পুনৰ ইজৰাইলক ছালভো মিছাইলেৰে আক্ৰমণ ইৰাণৰ; বাজি উঠিছে চাইৰেন

ইজৰাইলক ছালভো মিছাইলেৰে আক্ৰমণ ইৰাণৰ

ইজৰাইলৰ বিৰুদ্ধে পুনৰ বৃহৎ মিছাইলেৰে আক্ৰমণ চলাইছে ইৰাণে। ইজৰাইলৰ সেনাই কয় যে ইৰাণে ইজৰাইলৰ ওপৰত ছালভো মিছাইল নিক্ষেপ কৰিছে।

ইৰাণৰ আক্ৰমণৰ পূৰ্বে হাইফা আৰু উত্তৰ ইজৰাইলত বিমান আক্ৰমণৰ ছাইৰেন বাজি উঠিছে।এই আক্ৰমণৰ লগে লগে উত্তৰ ইজৰাইলৰ কেইবাটাও স্থানত বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন বাজিছে, যাৰ বাবে নাগৰিকসকলৰ মাজত এতিয়া আতংক বিয়পি পৰিছে।

বাংকাৰত আশ্ৰয় লোকসকৰ

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত হাইফা, আক্ৰা, নাহৰিয়া আৰু অন্যান্য উত্তৰ চহৰত ছাইৰেন আৰম্ভ হৈছে।

ইয়াৰ পিছত লোকসকলক লগে লগে বাংকাৰ আৰু নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হয়।আই ডি এফে কয় যে, “ইৰাণৰ পৰা নিক্ষেপ কৰা হৈছে বেলিষ্টিক মিছাইলৰ নতুন শৃংখলা।আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হৈছে আৰু প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

ইয়াৰ পূৰ্বে সোৰোকা হাস্পতাল আৰু ষ্টক এক্সচেঞ্জত আক্ৰমণ

ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ সময়ত এই শেহতীয়া আক্ৰমণ সংঘটিত হৈছে।ইয়াৰ পূৰ্বে ইজৰাইলৰ ছ’ৰোকা হাস্পতাল আৰু টেল আভিভ ষ্টক এক্সচেঞ্জক তেহৰাণৰ পৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল, য’ত কেইবা ডজন লোক আহত হয়।

লগতে পঢ়ক: টেল আভিভত ইৰাণৰ ধ্বংসলীলা; জেৰুজালেমলৈকে শুনা গ’ল বিস্ফোৰণৰ শব্দ

‘যদি আমেৰিকাই হস্তক্ষেপ কৰে তেনেহলে…’; ইৰাণে দিলে সকিয়নী

যদি আমেৰিকাই হস্তক্ষেপ কৰে তেনেহলে…

যোৱা শুকুৰবাৰৰ পৰা ইজৰাইল আৰু ইৰাণৰ মাজত তীব্ৰ যুদ্ধ চলি আছে।ইজৰাইলৰ যুদ্ধ বিমানে ইৰাণত ব্যাপক ধ্বংসলীলা চলাইছে আৰু শ শ লক্ষ্য স্থানত বোমা বিস্ফোৰণ ঘটাইছে।

একে সময়তে ইৰাণেও ইজৰাইলৰ বহু বৃহৎ চহৰত মিছাইলেৰে আক্ৰমণ কৰি বহু ক্ষতিসাধন কৰিছে।ইফালে, ইজৰাইলৰ সমৰ্থনত ডনাল্ড ট্ৰাম্পেও যুদ্ধক্ষেত্ৰত জপিয়াই পৰাৰ সম্ভাৱনা আছে।

এতিয়া এনে জল্পনা-কল্পনাৰমাজতে ইৰাণৰ মন্তব্য পোহৰলৈ আহিছে আৰু ই আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।

ইৰাণে কি সকিয়নী দিলে?

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেইয়ে ইৰাণৰ ওপৰত ইজৰাইলৰ ফালৰ পৰা কৰা আক্ৰমণৰ মাজতে সকিয়নী জাৰি কৰিছে।

তেওঁ কৈছিল যে, তেওঁলোকৰ যিকোনো হস্তক্ষেপে অঞ্চলটোত পূৰ্ণাংগ যুদ্ধৰ সূচনা কৰিব।অৰ্থাৎ ইজৰাইলৰ আক্ৰমণত আমেৰিকাৰ হস্তক্ষেপে ‘পূৰ্ণাংগ যুদ্ধ’ৰ সূচনা কৰিব।

কিয় প্ৰৱেশ কৰিব পাৰে ?

দৰাচলতে, ইজৰাইল-ইৰাণৰ যুদ্ধৰ আৰম্ভণিতে আমেৰিকাই ইয়াৰ পৰা নিজকে আঁতৰ কৰি ৰাখিছিল।অৱশ্যে, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এতিয়া এই যুদ্ধত অংশগ্ৰহণৰ ইংগিত দিছে।

তেওঁ কৈছে যে, তেওঁ যুদ্ধবিৰতিতকৈও ডাঙৰ কিবা এটা বিচাৰে।তেওঁলোকে এই অঞ্চললৈ আৰু অধিক যুদ্ধ বিমান প্ৰেৰণ কৰিছে।ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ চৰকাৰক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ কৈছিল।

ট্ৰাম্পে কৈছিল যে “ মই ভালদৰে জানো যে তথাকথিত “উচ্চতম নেতা” আয়াতুল্লা খামেনীই ক’ত লুকাই আছে। তেওঁ সহজ টাৰ্গেট, কিন্তু আমি তেওঁ শেষ কৰিবলৈ যোৱা নাই।অন্ততঃ এতিয়াৰ বাবে নহয়”।

লগতে পঢ়ক: মহিলা T20 বিশ্বকাপৰ সূচী ঘোষণা; ভাৰত-পাকিস্তানৰ মাজত এইটো দিনত অনুষ্ঠিত হ’ব মেচ

মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ

মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ

ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাইছে বুলি দাবী কৰিছে ইৰাণে । যি সময়ত দুয়োখন দেশৰ মাজত চলি থকা সংঘাতৰ পৰিস্থিতি অহৰহ অৱনতি ঘটি আছে, সেই সময়তে এই আক্ৰমণ সংঘটিত হৈছে । এই যুদ্ধত এতিয়ালৈকে ইৰাণত দুশৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে, আনহাতে ইজৰাইলত কেইবা ডজন লোকৰ মৃত্যু হৈছে । তেহৰাণৰ চৰকাৰী সংবাদ মাধ্যমে এই তথ্য প্ৰদান কৰিছে ।

প্ৰকাশিত এক বাতৰি অনুসৰি ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে মঙলবাৰে মোছাদৰ এটা কথিত সুবিধাক লক্ষ্য কৰি লোৱা বুলি কয় । ইজৰাইলী সেনাই এই আক্ৰমণক সাধাৰণ কৰিবলৈ চেষ্টা কৰে আৰু কয় যে এই ক্ষেপণাস্ত্ৰই বাছ পাৰ্কিং এলেকাৰ ক্ষতিসাধন কৰিছে । এই আক্ৰমণত আমোন লজিষ্টিক চেণ্টাৰ আৰু হাৰ্জলিয়াত থকা মোছাদৰ মুখ্য কাৰ্যালয়কে ধৰি ইজৰাইলৰ কৌশলগত লক্ষ্যক লক্ষ্য কৰি লোৱা হৈছিল ।

ইজৰাইলক নতুন আক্ৰমণৰ সতৰ্কবাণী ইৰাণৰ-

ইফালে ইৰাণৰ সেনাই ইজৰাইলক সকীয়াই দিছে যে আগন্তুক কিছু ঘণ্টাত নতুন আৰু অত্যাধুনিক অস্ত্ৰৰে তীব্ৰ আক্ৰমণ হ’ব । মঙলবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে, ইৰাণে আজি ৩০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে, ইয়াৰে কিছুমানে ইজৰাইলৰ প্ৰতিৰক্ষা ব্যৱস্থা অতিক্ৰম কৰে ।

ইফালে আই ডি এফে এক বিবৃতিত কয় যে আমি আমাৰ উন্নত চোৰাংচোৱা ক্ষমতা, বায়ু আধিপত্য আৰু জটিল সামৰিক কৌশলেৰে শত্ৰুক উভতি ধৰিম । ইফালে ইজৰাইলে বিমান আক্ৰমণত ইৰাণৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষ আলী ছাদমানিক হত্যা কৰা বুলি দাবী কৰিছে । শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত তেওঁৰ পূৰ্বৰ সেনাধ্যক্ষ নিহত হোৱাৰ পিছত ছাদমানিক দায়িত্ব দিয়া হৈছিল সেই সময়তে এই আক্ৰমণ সংঘটিত হয় ।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ কেৱল যুদ্ধবিৰতি নহয়, ইৰাণ-ইজৰাইল যুদ্ধৰ প্ৰকৃত অন্ত বিচাৰে । ট্ৰাম্পে কয়, মই যুদ্ধবিৰতি নিবিচাৰো, আমি ইয়াতকৈ ভাল কিবা এটা বিচাৰো । মই বিচাৰো এই গোটেই বিষয়টো শেষ হওক, কেৱল কথা-বতৰা নহয়, প্ৰকৃত অন্ত হ’ব লাগে । তেওঁ লগতে কয় যে ইৰাণে এই প্ৰস্তাৱিত চুক্তিখন আগতেই মানি ল’ব লাগিছিল । ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত লিখিছে যে তেওঁ শান্তি আলোচনাৰ বাবে কোনো ধৰণৰ ইৰাণৰ সৈতে যোগাযোগ কৰা নাই আৰু লগতে কয় যে এতিয়া তেওঁৰ হাতত কোনো সুযোগ বাকী নাই ।

লগতে পঢ়ক : ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলৰ পক্ষত জি-৭ দেশ; পশ্চিম এছিয়াৰ অস্থিৰতাৰ মূল কাৰণ তেহৰাণ বুলি অভিহিত

ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলৰ পক্ষত জি-৭ দেশ; পশ্চিম এছিয়াৰ অস্থিৰতাৰ মূল কাৰণ তেহৰাণ বুলি অভিহিত

ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলৰ পক্ষত জি-৭ দেশ

জি-৭ দেশসমূহে ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলক মুকলিকৈ সমৰ্থন কৰিছে । সোমবাৰে সন্ধিয়া জাৰি কৰা এক বিবৃতিত জি-৭ দেশসমূহে ইজৰাইলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি দেশখনৰ প্ৰতিদ্বন্দ্বী ইৰাণক পশ্চিম এছিয়াৰ অস্থিৰতাৰ মূল কাৰণ বুলি অভিহিত কৰে । বিবৃতিটোত অঞ্চলটোত শান্তি আৰু স্থিতিশীলতাৰ আহ্বান জনোৱা হৈছে । শুকুৰবাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল, যেতিয়া ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলাইছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণেও ড্ৰোন আৰু মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰে । ইয়াৰ ফলত অঞ্চলটোত উত্তেজনা আৰু উদ্বেগ বৃদ্ধি পাই । ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইলে গাজাত সামৰিক আক্ৰমণ আৰম্ভ কৰাৰ পৰাই ইয়াত উত্তেজনা সৃষ্টি হৈছিল ।

বৈশ্বিক চাপ সম্পৰ্কীয় কেইবাটাও বিষয়ৰ ওপৰত আলোচনা আৰু সমাধানৰ বাবে জি-৭ দেশসমূহৰ নেতাসকল কানাডাত একত্ৰিত হৈছিল । কিন্তু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ হোৱা সংঘাতৰ বাবে এই কাৰ্যসূচী সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে । ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাত এতিয়া যেন অধিক বিপজ্জনক আৰু অনিয়ন্ত্ৰিত হৈ পৰিছে । চাৰিদিন ধৰি দুয়োখন দেশে ইখনে সিখনৰ ওপৰত বোমা আক্ৰমণ কৰি আহিছে ।

জি-৭ৰ সময়ত ড’নাল্ড ট্ৰাম্পৰ সতৰ্কবাণী-

জি-৭ সন্মিলনত ড’নাল্ড ট্ৰাম্পে সকীয়াই দিছিল যে তেহৰানে বহু দেৰি হোৱাৰ আগতেই নিজৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰাটো প্ৰয়োজন । তেওঁ কয় যে ইৰাণৰ নেতাসকলে আলোচনা কৰিব বিচাৰিব, কিন্তু তেওঁলোকৰ হাতত ইতিমধ্যে ৬০ দিনৰ সময় আছে তেওঁলোকৰ পাৰমাণৱিক উচ্চাকাংক্ষাৰ ওপৰত চুক্তিত উপনীত হ’বলৈ । ইজৰাইলৰ আক্ৰমণ আৰম্ভ হোৱাৰ আগতে যদি তেওঁলোকে তেনে কৰিব নোৱাৰে তেন্তে তেওঁলোকে চুক্তিত উপনীত হ’ব লাগিব ।

লগতে পঢ়ক : ‘যুদ্ধবিৰতিৰ সৈতে কোনো সম্পৰ্ক নাই’… জি-৭ৰ পৰা হঠাতে উভতিল ট্ৰাম্প

মধ্য ইৰাণত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ; ইৰাণেও এতিয়ালৈকে নিক্ষেপ কৰিলে ৩৭০টা বেলিষ্টিক মিছাইল

মধ্য ইৰাণত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ

ইজৰাইলে পুনৰবাৰ মধ্য ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে । এই আক্ৰমণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে । ইজৰাইলে তেহৰাণৰ ওপৰত এয়াৰ ছুপেৰিয়ৰিটি আৰু পশ্চিম ইৰাণৰ পৰা ৰাজধানীলৈকে আকাশী ক্ষেত্ৰত নিয়ন্ত্ৰণ লাভ কৰা বুলি দাবী কৰিছে ।

ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত ইৰাণৰ অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি অব্যাহত আছে । ইৰাণৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি একেৰাহে চাৰিটা নিশা ইজৰাইলৰ আক্ৰমণৰ অন্তত কমেও ২৩০ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে প্ৰায় ৯০ শতাংশ লোক সাধাৰণ নাগৰিক বুলি কোৱা হৈছে ।

ইফালে ইৰাণেও ইজৰাইলৰ ওপৰত এতিয়ালৈকে ৩৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে । ইৰাণৰ আক্ৰমণৰ ফলত ইজৰাইলত ২৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে । ৫৯২ জন লোক আহত হৈছে, ইয়াৰে ১০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা আৰু উত্তেজনা হ্ৰাস কৰাৰ আহ্বানৰ পিছতো ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ সময়তে তেহৰানে যুদ্ধবিৰতি আলোচনা নাকচ কৰিছে ।

কাটাৰ আৰু ওমানৰ মধ্যস্থতাকাৰীসকলক ইৰাণৰ বিষয়াসকলে জনাইছে যে ইৰাণে ইজৰাইলৰ পূৰ্বৰ আক্ৰমণৰ প্ৰতি সম্পূৰ্ণ সামৰিক প্ৰত্যুত্তৰ দিলেহে অৰ্থপূৰ্ণ আলোচনাৰ কথা বিবেচনা কৰা হ’ব ।

ইফালে ইৰাণৰ গুৰুত্বপূৰ্ণ সামৰিক আৰু পাৰমাণৱিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাত ইজৰাইলে যথেষ্ট সফলতা লাভ কৰাৰ দাবী কৰিছে । ইজৰাইলৰ বিষয়াসকলে দাবী কৰিছে যে শেহতীয়া আক্ৰমণত ইৰাণৰ কেইবাজনো উচ্চ পদস্থ সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানী নিহত হৈছে ।

নিশাটোৰ ভিতৰতে ইজৰাইলী বাহিনীয়ে তেহৰাণত ৮০টাতকৈও অধিক লক্ষ্যত আঘাত কৰি পাৰমাণৱিক আৰু সামৰিক প্ৰতিষ্ঠানৰ বাহিৰলৈয়ো নিজৰ আক্ৰমণ সম্প্ৰসাৰিত কৰি মূল তেল ডিপো আৰু চৰকাৰী সুবিধাসমূহকো লক্ষ্য কৰি লয় ।

দেওবাৰে ইজৰাইলৰ বিমান আক্ৰমণত তেহৰাণৰ দুটা বৃহৎ ইন্ধন ডিপো ধ্বংস হোৱাৰ বিপৰীতে তেল সমৃদ্ধ খুজেস্তান প্ৰদেশৰ আহভাজো আক্ৰমণৰ সন্মুখীন হয় । ইজৰাইলী সেনাই তেহৰাণৰ আৰক্ষী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ৰ লগতে ইছফাহান চহৰৰ প্ৰতিৰক্ষা সম্পৰ্কীয় এটা ডাঙৰ স্থানকো আক্ৰমণৰ লক্ষ্য কৰি লয় ।

লগতে পঢ়ক : ইজৰাইলৰ ওপৰত এশৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ; টেল আভিভৰ পৰা হাইফালৈ ধ্বংসলীলা

ইজৰাইলৰ ওপৰত এশৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ; টেল আভিভৰ পৰা হাইফালৈ ধ্বংসলীলা

ইজৰাইলৰ ওপৰত এশৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ ইৰাণৰ

ইৰাণে গভীৰ নিশা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । শেহতীয়া খবৰ অনুসৰি ‘অপাৰেচন ট্ৰু প্ৰমিজ-III’ৰ অধীনত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে ইজৰাইলৰ লক্ষ্যত এশৰো অধিক বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰি টেল আভিভ, হাইফা, জেৰুজালেম, বেন গুৰিয়ান বিমানবন্দৰৰ দৰে বৃহৎ অঞ্চলত ব্যাপক ধ্বংসলীলা চলাই ।

ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত হাইফাৰ তেল শোধনাগাৰ আৰু শক্তি কেন্দ্ৰৰ ব্যাপক ক্ষতিসাধন হয় । এই আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ লগে লগে বিশাল জুইৰ শিখা বৃদ্ধি হোৱা দেখা গৈছে । ইজৰাইলৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি হাইফাৰ সমীপৰ তামৰাত দুমহলীয়া অট্টালিকাত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩জন লোক আহত হয় ।

ইজৰাইলৰ আৰ্মী ৰেডিঅ’ই নিশ্চিত কৰিছে যে টেল আভিভৰ কেইবাটাও অঞ্চল ৰকেট আক্ৰমণৰ সন্মুখীন হৈছে আৰু এটা অট্টালিকাত পোনপটীয়াকৈ আঘাত হানিছে । পশ্চিম জেৰুজালেম আৰু বেন গুৰিয়ান বিমানবন্দৰৰ সমীপতো তীব্ৰ বিস্ফোৰণ সংঘটিত হয় । এই আক্ৰমণত কমেও ৪ জন লোক নিহত হোৱাৰ বিপৰীতে ৪৯৯ জনতকৈ অধিক লোক আহত হৈছে । অৱশ্যে ইজৰাইলী সেনাই এই পৰ্যন্ত এজনৰ মৃত্যু আৰু ৩জন আহত হোৱা বুলি নিশ্চিত কৰিছে ।

ইজৰাইলৰ প্ৰত্যাক্ৰমণ-

ইৰাণৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ডাঙৰ প্ৰতিশোধ লয় । আই ডি এফে তেহৰাণত ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্পৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ স্থানক লক্ষ্য কৰি আক্ৰমণ চলাইছে । ইয়াৰ ভিতৰত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়, এছ পি এনডি প্ৰকল্প আৰু ইৰাণৰ পাৰমাণৱিক আৰ্কাইভ লুকুৱাই ৰখা অন্যান্য স্থানসমূহো আছে ।

আই ডি এফে কয়, ‘ইৰাণে নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিছে, আমাৰ হাতত ব্যৱস্থা লোৱাৰ বাহিৰে আন উপায় নাই । এইটো এনে এক ভাবুকি যাক বিশ্বই আওকাণ কৰিব নোৱাৰে ।’

আই ডি এফে এটা ভিডিঅ’ প্ৰকাশ কৰি কয় যে ইৰাণে বহু সংখ্যক ড্ৰোন প্ৰেৰণ কৰিছিল, যিবোৰ ইজৰাইলৰ এয়াৰ ডিফেন্স চিষ্টেমে বাধা দিছিল । অৱশ্যে কিছুমান ড্ৰোন আৰু মিছাইল প্ৰতিৰক্ষা ব্যৱস্থাক ধূলি দি লক্ষ্যত উপনীত হয় ।

আনহাতে ইৰাণৰ সেনাই টেলিগ্ৰাম চেনেলত কয় যে এই আক্ৰমণ ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ প্ৰত্যুত্তৰত কৰা হৈছে । ইৰাণে স্পষ্ট কৰি দিছে যে যদি ইজৰাইলে এই আক্ৰমণ অব্যাহত ৰাখে তেন্তে ইয়াৰ প্ৰত্যাক্ৰমণ আৰু কঠোৰ হ’ব ।

লগতে পঢ়ক : ইজৰাইল-ইৰাণৰ মাজত অব্যাহত ভয়ংকৰ যুদ্ধ; তেহৰাণত প্ৰতিৰক্ষা মন্ত্ৰালয় ভৱন আৰু পাৰমাণৱিক মুখ্য কাৰ্যালয় ধ্বংস

সমগ্ৰ নিশা চলিল আক্ৰমণ… ইজৰাইল-ইৰাণৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ

ইজৰাইল-ইৰাণৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ

ইৰাণ আৰু ইজৰাইলৰ সংঘাতে ক্ৰমে ভয়ংকৰ ৰূপ লৈছে । নিশাৰে পৰা দুয়োপক্ষৰ মাজত অবিৰত আকাশী আক্ৰমণ চলি আছে । এই আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ক লক্ষ্য কৰি লোৱা বুলি দাবী কৰিছে ইজৰাইলে । ইৰাণৰ বহু বৃহৎ তেল ডিপো আৰু গেছ শোধনাগাৰতো ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছে টেল আভিভে ।

ইজৰাইল আৰু ইৰাণত পুৱাৰ আৰম্ভণি হৈছিল ছাইৰেনৰ শব্দৰে । জেৰুজালেম আৰু টেল আভিভৰ দৰে ডাঙৰ চহৰত অহৰহ বাজি আছে চাইৰেন । ইৰাণে অহৰহ টেল আভিভত আক্ৰমণ চলাই আছে । ইৰাণৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ কথা কয় প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । ইৰাণৰ ৰাজধানী তেহৰাণত দেওবাৰে নিশা আৱাসিক আকাশচুম্বী অট্টালিকাত আই ডি এফৰ আক্ৰমণত ২৯টা শিশুসহ ৬০জন লোকৰ মৃত্যু হয় ।

ইৰাণৰ সকলো পাৰমাণৱিক ইউনিট সম্পূৰ্ণৰূপে ধ্বংস কৰা লক্ষ্যৰে এই আক্ৰমণ চলাইছে টেল আভিভে । ইৰাণৰ পাঁচটা ডাঙৰ পাৰমাণৱিক প্লান্ট আছে । ইয়াৰ ভিতৰত ফৰ্ডো, খোণ্ডাব, নাটানজ, ইছফাহান আৰু বুশ্বেহৰ অন্যতম ।

ইৰাণৰ পাৰমাণৱিক উদ্যোগ, তেল ডিপো আৰু গেছ শোধনাগাৰক লক্ষ্য কৰি আক্ৰমণ-

আই ডি এফে সম্পূৰ্ণ পৰিকল্পনাৰে ইৰাণৰ মেৰুদণ্ডত আক্ৰমণ কৰিছে । প্ৰথমে ইৰাণৰ বহু পাৰমাণৱিক প্লাণ্টত আক্ৰমণ কৰাৰ পিছত এতিয়া ইৰাণৰ তেল ডিপো আৰু গেছ শোধনাগাৰক লক্ষ্য কৰি লৈছে ইজৰাইলী সেনাই । ৰাজধানী তেহৰাণৰ সমীপৰ শ্বাহৰাণৰ তেল ডিপোক এই আক্ৰমণত লক্ষ্য কৰি লোৱা হৈছে । ইয়াৰ পূৰ্বে বুশ্বেহৰ চহৰৰ সমীপৰ এটা গেছ ক্ষেত্ৰ আৰু আবাদানৰ এটা তেল শোধনাগাৰতো আক্ৰমণ কৰা হৈছিল । ইৰাণৰ এটা বন্দৰতো আক্ৰমণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।

ইৰাণৰ বুশ্বেহৰত থকা ফজৰ গেছ শোধনাগাৰত ইজৰাইলী সেনাই আক্ৰমণ সংঘটিত কৰে । ইয়াক বিশ্বৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছৰ মজুতৰ ভিতৰত গণ্য কৰা হয় । এই শোধনাগাৰত প্ৰতিদিনে ১২.৫ কোটি ঘনমিটাৰ গেছ প্ৰক্ৰিয়াকৰণ কৰা হয় ।

বিগত ৪৮ ঘণ্টাত ইৰাণৰ ওপৰত ইজৰাইলী বাহিনীৰ আক্ৰমণত ১৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত আছে প্ৰায় ৯ জন পাৰমাণৱিক বিজ্ঞানী আৰু ইৰাণৰ বহু শীৰ্ষ সেনা কামাণ্ডাৰ । আহতসকলৰ সংখ্যাও তিনিশৰো অধিক বুলি কোৱা হৈছে । ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইৰাণে বহু ৰাজ্যত নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে ।

ইজৰাইলী সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ইৰাণেও । ইৰাণে ইজৰাইলৰ ওপৰত ১৫০টাতকৈও অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে য’ত এতিয়ালৈকে পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে এশৰো অধিক লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে । একে সময়তে ইৰাণে কেইবাখনো এফ-৩৫ বিমান ভূপতিত কৰা বুলি দাবী কৰিছে । কিন্তু এই কথা এতিয়াও নিশ্চিত হোৱা নাই ।

ইৰাণৰ লক্ষ্যত টেল আভিভ আৰু হাইফা চহৰ-

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খোমেইনীয়ে স্পষ্টকৈ কৈছে যে ইজৰাইলে এই যুদ্ধ আৰম্ভ কৰিছিল যদিও এতিয়া ইয়াৰ পৰা ওলাই আহিব নোৱাৰে । এতিয়া ইজৰাইলৰ বাবে নৰকৰ দুৱাৰ মুকলি হ’ব ।

খোমেইনীৰ এই বক্তব্যৰ পিছত ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । ইজৰাইলৰ ৰাজধানী টেল আভিভৰ বহু ছবি আৰু ভিডিঅ’ প্ৰকাশ পাইছে, য’ত ইৰাণৰ আক্ৰমণৰ বাবে ব্যাপক ধ্বংসলীলা দেখা গৈছে ।

ইৰাণে কেৱল টেল আভিভতে নহয় ইজৰাইলৰ হাইফা চহৰতো আক্ৰমণ চলাইছে । ইয়াৰ বহু অট্টালিকা ধ্বংসাৱশেষলৈ পৰিণত হৈছে । ইৰাণে দাবী কৰিছে যে তেওঁলোকে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়কো আক্ৰমণ কৰিছে ।

এই দুই মধ্যপ্ৰাচ্যৰ দেশৰ মাজত ভয়ংকৰ যুদ্ধ দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক সকীয়াই দিছে যে ইজৰাইলৰ আক্ৰমণ আৰু তীব্ৰতৰ হ’ব । তেওঁ কয় যে, ইৰাণে পাৰমাণৱিক চুক্তিতো স্বাক্ষৰ কৰিব লাগিব ।

লগতে পঢ়ক : ইজৰাইল আৰু ইৰাণত থকা ভাৰতীয় নাগৰিকৰ বাবে জাৰি এডভাইজৰি

ইজৰাইল-ইৰাণৰ মাজত অব্যাহত ভয়ংকৰ যুদ্ধ; তেহৰাণত প্ৰতিৰক্ষা মন্ত্ৰালয় ভৱন আৰু পাৰমাণৱিক মুখ্য কাৰ্যালয় ধ্বংস

ইজৰাইল-ইৰাণৰ মাজত অব্যাহত ভয়ংকৰ যুদ্ধ

মধ্যপ্ৰাচ্য পুনৰবাৰ এক বৃহৎ যুদ্ধৰ সন্মুখীন হৈছে । ইজৰাইল আৰু ইৰাণৰ মাজত অব্যাহত আছে ভয়ংকৰ যুদ্ধ । ১৩ জুনৰ নিশা ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ ‘অপাৰেচন ৰাইজিং লায়ন’ আৰম্ভ হোৱাৰ পিছতেই দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে । এই ভয়ংকৰ যুদ্ধত শনিবাৰে নিশাও দুয়োখন দেশে ইখনে সিখনক আক্ৰমণ কৰে । শনিবাৰে নিশা ইৰাণৰ অন্যান্য অঞ্চলৰ লগতে ইজৰাইলৰ বায়ুসেনাই ৰাজধানী তেহৰাণক আক্ৰমণ কৰে, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইলৰ ওপৰত আন এক মিছাইল আক্ৰমণ কৰে ।

ইজৰাইলৰ এই আক্ৰমণত তেহৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন, পাৰমাণৱিক পৰীক্ষাগাৰ, পাৰমাণৱিক মুখ্য কাৰ্যালয় আৰু দুটা শোধনাগাৰক লক্ষ্য কৰি লোৱা হয় । আক্ৰমণৰ পিছত ছবিসমূহত অগ্নিকাণ্ড আৰু বৃহৎ পৰিসৰৰ ক্ষতি হোৱা দেখা যায় । ইয়াৰ পিছত ইৰাণে ইজৰাইলৰ বন্দৰ চহৰ হাইফাকে ধৰি সমগ্ৰ ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে কয় যে তেওঁলোকে ইজৰাইলৰ শক্তি আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছিল । ইজৰাইলৰ জৰুৰীকালীন সেৱাই জনাইছে যে এই আক্ৰমণত দেশখনৰ উত্তৰ অংশত কমেও তিনিজন লোক নিহত হৈছে ।

শুকুৰবাৰে সন্ধিয়া ইৰাণৰ আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে শনিবাৰে কয় যে দেশখনৰ সেনাই আয়াতুল্লাহ শাসনৰ প্ৰতিটো স্থান আৰু প্ৰতিটো লক্ষ্যত আক্ৰমণ কৰিব ।

এই ভয়ংকৰ যুদ্ধত শুকুৰবাৰে পুৱা ইৰাণে নিজৰ পাৰমাণৱিক সুবিধা, বিমান প্ৰতিৰক্ষা আৰু অন্যান্য লক্ষ্যত ইজৰাইলৰ বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰে কিছু আক্ৰমণত শীৰ্ষ সামৰিক সেনা কামাণ্ডাৰ আৰু পাৰমাণৱিক বিজ্ঞানীক হত্যা কৰা হৈছে । ইজৰাইলে কয় যে ইয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি বুলি গণ্য কৰা ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ অন্ত পেলাবলৈ চেষ্টা চলাইছে ।

দেওবাৰে ইৰাণে যুদ্ধ তীব্ৰতৰ হোৱাৰ পিছত এমাহতকৈও অধিক সময় ধৰি চলি থকা পাৰমাণৱিক আলোচনা স্থগিত ৰাখিছিল । ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় যে ইজৰাইলৰ আক্ৰমণৰ পিছত আলোচনা অনুষ্ঠিত কৰাটো “অনুচিত” হ’ব ।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে টুইটযোগে কয়, “আই ডি এফে তেহৰাণত ইৰাণৰ শাসন ব্যৱস্থাৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্পৰ সৈতে জড়িত লক্ষ্যত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে । লক্ষ্যৰ ভিতৰত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়, এছ পি এন ডি পাৰমাণৱিক প্ৰকল্পৰ মুখ্য কাৰ্যালয় আৰু ইৰাণ শাসনৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ প্ৰচেষ্টাক আগুৱাই নিয়া অন্যান্য লক্ষ্য অন্তৰ্ভূক্ত আছিল । য’ত ইৰাণ শাসনে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ প্ৰচেষ্টাক আগুৱাই নিছিল ।”

ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ছ’চিয়েল মিডিয়াত কয় যে তেহৰাণ জ্বলি আছে । ইৰাণৰ চৰকাৰী টেলিভিছনে কয় যে চহৰখনৰ পূব আৰু পশ্চিম অংশত বিস্ফোৰণৰ শব্দ শুনা গৈছে ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা; ইজৰাইলৰ ওপৰত ১৫০টা মিছাইল নিক্ষেপ ইৰাণৰ

ইজৰাইল আৰু ইৰাণত থকা ভাৰতীয় নাগৰিকৰ বাবে জাৰি এডভাইজৰি

ভাৰতীয় নাগৰিকৰ বাবে জাৰি এডভাইজৰি

পশ্চিম এছিয়াৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাৰতে শনিবাৰে ইজৰাইল, ইৰাণ আৰু পেলেষ্টাইনত থকা ভাৰতীয় নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু স্থানীয়ভাৱে নিৰ্দেশ অনুসৰি নিৰাপত্তা আৰু জৰুৰীকালীন পদ্ধতিসমূহ পালন কৰিবলৈ আহ্বান জনায় । শুকুৰবাৰে ইৰাণৰ বিভিন্ন স্থানত ইজৰাইলে সামৰিক আক্রমণ কৰাৰ লগতে তেহৰানে প্রতিশোধমূলক আক্রমণ চলোৱাৰ পাছত উত্তেজনা বৃদ্ধি পাইছে ৷

পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ‘এক্স’ত লিখিছে, “পৰামৰ্শ (১৪ জুন ২০২৫): অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলত থকা সকলো ভাৰতীয় নাগৰিকক ইজৰাইল কৰ্তৃপক্ষ আৰু ‘হোম ফ্ৰন্ট কমাণ্ড’ৰ নিৰ্দেশ অনুসৰি সজাগ হৈ থাকিবলৈ আৰু নিৰাপত্তা প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ।”

দূতাবাসে ভাৰতীয় নাগৰিকসকলক “সাৱধান হ’বলৈ, দেশৰ ভিতৰত অপ্ৰয়োজনীয় ভ্ৰমণ এৰাই চলিবলৈ আৰু নিৰাপদ আশ্ৰয়স্থলৰ ওচৰত থাকিবলৈ” আহ্বান জনায় । ইয়াত কোৱা হৈছে যে, “আমি ভাৰতীয় নাগৰিকৰ সুৰক্ষাকে ধৰি বিকশিত পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছো । কোনো জৰুৰীকালীন অৱস্থাত দূতাবাসৰ সৈতে যোগাযোগ কৰক ।”

ইৰাণত থকা ভাৰতীয় দূতাবাসে শুকুৰবাৰে নিজৰ ‘এক্স’ একাউণ্টত পৰামৰ্শ জাৰি কৰি তাত বাস কৰা ভাৰতীয়সকলক সজাগ হৈ থাকিবলৈ আহ্বান জনায় । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ‘এক্স’ত লিখিছে, “ইৰাণত থকা ভাৰতীয় নাগৰিক আৰু ভাৰতীয় মূলৰ ব্যক্তিসকলে, যিসকলক সহায়ৰ প্ৰয়োজন, তেওঁলোকে ইৰাণত থকা ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰত যোগাযোগ কৰিব পাৰে ।”

ইয়াৰ উপৰিও শনিবাৰে ৰামাল্লাহস্থিত ভাৰতীয় প্ৰতিনিধি কাৰ্যালয়েও এক পৰামৰ্শ জাৰি কৰে । এক্সত লিখা আছে, “অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনৰ সকলো ভাৰতীয় নাগৰিকক সজাগ হৈ থাকিবলৈ আৰু স্থানীয়ভাৱে পৰামৰ্শ দিয়া হৈছে । তেওঁলোকক নিৰাপত্তা আৰু জৰুৰীকালীন পদ্ধতিসমূহ মানি চলিবলৈ অনুৰোধ কৰা হৈছে । অনুগ্ৰহ কৰি সাৱধান হওক আৰু অপ্ৰয়োজনীয় গতিবিধিৰ পৰা বিৰত থাকক ।”

ভাৰতে শুকুৰবাৰে কয় যে ইৰাণ আৰু ইজৰাইলৰ মাজত শেহতীয়া পৰিঘটনাক লৈ দেশখন গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে আৰু পৰিস্থিতিৰ ওপৰত ‘তীক্ষ্ণ দৃষ্টি ৰাখিছে’ । নতুন দিল্লীয়ে দুয়োখন দেশক কোনো ধৰণৰ আগ্ৰাসী পদক্ষেপৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা; ইজৰাইলৰ ওপৰত ১৫০টা মিছাইল নিক্ষেপ ইৰাণৰ