ইৰাণৰ ৯ গৰাকী পৰমাণু বিজ্ঞানীক হত্যা কৰাৰ দাবী আই ডি এফৰ

৯ গৰাকী পৰমাণু বিজ্ঞানীক হত্যা কৰাৰ দাবী ইজৰাইলৰ

৯ গৰাকী ইৰাণী পৰমাণু বিজ্ঞানীক হত্যা কৰা বুলি দাবী কৰিছে ইজৰাইলে । এই দাবী নিশ্চিত কৰিবলৈ ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে মৃতকৰ তালিকা । ইয়াৰ উপৰিও ইৰাণত কোনবোৰ স্থানক লক্ষ্য কৰি পৰমাণু বিজ্ঞানীসকলক হত্যা কৰা হৈছে সেই বিষয়ে বুজাবলৈ ইজৰাইলে এটা ভিডিঅ’ প্ৰকাশ কৰিছে । আই ডি এফে প্ৰকাশ কৰিছে যে একেলগে এই আক্ৰমণত ইৰাণৰ ৯ গৰাকী পৰমাণু বিজ্ঞানী নিহত হৈছে । এই সকলো বিজ্ঞানীয়ে দ্ৰুতগতিত বোমা নিৰ্মাণৰ দিশত প্ৰচেষ্টা চলাইছিল আৰু বহুত আগবাঢ়িছিল বুলি দাবী কৰিছে ইজৰাইলে ।

ইজৰাইলী সেনাৰ দাবী- ইৰাণৰ পৰমাণু বিজ্ঞানীসকলে বোমা নিৰ্মাণৰ চেষ্টা চলাইছিল

শুকুৰবাৰে পুৱা আই ডি এফে ইৰাণত ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰে । ইৰাণৰ বহু পাৰমাণৱিক স্থানক লক্ষ্য কৰি লোৱা হৈছিল এই আক্ৰমণত । প্ৰাৰম্ভিক আক্ৰমণত ইৰাণৰ ৯ গৰাকী পৰমাণু বিজ্ঞানী নিহত হয় । এই বিজ্ঞানীসকলৰ নামো প্ৰকাশ কৰিছে আই ডি এফে । ইজৰাইলী সেনাৰ মতে এই বিজ্ঞানীসকলে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে বোমা নিৰ্মাণৰ প্ৰচেষ্টাকো আগুৱাই লৈ গৈছিল ।

নিহত ৯ জন ইৰাণী বিজ্ঞানীৰ নাম-

-ফেৰেইডুন আব্বাছি, পাৰমাণৱিক অভিযান্ত্ৰিক বিশেষজ্ঞ ।

-মহম্মদ মেহদি তেহৰাঞ্চি, পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।

-আকবৰ মোটালেবি জাদেহ, ৰাসায়নিক অভিযান্ত্ৰিক বিশেষজ্ঞ ।

-ছাইদ বৰজী, মেটেৰিয়েল ইঞ্জিনিয়াৰিং বিশেষজ্ঞ ।

-আমিৰ হাছান ফাখাহী, পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।

-আব্দ আল-হামিদ মিনুশ্বাৰ, ৰিয়েক্টৰ পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।

-মনছুৰ আছগাৰী, পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।

-আহমদ ৰেজা জোলফাঘৰী দৰয়ানী, পাৰমাণৱিক অভিযান্ত্ৰিক বিশেষজ্ঞ ।

-আলী বাখৌই কাতিৰিমি, যান্ত্ৰিক বিশেষজ্ঞ ।

চাৰি দশকৰ পিছত আটাইতকৈ ডাঙৰ আক্ৰমণ-

উল্লেখ্য যে ইৰাণৰ ওপৰত কৰা এই আক্ৰমণ ৪৫ বছৰৰ পিছত ইজৰাইলৰ আটাইতকৈ ডাঙৰ সামৰিক অভিযান । এই সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ইৰাণৰ ওপৰত এই আক্ৰমণ অপাৰেচন ৰাইজিং লায়নৰ এটা অংশ । তেওঁ কয় যে ইৰাণ ইজৰাইলৰ অস্তিত্বৰ প্ৰতি ভাবুকি । ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ইজৰাইলৰ এই আক্ৰমণত মৃত্যু হয় ৰিভল্যুচনেৰী গাৰ্ডৰ মুৰব্বী হুছেইন চালামীৰ । ইয়াৰ উপৰিও এই আক্ৰমণত তেহৰাণৰ বহু আৱাসিক অট্টালিকাকো লক্ষ্য কৰি লোৱা হৈছিল । এই আক্ৰমণত নিহতসকলৰ ভিতৰত বহু শিশুও আছে ।

লগতে পঢ়ক : তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ; সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ

‘আক্ৰমণ বন্ধ নহ’লে তেহৰাণ জ্বলাই দিম…’, খোমেইনীক ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ সতৰ্কবাণী

খোমেইনীক ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ সতৰ্কবাণী

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইৰাণক কঠোৰ সকিয়নী দিছে । তেওঁ কয় যে, ইৰাণে যদি ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত ৰাখে তেন্তে “তেহৰাণ জ্বলাই দিয়া হ’ব”। ইৰাণে নিজৰ পাৰমাণৱিক, ক্ষেপণাস্ত্ৰ আৰু সামৰিক প্ৰতিষ্ঠানত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছতে এই বিবৃতি প্ৰকাশ কৰিছে তেল আভিভে ।

ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী ইয়াল জমিৰ, মোছাদৰ মুৰব্বী ডেভিদ বাৰ্নিয়া আৰু অন্যান্য সামৰিক বিষয়াসকলে অংশগ্ৰহণ কৰা উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ইৰাণৰ একনায়কত্ববাদে নিজৰ নাগৰিকক পণবন্দী কৰি ৰাখিছে আৰু এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে য’ত বিশেষকৈ তেহৰাণৰ বাসিন্দাসকলে যথেষ্ট মূল্য ভৰিব লাগিব ।

মিছাইল নিক্ষেপ কৰিলে তেহৰাণ জ্বলাই দিয়া হ’ব !

প্ৰতিৰক্ষা মন্ত্ৰী কাটজে ইৰাণৰ সৰ্বোচ্চ নেতা আলী খোমেইনীক পোনপটীয়াকৈ সকীয়াই দি কয় যে, “যদি খোমেইনীয়ে ইজৰাইলৰ নাগৰিকৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি থাকে তেন্তে তেহৰাণ জ্বলাই দিয়া হ’ব ।” আই ডি এফৰ তথ্য অনুসৰি শুকুৰবাৰৰ নিশাৰ পৰা ইৰাণে ইজৰাইললৈ প্ৰায় ২০০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে । ইয়াৰে অধিকাংশই ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাৰ দ্বাৰা ধ্বংস হয় যদিও নিৰ্ধাৰিত প্ৰট’কল অনুসৰি প্ৰায় ২৫% ক্ষেপণাস্ত্ৰ বাধা দিব পৰা নগ’ল আৰু কিছুমান মুকলি ঠাইত পৰে ।

ইজৰাইলৰ সেনাই কয় যে কিছুমান ক্ষেপণাস্ত্ৰই প্ৰতিৰক্ষা ব্যৱস্থাক ধূলি দি আৱাসিক অঞ্চলত উপনীত হোৱাৰ ফলত টেল আভিভ, ৰমাত গান আৰু ৰিছন লেজিয়নৰ দৰে চহৰত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতিসাধন হয় । এই আক্ৰমণত তিনি ইজৰাইলী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭০ জন লোক আহত হৈছে । অৱশ্যে আই ডি এফে কয় যে সকলো সামৰিক আৰু বায়ুসেনাৰ ঘাটি স্বাভাৱিকভাৱে কাম কৰি আছে ।

ইজৰাইলৰ ওপৰত এশৰো অধিক ড্ৰোন নিক্ষেপ ইৰাণৰ-

শুকুৰবাৰে ইৰাণে নিক্ষেপ কৰা ১০০খন ড্ৰোনৰ উপৰিও নিশা আন বহু ড্ৰোন নিক্ষেপ কৰা হয়, যিবোৰ ইজৰাইলৰ বায়ুসেনা আৰু নৌসেনাই ধ্বংসক কৰে । ইফালে আই ডি এফৰ মুৰব্বী ইয়াল জমিৰ আৰু ইজৰাইলৰ বায়ুসেনাৰ মুৰব্বী ট’মাৰ বাৰে কয় যে “তেহৰাণলৈ যোৱাৰ পথ এতিয়া স্পষ্ট হৈছে” । সেনাই কয় যে এতিয়া ইজৰাইলৰ যুদ্ধ বিমান তেহৰাণতো চলিব ।

আই ডি এফে কয় যে ইজৰাইলৰ বায়ুসেনাই তেহৰাণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাত আক্ৰমণ চলাই ইজৰাইলৰ বিমানক তাত অধিক স্বাধীনতা প্ৰদান কৰিছে । টমাৰ বাৰে কয়, “আমি একেদিনাই শ শ টাৰ্গেটত আঘাত কৰিছিলো, য’ত কেইবা ডজন বিমান বিধ্বংসী ব্যৱস্থাও আছিল ।”

তেওঁ কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইজৰাইলৰ যুদ্ধ বিমানে ১৫০০ কিলোমিটাৰ দূৰৰ পৰা তেহৰাণৰ ওপৰেৰে উৰা মাৰি ইয়াৰ প্ৰতিৰক্ষা লক্ষ্যত আক্ৰমণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ‘তেল এভিভক ধ্বংস কৰি দিব তেহৰাণে’; ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ খামেনীৰ প্ৰতিজ্ঞা

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা; ইজৰাইলৰ ওপৰত ১৫০টা মিছাইল নিক্ষেপ ইৰাণৰ

ইজৰাইলৰ ওপৰত ইৰাণৰ মিছাইল নিক্ষেপ

ইজৰাইল আৰু ইৰাণৰ মাজত তীব্ৰতৰ হৈ পৰিছে যুদ্ধ। ইজৰাইলৰ ‘অপাৰেচন ৰাইজিং লায়ন’ৰ উত্তৰত ইৰাণেও অপাৰেচন ‘ট্ৰু প্ৰমিজ ৩’ আৰম্ভ কৰিছে

ইয়াৰ অধীনত গভীৰ নিশা টেল এভিভ আৰু জেৰুজেলামত ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। ইয়াৰ পিছত ইজৰাইলে পুনৰ ইৰাণৰ ওপৰত বিমান আক্ৰমণ আৰম্ভ কৰে।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত ইৰাণৰ সামৰিক আৰু পাৰমাণৱিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লয়।

য’ত ইৰাণৰ যথেষ্ট লোকচান হৈছে। ইৰাণত ৭৮ জন লোকৰ মৃত্যু হৈছে। দুয়োখন দেশৰ মাজত এতিয়া যুদ্ধ অব্যাহত আছে।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে কয় যে ‘অপাৰেচন ট্ৰু প্ৰমিজ’ মেজৰ জেনেৰেল মহম্মদ বাঘেৰী, আই আৰ জি চিৰ মুৰব্বী মেজৰ জেনেৰেল হোছেইন চালামি আৰু আই আৰ জি চিৰ এৰ’স্পেচ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল আমিৰ আলী হাজিজাদেকে ধৰি কেইবাজনো ইৰাণী বিষয়াৰ হত্যাৰ প্ৰতিশোধ।

ইৰাণৰ আক্ৰমণৰ পিছতে টেল এভিভত হাহাকাৰ

ইৰাণ আৰু মিত্ৰশক্তিৰ মিছাইল নিক্ষেপৰ পিছত ইজৰাইলে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি ক্ষেপণাস্ত্ৰ বিফল কৰিবলৈ আৰম্ভ কৰিছে।কিন্তু ইৰাণে ১৫০ৰো অধিক ক্ষেপণাস্ত্ৰৰে ইয়াৰ প্ৰত্যুত্তৰত আক্ৰমণ কৰে।

ইৰাণৰ মিছাইল নিক্ষেপত ৰাজধানী টেল এভিভৰ বহু ক্ষতিসাধন হৈছে। বহু লোক আহত হোৱাৰো খবৰ আহিছে।টেল এভিভত এতিয়া উত্তেজনাই বিৰাজ কৰিছে।

যুদ্ধক লৈ কি ক’লে নেতান্যাহুৱে

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে যে, ইজৰাইলৰ সামৰিক অভিযানৰ উদ্দেশ্য হৈছে ইজৰাইলৰ প্ৰতি থকা পাৰমাণৱিক ভাবুকি আৰু বেলিষ্টিক মিছাইলৰ ভাবুকি দূৰ কৰা।

ইৰাণে পুনৰ ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিছে ক্ষেপণাস্ত্ৰ

ইৰাণে পুনৰবাৰ ইজৰাইলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে।উত্তৰ ইজৰাইলত ইৰাণৰ পৰা মিছাইলেৰে আক্ৰমণ কৰা হৈছে।

বোমাৰ পৰা হাত সাৰিবলৈ মানুহক আশ্ৰয় শিবিৰলৈ যাবলৈ আহ্বান জনোৱা হৈছে।ইৰাণৰ মিছাইলক ইজৰাইলৰ নিৰাপত্তা ব্যৱস্থাই বাধা দিবলৈ চেষ্টা কৰিছে।

আমেৰিকাই সামৰিক সম্পদ মধ্যপ্ৰাচ্যলৈ স্থানান্তৰিত কৰিছে

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ মাজতে আমেৰিকাই তেওঁলোকৰ সামৰিক সম্পদ মধ্যপ্ৰাচ্যলৈ স্থানান্তৰিত কৰিছে। লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক কঠোৰ সতৰ্কবাণী দিছে।

ট্ৰাম্পে কয় যে আমেৰিকাই বিশ্বৰ আটাইতকৈ মাৰাত্মক অস্ত্ৰ নিৰ্মাণ কৰে আৰু ইজৰাইলৰ হাততো বহুতো অস্ত্ৰ আছে।ট্ৰাম্পে লগতে কয় যে ইৰাণে এতিয়াও চুক্তিত উপনীত হোৱাৰ দ্বিতীয়টো সুযোগ পাব পাৰে।

লগতে পঢ়ক: তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ;  সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ

“আমাৰ বাবে সিহঁতৰ কোনো কাম নাই”; আমেৰিকাৰ প্ৰস্তাৱক সমালোচনা খেমেইনীৰ

আমেৰিকাক সমালোচনা খেমেইনীৰ

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনী তেহৰাণৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আলোচনাৰ সময়ত দাখিল কৰা আমেৰিকাৰ প্ৰস্তাৱক সমালোচনা কৰিছে।

ইফালে, ৱাশ্বিংটনৰ সৈতে চুক্তিৰ ধাৰণাক সম্পূৰ্ণৰূপে নাকচো কৰা নাই খেমেইনীয়ে। আয়াতুল্লাহ আলী খেমেইনীয়ে আমেৰিকাৰ এই প্ৰস্তাৱক ‘আমি কৰিব পাৰো’ (ইৰাণ চৰকাৰৰ শ্লোগান) ধাৰণাটোৰ সম্পূৰ্ণ বিৰোধী” বুলি অভিহিত কৰে।

ইউৰেনিয়াম সমৃদ্ধিৰ সন্দৰ্ভত কি ক’লে খেমেনেই?

তেহৰানে ইউৰেনিয়াম সমৃদ্ধ কৰাৰ ক্ষমতা বজাই ৰাখিব লাগিব বুলিও গুৰুত্ব আৰোপ কৰে খেমেইনীয়ে। তেওঁ কয় যে, “যদি আমাৰ ১০০টা পাৰমাণৱিক শক্তি কেন্দ্ৰ আছে আৰু সেইবোৰ বৃদ্ধি কৰা হোৱা নাই, তেন্তে আমাৰ বাবে সিহঁতৰ কোনো কাম নাই।” তেওঁ আৰু কয় যে, “যদি আমি প্ৰমোচন কৰিব নোৱাৰো তেন্তে আমি আমেৰিকালৈ হাত আগবঢ়াব লাগে।”

অস্পষ্ট আমেৰিকাৰ প্ৰস্তাৱ

ইৰাণ আৰু আমেৰিকাৰ মাজত পাঁচ ৰাউণ্ডৰ আলোচনাৰ পাছতো আমেৰিকাৰ প্ৰস্তাৱৰ সবিশেষ স্পষ্ট নহয়। জানিব পৰা মতে, এই প্ৰস্তাৱত ইৰাণ আৰু চুবুৰীয়া দেশসমূহৰ বাবে ইউৰেনিয়াম সমৃদ্ধিৰ বাবে সম্ভাৱ্য পাৰমাণৱিক কনচৰ্টিয়ামো অন্তৰ্ভুক্ত কৰা হৈছে।

ইৰাণে নিজৰ সমৃদ্ধি কাৰ্যসূচী সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব লাগিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই, ইৰাণে কিছুদিনৰ বাবে তিনি শতাংশ বিশুদ্ধতালৈকে ইউৰেনিয়াম সমৃদ্ধ কৰিব পাৰিব।

চুক্তি নহ’লে বাঢ়িব উত্তেজনা

ইৰাণৰ সৈতে চুক্তি কৰাটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ বিশ্বাসযোগ্য বন্ধু তথা পশ্চিম এছিয়ান পৰিক্ৰমা বিভাগৰ আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফৰ অন্যতম কূটনৈতিক অগ্ৰাধিকাৰ।

এই চুক্তিৰ অধীনত আমেৰিকাই ইৰাণৰ ওপৰত আৰোপ কৰা কিছুমান কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা উঠাই ল’ব পাৰে যাৰ বিনিময়ত ইৰাণে ইউৰেনিয়াম সমৃদ্ধি সীমিত বা শেষ কৰিব পাৰে।

যদিহে কোনো চুক্তিত উপনীত নহয় তেন্তে পশ্চিম এছিয়াত উত্তেজনা আৰু বৃদ্ধি পাব পাৰে, য’ত গাজা ষ্ট্ৰিপত ইজৰাইল-হামাছ যুদ্ধৰ বাবে পৰিস্থিতি ইতিমধ্যে উত্তেজিত হৈ পৰিছে।

লগতে পঢ়ক: ২১ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…

ইৰাণ, চৌদি আৰৱৰ সন্মুখত হাতজোৰ কৰি পাকিস্তানৰ কাতৰ অনুৰোধ; ভাৰতক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ভাৰতে ড্ৰণ আৰু বিমান আক্ৰমণেৰে ধ্বংস কৰিছে পাকিস্তানৰ বহু স্থান।তাৰ পিছতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে, চৰকাৰে উত্তেজনা হ্ৰাস কৰাৰ চেষ্টা চলাই ইৰাণ, সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), চৌদি আৰব, চীন, আৰু কাটাৰকে ধৰি বিভিন্ন দেশৰ সৈতে দৈনিক কূটনৈতিক যোগাযোগ স্থাপন কৰিছে।

খোৱাজা আছিফে কয় যে, ইৰাণ, ইউ এ ই, চৌদি আৰব, চীন, কাটাৰকে ধৰি বিভিন্ন দেশৰ সৈতে দৈনিক কূটনৈতিক যোগাযোগ কৰি পৰিস্থিতিৰ অৱনতি ঘটাবলৈ চেষ্টা কৰি আছে।

তেওঁ সেই সময়ত মন্তব্যটো কৰিছে, যি সময়ত ছৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আদেল আল জুবেইৰে নতুন দিল্লী ভ্ৰমণৰ অন্তত ইছলামাবাদত উপস্থিত হৈছে।

ইৰাণৰ বন্দৰ আব্বাছত ভয়ংকৰ বিস্ফোৰণ, ৪ শতাধিক লোক আহত…

ইৰাণৰ বন্দৰ চহৰ বন্দৰ আব্বাছত শনিবাৰে সংঘটিত হৈছে এক ভয়কৰ বিস্ফোৰণ । এই বিস্ফোৰণত চাৰি শতাধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে । ইৰাণৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন সেৱাৰ মুখপাত্ৰই এই তথ্য প্ৰকাশ কৰিছে । অৱশ্যে বিস্ফোৰণৰ প্ৰায় তিনি ঘণ্টাৰ পাছতো আনুষ্ঠানিকভাৱে কোনো লোকৰ মৃত্যুৰ তথ্য নিশ্চিত হোৱা নাই । আহতসকলক হৰমোজগান প্ৰদেশৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

বন্দৰত থকা কণ্টেইনাৰত জুইৰ সূত্ৰপাত হোৱাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হয় । ইতিমধ্যে সাহায্য আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হোৱাৰ চেষ্টা চলাইছে, আনহাতে আন দলসমূহে অঞ্চলটো খালী কৰাৰ কামত নিয়োজিত হৈছে ।

ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’ত ক’লা ধোঁৱাৰ বিশাল ডাৱৰ আকাশলৈ উঠি যোৱা দেখা গৈছে । ৰাজই বন্দৰে মূলতঃ কণ্টেইনাৰ ট্ৰেফিক চম্ভালে । ইয়াত তেলৰ টেংক আৰু পেট্ৰ’কেমিকেল ইউনিটো থাকে, যাৰ ফলত বিপৰ্যয়জনক অগ্নিকাণ্ডৰ আশংকা থাকে ।

ৰপ্তানি আৰু ট্ৰেনজিট চালানৰ ওপৰত নিষেধাজ্ঞা-

ইৰাণৰ সংবাদ মাধ্যমৰ মতে, বিস্ফোৰণৰ পিছত ইৰাণৰ শুল্ক কৰ্তৃপক্ষই সকলো শুল্ক কাৰ্যালয়ক শীঘ্ৰেই বন্দৰটোলৈ ৰপ্তানি আৰু ট্ৰেনজিট চালান প্ৰেৰণ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । পৰৱৰ্তী নিৰ্দেশ প্ৰকাশ নোপোৱালৈকে এই নিষেধাজ্ঞা প্ৰযোজ্য হৈ থাকিব । অৱশ্যে ইতিমধ্যে শুল্ক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা ট্ৰাকসমূহক বন্দৰ এলেকাৰ পৰা ওলাই যাবলৈ দিয়া হৈছে ।

আহতসকলক চিকিৎসালয়ত ভৰ্তি-

ইৰাণৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন সেৱাৰ মুৰব্বী য়কতাপাৰষ্টে কয় যে এই বিস্ফোৰণত আহতসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । শনিবাৰে সংঘটিত হোৱা এই বৃহৎ বিস্ফোৰণৰ ফলত কেৱল বন্দৰৰ কাম-কাজ বন্ধ হোৱাই নহয় আঞ্চলিক বাণিজ্য আৰু যোগান শৃংখলতো যথেষ্ট প্ৰভাৱ পৰিছে ।

‘চুক্তি কৰক অন্যথা…’, পাৰমাণৱিক চুক্তিক লৈ ইৰাণক ভাবুকি দিলে ট্ৰাম্পে

ইৰাণ সন্দৰ্ভত এটা ডাঙৰ বিবৃতি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ স্পষ্ট ভাবুকি দিছে যে যদি ইৰাণে এই পাৰমাণৱিক চুক্তিত সন্মতি নিদিয়ে তেন্তে বোমা বৰ্ষণ কৰা হ’ব । আগ্ৰাসী শুল্ক নীতিৰ বাবে অহৰহ চৰ্চাত থকা ট্ৰাম্পে ইৰাণৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথাও সকীয়াই দিছে । ট্ৰাম্পে এক সাক্ষাৎকাৰৰ সময়ত কয় যে আমেৰিকা আৰু ইৰাণৰ বিষয়াসকলৰ মাজত আলোচনা চলি আছে যদিও এই মুহূৰ্তত তেওঁ এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰিব নোৱাৰে ।

প্ৰথম কাৰ্যকালতো অতিৰিক্ত শুল্ক আৰোপ কৰিছিল-

ট্ৰাম্পে কয় যে যদি ইৰাণে আমেৰিকাৰ সৈতে চুক্তি নকৰে তেন্তে বোমা বৰ্ষণ কৰা হ’ব । ইয়াৰ উপৰিও যদি তেওঁলোকে এই চুক্তি নাকচ কৰে তেন্তে আমেৰিকাই ইৰাণৰ ওপৰত গৌণ শুল্ক অৰ্থাৎ অতিৰিক্ত চাৰ্জ আৰোপ কৰাৰ সম্ভাৱনা আছে । ট্ৰাম্পে কয় যে তেওঁ চাৰি বছৰ পূৰ্বেও একে কাম কৰিছিল ।

উল্লেখ্য যে তেওঁৰ প্ৰথম কাৰ্যকালত (২০১৭-২০২১) ট্ৰাম্পে ইৰাণৰ বিতৰ্কিত পাৰমাণৱিক কাৰ্যকলাপৰ বাবে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল । ২০১৫ চনত ইৰাণ আৰু বিশ্ব শক্তিৰ মাজত হোৱা চুক্তিৰ পৰা তেওঁ আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল ।

ইৰাণৰ বিৰুদ্ধে ইউৰেনিয়াম সমৃদ্ধ কৰাৰ অভিযোগ উত্থাপন হৈছিল । তেনে কৰাৰ বাবে ট্ৰাম্পে ব্যাপক নিষেধাজ্ঞাৰ কথা ঘোষণা কৰিছিল । ইয়াৰ পূৰ্বে ট্ৰাম্পে ইৰাণে চুক্তিত উপনীত নহ’লে সামৰিক পৰিণতিৰ বিষয়ে সকীয়াই দিছিল । উল্লেখযোগ্য যে ইৰাণে এতিয়ালৈকে আমেৰিকাৰ সতৰ্কবাণীক আওকাণ কৰি আহিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণলৈ পত্ৰ প্ৰেৰণ কৰে-

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচিৰ উদ্ধৃতিৰে এক বিবৃতি প্ৰকাশ কৰা হয় । ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই প্ৰকাশ কৰা অনুসৰি, এই পত্ৰৰ উত্তৰ পশ্চিম এছিয়াৰ আন এখন দেশ ওমানৰ জৰিয়তে ট্ৰাম্পলৈ প্ৰেৰণ কৰা হৈছে । এই পত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণক নতুন পাৰমাণৱিক চুক্তিত সন্মতি দিবলৈ আবেদন জনাইছিল ।

ইৰাণে নাকচ কৰিলে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰস্তাৱ… আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনা অস্বীকাৰ

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় যে তেহৰানে আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে । ইৰাণৰ দ্ৰুতগতিত বৃদ্ধি পোৱা পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত লিখা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চিঠিৰ প্ৰতি সঁহাৰি জনাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণে । ৰাষ্ট্ৰপতি পেজেস্কিয়ানে কয় যে, ‘যদিও এই সঁহাৰিত দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ আলোচনাৰ সম্ভাৱনা নাকচ কৰা হৈছে, পৰোক্ষ আলোচনাৰ পথ মুকলি কৰি ৰখা হৈছে ।’

পৰোক্ষ আলোচনা মানি ল’বনে ট্ৰাম্পে ?

অৱশ্যে ট্ৰাম্পে পৰোক্ষ আলোচনা মানি ল’ব নে নাই সেয়া স্পষ্ট হোৱা নাই । ২০১৮ চনত ড’নাল্ড ট্ৰাম্পে প্ৰথম কাৰ্যকালত ইৰাণ পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক আঁতৰাই অনাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে ।

ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু বৃদ্ধি পোৱা উত্তেজনা-

আমেৰিকা আৰু ইজৰাইলে ইতিমধ্যে কৈছে যে তেওঁলোকে ইৰাণক পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰিবলৈ নিদিয়ে । ইফালে ইৰাণে ইউৰেনিয়ামক অস্ত্ৰ গ্ৰেডৰ স্তৰৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত সামৰিক সংঘৰ্ষৰ আশংকা বৃদ্ধি পাইছে । ইৰাণে দাবী কৰিছে যে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে, কিন্তু যোৱা কেইমাহমানৰ পৰা ইয়াৰ বিষয়াসকলে সেই দিশত আগবাঢ়ি যোৱাৰ ইংগিত দিছে । এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থাৰ ফেব্ৰুৱাৰী মাহৰ প্ৰতিবেদনত কোৱা হৈছে যে ইৰাণে ইউৰেনিয়ামৰ উৎপাদন প্ৰায় অস্ত্ৰ গ্ৰেডৰ স্তৰলৈ ত্বৰান্বিত কৰিছে ।

ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ সম্পৰ্ক-

ড’নাল্ড ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত আমেৰিকা আৰু ইৰাণৰ মাজৰ সম্পৰ্ক অতি বেয়া আছিল । ২০১৮ চনত ট্ৰাম্পে ইৰাণৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল, যাৰ ফলত ইৰাণৰ অৰ্থনীতিৰ ব্যাপক ক্ষতি হৈছিল । ইৰানে ইয়াৰ উত্তৰত সাগৰীয় পথত আক্ৰমণ চলাইছিল, ইয়াৰে এটা আক্ৰমণে ছৌদি আৰৱৰ তেল উৎপাদন আধালৈ হ্ৰাস কৰিছিল । ২০২০ চনৰ জানুৱাৰী মাহত ট্ৰাম্পে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি বাগদাদত ড্ৰ’ন আক্ৰমণৰ জৰিয়তে ইৰাণৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষক হত্যা কৰিছিল, যাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছিল ।

ইৰাণে প্ৰকাশ কৰিলে ভূগৰ্ভস্থ ‘মিছাইল চিটি’ৰ ভিডিঅ’… মাটিৰ তলত দেখা গ’ল অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ

ইৰাণে নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰি ভূগৰ্ভস্থ “মিছাইল চিটি”ৰ নতুন ভিডিঅ’ প্ৰকাশ কৰিছে । ইয়াত গধুৰ অস্ত্ৰ-শস্ত্ৰৰ মাজত দীঘলীয়া সুৰংগ এটাৰ মাজেৰে পাৰ হৈ যোৱা দেখা গৈছে । মঙলবাৰে প্ৰকাশ পোৱা এই ভিডিঅ’টোত ইৰাণৰ সশস্ত্ৰ বাহিনীৰ চীফ অফ ষ্টাফ জেনেৰেল মহম্মদ বাঘেৰী আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ এৰোস্পেচৰ ফৰ্চৰ অধিনায়ক আমিৰ আলী হাজিজাদেক সুৰংগৰ ভিতৰত থকা ক্ষেপণাস্ত্ৰ ঘাটি ভ্ৰমণ কৰা দেখা গৈছে ।

ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ফুটেজত দেখা গৈছে যে এই ভূগৰ্ভস্থ গোপন স্থানটো বিভিন্ন ধৰণৰ বেলিষ্টিক মিছাইলেৰে ভৰি আছে । এই ভিডিঅ’টো চৰকাৰী সংবাদ মাধ্যমে মুকলি কৰি বিপজ্জনক বেকগ্ৰাউণ্ড মিউজিকেৰে এই বাৰ্তা দিয়াৰ প্ৰয়াস কৰা হৈছে যে ইৰাণ যিকোনো আক্ৰমণ সহ্য কৰিবলৈ সক্ষম আৰু তীব্ৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম । বিশেষ বাহনত এই জটিল সুৰংগ ব্যৱস্থাটোৰ ভিতৰত বিষয়াসকলে যাত্ৰা কৰা দেখা গৈছে ।

ভিডিঅ’টোত কি দেখুওৱা হৈছিল ?

৮৫ ছেকেণ্ডৰ এই ভিডিঅ’টোত ইৰাণৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী মেজৰ জেনেৰেল মহম্মদ হোছেইন বাঘেৰী আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ (আই আৰ জি চি) এৰ’স্পেচ ফৰ্চৰ অধিনায়ক আমিৰ আলী হাজিজাদে ইৰাণৰ আটাইতকৈ উন্নত ক্ষেপণাস্ত্ৰ আৰু ৰকেটৰ মাজত গৈ থকা দেখা গৈছে । ইয়াৰ ভিতৰত খাইবাৰ শিকান, কাদেৰ-এইচ, চাজিল, হাজ কাছিম আৰু পেভে লেণ্ড এটেক ক্ৰুজ মিছাইল আদি অন্যতম । ইয়াৰে কিছুমান অস্ত্ৰ ইৰাণে যোৱা বছৰ ইজৰাইলৰ ওপৰত আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰিছিল ।

এই সন্দৰ্ভত কমাণ্ডাৰ হাজিজাদে কয়, “আজিৰ পৰা আৰম্ভ কৰিলে প্ৰতি সপ্তাহত এখন নতুন মিছাইল চিটি উদঘাটন কৰিব পাৰিম । এই প্ৰকল্প অহা দুবছৰলৈকে চলি থাকিব ।” এই বক্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ইৰাণে নিজৰ প্ৰতিৰক্ষা ক্ষমতাক নিৰন্তৰ শক্তিশালী কৰাৰ দিশত আগবাঢ়িছে ।

আমেৰিকাৰ ভাবুকিৰ মাজতে প্ৰকাশ ভিডিঅ’-

এই ভিডিঅ’টো এনে এটা সময়ত পোহৰলৈ আহিছে যেতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা অহৰহ বৃদ্ধি পাইছে । শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেহৰাণক পাৰমাণৱিক চুক্তিৰ পুনৰ আলোচনাৰ বাবে দুমাহৰ বাবে চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰিছে । ইয়াৰ পূৰ্বে ২০১৮ চনত ট্ৰাম্প প্ৰশাসনে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই স্বাক্ষৰিত পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল । ইয়াৰ উপৰিও ট্ৰাম্পে ইংগিত দিছে যে আমেৰিকাই হুথী বিদ্ৰোহীৰ বিৰুদ্ধে চলি থকা সামৰিক অভিযানতো ইৰাণক লক্ষ্য কৰি ল’ব পাৰে, কিয়নো ইৰাণক এই বিদ্ৰোহীসকলৰ মূল সমৰ্থক হিচাপে গণ্য কৰা হয় ।