ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ সূচী প্ৰকাশ, এই তাৰিখৰ পৰা আৰম্ভ হ’ব পৰীক্ষা

ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ সূচী প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই । জানক কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা…

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই প্ৰকাশ কৰিছে ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ সূচী । সূচীত কোন তাৰিখত কোনবোৰ পৰীক্ষা অনুষ্ঠিত হ’ব সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে । সংস্থাটোৱে সূচীখনৰ সম্পূৰ্ণ পি ডি এফ প্ৰকাশ কৰিছে । উল্লেখ কৰা হৈছে যে পৰীক্ষা কেন্দ্ৰৰ তালিকাও শীঘ্ৰে প্ৰকাশ কৰা হ’ব । এই সময়সূচী কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু প্ৰতিটো পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব জানক ।

কেতিয়াৰ পৰা আৰম্ভ হ’ব পৰীক্ষা ?

অহা ৩১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ইউ জি চি নেট ২০২৫ৰ পৰীক্ষা । পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হ’ব এই পৰীক্ষা । প্ৰথম দিনা আইন, সমাজ কৰ্ম, তেলেগু, পৰ্যটন প্ৰশাসন আৰু ব্যৱস্থাপনা, স্পেনিছ, প্ৰাকৃত, কাশ্মীৰী আৰু কংকনীৰ পৰীক্ষা অনুষ্ঠিত হ’ব । একেদৰে ২, ৩, ৫, ৬, আৰু ৭ জানুৱাৰীত বিভিন্ন বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব ।

কত লাভ কৰিব সম্পূৰ্ণ তথ্য ?

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই উল্লেখ কৰিছে যে পৰীক্ষাৰ ১০ দিন পূৰ্বে এন টি এৰ ৱেবছাইটত নগৰৰ তালিকা প্ৰকাশ কৰা হ’ব । ইউ জি চি-নেটৰ প্ৰাৰ্থীসকলে ডিচেম্বৰ ২০২৫ চনৰ পৰীক্ষাৰ সৈতে জড়িত আপডেট, নিৰ্দেশনা আৰু অন্যান্য তথ্য এন টি এৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.nic.in ত বিচাৰি পাব । তাৰ পৰা সম্পূৰ্ণ সূচীও ডাউনলোড কৰিব পাৰিব । যিকোনো অভিযোগ বা সহায়ৰ বাবে প্ৰাৰ্থীয়ে ০১১-৪০৭৫৯০০০ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক : উচ্চ শিক্ষা আয়োগ গঠনৰ বাবে লোকসভাত উত্থাপন বিধেয়ক, যুটীয়া সমিতিলৈ প্ৰেৰণৰ প্ৰস্তুতি

ডিচেম্বৰত হ’ব ইউ জি চি নেট পৰীক্ষা; কেনেকৈ কৰিব আৱেদন ?

ইউ জি চি নেট  পৰীক্ষাৰ বাবে কৰক আৱেদন

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ইউ জি চি নেট ডিচেম্বৰ ২০২৫ পৰীক্ষাৰ সময়সূচী । এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আগ্ৰহী প্ৰাৰ্থীসকলে এন টি এৰ অফিচিয়েল ৱেবছাইট – nta.ac.in বা ugcnet.nta.ac.in ত বিস্তৃত অধিসূচনা চাব পাৰে ।

ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ পৰীক্ষা ৩১ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ৭ জানুৱাৰীলৈ কম্পিউটাৰ বেছড টেষ্ট (চিবিটি) মোডত সমগ্ৰ ভাৰতৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ’ব । পৰীক্ষাত তিনি ঘণ্টাকৈ (কোনো ধৰণৰ বিৰতি নোহোৱাকৈ) এটা ছেশ্যনতে দুখনকৈ প্ৰশ্ন কাকত থাকিব । বৰ্তমান জি চি নেট  পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে আৰু প্ৰাৰ্থীসকলে ২০২৫ চনৰ ৭ নৱেম্বৰলৈকে আবেদন কৰিব পাৰিব ।

ইউ জি চি নেট পৰীক্ষাত মুঠ ৩০০ নম্বৰ থাকিব, য’ত ১৫০টা বস্তুনিষ্ঠ (বহু বিকল্পী) প্ৰশ্ন থাকিব । পৰীক্ষাৰ সময়সীমা ৩ ঘণ্টা । আবেদন আৰু মাচুল পৰিশোধ কৰাৰ অন্তিম তাৰিখ ২০২৫ চনৰ ৭ নৱেম্বৰ, আনহাতে সংশোধনৰ অন্তিম তাৰিখ ১০ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ । সকলো প্ৰাৰ্থীকে পঞ্জীয়ন প্ৰক্ৰিয়া শেষ সময়সীমাৰ পূৰ্বেই সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে শেষ মুহূৰ্তৰ সম্ভাৱ্য কাৰিকৰী সমস্যাৰ পৰা হাত সাৰিব পৰা যায় ।

জি চি নেট  পৰীক্ষা বাবে প্ৰাৰ্থীৰ শ্ৰেণী বা কাষ্ট অনুসৰি আবেদন মাচুল বেলেগ বেলেগ হয় । সাধাৰণ/অসংৰক্ষিত প্ৰাৰ্থীৰ বাবে ১,১৫০, জেনেৰেল-ই ডব্লিউ এছ আৰু অবিচি-এনচিএল প্ৰাৰ্থীৰ বাবে মাচুল ৬০০ টকা । অনুসূচিত জাতি, অনুসূচিত জনজাতি, প্ৰতিবন্ধী ব্যক্তি আৰু তৃতীয় লিংগ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৩২৫ টকা মাচুল পৰিশোধ কৰিব লাগিব । মাচুল পৰিশোধ কেৱল অনলাইন মোডৰ জৰিয়তেহে গ্ৰহণ কৰা হয়, যেনে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, বা ইউ পি আই ।

কেনেকৈ আবেদন কৰিব-

১/ জি চি নেট পৰীক্ষাৰ আৱেদনৰ বাবে (UGC NET ) অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in চাওক ।

২/ হোমপেজত থকা UGC NET December 2025 পৰীক্ষাৰ তথ্য লিংকত ক্লিক কৰক ।

৩/ পৰীক্ষাৰ সময়সূচীৰ সবিশেষ থকা এটা নতুন পেজ খোল খাব ।

৪/ ভৱিষ্যতে ব্যৱহাৰৰ বাবে পৃষ্ঠাটো ডাউনলোড কৰি প্ৰিন্ট কৰক ।

পঞ্জীয়ন বা মাচুল পৰিশোধৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হ’লে প্ৰাৰ্থীসকলে এন টি এ হেল্পডেস্কৰ ০১১-৪০৭৫৯০০০ বা ০১১-৬৯২২৭৭০০ নম্বৰত যোগাযোগ কৰিব পাৰে বা সহায়ৰ বাবে [email protected] লৈ ইমেইল প্ৰেৰণ কৰিব পাৰে । অধিক তথ্য আৰু আপডেটৰ বাবে প্ৰাৰ্থীসকলক নিয়মিতভাৱে এন টি এ আৰু ইউ জি চি নেটৰ অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক : প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ গঢ়ি তুলিব আত্ম-অনুশাসন ?

ডিচেম্বৰ অধিবেশনৰ ইউ জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়ন আৰম্ভ; জানক সবিশেষ

ডিচেম্বৰ অধিবেশনৰ ইউ জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়ন আৰম্ভ

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ডিচেম্বৰ অধিবেশনৰ ইউ জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট ugcnet.nta.nic.in ত গৈ তেওঁলোকৰ আবেদন পত্ৰ জমা দিব পাৰিব । ২০২৫ চনৰ ৭ নৱেম্বৰৰ ১১.৫৯ বজালৈ আবেদনৰ লিংকটো উপলব্ধ হ’ব । প্ৰাৰ্থীসকলে ২০২৫ চনৰ ১০ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ নিজৰ আবেদন পত্ৰ শুধৰণি কৰিব পাৰিব ।

এন টি এ-য়ে অতি সোনকালেই ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ এডমিট কাৰ্ড আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটত পৰীক্ষাৰ সবিশেষ ঘোষণা কৰিব ।

৮৫টা বিষয়ৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব-

ডিচেম্বৰ অধিবেশনৰ ইউজিচি নেট পৰীক্ষা চি বি টি মোডত ৮৫টা বিষয়ৰ বাবে অনুষ্ঠিত হ’ব । ইউ জি চি নেট পৰীক্ষাৰ জৰিয়তে জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপৰ বাবে যোগ্যতা, সহকাৰী অধ্যাপক হিচাপে নিযুক্তি আৰু পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা লাভ কৰিব পৰা যায় ।

আবেদনৰ বাবে যোগ্যতা-

ইউ জি চি নেট পৰীক্ষাৰ ডিচেম্বৰ অধিৱেশনৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা যোগ্যতাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব লাগিব :

-প্ৰাৰ্থীসকলৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী বা সমতুল্য অৰ্হতা থাকিব লাগিব ।

-সহকাৰী অধ্যাপকৰ যোগ্যতাৰ বাবে কোনো বয়সৰ সীমা নাই ।

-জে আৰ এফৰ বাবে প্ৰাৰ্থীসকলে ইউ জি চিয়ে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট বয়সৰ সীমা পূৰণ কৰিব লাগিব ।

-প্ৰাৰ্থীসকলে আবেদন কৰাৰ আগতে বিষয় -ভিত্তিক যোগ্যতা আৰু নম্বৰৰ প্ৰয়োজনীয়তাসমূহ পৰীক্ষা কৰিব লাগে ।

-যোগ্যতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অধিক তথ্য UGC নেট তথ্য বুলেটিনত দিয়া হৈছে ।

আবেদনৰ মাচুল-

-সাধাৰণ আৰু অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ১১৫০ টকা দিব লাগিব ।

-সাধাৰণ, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী, অন্যান্য পিছপৰা শ্ৰেণী (OBC) –  এন চি এল শ্ৰেণীৰ প্ৰাৰ্থীসকলে পঞ্জীয়ন মাচুল হিচাপে ৬০০ টকা দিব লাগিব ।

-অনুসূচিত জাতি (এছ চি), অনুসূচিত জনজাতি (এছ টি) আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলে (PWD)  আবেদন মাচুল হিচাপে ৩২৫ টকা দিব লাগিব ।

গুৰুত্বপূৰ্ণ নথিপত্ৰ-

ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ বাবে পঞ্জীয়ন কৰিব বিচৰা প্ৰাৰ্থীসকলে ফটো আপলোডৰ ফৰ্মেটৰ বিষয়ে নিশ্চিতভাৱে জানিব লাগিব ।

-প্ৰাৰ্থীৰ ফটো, চহী, পি ডব্লিউ ডি বা পি ডব্লিউ বি ডি প্ৰমাণপত্ৰৰ (য’তেই প্ৰয়োগ হয়) ছবি স্কেন কৰক ।

-শেহতীয়াকৈ লোৱা ফটো ৰঙীন বা ক’লা আৰু বগা হ’ব লাগে, বগা বেকগ্ৰাউণ্ডত ৮০% মুখ দেখা থাকিব লাগে । (মাস্ক নিপিন্ধিব)।

-স্কেন কৰা ফটো আৰু চহী JPG/JPEG ফৰ্মেটত থাকিব লাগে ।

-স্কেন কৰা ফটোখনৰ আকাৰ ১০ কিলোবাইটৰ পৰা ২০০ কিলোবাইটৰ ভিতৰত হ’ব লাগে ।

-স্কেন কৰা স্বাক্ষৰৰ ছবি ১০ কিলোবাইটৰ পৰা ৫০ কিলোবাইটৰ ভিতৰত হ’ব লাগে ।

-দিব্যাংগ প্ৰমাণপত্ৰ ৫০ কিলোবাইটৰ পৰা ৩০০ কিলোবাইটৰ ভিতৰত পি টি এফ ফৰ্মেটত হ’ব লাগে ।

লগতে পঢ়ক : মেডিকেল শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…