ইৰাণৰ ৯ গৰাকী পৰমাণু বিজ্ঞানীক হত্যা কৰাৰ দাবী আই ডি এফৰ

৯ গৰাকী পৰমাণু বিজ্ঞানীক হত্যা কৰাৰ দাবী ইজৰাইলৰ

৯ গৰাকী ইৰাণী পৰমাণু বিজ্ঞানীক হত্যা কৰা বুলি দাবী কৰিছে ইজৰাইলে । এই দাবী নিশ্চিত কৰিবলৈ ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে মৃতকৰ তালিকা । ইয়াৰ উপৰিও ইৰাণত কোনবোৰ স্থানক লক্ষ্য কৰি পৰমাণু বিজ্ঞানীসকলক হত্যা কৰা হৈছে সেই বিষয়ে বুজাবলৈ ইজৰাইলে এটা ভিডিঅ’ প্ৰকাশ কৰিছে । আই ডি এফে প্ৰকাশ কৰিছে যে একেলগে এই আক্ৰমণত ইৰাণৰ ৯ গৰাকী পৰমাণু বিজ্ঞানী নিহত হৈছে । এই সকলো বিজ্ঞানীয়ে দ্ৰুতগতিত বোমা নিৰ্মাণৰ দিশত প্ৰচেষ্টা চলাইছিল আৰু বহুত আগবাঢ়িছিল বুলি দাবী কৰিছে ইজৰাইলে ।

ইজৰাইলী সেনাৰ দাবী- ইৰাণৰ পৰমাণু বিজ্ঞানীসকলে বোমা নিৰ্মাণৰ চেষ্টা চলাইছিল

শুকুৰবাৰে পুৱা আই ডি এফে ইৰাণত ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰে । ইৰাণৰ বহু পাৰমাণৱিক স্থানক লক্ষ্য কৰি লোৱা হৈছিল এই আক্ৰমণত । প্ৰাৰম্ভিক আক্ৰমণত ইৰাণৰ ৯ গৰাকী পৰমাণু বিজ্ঞানী নিহত হয় । এই বিজ্ঞানীসকলৰ নামো প্ৰকাশ কৰিছে আই ডি এফে । ইজৰাইলী সেনাৰ মতে এই বিজ্ঞানীসকলে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে বোমা নিৰ্মাণৰ প্ৰচেষ্টাকো আগুৱাই লৈ গৈছিল ।

নিহত ৯ জন ইৰাণী বিজ্ঞানীৰ নাম-

-ফেৰেইডুন আব্বাছি, পাৰমাণৱিক অভিযান্ত্ৰিক বিশেষজ্ঞ ।

-মহম্মদ মেহদি তেহৰাঞ্চি, পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।

-আকবৰ মোটালেবি জাদেহ, ৰাসায়নিক অভিযান্ত্ৰিক বিশেষজ্ঞ ।

-ছাইদ বৰজী, মেটেৰিয়েল ইঞ্জিনিয়াৰিং বিশেষজ্ঞ ।

-আমিৰ হাছান ফাখাহী, পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।

-আব্দ আল-হামিদ মিনুশ্বাৰ, ৰিয়েক্টৰ পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।

-মনছুৰ আছগাৰী, পদাৰ্থ বিজ্ঞান বিশেষজ্ঞ ।

-আহমদ ৰেজা জোলফাঘৰী দৰয়ানী, পাৰমাণৱিক অভিযান্ত্ৰিক বিশেষজ্ঞ ।

-আলী বাখৌই কাতিৰিমি, যান্ত্ৰিক বিশেষজ্ঞ ।

চাৰি দশকৰ পিছত আটাইতকৈ ডাঙৰ আক্ৰমণ-

উল্লেখ্য যে ইৰাণৰ ওপৰত কৰা এই আক্ৰমণ ৪৫ বছৰৰ পিছত ইজৰাইলৰ আটাইতকৈ ডাঙৰ সামৰিক অভিযান । এই সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ইৰাণৰ ওপৰত এই আক্ৰমণ অপাৰেচন ৰাইজিং লায়নৰ এটা অংশ । তেওঁ কয় যে ইৰাণ ইজৰাইলৰ অস্তিত্বৰ প্ৰতি ভাবুকি । ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ইজৰাইলৰ এই আক্ৰমণত মৃত্যু হয় ৰিভল্যুচনেৰী গাৰ্ডৰ মুৰব্বী হুছেইন চালামীৰ । ইয়াৰ উপৰিও এই আক্ৰমণত তেহৰাণৰ বহু আৱাসিক অট্টালিকাকো লক্ষ্য কৰি লোৱা হৈছিল । এই আক্ৰমণত নিহতসকলৰ ভিতৰত বহু শিশুও আছে ।

লগতে পঢ়ক : তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ; সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ

‘আক্ৰমণ বন্ধ নহ’লে তেহৰাণ জ্বলাই দিম…’, খোমেইনীক ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ সতৰ্কবাণী

খোমেইনীক ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কঠোৰ সতৰ্কবাণী

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইৰাণক কঠোৰ সকিয়নী দিছে । তেওঁ কয় যে, ইৰাণে যদি ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত ৰাখে তেন্তে “তেহৰাণ জ্বলাই দিয়া হ’ব”। ইৰাণে নিজৰ পাৰমাণৱিক, ক্ষেপণাস্ত্ৰ আৰু সামৰিক প্ৰতিষ্ঠানত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছতে এই বিবৃতি প্ৰকাশ কৰিছে তেল আভিভে ।

ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী ইয়াল জমিৰ, মোছাদৰ মুৰব্বী ডেভিদ বাৰ্নিয়া আৰু অন্যান্য সামৰিক বিষয়াসকলে অংশগ্ৰহণ কৰা উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ইৰাণৰ একনায়কত্ববাদে নিজৰ নাগৰিকক পণবন্দী কৰি ৰাখিছে আৰু এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে য’ত বিশেষকৈ তেহৰাণৰ বাসিন্দাসকলে যথেষ্ট মূল্য ভৰিব লাগিব ।

মিছাইল নিক্ষেপ কৰিলে তেহৰাণ জ্বলাই দিয়া হ’ব !

প্ৰতিৰক্ষা মন্ত্ৰী কাটজে ইৰাণৰ সৰ্বোচ্চ নেতা আলী খোমেইনীক পোনপটীয়াকৈ সকীয়াই দি কয় যে, “যদি খোমেইনীয়ে ইজৰাইলৰ নাগৰিকৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি থাকে তেন্তে তেহৰাণ জ্বলাই দিয়া হ’ব ।” আই ডি এফৰ তথ্য অনুসৰি শুকুৰবাৰৰ নিশাৰ পৰা ইৰাণে ইজৰাইললৈ প্ৰায় ২০০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে । ইয়াৰে অধিকাংশই ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাৰ দ্বাৰা ধ্বংস হয় যদিও নিৰ্ধাৰিত প্ৰট’কল অনুসৰি প্ৰায় ২৫% ক্ষেপণাস্ত্ৰ বাধা দিব পৰা নগ’ল আৰু কিছুমান মুকলি ঠাইত পৰে ।

ইজৰাইলৰ সেনাই কয় যে কিছুমান ক্ষেপণাস্ত্ৰই প্ৰতিৰক্ষা ব্যৱস্থাক ধূলি দি আৱাসিক অঞ্চলত উপনীত হোৱাৰ ফলত টেল আভিভ, ৰমাত গান আৰু ৰিছন লেজিয়নৰ দৰে চহৰত প্ৰাণ আৰু সম্পত্তিৰ ক্ষতিসাধন হয় । এই আক্ৰমণত তিনি ইজৰাইলী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭০ জন লোক আহত হৈছে । অৱশ্যে আই ডি এফে কয় যে সকলো সামৰিক আৰু বায়ুসেনাৰ ঘাটি স্বাভাৱিকভাৱে কাম কৰি আছে ।

ইজৰাইলৰ ওপৰত এশৰো অধিক ড্ৰোন নিক্ষেপ ইৰাণৰ-

শুকুৰবাৰে ইৰাণে নিক্ষেপ কৰা ১০০খন ড্ৰোনৰ উপৰিও নিশা আন বহু ড্ৰোন নিক্ষেপ কৰা হয়, যিবোৰ ইজৰাইলৰ বায়ুসেনা আৰু নৌসেনাই ধ্বংসক কৰে । ইফালে আই ডি এফৰ মুৰব্বী ইয়াল জমিৰ আৰু ইজৰাইলৰ বায়ুসেনাৰ মুৰব্বী ট’মাৰ বাৰে কয় যে “তেহৰাণলৈ যোৱাৰ পথ এতিয়া স্পষ্ট হৈছে” । সেনাই কয় যে এতিয়া ইজৰাইলৰ যুদ্ধ বিমান তেহৰাণতো চলিব ।

আই ডি এফে কয় যে ইজৰাইলৰ বায়ুসেনাই তেহৰাণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাত আক্ৰমণ চলাই ইজৰাইলৰ বিমানক তাত অধিক স্বাধীনতা প্ৰদান কৰিছে । টমাৰ বাৰে কয়, “আমি একেদিনাই শ শ টাৰ্গেটত আঘাত কৰিছিলো, য’ত কেইবা ডজন বিমান বিধ্বংসী ব্যৱস্থাও আছিল ।”

তেওঁ কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইজৰাইলৰ যুদ্ধ বিমানে ১৫০০ কিলোমিটাৰ দূৰৰ পৰা তেহৰাণৰ ওপৰেৰে উৰা মাৰি ইয়াৰ প্ৰতিৰক্ষা লক্ষ্যত আক্ৰমণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ‘তেল এভিভক ধ্বংস কৰি দিব তেহৰাণে’; ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ খামেনীৰ প্ৰতিজ্ঞা

‘তেল এভিভক ধ্বংস কৰি দিব তেহৰাণে’; ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ খামেনীৰ প্ৰতিজ্ঞা

ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ খামেনী

ইৰাণ আৰু ইজৰাইলৰ মাজত ইতিমধ্যে যুদ্ধ আৰম্ভ হৈছে।দুয়োখন দেশে ইখনে সিখনক প্ৰত্যাহ্বান জনাইছে।ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ লৈ ইৰাণে বেলিষ্টিক মিছাইলেৰে টেল এভিভ আক্ৰমণ কৰে।

একে সময়তে ইজৰাইলৰ আক্ৰমণত বহু সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানীৰ মৃত্যুৰ লগতে বহু সামৰিক ঘাটিৰ ক্ষতিৰ বাবে ইৰাণ ক্ষুব্ধ হৈ পৰিছে।ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীয়ে ইজৰাইলক ধ্বংস কৰাৰ প্ৰতিজ্ঞা কৰিছে।

ইজৰাইলে ইয়াৰ পৰিণাম ভুগিব: খামেনী

খামেনীয়ে কৈছে যে, “ইজৰাইলে এইটো ভাবিব নালাগে যে আক্ৰমণৰ পিছত এইটো শেষ হৈ যাব। তেওঁলোকে এইবোৰ কৰি যুদ্ধ আৰম্ভ কৰিছিল”।

“তেওঁলোকে কৰা এই ডাঙৰ অপৰাধৰ বাবে আমি তেওঁলোকক সাৰি যাবলৈ নিদিওঁ।”ইৰাণৰ চৰকাৰী টিভিত প্ৰদৰ্শিত পূৰ্বতে ৰেকৰ্ডিং কৰা বাৰ্তাযোগে এই সতৰ্কবাণী জাৰি কৰিছে সৰ্বোচ্চ নেতাগৰাকীয়ে ।

তেওঁ লগতে কৈছে যে, “এই অপৰাধৰ দ্বাৰা ইজৰাইলে নিজকে তিক্ত আৰু যন্ত্ৰণাদায়ক ভাগ্যৰ বাবে তৈয়াৰ কৰিছে আৰু সেইটোৰ সৈতে ই নিশ্চয় ৰূপত সন্মুখিন কৰিব লাগিব।”

ইজৰাইলৰ হাতত লাগিছে তেজৰ দাগ

আয়াতুল্লা আলী খামেনীয়ে কৈছে যে ইৰাণৰ বিৰুদ্ধে এই অপৰাধত ইজৰাইলৰ হাতত তেজৰ দাগ লাগিছে।তেওঁ প্ৰতিজ্ঞা কৰিছে যে, তেহৰাণে তেল এভিভক ধ্বংস কৰিহে এৰিব।

ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱেও ইৰাণৰ শাসন ব্যৱস্থাক সকীয়াই দিছিল। নেতান্যাহুৱে ইৰাণৰ জনসাধাৰণক আহ্বান জনায় যে বিগত ৫০ বছৰ ধৰি এই অত্যাচাৰী শাসন ব্যৱস্থাৰ অধীনত তেওঁলোকে ক্ষতিগ্ৰস্ত হৈ আহিছে।

ইজৰাইলে তেওঁলোকৰ বাবে স্বাধীনতাৰ পথ সৃষ্টি কৰিছে।ইৰাণৰ বিৰুদ্ধে ইজৰাইলে সামৰিক অভিযান অব্যাহত ৰাখিব বুলি নেতান্যাহুৱে স্পষ্টকৈ কয়।

ইৰাণৰ সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানীৰ মৃত্যু

উল্লেখ্য যে ইজৰাইলে ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিত ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ চলাইছিল। এই আক্ৰমণত  কেইবাজনো সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানীৰ মৃত্যু হৈছিল। ইয়াৰ দ্বাৰা হতাশ হৈ ইৰাণেও ড্ৰোন আৰু বেলিষ্টিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰে।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা; ইজৰাইলৰ ওপৰত ১৫০টা মিছাইল নিক্ষেপ ইৰাণৰ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা; ইজৰাইলৰ ওপৰত ১৫০টা মিছাইল নিক্ষেপ ইৰাণৰ

ইজৰাইলৰ ওপৰত ইৰাণৰ মিছাইল নিক্ষেপ

ইজৰাইল আৰু ইৰাণৰ মাজত তীব্ৰতৰ হৈ পৰিছে যুদ্ধ। ইজৰাইলৰ ‘অপাৰেচন ৰাইজিং লায়ন’ৰ উত্তৰত ইৰাণেও অপাৰেচন ‘ট্ৰু প্ৰমিজ ৩’ আৰম্ভ কৰিছে

ইয়াৰ অধীনত গভীৰ নিশা টেল এভিভ আৰু জেৰুজেলামত ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। ইয়াৰ পিছত ইজৰাইলে পুনৰ ইৰাণৰ ওপৰত বিমান আক্ৰমণ আৰম্ভ কৰে।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত ইৰাণৰ সামৰিক আৰু পাৰমাণৱিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লয়।

য’ত ইৰাণৰ যথেষ্ট লোকচান হৈছে। ইৰাণত ৭৮ জন লোকৰ মৃত্যু হৈছে। দুয়োখন দেশৰ মাজত এতিয়া যুদ্ধ অব্যাহত আছে।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে কয় যে ‘অপাৰেচন ট্ৰু প্ৰমিজ’ মেজৰ জেনেৰেল মহম্মদ বাঘেৰী, আই আৰ জি চিৰ মুৰব্বী মেজৰ জেনেৰেল হোছেইন চালামি আৰু আই আৰ জি চিৰ এৰ’স্পেচ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল আমিৰ আলী হাজিজাদেকে ধৰি কেইবাজনো ইৰাণী বিষয়াৰ হত্যাৰ প্ৰতিশোধ।

ইৰাণৰ আক্ৰমণৰ পিছতে টেল এভিভত হাহাকাৰ

ইৰাণ আৰু মিত্ৰশক্তিৰ মিছাইল নিক্ষেপৰ পিছত ইজৰাইলে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি ক্ষেপণাস্ত্ৰ বিফল কৰিবলৈ আৰম্ভ কৰিছে।কিন্তু ইৰাণে ১৫০ৰো অধিক ক্ষেপণাস্ত্ৰৰে ইয়াৰ প্ৰত্যুত্তৰত আক্ৰমণ কৰে।

ইৰাণৰ মিছাইল নিক্ষেপত ৰাজধানী টেল এভিভৰ বহু ক্ষতিসাধন হৈছে। বহু লোক আহত হোৱাৰো খবৰ আহিছে।টেল এভিভত এতিয়া উত্তেজনাই বিৰাজ কৰিছে।

যুদ্ধক লৈ কি ক’লে নেতান্যাহুৱে

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে যে, ইজৰাইলৰ সামৰিক অভিযানৰ উদ্দেশ্য হৈছে ইজৰাইলৰ প্ৰতি থকা পাৰমাণৱিক ভাবুকি আৰু বেলিষ্টিক মিছাইলৰ ভাবুকি দূৰ কৰা।

ইৰাণে পুনৰ ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিছে ক্ষেপণাস্ত্ৰ

ইৰাণে পুনৰবাৰ ইজৰাইলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে।উত্তৰ ইজৰাইলত ইৰাণৰ পৰা মিছাইলেৰে আক্ৰমণ কৰা হৈছে।

বোমাৰ পৰা হাত সাৰিবলৈ মানুহক আশ্ৰয় শিবিৰলৈ যাবলৈ আহ্বান জনোৱা হৈছে।ইৰাণৰ মিছাইলক ইজৰাইলৰ নিৰাপত্তা ব্যৱস্থাই বাধা দিবলৈ চেষ্টা কৰিছে।

আমেৰিকাই সামৰিক সম্পদ মধ্যপ্ৰাচ্যলৈ স্থানান্তৰিত কৰিছে

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ মাজতে আমেৰিকাই তেওঁলোকৰ সামৰিক সম্পদ মধ্যপ্ৰাচ্যলৈ স্থানান্তৰিত কৰিছে। লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক কঠোৰ সতৰ্কবাণী দিছে।

ট্ৰাম্পে কয় যে আমেৰিকাই বিশ্বৰ আটাইতকৈ মাৰাত্মক অস্ত্ৰ নিৰ্মাণ কৰে আৰু ইজৰাইলৰ হাততো বহুতো অস্ত্ৰ আছে।ট্ৰাম্পে লগতে কয় যে ইৰাণে এতিয়াও চুক্তিত উপনীত হোৱাৰ দ্বিতীয়টো সুযোগ পাব পাৰে।

লগতে পঢ়ক: তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ;  সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ

ইজৰাইলৰ আক্ৰমণত মৃত্যু ইৰাণৰ মুৰব্বী হুছেইন চালামী; তেহৰাণে দিলে সকিয়নী

হুছেইন চালামীৰ মৃত্যু

ইজৰাইলৰ আক্ৰমণত তচনচ হৈছে ইৰানৰ ৰাজধানী তেহৰান৷ইজৰাইলে পুৱতিনিশা ইৰাণৰ পাৰমাণৱিক স্থানক লক্ষ্য কৰি লৈছিল।

ইৰাণেও ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা আৰম্ভ কৰিছে, দুয়োখন দেশৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।দুয়োপক্ষৰ পৰা ধাৰাবাহিকভাৱে আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছে।

ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ মুৰব্বী হুছেইন চালামীৰ।এই আক্ৰমণত বহু জ্যেষ্ঠ সামৰিক বিষয়াক লক্ষ্য কৰি লোৱা হৈছিল।ইৰাণৰ ওপৰত হোৱা এই আক্ৰমণৰ নাম ইজৰাইলে ‘অপাৰেচন ৰাইজিং লায়ন’ বুলি অভিহিত কৰিছে।

ইৰাণৰ আক্ৰমণৰ পিছত ইজৰাইলে সম্ভাৱ্য ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।

এই আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দাবী কৰিছে যে পাৰমাণৱিক বোমা নিৰ্মাণত নিয়োজিত বিজ্ঞানীসকলৰো কেইবাজনৰো মৃত্যু হৈছে।  

এই আক্ৰমণ এনে এটা সময়ত সংঘটিত হৈছে যেতিয়া তেহৰাণৰ দ্ৰুতগতিত বৃদ্ধি পোৱা পাৰমাণৱিক কাৰ্যসূচীক লৈ দুয়োখন দেশৰ মাজত উত্তেজনাই নতুন মাত্ৰাত উপনীত হৈছে।

আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ ব’ৰ্ড অৱ গভৰ্ণৰে বৃহস্পতিবাৰে ২০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ইৰানক গৰিহণা দিয়ে কাৰণ তেওঁলোকে নিজৰ পৰিদৰ্শকৰ লগত কাম কৰা নাই।

ইৰাণে তৎক্ষণাত ঘোষণা কৰে যে তেওঁলোকে দেশখনত তৃতীয়টো সমৃদ্ধি স্থান স্থাপন কৰিব আৰু কিছুমান চেণ্ট্ৰিফিউজৰ ঠাইত অধিক উন্নত চেণ্ট্ৰিফিউজ ব্যৱহাৰ কৰিব।

ইফালে ইৰাণ মিলিটাৰীয়ে নিজৰ অফিচিয়েল একাউণ্টৰ পৰা কয় যে ‘মনত ৰাখিব আমি যুদ্ধ আৰম্ভ কৰা নাছিলো’।ইৰাকৰ আকাশমাৰ্গ ব্যৱহাৰ কৰি ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰা বুলি কোৱা হৈছে।

ইজৰাইলৰ এই আক্ৰমণত ইৰাণৰ চীফ অফ জেনেৰেল ষ্টাফ মেজৰ জেনেৰেল মহম্মদ বাঘেৰী, আই আৰ জি চিৰ কমাণ্ডাৰ ইন চিফ হোছেইন চালামী, আই আৰ জি চিৰ মহাকাশ বাহিনীৰ অধিনায়ক তথা ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মুৰব্বী আমিৰ আলী হাজিজাদে, মহম্মদ ইছলামী আৰু অৰ্গেনাইজেচন অৱ ডিফেন্সিভ ইনোভেচন এণ্ড ৰিচাৰ্চৰ মুৰব্বী ব্ৰিগেডিয়াৰ জেনেৰেল ৰেজা মোজাফফাৰিনীৰ মৃত্যু হৈছে।

লগতে পঢ়ক: তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ;  সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ

তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ;  সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ

তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ

ইজৰাইলে পুনৰ ইৰানৰ তেহৰাণৰ ওপৰত ধ্বংস যজ্ঞ চলাইছে। ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইল সেনাই বোমাৰে আক্ৰমণ কৰে।ইয়াৰ উপৰিও ইজৰাইলে ইৰাণী সেনাৰ ঘাটি আৰু ইয়াৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছে।

শুকুৰবাৰে পুৱা ইজৰাইলে ইৰাণক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।ইজৰাইলে কয় যে তেহৰানে মিছাইল আৰু ড্ৰ’ন আক্ৰমণৰ আশংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

ইজৰাইলৰ এজন সামৰিক বিষয়াই কয় যে ইজৰাইলে “ডজন ডজন” পাৰমাণৱিক আৰু সামৰিক লক্ষ্যত আক্ৰমণ চলাইছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে ইৰাণৰ বাবে পাৰমাণৱিক বোমা নিৰ্মাণ কৰা বিজ্ঞানীসকলকো ইজৰাইলে আক্ৰমণ কৰিছে ।

ইৰাণৰ পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য

প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কয় যে আমি নাটাঞ্জত থকা ইৰাণৰ মূল পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি লোৱা হৈছে, আমি ইৰাণৰ বোমা নিৰ্মাণৰ কাম কৰা ইৰাণৰ মূল পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য কৰি লৈছিলো, আৰু আমি ইৰাণৰ বেলিষ্টিক মিছাইল প্ৰগ্ৰেমৰ কেন্দ্ৰটোকো আক্ৰমণ কৰিলোঁ।

এই আক্ৰমণৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাইছে নেতান্যাহুৱে।তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পক তেওঁৰ নেতৃত্ব আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সন্মুখীন হোৱাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো।

নেতান্যাহুৱে কয় যে এই অভিযান ‘যেতিয়ালৈকে প্ৰয়োজন হয়’ চলি থাকিব, তেওঁ কয় যে যদি আমি এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰো, তেতিয়া পৰৱৰ্তী প্ৰজন্ম নাহিব।

এই আক্ৰমণৰ পিছত ইৰাকে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে।এতিয়া ইৰাকৰ সকলো বিমানবন্দৰ বন্ধ।এখনো বিমানৰ গতিবিধি কৰা নাই।

ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।

কাটজে সকীয়াই দিয়ে যে ইজৰাইল আৰু ইয়াৰ অসামৰিক জনসাধাৰণক লক্ষ্য কৰি মিছাইল আৰু ড্ৰ’ন আক্ৰমণ অতি সোনকালে কৰাৰ সম্ভাৱনা আছে।সমগ্ৰ দেশৰ ঘৰুৱা ফ্ৰণ্টত এই জৰুৰীকালীন অৱস্থা জাপি দিবলৈ বিশেষ আদেশত স্বাক্ষৰ কৰে।

সমগ্ৰ ইজৰাইলত চাইৰেন বাজি থকাৰ সময়তে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইৰাণৰ বিৰুদ্ধে বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে নিজৰ নিৰাপত্তা মন্ত্ৰীসভাৰ জৰুৰী বৈঠক আহ্বান কৰিছে।

ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে ৰাজধানীৰ মূল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইমাম খোমেইনীত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে, কাৰণ তেহৰাণৰ আশে-পাশে প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে।

এই আক্ৰমণ সন্দৰ্ভত ইজৰাইল সেনাই এক বিবৃতি প্ৰকাশ কৰিছে।IDF এ কৈছে যে, ‘কিছু সময়ৰ আগতে ৰাজনৈতিক নেতৃত্বৰ নিৰ্দেশনাৰ পিছত, IDF এ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আক্ৰমণ কৰিবলৈ উচ্চমানৰ চোৰাংচোৱাৰ ওপৰত ভিত্তি কৰি এক আগতীয়া সিদ্ধান্ত, নিখুঁত আৰু যৌথ আক্ৰমণ আৰম্ভ কৰিছে, আৰু ইৰাণী শাসনে ইজৰাইলৰ বিৰুদ্ধে চলি থকা আগ্ৰাসনৰ প্ৰতি সঁহাৰি জনাই এই কাম কৰা হৈছিল।

কিছু সময়ৰ ভিতৰতে, বহু IAF জেট বিমানসমূহে প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰিছে, য’ত ইৰাণৰ বিভিন্ন অঞ্চলত পাৰমাণৱিক লক্ষ্যকে ধৰি কেইবা ডজন সামৰিক লক্ষ্যত আক্ৰমণ কৰা হৈছিল।

লগতে পঢ়ক: চীট নম্বৰ 11 A; লাকী চীটত বহিয়েই প্ৰাণ ৰক্ষা পৰিছিল বিশ্বাস কুমাৰ ৰমেশ  

ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাহৰ শীৰ্ষ সেনাধ্যক্ষ…

হিজবুল্লাহৰ শীৰ্ষ সেনাধ্যক্ষ নিহত

ইজৰাইলী সেনাই এক বৃহৎ সফলতা লাভ কৰিছে । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে শ্বাকিফ অঞ্চলত হিজবুল্লাহৰ ৰকেট আক্ৰমণৰ অধিনায়ক মহম্মদ আলী জামুল বিমান আক্ৰমণত মৃত্যু হোৱা বুলি দাবী কৰিছে ।

দক্ষিণ লেবাননৰ ডেইৰ আল জাহৰানী অঞ্চলত আই ডি এফে বিমান আক্ৰমণত হিজবুল্লাহৰ এজন শীৰ্ষ সেনাধ্যক্ষক হত্যা কৰে বুলি জনাইছে । দীৰ্ঘদিন ধৰি সংগঠনটোৰ কমাণ্ডাৰ জামুলে ৰকেট আক্ৰমণ চলাই আহিছিল, য’ত আই ডি এফৰ বহু জোৱান আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হৈছিল ।

কিছুদিন ধৰি সংগঠনটোৱে পুনৰ এবাৰ নিজৰ ধ্বংসপ্ৰাপ্ত গাঁথনি আৰু নেটৱৰ্ক শক্তিশালী কৰাৰ কামত নিয়োজিত হৈ পৰিছিল । এনে পৰিস্থিতিত আই ডি এফৰ এই আক্ৰমণক মাষ্টাৰষ্ট্ৰ’ক বুলি গণ্য কৰা হৈছে ।

আই ডি এফে কয় যে হিজবুল্লাহৰ অধিনায়ক জামুলৰ কাৰ্যকলাপে লেবানন আৰু ইজৰাইলৰ মাজত হোৱা চুক্তি উলংঘা কৰিছিল ।

ইজৰাইলে পুনৰবাৰ স্পষ্ট কৰি দিছে যে নিজৰ নাগৰিকৰ স্বাৰ্থ আৰু সুৰক্ষাৰ বাবে যিকোনো ভাবুকি দূৰ কৰাৰ বাবে দেশখনে ব্যৱস্থা গ্ৰহণ কৰি যাব ।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজত গাজা যুদ্ধবিৰতি চুক্তি ওচৰ চাপিছে আৰু অতি সোনকালে ঘোষণা হ’ব পাৰে বুলি তেওঁ কয় ।

লগতে পঢ়ক : PAKৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ কূটনৈতিক জয়; শশী থাৰুৰৰ ষ্ট্ৰাইকৰ পিছত সুৰ সলনি কলম্বিয়াৰ

‘যুদ্ধ বন্ধ কৰক, সকলো পণবন্দীক মুকলি কৰি দিবলৈ সাজু’; ইজৰাইলৰ তীব্ৰ আক্ৰমণৰ পিছত আত্মসমৰ্পণ মোডত হামাছ

ইজৰাইল আৰু হামাছৰ মাজত দীৰ্ঘদিনৰ পৰা চলি থকা যুদ্ধ যেন এতিয়া শেষ হ’বলৈ ধৰিছে। ইজৰাইলৰ সন্মুখত এতিয়া হামাছ আত্মসমৰ্পণ মোডত থকা যেন লাগিছে। তেওঁলোকে কৈছে যে এতিয়া যুদ্ধ বন্ধ কৰিব লাগে।

হামাছে কয় যে আমি গাজাত যুদ্ধৰ অন্ত পেলাব বিচাৰো আৰু সকলো পণবন্দীক মুকলি কৰি দিব বিচাৰে।হামাছৰ জ্যেষ্ঠ বিষয়াই কয় যে, ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা সকলো পেলেষ্টাইনী নাগৰিকৰ বিনিময়ত আমি পণবন্দী কৰি ৰখা সকলো ইজৰাইলীক মুকলি কৰি দিব বিচাৰো।

হামাছৰ নেতা খলিল আল-হায়ায়ে এটা সাক্ষাৎকাৰত কয় যে, এতিয়া আমি অন্তৱৰ্তীকালীন চুক্তি কৰিব নিবিচাৰো।এতিয়া আমাক এটা স্থায়ী সমাধানৰ প্ৰয়োজন। আমি তাৎক্ষণিকভাৱে এই যুদ্ধৰ অন্ত পেলাব বিচাৰো ।গাজাত যুদ্ধ নিবিচাৰো।

হায়াই কয় যে ইজৰাইলৰ পিএম নেতান্যাহু আৰু তেওঁৰ চৰকাৰে নিজৰ ৰাজনৈতিক এজেণ্ডাৰ বাবে আংশিক আপোচ কৰিছে, যাৰ বাবে গাজাত ক্ষুধা আৰু বৃদ্ধি পাইছে। আমি সকলো পণবন্দীক মুকলি কৰি দিবলৈ সাজু।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল, য’ত ১২০০ ইজৰাইলী সাধাৰণ নাগৰিকক হত্যা কৰা হৈছিল আনহাতে বহু লোকক অপহৰণ কৰা হৈছিল।এই যুদ্ধত গাজা ধ্বংস হৈ গ’ল। মানুহে যুদ্ধত ভাগৰি পৰিছে আৰু বৰ্তমান শান্তিৰে জীৱনটো কটাব বিচাৰে।

কঠোৰ সিদ্ধান্ত বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰৰ… বাংলাদেশী লোকক ইজৰাইল ভ্ৰমণত বাধা

বাংলাদেশৰ নাগৰিকক ইজৰাইললৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে । চৰকাৰে পাছপ’ৰ্টত লিখিছে যে এই পাছপ’ৰ্ট ইজৰাইলৰ বাহিৰে বিশ্বৰ সকলো দেশৰ বাবে বৈধ । অন্তৱৰ্তীকালীন চৰকাৰৰ এই সিদ্ধান্তই ইজৰাইলত কাম কৰিবলৈ যোৱাসকলৰ সমস্যা বৃদ্ধি কৰিছে ।

উল্লেখ্য যে, যুদ্ধবিৰতিৰ অন্ত পেলাই গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলে । সমগ্ৰ বিশ্বতে এই ঘটনাৰ গৰিহণা দিয়া হৈছে । এই সন্দৰ্ভত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে । বাংলাদেশৰ গৃহ মন্ত্ৰালয়ে পাছপ’ৰ্ট আৰু ইমিগ্ৰেচন বিভাগক বিদেশ ভ্ৰমণ কৰা নাগৰিকসকলৰ বাবে চৰকাৰী ভ্ৰমণ অনুমতি পত্ৰত পুনৰ এটা বিবৃতি যোগ কৰিবলৈ নিৰ্দেশ দিছে য’ত উল্লেখ কৰা হৈছে যে এই পাছপ’ৰ্ট ইজৰাইলৰ বাহিৰে বিশ্বৰ সকলো দেশৰ বাবে বৈধ । গৃহ মন্ত্ৰালয়ৰ নিৰাপত্তা সেৱা বিভাগৰ উপ সচিব নীলিমা আফ্ৰজে কয় যে আমি এই পত্ৰখন জাৰি কৰিছো ।

শ্বেখ হাছিনাই আঁতৰাইছিল এই শাৰী-

ইজৰাইল সম্পৰ্কীয় এই শাৰীটো বাংলাদেশৰ পৰা জাৰি কৰা পাছপ’ৰ্টতো ইয়াৰ আগতে লিখা হৈছিল । ২০২১ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত আৱামি লীগ চৰকাৰৰ সময়ত ইয়াক আঁতৰাই পেলোৱা হৈছিল । বিষয়াসকলে ইজৰাইলৰ প্ৰতি বাংলাদেশে নিজৰ স্থিতি সলনি কৰা নাই বুলি কৈছিল যদিও পাছপ’ৰ্টৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড বজাই ৰাখিবলৈ এই বাক্যাংশ আঁতৰোৱা হৈছে । তেতিয়াৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে কৈছিল যে বাংলাদেশৰ কোনো ব্যক্তিয়ে ইজৰাইললৈ যাব নোৱাৰে আৰু যদি কোনোবাই তেনে কৰে তেন্তে সেই ব্যক্তিজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

তৃতীয় দেশৰ পৰা ল’ব লাগিব ভিছা-

বাংলাদেশৰ পৰা বৃহৎ সংখ্যক লোক কাম কৰিবলৈ ইজৰাইললৈ যায় । এতিয়া অন্তৱৰ্তীকালীন চৰকাৰৰ সিদ্ধান্তৰ পিছত তেওঁলোকৰ চিন্তা বাঢ়িছে । এনে লোকে ইজৰাইললৈ যাবলৈ তৃতীয় দেশৰ পৰা ভিছা ল’ব লাগিব ।