ইৰাণৰ সৈতে পাৰমাণৱিক শান্তি চুক্তিৰ প্ৰস্তাৱ আমেৰিকাৰ ; ট্ৰাম্পে দিছে সতৰ্কবাণী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে পাৰমাণৱিক শান্তি চুক্তি কৰাৰ প্ৰস্তাৱ দিছে। কিন্তু তাৰ লগতে সকীয়াই দিছে যে যদি ইৰাণে সন্মতি নিদিয়ে ইয়াৰ পৰিণাম মাৰাত্মক বুলি প্ৰমাণিত হ’ব

ৰাষ্ট্ৰপতি ট্ৰাম্পে এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিছে। এই নিৰ্দেশৰ অধীনত আমেৰিকাৰ কোষাগাৰ বিভাগক ইৰাণৰ ওপৰত কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত ট্ৰাম্পে জোৰ দি কৈছিল যে তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা দিয়া। 

ইৰাণৰ সৈতে জড়িত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ সময়ত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে মই ইৰাণক ক’ব বিচাৰো যে মই এটা ডাঙৰ চুক্তি কৰিব বিচাৰো।

এনে এখন চুক্তি যাৰ দ্বাৰা তেওঁলোকে নিজৰ জীৱনটো আগুৱাই নিব পাৰিব।" ট্ৰাম্পে স্পষ্টভাৱে কয় যে ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে, যদি এনেকুৱা হয় তেন্তে ইয়াৰ বাবে ই অতি দুৰ্ভাগ্যজনক বুলি প্ৰমাণিত হ'ব। 

উল্লেখ্য যে ২০১৮ চনৰ মে’ মাহত তেওঁৰ প্ৰথম কাৰ্যকালত ট্ৰাম্পে ইৰাণৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক একপক্ষীয় বুলি অভিহিত কৰি প্ৰত্যাহাৰ কৰিছিল। 

চুক্তিখনৰ পৰা ওলাই অহাৰ লগে লগে ট্ৰাম্পে ইৰাণৰ ওপৰত নিজৰ হেঁচা কৌশল তীব্ৰতৰ কৰি তুলিলে য’ত বহু দাবীও আছিল।

এই দাবীবোৰৰ বেছিভাগেই পাৰমাণৱিক চুক্তিৰ সৈতে সম্পৰ্কিত নাছিল কিন্তু নিশ্চিতভাৱে ইৰাণৰ আঞ্চলিক কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত আছিল। ট্ৰাম্পে ইৰাণৰ বেলিষ্টিক মিছাইল কাৰ্যসূচী বন্ধ ৰখাৰ দাবী জনাইছিল।
 
জ’ বাইডেন প্ৰশাসনে ইৰাণৰ সৈতে হোৱা পাৰমাণৱিক চুক্তি পুনৰ স্থাপনৰ চেষ্টা চলাইছিল যদিও ইৰাণে চুক্তিখনলৈ ঘূৰি অহাৰ বাবে চৰ্ত আৰোপ কৰিছিল।ইৰাণে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে স্বীকাৰ কৰিব লাগে যে চুক্তিৰ পৰা প্ৰত্যাহাৰ কৰাটো অন্যায় আছিল। সকলো আৰোপ কৰা নিষেধাজ্ঞা উঠাই ল'ব লাগে, আৰু নিশ্চিত কৰিব লাগে যে ভৱিষ্যতে, আমেৰিকা যুক্তৰাষ্ট্ৰ কেতিয়াও একপক্ষীয়ভাৱে চুক্তিৰ পৰা প্ৰত্যাহাৰ নকৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ দ্বাৰা নিৰ্ধাৰিত এই চৰ্তসমূহৰ সৈতে সন্মত হোৱা নাছিল, যাৰ বাবে দুয়োখন দেশৰ মাজত হোৱা চুক্তি পুনৰুদ্ধাৰ কৰিব পৰা নগ'ল।
 
 
 
 

চীন-ইৰাণৰ ওপৰত কঠোৰ আমেৰিকা ; কেইবাটাও কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ

আমেৰিকা যুক্তৰাষ্ট্ৰই চাৰিখন দেশৰ কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ইৰাণৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।ইয়াত ভাৰতৰ এটা কোম্পানীও অন্তৰ্ভুক্ত আছে।এই কোম্পানীবোৰৰ ওপৰত ইৰাণৰ সৈতে তেল ব্যৱসায় কৰাৰ অভিযোগ আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে এক প্ৰকাশিত বিবৃতিত কৈছিল যে ইৰাণৰ সৈতে তেল ব্যৱসায় কৰাৰ বাবে চাৰিটা কোম্পানী আৰু তিনিখন জাহাজ নিষিদ্ধ কৰা হৈছে।

এই বাণিজ্যে ইৰাণ চৰকাৰৰ বাবে বিলিয়ন ডলাৰ ৰাজহ উপাৰ্জন কৰে।যিটো তেওঁলোকে সন্ত্ৰাসবাদক সমৰ্থন কৰিবলৈ আৰু তেওঁলোকৰ নিজৰ লোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ ব্যৱহাৰ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ পৰা তেল ক্ৰয় কৰাৰ অভিযোগত আটলাণ্টিক নেভিগেচন অ’পিচি প্ৰাইভেট লিমিটেড নামৰ এটা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

ভাৰতৰ উপৰিও আন তিনিটা কোম্পানী নিষিদ্ধ কৰা হৈছে।তাৰে এটা হৈছে ব্ৰেকেলিন চীন কোম্পানীটো।  আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযোগ কৰিছে যে এই সকলো বোৰ কোম্পানী ইৰাণৰ পৰা পেট্ৰ’লিয়াম বা পেট্ৰ’লিয়াম সামগ্ৰী ক্ৰয়, বিক্ৰী আৰু পৰিবহনৰ লেনদেনত জড়িত।

আল আছাদ চৰকাৰৰ পতন হোৱাৰ লগে লগে ছিৰিয়াত ইৰাণৰ দূতাবাস আক্ৰমণ…

ছিৰিয়াৰ বিদ্ৰোহী সংগঠন আল নুছৰা ফ্ৰণ্টে ৰাজধানী ডামাস্কাছ দখল কৰি বাছাৰ আল আছাদক উৎখাত কৰা বুলি দাবী কৰিছে । ইফালে, ইৰাণৰ চৰকাৰী টেলিভিছনত দেওবাৰে জনাইছে যে ছিৰিয়াত থকা তেওঁলোকৰ দূতাবাসত আক্ৰমণ কৰা হৈছে । হায়াত তাহৰিৰ আল-শ্বাম (HTS) নামেৰেও পৰিচিত আল-নুছৰা ফ্ৰণ্টে প্ৰথমে দেশখনৰ আলেপ্পো চহৰ দখল কৰিছিল, তাৰ পিছত হোমছ আৰু দাৰা চহৰৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল । বিদ্ৰোহী সংগঠনটোৱে ৰাজধানী দামাস্কাছ দখল কৰাৰ কথা ঘোষণা কৰে ।

ৰাজ্যিক টেলিভিছনত দূতাবাসত আক্ৰমণৰ ফুটেজ দেখুওৱা হৈছিল-

ইৰাণৰ টিভি চেনেলে প্ৰকাশ কৰা অনুসৰি একাংশ অজ্ঞাত আক্ৰমণকাৰীয়ে ইৰাণৰ দূতাবাসত আক্ৰমণ চলাইছে । চেনেলটোৱে দূতাবাসৰ চৌহদৰ ভিতৰৰ পৰা আল আৰবিয়া নেটৱৰ্কৰ ভিডিঅ’ ফুটেজো প্ৰকাশ কৰে । ইৰাণৰ বাতৰি কাকত তেহৰাণ টাইমছে প্ৰকাশ কৰা অনুসৰি আক্ৰমণৰ পূৰ্বে দূতাবাসৰ সকলো ইৰাণী কূটনীতিবিদ নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছিল । প্ৰতিবেদন অনুসৰি দূতাবাসৰ কৰ্মচাৰীসকল সম্পূৰ্ণ সুৰক্ষিত । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিদ্ৰোহী সংগঠনে দূতাবাসত আক্ৰমণ কৰিছে । অৱশ্যে এই অভিযোগ স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই ।

আল আছাদ চৰকাৰ আৰু বিদ্ৰোহী সংগঠনৰ মাজত আলোচনাৰ আহ্বান-

বাছাৰ আল আছাদৰ চৰকাৰৰ পতন সন্দৰ্ভত ইৰাণৰ বিষয়াসকলে এতিয়াও কোনো মন্তব্য কৰা নাই । শনিবাৰে বিদ্ৰোহী সংগঠনে সামৰিক অভিযান অব্যাহত ৰাখিছে । কিন্তু তেতিয়ালৈকে দামাস্কাছ নিয়ন্ত্ৰণত নাছিল । ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘজীয়ে ছিৰিয়া চৰকাৰ আৰু বিদ্ৰোহী সংগঠনৰ মাজত আলোচনাৰ আহ্বান জনায় ।

উত্তেজনাৰ মাজতই ইৰাণে উপগ্ৰহ উৎক্ষেপণৰ দাবী ; তেহৰাণক বেলিষ্টিক মিছাইল সম্পৰ্কীয় কাৰ্যকলাপ বন্ধ কৰাৰ দাবী   

ইজৰাইলৰ সৈতে তীব্ৰ উত্তেজনাৰ মাজতে ইৰাণে সফলতাৰে মহাকাশলৈ প্ৰক্ষেপণ কৰা বুলি দাবী কৰি এক আলোড়নৰ সৃষ্টি কৰিছে। তেহৰানে সোমবাৰে সফল উৎক্ষেপণৰ দাবী কৰিছিল।

এইটো ইয়াৰ শেহতীয়া উৎক্ষেপণ কাৰ্যসূচীৰ অংশ, যাক পশ্চিমীয়া দেশবোৰে সমালোচনা কৰিছে।পশ্চিমীয়া দেশসমূহে তেহৰাণক ইয়াৰ বেলিষ্টিক মিছাইল কাৰ্যসূচীৰ প্ৰচাৰ কৰাৰ অভিযোগ কৰিছে।

এইটো ইৰাণৰ এটা অতি গোপন উৎক্ষেপণ কাৰ্যসূচী আছিল। উৎক্ষেপণ সফল হোৱাৰ পিছত, ইয়াৰ তথ্য ইৰাণে শ্বেয়াৰ কৰিছে।

ইৰাণে উপগ্ৰহ কঢ়িওৱা বাহন ব্যৱহাৰ কৰি ‘চিমৰ্গ’ বাহনৰ জৰিয়তে উপগ্ৰহটো উৎক্ষেপণ কৰিছে। ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি আন দেশসমূহে ইৰাণৰ এই উৎক্ষেপণৰ পৰ্যালোচনা কৰিবলৈ একত্ৰিত হৈছে আৰু সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰি আছে।

ইয়াৰ পূৰ্বে ইৰাণৰ পৰা আৰম্ভ কৰা বহুতো প্ৰচেষ্টা বিফল হৈছে।উৎক্ষেপণটো ইৰাণৰ চেমনান প্ৰদেশৰ ইমাম খোমেনি স্পেচপোৰ্টৰ পৰা সম্পন্ন কৰা হৈছিল।

উৎক্ষেপণৰ সফলতা তাৎক্ষণিকভাৱে স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব পৰা নগ’ল। কিন্তু ইৰানে ইয়াক সফল বুলি দাবী কৰিছিল।

গাজা ষ্ট্ৰিপত হামাসৰ বিৰুদ্ধে ইজৰাইলৰ চলিত যুদ্ধ আৰু লেবাননত দুৰ্বল যুদ্ধবিৰতি চুক্তিক লৈ পশ্চিম এছিয়াত বৰ্ধিত উত্তেজনাৰ মাজত ইৰাণৰ দ্বাৰা এই উৎক্ষেপণ কৰা হৈছে।

আমেৰিকাই আগতে কৈছিল যে ইৰাণৰ উপগ্ৰহ উৎক্ষেপণে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ উলংঘা কৰিছে আৰু তেহৰাণক পাৰমাণৱিক অস্ত্ৰ প্ৰদান কৰিব পৰা বেলিষ্টিক মিছাইল সম্পৰ্কীয় যিকোনো কাৰ্যকলাপ বন্ধ কৰিবলৈ কৈছে।