তৰৰ দুৰ্নীতি, বিচাৰধীন গোচৰৰ গধুৰ বোজা, ন্যায়াধীশৰ অভাৱ, জটিল আইনী প্ৰক্ৰিয়া আৰু দুৰ্বল আন্তঃগাঁথনিৰ দৰে সমস্যাৰ ওপৰত আলোকপাত কৰা হৈছে।

লগতে পঢ়ক: ‘আমাৰ দেশ বহুত শক্তিশালী,আমি আকৌ জয় কৰিম’; আমেৰিকাৰ কংগ্ৰেছত ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

এনচিআৰটি এ সলনি কৰিলে পাঠ্যপুথিৰ নাম;  নতুন নামক লৈ আৰম্ভ হৈছে প্ৰতিবাদ

এনচিইআৰটিয়ে হিন্দী ভাষাত বিভিন্ন শ্ৰেণীৰ বাবে নতুন কিতাপৰ শিৰোনাম দিছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ নাম ‘মৃদংগ’ ৰখা হৈছে।

তৃতীয় শ্ৰেণীৰ গ্ৰন্থখনৰ নাম ‘সন্তুৰ’ ৰাখিছে।যিটো কাশ্মীৰীৰ লোক বাদ্যযন্ত্ৰ হয়। ষষ্ঠ শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ নাম ‘হানীচকল’ৰ পৰিৱৰ্তে ‘পুৰ্বী’ (পুৰ্বী, এটা ৰাগৰ নাম) কৰা হ’ল।

তামিলনাডুত তিনিভাষিক নীতি আৰু মহাৰাষ্ট্ৰত পঞ্চম শ্ৰেণীলৈকে হিন্দীক তৃতীয় বাধ্যতামূলক ভাষা হিচাপে ঘোষণা কৰাক লৈ বিতৰ্ক শেষ হোৱাৰ পূৰ্বেই এনচিইআৰটিৰ কিতাপ সন্দৰ্ভত নতুন বিতৰ্ক আৰম্ভ হৈছে।

কেইবাখনো ৰাজ্যত এনচিইআৰটিৰ কিতাপৰ নাম হিন্দী আৰু ইংৰাজী মাধ্যমৰ বাবে একেই ৰখাৰ বাবে প্ৰতিবাদ আৰম্ভ কৰিছে।

বিশেষকৈ কেৰালা আৰু তামিলনাডুত ‘হিন্দী জাপি দিয়া’ আৰু ইয়াক ভাষিক বৈচিত্ৰ্যৰ ওপৰত আক্ৰমণ বুলি কোৱা হৈছে।

দৰাচলতে, ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে শেহতীয়াকৈ ইংৰাজী মাধ্যমৰ পাঠ্যপুথিক হিন্দী শিৰোনাম দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল।

এই পদক্ষেপক ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ফ্ৰেমৱৰ্ক ২০২৩ ৰ অধীনত ৰূপায়ণ কৰা হৈছে, কিন্তু কিছু ৰাজ্যত এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে।

এনচিইআৰটিয়ে বিভিন্ন শ্ৰেণীৰ বাবে নতুন কিতাপৰ শিৰোনাম হিন্দী ভাষাত দিছিল। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ নাম ‘মৃদংগ’ ৰখা হৈছে। তৃতীয় শ্ৰেণীৰ গ্ৰন্থখনৰ নাম ‘সন্তুৰ’ ৰাখিছে।

ষষ্ঠ শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ নাম ‘হানীচকল’ৰ পৰিৱৰ্তে ‘পুৰ্বী’ কৰিছে। সপ্তম শ্ৰেণীৰ ইংৰাজী গ্ৰন্থখন পুৰ্বী’ নামেৰে প্ৰকাশ কৰা হৈছে।

য’ত কাশ্মীৰ, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, পশ্চিম বংগ, গুজৰাট, গোৱা, চেন্নাই, তামিলনাডুকে ধৰি বহু ৰাজ্যৰ পৰা উদাহৰণ লোৱা হৈছে।ইয়াৰ উপৰিও গণিত গ্ৰন্থখনক ‘গণিত প্ৰকাশ’ নামেৰে নামাকৰণ কৰাৰো বিৰোধিতাও দেখা গৈছে